Browsing Category
অসম
ভাল কামৰ বাবে ৯৯ কৰ্মচাৰীক বাচনি চৰকাৰৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসম চৰকাৰে ৰাজ্যিক পর্যায়ত ১০ জন নন-গেজেটেদ আৰু জিলা পর্যায়ত ৮৯ জন কৰ্মচাৰীক পুৰস্কৃত কৰি তেওঁলোকৰ কৰ্মক্ষমতাক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে ভাল প্ৰদৰ্শন কৰে তেওঁলোকক এবছৰৰ বাবে সেৱা বৃদ্ধি কৰা হ’ব। লগতে ২৫ হাজাৰ টকাৰ নগদ ধন আৰু এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ’ব। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা ৫ আগষ্টত লোক কল্যাণ দিৱসত প্ৰদান কৰা হ’ব এই বঁটাসমূহ। বঁটাপ্ৰাপ্তসকলৰ মূল্যায়ন আৰু…
৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি গুৱাহাটী,২ আগষ্টঃ মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰিব। এই কাৰ্যসূচী সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিদিষ্ট কেইজনমান ব্যৱসায়ীক সন্তুষ্ট কৰিবলৈ গৈ দেশত ভয়াৱহ মূল্যবৃদ্ধিত ইন্ধন যোগাইছে। ফলত সৰ্বসাধাৰণ ৰাইজৰ…
শোণিতপুৰত জাপানীজ এনকেফেলাইটিছত পাঁচজনৰ মৃত্যু
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২আগষ্ট: শোণিতপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনৰ ঢেকিয়াজুলি,বৰছলা,ৰঙাপৰা,বালিপৰা,চাৰিদুৱাৰকে ধৰি বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে শিশু,কিশোৰ,যুৱক যুৱতীকে ধৰি বয়োজ্যেষ্ঠ লোক। ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিভিন্ন চিকিৎসালয়ত এই ৰোগত আক্ৰান্ত ভালে সংখ্যক ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে যোৱা পহিলা আগষ্টলৈকে শোণিতপুৰত পাঁচজন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। বিভাগীয় এক সূত্ৰ অনুসৰি,এই সময় চোৱাত শোণিতপুৰৰ বৰছলাৰ অভিজিত মালো দাস, নেপালীপট্টিৰ আখটাৰ…
জাপানীজ এনকেফেলাইটিছ : অসমত মৃতকৰ সংখ্যা ৫২ লৈ বৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসমত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগত আক্ৰান্ত হৈ আৰু ৪ জন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ নগাঁও জিলাত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যত বিগত ২৪ ঘণ্টাত মুঠ ৩ গৰাকী নতুন ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৩০৫ জনলৈ বৃদ্ধি পাইছে । নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৪৪ জন, তাৰ পিছতে যোৰহাটত ৩৯ জন আৰু গোলাঘাটত ৩৪ জন। উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ হৈছে মহৰ দ্বাৰা…
পৰিবহণ বিভাগত নতুন পদ সৃষ্টি কৰা হ’বঃ মুখ্যমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক লোকনির্মাণ বিভাগ আৰু পৰিবহণ বিভাগৰ সৈতে এক যুটীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। যাতে পথ দুৰ্ঘটনাৰ পৰিঘটনা হ্ৰাস কৰিবলৈ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত প্ৰয়োজনীয় সুৰক্ষা নীতি প্ৰৱৰ্তন কৰাটো নিশ্চিত কৰিব পৰা যায়। উল্লেখ যে আজি জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত জিলা পৰিবহণ বিষয়াসকলৰ সৈতে পৰিবহণ বিভাগৰ পর্যালোচনামূলক বৈঠকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত মুখ্যমন্ত্রীয়ে পৰিবহণ মন্ত্ৰী পৰিমল…
ৰক্ষা পৰিল কাজিৰঙাৰ গঁড়ঃ গঁড় হত্যাৰ পৰিকল্পনাৰ সময়তে বিশ্বনাথত ৪ গঁড় চিকাৰীক আটক
