Browsing Category
অসম
নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক বাণ থিয়েটাৰ বটাঁ প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩১ জুলাইঃ নাটকেই জীৱন আৰু ৰংগমঞ্চকে নিজৰ ঘৰ বুলি আজীৱন নাটশিল্পৰ সাধনাত ব্ৰতী হৈ এহেজাৰ এনিশা নাটকত অভিনয় কৰি ১০টাকৈ সোণৰ পদক, কুৰিটাকৈ ৰূপৰ পদক লাভ কৰাই নহয় কুৰিখনকৈ অসমীয়া চিনেমাত অভিনয় কৰি তাৰে ছয়খনকৈ চিনেমাত ৰাষ্ট্ৰপতিৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অনন্য প্ৰতিভাধৰ নাট্যশিল্পী, নমস্য অভিনেতা নটসূৰ্য্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত নটসূৰ্য্য গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আন এগৰাকী ৰাজ্যখনৰ প্ৰতিভাধৰ নাট্যশিল্পী তথা…
‘কি নাম দি মাতিম’ বুলি সুধিবলৈ নাই আৰু তেওঁ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : 'কি নাম দি মাতিম, মাতিম তোমাক...' বুলি সুধিবলৈ নাই আৰু সুকণ্ঠী গায়িকা নিৰ্মলা মিশ্ৰ। এইগৰাকী সংগীতজ্ঞৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ৩০ জুলাই শনিবাৰে নিশা প্ৰায় ১২:০৫ বজাত দক্ষিণ কলকাতাৰ চেতলাত থকা নিজ গৃহত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। তেওঁৰ পৰিয়ালত আছে স্বামী, পুত্ৰ আৰু বোৱাৰী। শিল্পীগৰাকীৰ চিকিৎসক কৌশিক চক্ৰৱৰ্তীয়ে কয় যে নিৰ্মলা মিশ্ৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। চিকিৎসাৰ বাবে যোৱা ৫ বছৰত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।…
খেলুৱৈ-শিল্পীৰ চিন্তা-চৰ্চা আনতকৈ পৃথক : মন্ত্রী বিমল বড়া
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ খেলুৱৈ-শিল্পীৰ চিন্তা-আনতকৈ পৃথক বাবেই তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ উন্মেষ ঘটে। সদৌ ভাৰত অসামৰিক সেৱা প্ৰতিযোগিতাত পদক লাভ কৰা অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয় উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই। সচিবালয়ৰ মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সভাগৃহত অসম সচিবালয় সেৱা সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখনত পদক জয়ী সকলক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে নিজৰ ভাষণত ব্যস্ততাৰ মাজতো বিষয়া কৰ্মচাৰী সকলে…
মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খাদানত মৃত্যুৰ কিৰিলি : শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত মহকুমাধিপতিক তদন্তৰ নিৰ্দেশ উপায়ুক্তৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : মাত্ৰ কেইটামান টকাৰ মোহত মাৰ্ঘেৰিটাৰ চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা দৰিদ্ৰ শ্ৰমিকৰ ইটোৰ পাছত সিটো মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত্যুৰ কিৰিলিয়ে কঁপাই থকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰত ২৭ জুলাইৰ নিশা চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত অবৈধ খনন চলাবলৈ গৈ খাদানৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে এজন নিহত হোৱা ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিক তদন্তৰ…
তিনিচুকীয়াত পুনৰ জব্দ চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ : তেলচুৰিৰ মাষ্টৰমাইণ্ড পৰিবনে আৰক্ষীৰ জালত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : অইলৰ খাৰুৱা তেল পৰিবাহী পাইপলাইন ফুটাই টেপিং পইণ্ট লগাই বেলেগ পাইপ সংলগ্ন কৰি তেল চুৰি কৰি থকাৰ সময়তে আজি পুৱতি নিশা পুনৰ তিনিচুকীয়া আৰক্ষীয়ে এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে মাকুমৰ লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত ৰবৰবাৰী অঞ্চলত অইলৰ পাইপলাইনৰ পৰা তেল চুৰি কৰি থকাৰ সময়তে তহলদাৰী লাংকাচি আৰক্ষীয়ে এ এছ ০১ বি চি ৫৪২৫ নম্বৰৰ টেংকাৰখন জব্দ কৰে । অৱশ্যে এই চুৰি কাৰ্য্যৰ লগত জড়িত ব্যক্তিসকলে পলায়ন কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে অইলৰ…
বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী ভাষাত শিক্ষা – চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অসম সাহিত্য সভা
শতাব্দ প্ৰতিনিধি তেজপুৰ তেজপুৰ ৩০ জুলাইঃ চৰকাৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আৰু বিশেষকৈ অসমৰ শিক্ষাৰ্থীয়ে ইংৰাজী শিক্ষাত অধিক গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটি ইংৰাজী ভাষাৰ দ্বাৰা পঢ়ুৱাব খোজা সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে অসম সাহিত্য সভা। এই সন্দৰ্ভত তেজপুৰত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, শিশুৰ মনোজগতত তাৎক্ষণিক ভাবে প্ৰভাৱ বিস্তাৰ কৰিব পৰা আৰু যিকোনো শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্ৰত শীঘ্ৰেই আয়ত্ব কৰিব পৰাই নহয় সকলো দিশৰে…
হিন্দু পৰিচয়ৰে কামাখ্যাত বিবাহ কৰি পত্নীক প্ৰতাৰণা: গ্ৰেপ্তাৰ তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০জুলাই: নিজকে হিন্দু বুলি পৰিচয় দি তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ নামৰ এজন লোকে বিশ্বনাথৰ এগৰাকী মহিলাক পলুৱাই আনি কামাখ্যাত হিন্দু নিয়ম অনুসৰি বিয়া পাতি মহিলা গৰাকীৰ হাতত থকা সাতলাখ টকা আত্মসাৎ কৰে। বৰ্তমান স্বামীৰ প্ৰকৃত পৰিচয় ওলোৱাৰ পাছতে মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰা আব্দুলৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে আজি তেজপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে,কৰ্মসূত্ৰে বিশ্বনাথত থকাৰ সময়তে ইতিমধ্যে প্ৰথম স্বামীৰ বিয়োগ ঘটা মহিলাগৰাকীৰে…
আহোম জাতিক অপমান :আহোম সভাই দিলে ২৪ ঘন্টাৰ সময়
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত ওলোৱা সমদলত 'আহোম জাতি মুৰ্দাবাদ' ধ্বনি দিয়াৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিসমূহৰ সহযোগত চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত আঙুৰলতা ডেকাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে । অভিযোগ অনুসৰি কালি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ হৈ বাহিৰ কৰা সমদলত 'আহোম জাতি মুৰ্দাবাদ' ধ্বনি দিয়া হৈছিল । টাইপাৰ কৰ্মীসকলে আজিৰ প্ৰতিবাদী…
প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক স্বাৱলম্বী তথা ৰাজ্যত নিয়োজনৰ সুবিধা গঢ়ি তোলাৰ বাবে বেংকৰ ঋণ প্রদান ব্যৱস্থা সৰলীকৰণ কৰাৰ লগতে এই ক্ষেত্ৰত বেংকৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই কেবাটাও বেংক কৰ্তৃপক্ষৰে আজি আলোচনাত মিলিত হয়। আজি পুৱাৰ ভাগত ভাৰতীয় ষ্টেট বেংকৰ অসম চক্ৰৰ দিছপুৰস্থ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বেংকটোৰ অসম চক্ৰৰ মুৰব্বী অৰবিন্দ কুমাৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মন্ত্রী…
বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ আৰু নাই। শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীয়ে আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। নিমোনিয়া ৰোগত আক্ৰান্ত হৈছিল অভিনেতাগৰাকী। ডাঃ বেজবৰুৱা, খোজ, লাচিত বৰফুকন, বহাগৰ দুপৰীয়া, মন মন্দিৰ আদি বহু কেইখন ছবিত তেওঁ অভিনয় কৰিছিল। তেওঁ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। শিৱসাগৰত ১৯৪০ চনত জন্মগ্ৰহণ কৰা সাধন হাজৰিকাই ১৯৭৫ চনত কামৰূপ একাডেমীৰ পৰা…
