Browsing Category

অসম

আগন্তুক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্ট : আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। উল্লেখ্য যে এইবাৰ দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষ সম্পূৰ্ণ কৰিব। আজি জনতা ভৱনত আৰক্ষী, সামৰিক বাহিনী আৰু বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱস উদযাপনক স্মৰণীয় কৰি তুলিবলৈ আহ্বান জনায়। ১৪…

বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে লেখা আহ্বান তিনিচুকীয়া জিলা প্ৰশাসনৰ : ২০ আগষ্ট অন্তিম দিন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ আগষ্ট : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিচুকীয়া জিলা প্ৰশাসনে বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ সৈতে জড়িত বিষয়ৰ ওপৰত এটি লেখা নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আহ্বান কৰিছে । এই লেখাসমূহ ১০০ ৰ পৰা ১০০০ শব্দৰ ভিতৰত হ'ব লাগিব । স্পষ্ট হাতৰ আখৰেৰে অথবা টাইপ কৰি লেখা জমা দিব লাগিব । এশটা উন্নত মানৰ লেখা নিৰ্বাচিত কৰি জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইট আৰু ফেচবুক পেজত আপলোড কৰা হ'ব। তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা উৎকৃষ্ট ৫ টা লেখা বাচনি কৰি সাধাৰণ…

শোণিতপুৰ জিলা দিৱস উদযাপন :তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: “এতিয়াৰে পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকেই হওক বা আন চৰকাৰী কৰ্মচাৰীয়েই হওক, কোনেও পেঞ্চনৰ টকা কেইটাৰ বাবে গুৱাহাটীলৈ তাঁতবাতি কৰিব নালাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পেঞ্চন সেৱা কেন্দ্ৰ।” আজি বিয়লি তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেজপুৰৰ চৰকাৰী বাছ আস্থানৰ সমীপত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত বৰ্তমান মুকলি কৰা হৈছে এই পেঞ্চন সেৱা কেন্দ্ৰ। ৰাজ্য চৰকাৰৰ আন এজন মন্ত্ৰী অশোক সিংঘলৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই ফিটা কাটি…

শোণিতপুৰৰ তিনিজন নিষ্ঠাবান চৰকাৰী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে ৰাজ্যিক ভিত্তিত ১০ জন আৰু জিলাভিত্তিত ৮৯ জন কৰ্মচাৰী নিৰ্বাচিত কৰি অহা পাঁচ আগষ্টত লোককল্যাণ দিৱসত প্ৰদান কৰিব বঁটা। উল্লেখযোগ্য যে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সৰ্বমুঠ ৯৯ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিবলগীয়া “লোকসেৱা পুৰস্কাৰ”ৰ বাবে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিজন কৰ্মচাৰীকো নিৰ্বাচিত কৰা হৈছে। ১৯৯৭ ৰ পৰা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ বাহন চালক হিচাপে কৰ্মৰত তথা তৃতীয় বৰ্গৰ কৰ্মচাৰী ভৱানন্দ চৌধুৰী, ১৯৯৪ ৰ পৰা ব্যক্তিগত কৰ্মচাৰী শাখাৰ জ্যেষ্ঠ…

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি যতীন গোস্বামীৰ দেহাৱসানত অসম সাহিত্য সভাৰ শোক

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩ আগষ্ট : অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট সাহিত্যিক, স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এক শোকবাৰ্তাত অসম সাহিত্য সভালৈ গোস্বামীৰ অৱদান স্মৰণ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপনেৰে বিদেহ আত্মাৰ সদগতি কামনা কৰে। পুৱাৰ ভাগতে সভাৰ হৈ ড°সঞ্জীৱ কুমাৰ শৰ্মা,অৱনী মোহন চহৰীয়া, প্ৰফুল্ল বৰ্মন প্ৰমুখ্যে বিষয়ববীয়া সকল প্ৰাক্তন উপসভাপতি গৰাকীৰ…

লখিমপুৰত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

উত্তৰ লখিমপুৰ, ৩ আগষ্টঃ  লখিমপুৰ জিলাত সমাগত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱাবাৰ বহুখিনি সীমাবদ্ধতাৰ মাজত স্বাধীনতা দিৱস পালন কৰা হৈছিল যদিও…

আয়তীৰ উৰুলি- জাত-জাত বিয়া নামৰ মাজতে ৫৮৮ জোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩ আগষ্টঃ এখন নহয় দুখন নহয়, আজি লখিমপুৰত একেলগে সম্পন্ন হয় ৫৮৮ জোৰা দম্পতীৰ সমূহীয়া বিবাহ ।সেয়ে আজি পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ বাকৰি । হোম যজ্ঞ আৰু বিধি পাঠৰ ধ্বনিত মুখৰিত হল ত্যাগ ক্ষেত্ৰৰ সমূহীয়া বিবাহ স্থলী । এযোৰা দুযোৰাকৈ ত্যাগ ক্ষেত্ৰৰ বিবাহ স্থলীত ৰভাৰ তলত বহিল একেলগে ৫৮৮ জোৰা দৰা -কইনা । লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু উত্তৰাখণ্ডৰ হংস ফাউণ্ডেছনৰ সহযোগত আজি ত্যাগ ক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হল এই সামুহিক বিবাহ । জিলাখনৰ ভিন্ন প্ৰান্তৰ অসামাজিক ভাবে…

স্বাভিমানী অসমীয়াঃ নয়নমণিলৈ অভিনন্দনৰ বিশাল হৰ্ডিং

কমনৱেলথ গেমছত লন বল প্ৰতিযোগিতাত স্বৰ্ণ পদক প্ৰাপ্ত নয়নমণি শইকীয়াক লৈ এতিয়া সমগ্ৰ অসমবাসীৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীও উৎফুল্লিত। আজি বন বিভাগে সতীৰ্থ কৰ্মচাৰীগৰাকীলৈ অভিনন্দন যাঁচি গুৱাহাটীত আঁৰিলে বিশাল হৰ্ডিং। উল্লেখ্য় যে নয়নমণি বন সুৰক্ষা বেটেলিয়নত গুৱাহাটীত কৰ্মৰত।

তিনিচুকীয়াত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ বীৰ লাচিত সেনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্টঃ তিনিচুকীয়া জিলাত ড্ৰাগছৰ বৰমৰমীয়া বেহাৰ মুখ্য পৃষ্ঠপোষক তিনিচুকীয়া আৰক্ষী। এই অভিযোগ বীৰ লাচিত সেনাৰ। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন আৰু প্ৰশাসনিক সচিব শৃংখল চলিহাই এই অভিযোগ উত্থাপন কৰে। সংবাদমেলত ৰণ্টু পানীফুকনে কয় যে আৰম্ভনীৰ পৰাই সংগঠনৰ তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী ৰূপত নিৰৱচ্ছিন্ন ভাৱে কাম কৰি আহিছে। ডুমডুমাকে আদি কৰি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ…

দিছপুৰ লাষ্টগেটত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্টঃ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবীত আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰ লাষ্টগেটস্থিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বিধায়ক অখিল গগৈয়ে শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ বিৰোধীতা কৰে। তেওঁ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধীতা কৰে। তেওঁ গণিত আৰু বিজ্ঞান বিষয়ত দ্বি-ভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দাবী জনায়। আনহাতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ…