Browsing Category
অসম
অস্থায়ী কৰ্ম্মীৰ চাকৰি নিয়মীাকৰণৰ দাবী পূৰণ নহ’লে আন্দোলনৰ সকীয়নি অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ৪ আগষ্ট: এপিডিচিএলত কৰ্মৰত তথা অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নে অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে তেওঁলোকৰ দাবী সমূহ মানি নল’লে আন্দোলন কৰিব বুলি সকীয়নি প্ৰদান কৰিছে।উল্লেখযোগ্য যে, বৰ্তমানে সমগ্ৰ ৰাজ্যত শক্তি বিভাগত সহায়ক, এমআৰবিচি কে ধৰি বিভিন্ন পদত প্ৰায় পাঁচ হেজাৰতকৈও অধিক অস্থায়ী…
স্বাধীনতাৰ ৭৫বছৰ পাছতো এম্বুলেন্স যাব নোৱাৰা পথটো আছে অসমতে
শতাব্দ প্ৰতিনিধি তেজপুৰ,৪আগষ্ট:তেজপুৰৰে নিকটৱৰ্তী দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে ১০৮এম্বুলেঞ্চে।দেশে স্বাধীনতা লাভৰ ৭৫বছৰ সম্পূৰ্ণ কৰাৰ সময়ত এই অঞ্চলত আনকি প্ৰসূতীয়ে ডাংকোলাকৈ অনা অৱস্থাত বাটতে সন্তান জন্ম দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে।শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ বাঁহবাৰী গাঁওপঞ্চায়তৰ এই দুইনম্বৰ নতুন ঘগৰা গ্ৰান্ট এলেকাটোত চৰকাৰী উন্নয়নৰ নামত চলিছে কেৱল সীমাহীন দুৰ্নীতি।আৰ্থিক ভাবে দৰিদ্ৰ এই সকল লোকে যোৱা দীঘলীয়া সময়ত চৰকাৰী প্ৰতিনিধি নতুবা নিৰ্বাচিত প্ৰতিনিধিৰ পৰা লাভ…
দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্র প্ৰেৰণ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ মহাবীৰ লাচিত বৰফুকনৰ মহাপৰাক্ৰম তথা শৰাইঘাটৰ যুদ্ধত মোগলৰ আগ্ৰাসনৰ বিৰুদ্ধে লাচিত বৰফুকনৰ নেতৃত্বত ঐতিহাসিক বিজয়ে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়ৰ ধাৰা বহন কৰিছে। ২০২২ চনটো মহাবীৰ লাচিতৰ জন্মজয়ন্তীৰ ৪০০ সংখ্যক বৰ্ষ। ইতিহাসৰ এই স্বৰ্ণিল অধ্যায়ৰ বিষয়ে দেশবাসীক অধিক সজাগ আৰু সচেতন কৰাৰ আহ্বানেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মুখ্যমন্ত্ৰী ড° শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক মহাবীৰ লাচিতৰ শৌর্য-বীর্য, স্বদেশপ্রেম তথা অসমৰ…
এম এছ এম ই খণ্ডৰ বিকাশৰ বাবে আসাম স্কীল ডেভেলপমেণ্ট মিছনত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ এম এছ এম ই সমূহৰ বিকাশেৰে অসমক সমৃদ্ধিৰ এক নতুন পথত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে আজি গুৱাহাটীৰ গড়চুকস্থিত আসাম স্কীল ডেভেলপমেণ্ট মিছনত আয়োজন কৰা এক অনুষ্ঠানত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ হয়। প্ৰথমখন চুক্তি অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সৈতে ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজত হয়। এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিখনে সামগ্ৰীৰ প্ৰদৰ্শন, ৰপ্তানি আৰু সামগ্ৰীৰ সফল বাণিজ্যকৰণৰ ক্ষেত্ৰত এম এছ এম ই সমূহক সহায় কৰিব। আনহাতে HCL Technologies…
অসমত মৌলবাদীৰ উত্থানকলৈ উদ্বিগ্ন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ অসমত সক্ৰিয় হৈ থকা তথা ভয়াৱহ ৰূপত খোপনি পোতা মৌলবাদী শক্তিসমূহক উৎখাত কৰাৰ ক্ষেত্রত ৰাজ্যৰ শান্তিপ্ৰিয় মুছলমানসকলৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মৌলবাদী শক্তিসমূহৰ তৎপৰতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কেতবোৰ ভয়াৱহ তথ্য সদৰি কৰে। তেওঁ কয় যে বিগত পাঁচ মাহত অসম আৰক্ষীয়ে ভাৰত উপ-মহাদেশত আল কাইদাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে। এবিটিৰ ৫…
আগন্তুক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্ট : আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। উল্লেখ্য যে এইবাৰ দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষ সম্পূৰ্ণ কৰিব। আজি জনতা ভৱনত আৰক্ষী, সামৰিক বাহিনী আৰু বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱস উদযাপনক স্মৰণীয় কৰি তুলিবলৈ আহ্বান জনায়। ১৪…
বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে লেখা আহ্বান তিনিচুকীয়া জিলা প্ৰশাসনৰ : ২০ আগষ্ট অন্তিম দিন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ আগষ্ট : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলা প্ৰশাসনে বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ সৈতে জড়িত বিষয়ৰ ওপৰত এটি লেখা নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আহ্বান কৰিছে । এই লেখাসমূহ ১০০ ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ'ব লাগিব । স্পষ্ট হাতৰ আখৰেৰে অথবা টাইপ কৰি লেখা জমা দিব লাগিব । এশটা উন্নত মানৰ লেখা নিৰ্বাচিত কৰি জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইট আৰু ফেচবুক পেজত আপলোড কৰা হ'ব। তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা উৎকৃষ্ট ৫ টা লেখা বাচনি কৰি সাধাৰণ…
শোণিতপুৰ জিলা দিৱস উদযাপন :তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: “এতিয়াৰে পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকেই হওক বা আন চৰকাৰী কৰ্মচাৰীয়েই হওক, কোনেও পেঞ্চনৰ টকা কেইটাৰ বাবে গুৱাহাটীলৈ তাঁতবাতি কৰিব নালাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পেঞ্চন সেৱা কেন্দ্ৰ।” আজি বিয়লি তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেজপুৰৰ চৰকাৰী বাছ আস্থানৰ সমীপত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত বৰ্তমান মুকলি কৰা হৈছে এই পেঞ্চন সেৱা কেন্দ্ৰ। ৰাজ্য চৰকাৰৰ আন এজন মন্ত্ৰী অশোক সিংঘলৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই ফিটা কাটি…
শোণিতপুৰৰ তিনিজন নিষ্ঠাবান চৰকাৰী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে ৰাজ্যিক ভিত্তিত ১০ জন আৰু জিলাভিত্তিত ৮৯ জন কৰ্মচাৰী নিৰ্বাচিত কৰি অহা পাঁচ আগষ্টত লোককল্যাণ দিৱসত প্ৰদান কৰিব বঁটা। উল্লেখযোগ্য যে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সৰ্বমুঠ ৯৯ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিবলগীয়া “লোকসেৱা পুৰস্কাৰ”ৰ বাবে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিজন কৰ্মচাৰীকো নিৰ্বাচিত কৰা হৈছে। ১৯৯৭ ৰ পৰা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ বাহন চালক হিচাপে কৰ্মৰত তথা তৃতীয় বৰ্গৰ কৰ্মচাৰী ভৱানন্দ চৌধুৰী, ১৯৯৪ ৰ পৰা ব্যক্তিগত কৰ্মচাৰী শাখাৰ জ্যেষ্ঠ…
