Browsing Category
অসম
তেজপুৰত শিক্ষা কল্যাণ ন্যাসৰ অভিনন্দন ও সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২ আগষ্ট: তেজপুৰৰ পশ্চিম অঞ্চলৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান শিক্ষা কল্যাণ ন্যাসে আজি ২০২২ৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম বিহগুৰি অঞ্চলৰ গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰে। অঞ্চলটোৰ বৃহৎ সংখ্যক ৰাইজ,অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সমাবেশেৰে ন্যাসৰ সভাপতি দীননাথ নিৰলাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ ১৪ গৰাকী উচ্চ মাধ্যমিক উত্তীর্ণ আৰু ২৬ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ মেধাবী ছাত্র ছাত্রীৰ লগতে তেজপুৰ বিশ্ব বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱা…
নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল’ব পৰা খণ্ডটোৱেই হৈছে কৃষি : মন্ত্রী অতুল বৰা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ উপস্থিতিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৰে কৃষি মন্ত্রী অতুল বৰাই। সভাৰ আৰম্ভণিতে মন্ত্রী বৰাই "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশবিশেষ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীক সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক আহ্বান জনায়। উল্লেখ যে কৃষক ৰাইজৰ কল্যাণৰ বাবে লোৱা আঁচনিসমূহৰ সফল ৰূপায়ণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব…
বগীনদীত বন বিভাগৰ অতৰ্কিত অভিযানঃ বৃহৎ পৰিমাণৰ চোৰাং কাঠ, গাড়ী, বেঞ্চ শ্ব’ মেছিন জব্দ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ আগষ্ট : লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে চৰ-চাপৰি অঞ্চল সমূহত এতিয়াও চোৰাং কাঠৰ বেহা অব্যাহত আছে। একাংশ দুষ্কৃতিকাৰীৰ বাবেই নিতৌ বনাঞ্চল সমূহ ধ্বংস হব ধৰিছে। সোমবাৰেও জিলাখনৰ বগীনদী থানাৰ অন্তৰ্গত ভীমপৰা ঘাটৰ লগতে বগীনদী কেন্দ্ৰস্থলৰ পৰা বন বিভাগে বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰা কাৰ্যই এই কথা স্পষ্ট কৰি তুলিছে। লখিমপুৰ আঞ্চলিক বন বিষয়াজনৰ পৰা লাভ কৰা তথ্য অনুসৰি সোমবাৰে বন বিভাগে গোপন সুত্ৰৰ পম খেদি বগীনদীৰ শৰ্মা টিম্বাৰ ডিপোত অভিযান চলায়। অভিযানৰ কালত বন বিভাগৰ লগতে বগীনদী আৰক্ষীয়ে যৌথ…
তেজপুৰৰ পৰোৱাত উচ্ছেদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: তেজপুৰৰ পৰোৱাত আৰম্ভ হোৱা প্ৰসূতি আৰু নৱজাতকৰ চিকিৎসালয়ৰ সন্মুখত আজি দিনত এক উচ্ছেদ অভিযান চলাই শোণিতপুৰ প্ৰশাসনে। তেজপুৰ সদৰ ৰাজহ চক্ৰবিষয়াৰ উপস্থিতিত চিকিৎসালয়খনৰ সন্মুখত তথা ব্যস্ততাপূৰ্ণ পথটোৰ কাষত অবৈধ ভাবে গঢ় লৈ উঠা কে’বাখনো দোকান আজি উচ্ছেদ কৰা হয়। এস্কাভেটৰৰ সহায়ত চলা এই উচ্ছেদ অভিযানৰ সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াজনে প্ৰকাশ কৰে যে, চিকিৎসালয়লৈ ৰোগীৰ আহ-যাহ তথা এম্বুলেঞ্চ আদিৰ লগতে সেই পথৰে যাতায়াতৰ ক্ষেত্ৰত যাতে ভৱিষ্যতে কোনো সমস্যাৰ উদ্ভৱ নহয় আৰু পথৰ দাঁতিত নিশাৰ ভিতৰতে অবৈধ ভাবে গঢ় লৈ…
ভাল কামৰ বাবে ৯৯ কৰ্মচাৰীক বাচনি চৰকাৰৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসম চৰকাৰে ৰাজ্যিক পর্যায়ত ১০ জন নন-গেজেটেদ আৰু জিলা পর্যায়ত ৮৯ জন কৰ্মচাৰীক পুৰস্কৃত কৰি তেওঁলোকৰ কৰ্মক্ষমতাক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে ভাল প্ৰদৰ্শন কৰে তেওঁলোকক এবছৰৰ বাবে সেৱা বৃদ্ধি কৰা হ’ব। লগতে ২৫ হাজাৰ টকাৰ নগদ ধন আৰু এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ’ব। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা ৫ আগষ্টত লোক কল্যাণ দিৱসত প্ৰদান কৰা হ’ব এই বঁটাসমূহ। বঁটাপ্ৰাপ্তসকলৰ মূল্যায়ন আৰু…
৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি গুৱাহাটী,২ আগষ্টঃ মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰিব। এই কাৰ্যসূচী সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিদিষ্ট কেইজনমান ব্যৱসায়ীক সন্তুষ্ট কৰিবলৈ গৈ দেশত ভয়াৱহ মূল্যবৃদ্ধিত ইন্ধন যোগাইছে। ফলত সৰ্বসাধাৰণ ৰাইজৰ…
শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত পাঁচজনৰ মৃত্যু
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: শোণিতপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনৰ ঢেকিয়াজুলি,বৰছলা,ৰঙাপৰা,বালিপৰা,চাৰিদুৱাৰকে ধৰি বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে শিশু,কিশোৰ,যুৱক যুৱতীকে ধৰি বয়োজ্যেষ্ঠ লোক। ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিভিন্ন চিকিৎসালয়ত এই ৰোগত আক্ৰান্ত ভালে সংখ্যক ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে যোৱা পহিলা আগষ্টলৈকে শোণিতপুৰত পাঁচজন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। বিভাগীয় এক সূত্ৰ অনুসৰি,এই সময় চোৱাত শোণিতপুৰৰ বৰছলাৰ অভিজিত মালো দাস, নেপালীপট্টিৰ আখটাৰ…
জাপানীজ এনকেফেলাইটিছ : অসমত মৃতকৰ সংখ্যা ৫২ লৈ বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসমত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগত আক্ৰান্ত হৈ আৰু ৪ জন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ নগাঁও জিলাত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যত বিগত ২৪ ঘণ্টাত মুঠ ৩ গৰাকী নতুন ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৩০৫ জনলৈ বৃদ্ধি পাইছে । নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৪৪ জন, তাৰ পিছতে যোৰহাটত ৩৯ জন আৰু গোলাঘাটত ৩৪ জন। উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ হৈছে মহৰ দ্বাৰা…
পৰিবহণ বিভাগত নতুন পদ সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক লোকনির্মাণ বিভাগ আৰু পৰিবহণ বিভাগৰ সৈতে এক যুটীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। যাতে পথ দুৰ্ঘটনাৰ পৰিঘটনা হ্ৰাস কৰিবলৈ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত প্ৰয়োজনীয় সুৰক্ষা নীতি প্ৰৱৰ্তন কৰাটো নিশ্চিত কৰিব পৰা যায়। উল্লেখ যে আজি জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত জিলা পৰিবহণ বিষয়াসকলৰ সৈতে পৰিবহণ বিভাগৰ পর্যালোচনামূলক বৈঠকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত মুখ্যমন্ত্রীয়ে পৰিবহণ মন্ত্ৰী পৰিমল…
ৰক্ষা পৰিল কাজিৰঙাৰ গঁড়ঃ গঁড় হত্যাৰ পৰিকল্পনাৰ সময়তে বিশ্বনাথত ৪ গঁড় চিকাৰীক আটক
বিশ্বনাথ চাৰিআলি ২আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা চাৰিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথৰ বন বিভাগে। তাৎপর্যপূর্ণ যে গঁড় হত্যাৰ বাবে শ্বুটাৰ হিচাপে নিয়োগ কৰা হৈছিল যুদ্ধবিৰত গোটৰ এনডিএফবি কেডাৰক। এই ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কাজিৰঙাৰ এশিঙীয়া গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা এটা চাৰিজনীয়া চোৰাং চিকাৰীৰ দলক বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ বনাঞ্চলিক বিষয়া যতীন্দ্র মোহন দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক…
