Browsing Category

অসম

মহানগৰীত ধ্বংস কৰা হ’ল ১০০ কোটি টকাৰ জব্দকৃত ড্ৰাগছ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ আজি সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰব্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰব্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰো আৰু গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই দুটাকৈ স্থানত পৃথকে পৃথকে দাহন তথা বিনষ্ট কৰে বৃহৎ সংখ্যক ড্ৰাগছ, কফ চিৰাপ, গাঞ্জা আদিকে ধৰি বহু নিচাযুক্ত দ্ৰব্য। মহানগৰ…

তিনিচুকীয়া ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া জিলাত শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বুজ লোৱাৰ বাবে শেহতীয়াকৈ ইয়াত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দল । তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে সমগ্ৰ জিলাখনতে শিশু সুৰক্ষাৰ স্থিতি সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠকত বৃহস্পতিবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটো মিলিত হয়। বৈঠকৰ আৰম্ভণিতে আয়োগৰ সদস্যদ্বয় ক্ৰমে ড° পিলু হাজৰিকা আৰু অজয় কুমাৰ দত্তক সমাজকল্যাণ বিভাগৰ শিশু সুৰক্ষা সেৱাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বৈঠকত…

শোণিতপুৰত উদ্ধাৰ  মাৰণাস্ত্ৰসহ সাত জাঁই সজীৱ গুলী

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৯জুলাই: আজি  শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত শোণিতপুৰৰ মিছামাৰীৰ নিকটৱৰ্তী বেলশিৰি দৈমালু চেন্টাৰত দুটা অত্যাধুনিক মাৰণাস্ত্ৰ সহ সাঁতজাই গুলী উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । শোণিতপুৰ আতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি পুৱতি নিশা চলা অভিযানত পথৰ দাঁতিৰ এডৰা জংঘলৰ মাজত এটা মোনাত ভৰাই থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হয়। এটা নাইন এম এম পিষ্টলৰ লগতে এটা ৭.৬এম এম পিষ্টলসহ নাইন এম এম ৰ সাতজাঁই গুলী মোনাটোৰ পৰা উদ্ধাৰ কৰা হয়।…

এনকাউণ্টাৰ : ছয় সপ্তাহৰ ভিতৰত চৰকাৰক বিতং শপতনামা দাখিলৰ নিৰ্দেশনা ন্যায়ালয়ৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ প্ৰসংগত আজি হোৱা শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষণে। ইয়াৰ পিছতে যোৱা এটা বছৰত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত বিতং শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ২১ মে’ত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত গৃহ বিভাগে এক শপতনামা প্ৰকাশ কৰিছিল। সেই শপতনামাত উল্লেখ কৰিছিল যে…

তিনিচুকীয়াত ৪৩৯ কৃতবিদ্যক আছুৰ অভিনন্দন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰেই আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে । অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ ড° অচ্যুত বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্য্যসূচীৰ আঁত ধৰে তিনিচুকীয়া জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁয়ে । আছুৰ তিনিচুকীয়া আঞ্চলিকৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত…

গুৱাহাটীত জালনোটসহ জালনোট প্ৰস্তুত কৰা মেচিন জব্দ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন। শুকুৰবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মহানগৰৰীৰ জ্যোতিনগৰত চানমাৰী আৰক্ষীয়ে অভিযান চলায়। এই অভিযানতে জাল নোট প্ৰস্তুত কৰা মেচিন আৰু জাল নোটসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত মহিলা গৰাকী হৈছে ঊষা বৰ্মন (৩৬)। ধৃত মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে জাল নোট প্ৰস্তুত কৰা মেচিন, নগদ ২১,৫০০ টকা জাল নোট আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। ধৃত মহিলা গৰাকী জ্যোতিনগৰৰ আৰীফ হুছেইন নামৰ এজন লোকৰ ঘৰত ভাৰতীয়া হিচাপে আছিল। দীৰ্ঘদিন…

ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

গুৱাহাটীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ'ব। কেন্দ্ৰৰ যোগেদি বেংকলৈ নোযোৱাকৈ জীৱন প্ৰমান পত্র দিব পৰা যাব। ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণৰূপে পেপাৰমুক্ত হৈ পৰিব। সকলো কাম অনলাইন ব্যৱস্থাৰে হ'ব। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস…

এমাহৰ বিদ্যুৎ মাছুল ৩০০০ কোটিৰো অধিকঃ চিকিৎসালয়ত গৃহস্থ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : বিদ্যুৎ বিভাগৰ খেলিমেলিৰ বাবে আমাৰ বিদ্যুতৰ বিল কেতিয়াবা ভুল হয়। কিন্তু এমাহৰ বাকী থকা বিল ৩ হাজাৰ কোটি! কেৱল সেয়াই নহয়, বিলৰ এই পৰিমাণ দেখি অসুস্থ হৈ পৰিল গৃহস্থ। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ শিৱ বিহাৰ কলনী অঞ্চলৰ এটা পৰিয়ালৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। প্ৰিয়ংকা গুপ্তাৰ নামত আহিছিল বিলখন। কিছুদিন পূৰ্বে তেওঁলোকে জুলাই মাহৰ বিদ্যুতৰ বিল লাভ কৰিছিল। দেখা যায় যে বাকী থকা বিলৰ পৰিমাণ হৈছে ৩৪১৯ কোটি। এই বিশাল বিলখন দেখি অসুস্থ হৈ পৰিল প্ৰিয়ংকা গুপ্তা। এই বিষয়ে প্ৰিয়ংকাৰ স্বামী সঞ্জীৱে…

অসমত এন আৰ চিৰ নতুন সমন্বয়ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিছে। এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক। হিতেশ দেৱশৰ্মাৰ ঠাই ল'ব পাৰ্থ প্ৰতিম মজুমদাৰে। অহা ৩১ জুলাইত সেৱাৰ পৰা অৱসৰ ল’ব হিতেশ দেৱশৰ্মাই। বৰ্তমান মজুমদাৰ সমবায় সমিতিৰ পঞ্জীয়ক আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ সচিব হিচাপে কৰ্মৰত। অসম চৰকাৰৰ এক অধিসূচনাত জনোৱা হৈছে যে পাৰ্থ প্ৰতিম মজুমদাৰক সচিব হিচাপে গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগতে এন আৰ চিৰ ৰাজ্যিক…

তেজপুৰত দুই কোটি টকীয়া পথ নিৰ্মাণৰ পাছতে চপৰা চপৰে এৰিছে পথ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: তেজপুৰত ২ কোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰাচপৰে এৰি যোৱাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত তেজপুৰৰ ডেকাৰগাঁৱত এম আৰ এল ০৯ এন এইচ ৫২ ৰ পকা পুঠিখাটিলৈ এই পথটো নিৰ্মাণৰ কাম চলি আছে। এ এছ ২২-৬৭৮ পেকেজৰ তথা ৫.৫৮০কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজ আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। ৰাজ্যিক পথ তেজপুৰ চতিয়া আৰু ৰঙাপৰা সংমণ্ডলৰ তদাৰকত আৰু ঠিকাদাৰ জহিৰুল…