বিশ্বনাথ চাৰিআলি ২আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা চাৰিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথৰ বন বিভাগে। তাৎপর্যপূর্ণ যে গঁড় হত্যাৰ বাবে শ্বুটাৰ হিচাপে নিয়োগ কৰা হৈছিল যুদ্ধবিৰত গোটৰ এনডিএফবি কেডাৰক। এই ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কাজিৰঙাৰ এশিঙীয়া গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা এটা চাৰিজনীয়া চোৰাং চিকাৰীৰ দলক বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ বনাঞ্চলিক বিষয়া যতীন্দ্র মোহন দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক…
ডিজিটেলাইজড ৰূপত বিভাগত উপলব্ধ হ’ব মথাউৰিৰ তালিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰৰ পৰা জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সত অংশ লয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু অভিযন্তাৰ পৰা বৰ্তমানে ৰাজ্যখনৰ বান আৰু খহনীয়া পৰিস্থিতিত বুজ লয়। বিভাগীয় সকলো অভিযন্তাকে অনাগত এটা মাহ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দি বিভাগীয় বৈঠক আৰু আন পৰ্যালোচনা বৈঠকসমূহক গুৰুত্ব সহকাৰে লবলৈ তেওঁ সকলোকে নিৰ্দেশ দিয়ে। ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীয়ে বিভাগৰ সংমণ্ডল আৰু উপমণ্ডলৰ সকলো বিষয়াকে তেওঁলোকৰ…
কেএলঅ’ৰ মুৰব্বী জীৱন সিঙে অডিঅ’ বাৰ্তাত কি কৈছে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : উত্তৰ বংগ আৰু অসমৰ উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ মুৰব্বী জীৱন সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শান্তি আলোচনাত বহাৰ প্ৰস্তাৱ আগবঢ়াইছে। জীৱনে এক মিনিট ন ছেকেণ্ডৰ এটা অডিঅ’ মেছেজযোগে পাঁচজন মধ্যস্থতাকাৰীৰ নামো ঘোষণা কৰে। তেওঁলোক হ’ল– বিশ্বজিৎ ৰায়, হৰ্ষবৰ্ধন বৰ্মা, টম অধিকাৰী, দেৱজিৎ সিং আৰু মলকান সিং। ৩১ জুলাইৰ নিশা অসমৰ চোৰাংচোৱা সংস্থাসমূহে এই অডিঅ’ বাৰ্তাটো লাভ কৰে। টম আৰু মালকান কে এল অ’ৰ প্ৰাক্তন ডেপুটি কমাণ্ডাৰ। হৰ্ষবৰ্ধন সেই…
মিছন ভূমিপুত্র আঁচনি মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন সাধনেৰে আজি মুকলি কৰা হয় 'মিছন ভূমিপুত্ৰ' আঁচনিখন। এই উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিছন ভূমিপুত্ৰ প’ৰ্টেলৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে ছাত্র-ছাত্রীয়ে ডিজিটেল ৰূপত লাভ কৰিব জাতিগত প্রমাণ-পত্র। আবেদনৰ এমাহৰ ভিতৰতে জাতিগত প্রমাণ-পত্র লাভ কৰিব ছাত্র-ছাত্রীয়ে। আনহাতে তেওঁ অহা বছৰৰ পৰা অষ্টম শ্রেণীৰ পৰাই…
তেজপুৰত আটছাৰ ধৰ্ণা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১আগষ্টঃ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আহতহৈ চিকিৎসাধীন মইনা নায়কক ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে নির্ধাৰণ কৰা ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা কৰা, লেপেটকটা চাহ বাগিছাৰ প্ৰধান পৰিচালকৰ লগতে ফেক্টৰী পৰিচালক গৰাকীক তদন্তৰ আওতালৈ আনি দুয়োগৰাকী পৰিচালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা আৰু ৰাজ্যৰ প্ৰতিখন চাহ বাগিছাত কাৰখানা আইন ১৯৪৮ আৰু পুলিৰোপন শ্ৰমিক আইন ১৯৫১, শ্ৰমিক সুৰক্ষা বিধি সমূহ সম্পূৰ্ণ ভাৱে কাৰ্যকৰী হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ…
