Browsing Category

অসম

হিন্দু পৰিচয়ৰে কামাখ্যাত বিবাহ কৰি পত্নীক প্ৰতাৰণা: গ্ৰেপ্তাৰ তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০জুলাই: নিজকে হিন্দু বুলি পৰিচয় দি তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ নামৰ এজন লোকে বিশ্বনাথৰ এগৰাকী মহিলাক পলুৱাই আনি কামাখ্যাত হিন্দু নিয়ম অনুসৰি বিয়া পাতি মহিলা গৰাকীৰ হাতত থকা সাতলাখ টকা আত্মসাৎ কৰে। বৰ্তমান স্বামীৰ প্ৰকৃত পৰিচয় ওলোৱাৰ পাছতে মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰা আব্দুলৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে আজি তেজপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে,কৰ্মসূত্ৰে বিশ্বনাথত থকাৰ সময়তে ইতিমধ্যে প্ৰথম স্বামীৰ বিয়োগ ঘটা মহিলাগৰাকীৰে…

আহোম জাতিক অপমান :আহোম সভাই দিলে ২৪ ঘন্টাৰ সময়

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত ওলোৱা সমদলত 'আহোম জাতি মুৰ্দাবাদ' ধ্বনি দিয়াৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিসমূহৰ সহযোগত চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত আঙুৰলতা ডেকাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে । অভিযোগ অনুসৰি কালি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ হৈ বাহিৰ কৰা সমদলত 'আহোম জাতি মুৰ্দাবাদ' ধ্বনি দিয়া হৈছিল । টাইপাৰ কৰ্মীসকলে আজিৰ প্ৰতিবাদী…

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক স্বাৱলম্বী তথা ৰাজ্যত নিয়োজনৰ সুবিধা গঢ়ি তোলাৰ বাবে বেংকৰ ঋণ প্রদান ব্যৱস্থা সৰলীকৰণ কৰাৰ লগতে এই ক্ষেত্ৰত বেংকৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই কেবাটাও বেংক কৰ্তৃপক্ষৰে আজি আলোচনাত মিলিত হয়। আজি পুৱাৰ ভাগত ভাৰতীয় ষ্টেট বেংকৰ অসম চক্ৰৰ দিছপুৰস্থ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বেংকটোৰ অসম চক্ৰৰ মুৰব্বী অৰবিন্দ কুমাৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মন্ত্রী…

বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ আৰু নাই। শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীয়ে আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। নিমোনিয়া ৰোগত আক্ৰান্ত হৈছিল অভিনেতাগৰাকী। ডাঃ বেজবৰুৱা, খোজ, লাচিত বৰফুকন, বহাগৰ দুপৰীয়া, মন মন্দিৰ আদি বহু কেইখন ছবিত তেওঁ অভিনয় কৰিছিল। তেওঁ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। শিৱসাগৰত ১৯৪০ চনত জন্মগ্ৰহণ কৰা সাধন হাজৰিকাই ১৯৭৫ চনত কামৰূপ একাডেমীৰ পৰা…

মহানগৰীত ধ্বংস কৰা হ’ল ১০০ কোটি টকাৰ জব্দকৃত ড্ৰাগছ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ আজি সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰব্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰব্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰো আৰু গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই দুটাকৈ স্থানত পৃথকে পৃথকে দাহন তথা বিনষ্ট কৰে বৃহৎ সংখ্যক ড্ৰাগছ, কফ চিৰাপ, গাঞ্জা আদিকে ধৰি বহু নিচাযুক্ত দ্ৰব্য। মহানগৰ…

তিনিচুকীয়া ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া জিলাত শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বুজ লোৱাৰ বাবে শেহতীয়াকৈ ইয়াত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দল । তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে সমগ্ৰ জিলাখনতে শিশু সুৰক্ষাৰ স্থিতি সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠকত বৃহস্পতিবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটো মিলিত হয়। বৈঠকৰ আৰম্ভণিতে আয়োগৰ সদস্যদ্বয় ক্ৰমে ড° পিলু হাজৰিকা আৰু অজয় কুমাৰ দত্তক সমাজকল্যাণ বিভাগৰ শিশু সুৰক্ষা সেৱাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বৈঠকত…

শোণিতপুৰত উদ্ধাৰ  মাৰণাস্ত্ৰসহ সাত জাঁই সজীৱ গুলী

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৯জুলাই: আজি  শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত শোণিতপুৰৰ মিছামাৰীৰ নিকটৱৰ্তী বেলশিৰি দৈমালু চেন্টাৰত দুটা অত্যাধুনিক মাৰণাস্ত্ৰ সহ সাঁতজাই গুলী উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । শোণিতপুৰ আতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি পুৱতি নিশা চলা অভিযানত পথৰ দাঁতিৰ এডৰা জংঘলৰ মাজত এটা মোনাত ভৰাই থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হয়। এটা নাইন এম এম পিষ্টলৰ লগতে এটা ৭.৬এম এম পিষ্টলসহ নাইন এম এম ৰ সাতজাঁই গুলী মোনাটোৰ পৰা উদ্ধাৰ কৰা হয়।…

এনকাউণ্টাৰ : ছয় সপ্তাহৰ ভিতৰত চৰকাৰক বিতং শপতনামা দাখিলৰ নিৰ্দেশনা ন্যায়ালয়ৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ প্ৰসংগত আজি হোৱা শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষণে। ইয়াৰ পিছতে যোৱা এটা বছৰত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত বিতং শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ২১ মে’ত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত গৃহ বিভাগে এক শপতনামা প্ৰকাশ কৰিছিল। সেই শপতনামাত উল্লেখ কৰিছিল যে…

তিনিচুকীয়াত ৪৩৯ কৃতবিদ্যক আছুৰ অভিনন্দন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰেই আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে । অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ ড° অচ্যুত বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্য্যসূচীৰ আঁত ধৰে তিনিচুকীয়া জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁয়ে । আছুৰ তিনিচুকীয়া আঞ্চলিকৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত…

গুৱাহাটীত জালনোটসহ জালনোট প্ৰস্তুত কৰা মেচিন জব্দ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন। শুকুৰবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মহানগৰৰীৰ জ্যোতিনগৰত চানমাৰী আৰক্ষীয়ে অভিযান চলায়। এই অভিযানতে জাল নোট প্ৰস্তুত কৰা মেচিন আৰু জাল নোটসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত মহিলা গৰাকী হৈছে ঊষা বৰ্মন (৩৬)। ধৃত মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে জাল নোট প্ৰস্তুত কৰা মেচিন, নগদ ২১,৫০০ টকা জাল নোট আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। ধৃত মহিলা গৰাকী জ্যোতিনগৰৰ আৰীফ হুছেইন নামৰ এজন লোকৰ ঘৰত ভাৰতীয়া হিচাপে আছিল। দীৰ্ঘদিন…