Browsing Category

অসম

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি যতীন গোস্বামীৰ দেহাৱসানত অসম সাহিত্য সভাৰ শোক

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩ আগষ্ট : অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট সাহিত্যিক, স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এক শোকবাৰ্তাত অসম সাহিত্য সভালৈ গোস্বামীৰ অৱদান স্মৰণ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপনেৰে বিদেহ আত্মাৰ সদগতি কামনা কৰে। পুৱাৰ ভাগতে সভাৰ হৈ ড°সঞ্জীৱ কুমাৰ শৰ্মা,অৱনী মোহন চহৰীয়া, প্ৰফুল্ল বৰ্মন প্ৰমুখ্যে বিষয়ববীয়া সকল প্ৰাক্তন উপসভাপতি গৰাকীৰ…

লখিমপুৰত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

উত্তৰ লখিমপুৰ, ৩ আগষ্টঃ  লখিমপুৰ জিলাত সমাগত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱাবাৰ বহুখিনি সীমাবদ্ধতাৰ মাজত স্বাধীনতা দিৱস পালন কৰা হৈছিল যদিও…

আয়তীৰ উৰুলি- জাত-জাত বিয়া নামৰ মাজতে ৫৮৮ জোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩ আগষ্টঃ এখন নহয় দুখন নহয়, আজি লখিমপুৰত একেলগে সম্পন্ন হয় ৫৮৮ জোৰা দম্পতীৰ সমূহীয়া বিবাহ ।সেয়ে আজি পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ বাকৰি । হোম যজ্ঞ আৰু বিধি পাঠৰ ধ্বনিত মুখৰিত হল ত্যাগ ক্ষেত্ৰৰ সমূহীয়া বিবাহ স্থলী । এযোৰা দুযোৰাকৈ ত্যাগ ক্ষেত্ৰৰ বিবাহ স্থলীত ৰভাৰ তলত বহিল একেলগে ৫৮৮ জোৰা দৰা -কইনা । লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু উত্তৰাখণ্ডৰ হংস ফাউণ্ডেছনৰ সহযোগত আজি ত্যাগ ক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হল এই সামুহিক বিবাহ । জিলাখনৰ ভিন্ন প্ৰান্তৰ অসামাজিক ভাবে…

স্বাভিমানী অসমীয়াঃ নয়নমণিলৈ অভিনন্দনৰ বিশাল হৰ্ডিং

কমনৱেলথ গেমছত লন বল প্ৰতিযোগিতাত স্বৰ্ণ পদক প্ৰাপ্ত নয়নমণি শইকীয়াক লৈ এতিয়া সমগ্ৰ অসমবাসীৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীও উৎফুল্লিত। আজি বন বিভাগে সতীৰ্থ কৰ্মচাৰীগৰাকীলৈ অভিনন্দন যাঁচি গুৱাহাটীত আঁৰিলে বিশাল হৰ্ডিং। উল্লেখ্য় যে নয়নমণি বন সুৰক্ষা বেটেলিয়নত গুৱাহাটীত কৰ্মৰত।

তিনিচুকীয়াত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ বীৰ লাচিত সেনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্টঃ তিনিচুকীয়া জিলাত ড্ৰাগছৰ বৰমৰমীয়া বেহাৰ মুখ্য পৃষ্ঠপোষক তিনিচুকীয়া আৰক্ষী। এই অভিযোগ বীৰ লাচিত সেনাৰ। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন আৰু প্ৰশাসনিক সচিব শৃংখল চলিহাই এই অভিযোগ উত্থাপন কৰে। সংবাদমেলত ৰণ্টু পানীফুকনে কয় যে আৰম্ভনীৰ পৰাই সংগঠনৰ তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী ৰূপত নিৰৱচ্ছিন্ন ভাৱে কাম কৰি আহিছে। ডুমডুমাকে আদি কৰি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ…

দিছপুৰ লাষ্টগেটত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্টঃ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবীত আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰ লাষ্টগেটস্থিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। বিধায়ক অখিল গগৈয়ে শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ বিৰোধীতা কৰে। তেওঁ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধীতা কৰে। তেওঁ গণিত আৰু বিজ্ঞান বিষয়ত দ্বি-ভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দাবী জনায়। আনহাতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ…

