Browsing Category
অসম
ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন মুখ্য নির্বাচনী বিষয়াৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই আজি গুৱাহাটীত এক অনুষ্ঠানত দেশৰ নিৰ্বাচন আয়োগে ব্যৱহাৰকাৰীৰ সুবিধার্থে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ শুভ উদ্বোধন কৰে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্রেক্ষাগৃহত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ সহযোগত অনুষ্ঠিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰসমূহ উদ্বোধন কৰা হয়। উল্লেখ্য যে এই নতুন প্ৰ-পত্রযোগে…
‘মিছন ভূমিপুত্ৰ’ পৰ্টেল মুকলি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : ১ আগষ্ট সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'মিছন ভূমিপুত্ৰ পৰ্টেল' মুকলি কৰে। এই পৰ্টেলৰ উদ্দেশ্য হৈছে এমাহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেলাইজড জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা। আবেদনকাৰীসকলক নিজ নিজ উপায়ুক্তৰ দ্বাৰা ডিজিটেল স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব, যিবোৰ বিভিন্ন বৰ্ণৰ চৰকাৰী সংস্থাই ছাত্ৰ-ছাত্ৰীৰ জাতি চিনাক্তকৰণ বা অনুমোদন কৰাত সহায় কৰিব। মাইক্ৰ'-ব্লগিং চাইট টুইটাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়— ''আজাদি কা অমৃত মহোৎসৱৰ অংশ হিচাপে আমি মিছন…
চিকিৎসা গৱেষণাৰ বাবে আই আই টি গুৱাহাটীত চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট: ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, গুৱাহাটী চমুকৈ আই আই টি জিয়ে স্বাস্থ্যসেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এটা চিকিৎসা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ সৈতে সংগতি ৰাখি এই কেন্দ্ৰটোত একাধিক বিভাগৰ অধ্যাপক, গৱেষক, উদ্যোগী, চিকিৎসক, আৰু ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্যসেৱা উদ্ভাৱনৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনৰ বাবে একেলগে কাম কৰিব বুলি এক বিবৃতিত কোৱা হৈছে। গুৱাহাটীৰ আই আই টিৰ চেণ্টাৰ অৱ নেন’টেকন’লজি আৰু জ্যোতি…
চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ১ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামিণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত সজাগতা সমদল। আজি চতিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ এক সমদল। উক্ত সমদলৰ ফ্লেগ অফ কৰে চতিয়া খণ্ড…
গুৱাহাটীৰ হোটেলত গাঞ্জাসহ ধৃত পাঁচজন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ পল্টন বজাৰ আৰক্ষীৰ সফলতা। নিশা ২ বজাত পল্টনবজাৰৰ সুমিয়া হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। আনহাতে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। ঘটনাৰ বিৱৰণ অনুসৰি নিশা ২ বজাত এক গোপন সূত্ৰৰ পম খেদি পল্টনবজাৰ আৰক্ষীয়ে সুমিয়া হোটেলৰ ২০৪ আৰু ২০৬ নং হোটেলত অভিযান চলায়। এই অভিযানত জব্দ হয় ৩৬ কেজি গাঞ্জা। ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাসহ মুঠ ৫ জন লোকক আটক কৰিছে। আটকাধীন আটাইকেইজন লোক ত্ৰিপুৰাৰ। আটকাধীন লোক কেইজন ক্ৰমে মুনিৰ হুছেইন আৰু তেওঁৰ পত্নী ছাহিদা খাতুন, চফিকুল বাচা,…
