Browsing Category
অসম
সোৱণশিৰি পাৰৰ ঘূনাসুঁতি : ঐতিহাসিক ঘুনাসূঁতিত নিৰ্মাণ হ’ব ‘পানৈ-জংকি ক্ষেত্র’ : নামফলক উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ জুলাই : লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ ঐতিহাসিক ঘুনাসূঁতিত নির্মাণ হ'ব 'পানৈ জংকি ক্ষেত্র'। তদুপলক্ষে আজি ঘুনাসূঁতি তিনিআলিত মিচিং জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত নৃত্য গুমৰাগৰ চেৱত মুখৰিত হৈ উঠে ঘুনাসূঁতিৰ বক্ষ। ধাৰাসাৰ বৰষুণকো নেওচি আজি উলহ-মালহেৰে উক্ত স্থানত নাম ফলক স্থাপন কৰা হয়। উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি 'মিৰি জীয়ৰী' উপন্যাসৰ পটভূমি ঐতিহাসিক ঘুনাসূঁতিত শীঘ্ৰে স্থাপন হ'ব 'পানৈ জংকি ক্ষেত্র'। সমগ্ৰ বিশ্বৰ দৰবাৰত ঘুনাসূঁতিক জিলিকাই তোলাৰ লক্ষ্যৰে বিশিষ্ট সমাজকর্মী প্রয়াত মনিবৰ…
চতিয়াত পুনৰ ড্ৰাগছ সহ যুৱক আটক
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩১ জুলাইঃ চতিয়াত আৰক্ষীৰ ধাৰাবাহিক অভিযানত ড্ৰাগছসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়। চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত ইটাখোলা আৰক্ষী চকীৰ আই চি ভাস্কৰজ্যোতি শইকীয়াৰ সহযোগত দুই যুৱকক ২০ টা হিৰ’ইনৰ কন্টেইনাৰসহ জব্দ কৰিবলৈ সক্ষম । গোপনসূত্ৰৰ পমখেদি চতিয়া আৰক্ষীয়ে এখন স্কুটিত (AS12AB 9104) অহা দুই যুৱকক সন্ধিয়া চেঙামাৰীত হিৰ’ইনৰ কন্টেইনাৰ সহ আটক কৰিবলৈ সক্ষম। আটক কৰা যুৱকদ্বয় ত্ৰিনয়ন হাজৰিকা আৰু বনজিৎ চৌধুৰি বুলি জানিব পৰা গৈছে। ইতিমধ্যে চতিয়া আৰক্ষীয়ে দুই যুৱকক অধিক…
তেজপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ অভিযোগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাইঃ “পথ নিৰ্মাণৰ ক্ষেত্ৰত যি অভিযোগ ৰাইজে কৰিছে তাৰ বিপৰীতে এই কামৰ নমুনা পৰীক্ষা হ’ব আৰু যদি পৰীক্ষাত কামৰ মানদণ্ড নিম্নমানৰ হোৱাটো প্ৰমাণ হয় তেনেহলে ঠিকাদাৰৰ ঠিকা বাতিল হ’ব। মোৰ সমষ্টিত বেয়া কাম কৰি বদনাম কৰিবলৈ নিদিওঁ। ইতিমধ্যে মই বিভাগীয়া বিষয়াক পৰহি এই কামৰ নমুনা দেখুৱাইছোঁ আৰু আজিও মই উপায়ুক্তক যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ। ”এই মন্তব্য তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ। উল্লেখযোগ্য যে, তেজপুৰৰ ডেকাৰ গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ দুইকোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ…
তেজপুৰত এ ডিভিজন ফুটবল লীগ আৰম্ভ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১জুলাই: আজিৰে পৰা তেজপুৰৰ পলগ্ৰাউণ্ডত আৰম্ভ হৈছে অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী 'এ' ডিভিজন ফুটবল লীগ। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাখনত অসম ৰাইফলছ,এন ই ফুটবল একাদশ,মাজগাঁও ফুটবল একাদশ, ৰাইন’ ফুটবল একাদশ, সোণাবিল ফুটবল একাদশ, হকছ ফুটবল একাদশ, কলচি ফুটবল একাদশকে ধৰি মুঠ আঠ টা দলে অংশগ্ৰহণ কৰিছে। আজি লীগৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ৰাইন’ ফুটবল একাদশ আৰু সোনাবিল চাহবাগাচা ফুটবল একাদশৰ মাজত।খেলখনত হেমতন আৰু কৰণ ছেত্ৰীৰ গলৰ সহায়ত ৰৰইন’ একাদশে ২-০ গ'ল ৰ ব্যৱধানত…
নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক বাণ থিয়েটাৰ বটাঁ প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩১ জুলাইঃ নাটকেই জীৱন আৰু ৰংগমঞ্চকে নিজৰ ঘৰ বুলি আজীৱন নাটশিল্পৰ সাধনাত ব্ৰতী হৈ এহেজাৰ এনিশা নাটকত অভিনয় কৰি ১০টাকৈ সোণৰ পদক, কুৰিটাকৈ ৰূপৰ পদক লাভ কৰাই নহয় কুৰিখনকৈ অসমীয়া চিনেমাত অভিনয় কৰি তাৰে ছয়খনকৈ চিনেমাত ৰাষ্ট্ৰপতিৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অনন্য প্ৰতিভাধৰ নাট্যশিল্পী, নমস্য অভিনেতা নটসূৰ্য্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত নটসূৰ্য্য গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আন এগৰাকী ৰাজ্যখনৰ প্ৰতিভাধৰ নাট্যশিল্পী তথা…