তেজপুৰত শিক্ষা কল্যাণ ন্যাসৰ অভিনন্দন ও সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২ আগষ্ট: তেজপুৰৰ পশ্চিম অঞ্চলৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান শিক্ষা কল্যাণ ন্যাসে আজি ২০২২ৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম বিহগুৰি অঞ্চলৰ গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰে। অঞ্চলটোৰ বৃহৎ সংখ্যক ৰাইজ,অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সমাবেশেৰে ন্যাসৰ সভাপতি দীননাথ নিৰলাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ ১৪ গৰাকী উচ্চ মাধ্যমিক উত্তীর্ণ আৰু ২৬ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ মেধাবী ছাত্র ছাত্রীৰ লগতে তেজপুৰ বিশ্ব বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱা…

নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল’ব পৰা খণ্ডটোৱেই হৈছে কৃষি : মন্ত্রী অতুল বৰা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ উপস্থিতিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৰে কৃষি মন্ত্রী অতুল বৰাই। সভাৰ আৰম্ভণিতে মন্ত্রী বৰাই "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশবিশেষ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীক সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক আহ্বান জনায়। উল্লেখ যে কৃষক ৰাইজৰ কল্যাণৰ বাবে লোৱা আঁচনিসমূহৰ সফল ৰূপায়ণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব…

বগীনদীত বন বিভাগৰ অতৰ্কিত অভিযানঃ বৃহৎ পৰিমাণৰ চোৰাং কাঠ, গাড়ী, বেঞ্চ শ্ব’ মেছিন জব্দ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ আগষ্ট : লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে চৰ-চাপৰি অঞ্চল সমূহত এতিয়াও চোৰাং কাঠৰ বেহা অব্যাহত আছে। একাংশ দুষ্কৃতিকাৰীৰ বাবেই নিতৌ বনাঞ্চল সমূহ ধ্বংস হব ধৰিছে। সোমবাৰেও জিলাখনৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা ঘাটৰ লগতে বগীনদী কেন্দ্ৰস্থলৰ পৰা বন বিভাগে বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰা কাৰ্যই এই কথা স্পষ্ট কৰি তুলিছে। লখিমপুৰ আঞ্চলিক বন বিষয়াজনৰ পৰা লাভ কৰা তথ্য অনুসৰি সোমবাৰে বন বিভাগে গোপন সুত্ৰৰ পম খেদি বগীনদীৰ শৰ্মা টিম্বাৰ ডিপোত অভিযান চলায়। অভিযানৰ কালত বন বিভাগৰ লগতে বগীনদী আৰক্ষীয়ে যৌথ…

তেজপুৰৰ পৰোৱাত উচ্ছেদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: তেজপুৰৰ পৰোৱাত আৰম্ভ হোৱা প্ৰসূতি আৰু নৱজাতকৰ চিকিৎসালয়ৰ সন্মুখত আজি দিনত এক উচ্ছেদ অভিযান চলাই শোণিতপুৰ প্ৰশাসনে। তেজপুৰ সদৰ ৰাজহ চক্ৰবিষয়াৰ উপস্থিতিত চিকিৎসালয়খনৰ সন্মুখত তথা ব্যস্ততাপূৰ্ণ পথটোৰ কাষত অবৈধ ভাবে গঢ় লৈ উঠা কে’বাখনো দোকান আজি উচ্ছেদ কৰা হয়। এস্কাভেটৰৰ সহায়ত চলা এই উচ্ছেদ অভিযানৰ সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াজনে প্ৰকাশ কৰে যে, চিকিৎসালয়লৈ ৰোগীৰ আহ-যাহ তথা এম্বুলেঞ্চ আদিৰ লগতে সেই পথৰে যাতায়াতৰ ক্ষেত্ৰত যাতে ভৱিষ্যতে কোনো সমস্যাৰ উদ্ভৱ নহয় আৰু পথৰ দাঁতিত নিশাৰ ভিতৰতে অবৈধ ভাবে গঢ় লৈ…