Browsing Category

অসম

ডিজিটেলাইজড ৰূপত বিভাগত উপলব্ধ হ’ব মথাউৰিৰ তালিকা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰৰ পৰা জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্সত অংশ লয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু অভিযন্তাৰ পৰা বৰ্তমানে ৰাজ্যখনৰ বান আৰু খহনীয়া পৰিস্থিতিত বুজ লয়। বিভাগীয় সকলো অভিযন্তাকে অনাগত এটা মাহ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দি বিভাগীয় বৈঠক আৰু আন পৰ্যালোচনা বৈঠকসমূহক গুৰুত্ব সহকাৰে লবলৈ তেওঁ সকলোকে নিৰ্দেশ দিয়ে। ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীয়ে বিভাগৰ সংমণ্ডল আৰু উপমণ্ডলৰ সকলো বিষয়াকে তেওঁলোকৰ…

 কেএলঅ’ৰ মুৰব্বী জীৱন সিঙে অডিঅ’ বাৰ্তাত কি কৈছে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : উত্তৰ বংগ আৰু অসমৰ উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ মুৰব্বী জীৱন সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শান্তি আলোচনাত বহাৰ প্ৰস্তাৱ আগবঢ়াইছে। জীৱনে এক মিনিট ন ছেকেণ্ডৰ এটা অডিঅ’ মেছেজযোগে পাঁচজন মধ্যস্থতাকাৰীৰ নামো ঘোষণা কৰে। তেওঁলোক হ’ল– বিশ্বজিৎ ৰায়, হৰ্ষবৰ্ধন বৰ্মা, টম অধিকাৰী, দেৱজিৎ সিং আৰু মলকান সিং। ৩১ জুলাইৰ নিশা অসমৰ চোৰাংচোৱা সংস্থাসমূহে এই অডিঅ’ বাৰ্তাটো লাভ কৰে। টম আৰু মালকান কে এল অ’ৰ প্ৰাক্তন ডেপুটি কমাণ্ডাৰ। হৰ্ষবৰ্ধন সেই…

মিছন ভূমিপুত্র আঁচনি মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন সাধনেৰে আজি মুকলি কৰা হয় 'মিছন ভূমিপুত্ৰ' আঁচনিখন। এই উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিছন ভূমিপুত্ৰ প’ৰ্টেলৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে ছাত্র-ছাত্রীয়ে ডিজিটেল ৰূপত লাভ কৰিব জাতিগত প্রমাণ-পত্র। আবেদনৰ এমাহৰ ভিতৰতে জাতিগত প্রমাণ-পত্র লাভ কৰিব ছাত্র-ছাত্রীয়ে। আনহাতে তেওঁ অহা বছৰৰ পৰা অষ্টম শ্রেণীৰ পৰাই…

তেজপুৰত আটছাৰ ধৰ্ণা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১আগষ্টঃ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আহতহৈ চিকিৎসাধীন মইনা নায়কক ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে নির্ধাৰণ কৰা ক্ষতিপূৰণ শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা কৰা, লেপেটকটা চাহ বাগিছাৰ প্ৰধান পৰিচালকৰ লগতে ফেক্টৰী পৰিচালক গৰাকীক তদন্তৰ আওতালৈ আনি দুয়োগৰাকী পৰিচালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা আৰু ৰাজ্যৰ প্ৰতিখন চাহ বাগিছাত কাৰখানা আইন ১৯৪৮  আৰু পুলিৰোপন শ্ৰমিক আইন ১৯৫১, শ্ৰমিক সুৰক্ষা  বিধি সমূহ সম্পূৰ্ণ ভাৱে কাৰ্যকৰী হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ…

ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন মুখ্য নির্বাচনী বিষয়াৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই আজি গুৱাহাটীত এক অনুষ্ঠানত দেশৰ নিৰ্বাচন আয়োগে ব্যৱহাৰকাৰীৰ সুবিধার্থে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন কৰে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্রেক্ষাগৃহত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ সহযোগত অনুষ্ঠিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰসমূহ উদ্বোধন কৰা হয়। উল্লেখ্য যে এই নতুন প্ৰ-পত্রযোগে…

‘মিছন ভূমিপুত্ৰ’ পৰ্টেল মুকলি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : ১ আগষ্ট সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'মিছন ভূমিপুত্ৰ পৰ্টেল' মুকলি কৰে। এই পৰ্টেলৰ উদ্দেশ্য হৈছে এমাহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেলাইজড জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা। আবেদনকাৰীসকলক নিজ নিজ উপায়ুক্তৰ দ্বাৰা ডিজিটেল স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব, যিবোৰ বিভিন্ন বৰ্ণৰ চৰকাৰী সংস্থাই ছাত্ৰ-ছাত্ৰীৰ জাতি চিনাক্তকৰণ বা অনুমোদন কৰাত সহায় কৰিব। মাইক্ৰ'-ব্লগিং চাইট টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়— ''আজাদি কা অমৃত মহোৎসৱৰ অংশ হিচাপে আমি মিছন…

চিকিৎসা গৱেষণাৰ বাবে আই আই টি গুৱাহাটীত চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট: ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, গুৱাহাটী চমুকৈ আই আই টি জিয়ে স্বাস্থ্যসেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এটা চিকিৎসা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ সৈতে সংগতি ৰাখি এই কেন্দ্ৰটোত একাধিক বিভাগৰ অধ্যাপক, গৱেষক, উদ্যোগী, চিকিৎসক, আৰু ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্যসেৱা উদ্ভাৱনৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনৰ বাবে একেলগে কাম কৰিব বুলি এক বিবৃতিত কোৱা হৈছে। গুৱাহাটীৰ আই আই টিৰ চেণ্টাৰ অৱ নেন’টেকন’লজি আৰু জ্যোতি…

চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ১ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামিণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত সজাগতা সমদল। আজি চতিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ এক সমদল। উক্ত সমদলৰ ফ্লেগ অফ কৰে চতিয়া খণ্ড…

গুৱাহাটীৰ হোটেলত গাঞ্জাসহ ধৃত পাঁচজন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ পল্টন বজাৰ আৰক্ষীৰ সফলতা। নিশা ২ বজাত পল্টনবজাৰৰ সুমিয়া হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। আনহাতে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। ঘটনাৰ বিৱৰণ অনুসৰি নিশা ২ বজাত এক গোপন সূত্ৰৰ পম খেদি পল্টনবজাৰ আৰক্ষীয়ে সুমিয়া হোটেলৰ ২০৪ আৰু ২০৬ নং হোটেলত অভিযান চলায়। এই অভিযানত জব্দ হয় ৩৬ কেজি গাঞ্জা। ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাসহ মুঠ ৫ জন লোকক আটক কৰিছে। আটকাধীন আটাইকেইজন লোক ত্ৰিপুৰাৰ। আটকাধীন লোক কেইজন ক্ৰমে মুনিৰ হুছেইন আৰু তেওঁৰ পত্নী ছাহিদা খাতুন, চফিকুল বাচা,…

১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ প্ৰতিঘৰ লোকৰ চৌহদত পতাকা উত্তোলন নাইবা উৰুৱাই ৰাখিবৰ বাবে আহ্বান জনায়। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল-কলেজ, মন্দিৰ, মছজিদ, গীৰ্জা, অনাথ আশ্ৰম আদি সকলোতে পতাকা উত্তোলন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সকলোৰে প্ৰতি…