‘কি নাম দি মাতিম’ বুলি সুধিবলৈ নাই আৰু তেওঁ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : 'কি নাম দি মাতিম, মাতিম তোমাক...' বুলি সুধিবলৈ নাই আৰু সুকণ্ঠী গায়িকা নিৰ্মলা মিশ্ৰ। এইগৰাকী সংগীতজ্ঞৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ৩০ জুলাই শনিবাৰে নিশা প্ৰায় ১২:০৫ বজাত দক্ষিণ কলকাতাৰ চেতলাত থকা নিজ গৃহত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। তেওঁৰ পৰিয়ালত আছে স্বামী, পুত্ৰ আৰু বোৱাৰী। শিল্পীগৰাকীৰ চিকিৎসক কৌশিক চক্ৰৱৰ্তীয়ে কয় যে নিৰ্মলা মিশ্ৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। চিকিৎসাৰ বাবে যোৱা ৫ বছৰত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।…
খেলুৱৈ-শিল্পীৰ চিন্তা-চৰ্চা আনতকৈ পৃথক : মন্ত্রী বিমল বড়া
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ খেলুৱৈ-শিল্পীৰ চিন্তা-আনতকৈ পৃথক বাবেই তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ উন্মেষ ঘটে। সদৌ ভাৰত অসামৰিক সেৱা প্ৰতিযোগিতাত পদক লাভ কৰা অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয় উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই। সচিবালয়ৰ মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সভাগৃহত অসম সচিবালয় সেৱা সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখনত পদক জয়ী সকলক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে নিজৰ ভাষণত ব্যস্ততাৰ মাজতো বিষয়া কৰ্মচাৰী সকলে…
মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খাদানত মৃত্যুৰ কিৰিলি : শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত মহকুমাধিপতিক তদন্তৰ নিৰ্দেশ উপায়ুক্তৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : মাত্ৰ কেইটামান টকাৰ মোহত মাৰ্ঘেৰিটাৰ চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা দৰিদ্ৰ শ্ৰমিকৰ ইটোৰ পাছত সিটো মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত্যুৰ কিৰিলিয়ে কঁপাই থকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰত ২৭ জুলাইৰ নিশা চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ খাদানৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে এজন নিহত হোৱা ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিক তদন্তৰ…
তিনিচুকীয়াত পুনৰ জব্দ চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ : তেলচুৰিৰ মাষ্টৰমাইণ্ড পৰিবনে আৰক্ষীৰ জালত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : অইলৰ খাৰুৱা তেল পৰিবাহী পাইপলাইন ফুটাই টেপিং পইণ্ট লগাই বেলেগ পাইপ সংলগ্ন কৰি তেল চুৰি কৰি থকাৰ সময়তে আজি পুৱতি নিশা পুনৰ তিনিচুকীয়া আৰক্ষীয়ে এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে মাকুমৰ লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত ৰবৰবাৰী অঞ্চলত অইলৰ পাইপলাইনৰ পৰা তেল চুৰি কৰি থকাৰ সময়তে তহলদাৰী লাংকাচি আৰক্ষীয়ে এ এছ ০১ বি চি ৫৪২৫ নম্বৰৰ টেংকাৰখন জব্দ কৰে । অৱশ্যে এই চুৰি কাৰ্য্যৰ লগত জড়িত ব্যক্তিসকলে পলায়ন কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে অইলৰ…
বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী ভাষাত শিক্ষা – চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অসম সাহিত্য সভা
শতাব্দ প্ৰতিনিধি তেজপুৰ তেজপুৰ ৩০ জুলাইঃ চৰকাৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আৰু বিশেষকৈ অসমৰ শিক্ষাৰ্থীয়ে ইংৰাজী শিক্ষাত অধিক গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটি ইংৰাজী ভাষাৰ দ্বাৰা পঢ়ুৱাব খোজা সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে অসম সাহিত্য সভা। এই সন্দৰ্ভত তেজপুৰত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, শিশুৰ মনোজগতত তাৎক্ষণিক ভাবে প্ৰভাৱ বিস্তাৰ কৰিব পৰা আৰু যিকোনো শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্ৰত শীঘ্ৰেই আয়ত্ব কৰিব পৰাই নহয় সকলো দিশৰে…