১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ প্ৰতিঘৰ লোকৰ চৌহদত পতাকা উত্তোলন নাইবা উৰুৱাই ৰাখিবৰ বাবে আহ্বান জনায়। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল-কলেজ, মন্দিৰ, মছজিদ, গীৰ্জা, অনাথ আশ্ৰম আদি সকলোতে পতাকা উত্তোলন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সকলোৰে প্ৰতি…
সোৱণশিৰি পাৰৰ ঘূনাসুঁতি : ঐতিহাসিক ঘুনাসূঁতিত নিৰ্মাণ হ’ব ‘পানৈ-জংকি ক্ষেত্র’ : নামফলক উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ জুলাই : লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ ঐতিহাসিক ঘুনাসূঁতিত নির্মাণ হ'ব 'পানৈ জংকি ক্ষেত্র'। তদুপলক্ষে আজি ঘুনাসূঁতি তিনিআলিত মিচিং জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত নৃত্য গুমৰাগৰ চেৱত মুখৰিত হৈ উঠে ঘুনাসূঁতিৰ বক্ষ। ধাৰাসাৰ বৰষুণকো নেওচি আজি উলহ-মালহেৰে উক্ত স্থানত নাম ফলক স্থাপন কৰা হয়। উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি 'মিৰি জীয়ৰী' উপন্যাসৰ পটভূমি ঐতিহাসিক ঘুনাসূঁতিত শীঘ্ৰে স্থাপন হ'ব 'পানৈ জংকি ক্ষেত্র'। সমগ্ৰ বিশ্বৰ দৰবাৰত ঘুনাসূঁতিক জিলিকাই তোলাৰ লক্ষ্যৰে বিশিষ্ট সমাজকর্মী প্রয়াত মনিবৰ…
চতিয়াত পুনৰ ড্ৰাগছ সহ যুৱক আটক
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩১ জুলাইঃ চতিয়াত আৰক্ষীৰ ধাৰাবাহিক অভিযানত ড্ৰাগছসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়। চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত ইটাখোলা আৰক্ষী চকীৰ আই চি ভাস্কৰজ্যোতি শইকীয়াৰ সহযোগত দুই যুৱকক ২০ টা হিৰ’ইনৰ কন্টেইনাৰসহ জব্দ কৰিবলৈ সক্ষম । গোপনসূত্ৰৰ পমখেদি চতিয়া আৰক্ষীয়ে এখন স্কুটিত (AS12AB 9104) অহা দুই যুৱকক সন্ধিয়া চেঙামাৰীত হিৰ’ইনৰ কন্টেইনাৰ সহ আটক কৰিবলৈ সক্ষম। আটক কৰা যুৱকদ্বয় ত্ৰিনয়ন হাজৰিকা আৰু বনজিৎ চৌধুৰি বুলি জানিব পৰা গৈছে। ইতিমধ্যে চতিয়া আৰক্ষীয়ে দুই যুৱকক অধিক…
তেজপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ অভিযোগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাইঃ “পথ নিৰ্মাণৰ ক্ষেত্ৰত যি অভিযোগ ৰাইজে কৰিছে তাৰ বিপৰীতে এই কামৰ নমুনা পৰীক্ষা হ’ব আৰু যদি পৰীক্ষাত কামৰ মানদণ্ড নিম্নমানৰ হোৱাটো প্ৰমাণ হয় তেনেহলে ঠিকাদাৰৰ ঠিকা বাতিল হ’ব। মোৰ সমষ্টিত বেয়া কাম কৰি বদনাম কৰিবলৈ নিদিওঁ। ইতিমধ্যে মই বিভাগীয়া বিষয়াক পৰহি এই কামৰ নমুনা দেখুৱাইছোঁ আৰু আজিও মই উপায়ুক্তক যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ। ”এই মন্তব্য তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ। উল্লেখযোগ্য যে, তেজপুৰৰ ডেকাৰ গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ দুইকোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ…
তেজপুৰত এ ডিভিজন ফুটবল লীগ আৰম্ভ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাই: আজিৰে পৰা তেজপুৰৰ পলগ্ৰাউণ্ডত আৰম্ভ হৈছে অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী 'এ' ডিভিজন ফুটবল লীগ। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাখনত অসম ৰাইফলছ,এন ই ফুটবল একাদশ,মাজগাঁও ফুটবল একাদশ, ৰাইন’ ফুটবল একাদশ, সোণাবিল ফুটবল একাদশ, হকছ ফুটবল একাদশ, কলচি ফুটবল একাদশকে ধৰি মুঠ আঠ টা দলে অংশগ্ৰহণ কৰিছে। আজি লীগৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ৰাইন’ ফুটবল একাদশ আৰু সোনাবিল চাহবাগাচা ফুটবল একাদশৰ মাজত।খেলখনত হেমতন আৰু কৰণ ছেত্ৰীৰ গলৰ সহায়ত ৰৰইন’ একাদশে ২-০ গ'ল ৰ ব্যৱধানত…
