Browsing Category
অসম
ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই। কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমৰ হ'ব। কেবিনেটত শিক্ষা বিভাগৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মাতৃভাষাতে বিদ্যালয় থাকিব যদিও গণিত আৰু বিজ্ঞান বিষয়…
অৰুণাচলত নিৰুদ্দেশ হোৱা অসমৰ শ্ৰমিক সন্দৰ্ভত নেমছুৰ গুৰুতৰ অভিযোগ: চিবিআইৰ তদন্তৰ দাবী
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাত নিৰুদ্দিষ্ট অসমৰ কোকৰাঝাৰ, বাক্সা আৰু বৰপেটাৰ ১৯ জনকৈ শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলাৰ বাবেহে তেওঁলোকে ঘৰলৈ আহিবলৈ বিচাৰিছিল বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আনকি উত্তৰ পূৰ্বাঞ্চলৰ এক সংখ্যালঘু ছাত্ৰ সংগঠন নেমছুৱে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পাছতহে নিৰুদ্দিষ্ট শ্ৰমিকসলক উদ্ধাৰৰ বাবে অভিযান তীব্রতৰ কৰি তুলিছিল বুলি আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত দাবী কৰে নেমছুৰ…
লখিমপুৰত দেশভক্তি দিৱস পালন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাই: লখিমপুৰ জিলা প্ৰশাসনৰ সৌজন্যত তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি লখিমপুৰ জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ত উদযাপন কৰা হয় ৮৩ সংখ্যাক দেশভক্তি দিৱস । আজিৰ দেশভক্তি দিৱসৰ কাৰ্য্যসূচী জিলা উন্নয়ন বিষয়া মনোজ কুমাৰ বৰুৱাই উদ্বোধন কৰে । জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াই আঁত ধৰা সভাখনত তৰুণৰাম ফুকনৰ জীবনাদৰ্শৰ ওপৰত আলোকপাত কৰি বক্তাসকলে উত্তৰ প্ৰজন্মৰ বাবে অধিক প্ৰচাৰ-প্ৰসাৰৰ আহ্বন জনায়। এই কাৰ্য্যসূচীত সংবাদকর্মী, জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি বিভিন্ন সংগঠন উপস্থিত থাকে । উল্লেখ্য…
গৃহহীন খিলঞ্জীয়াক দিবলৈ নাই মাটি : পুঁজিপতি লাহতীৰ বেদখলত বিঘাই বিঘাই ভূমি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুলাই : সমস্যাজৰ্জৰ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত গৰজি উঠিছে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘ । জানিব পৰা মতে অনন্ত নলাৰ ভয়াৱহ বান আৰু খহনীয়াত ১৯৯২ চনৰ পৰা এতিয়ালৈকে কৰদৈগুৰি অঞ্চল অৰ্ধশতাধিক ৰাজহ গাঁও জাহ যোৱাৰ পাছতো পিছতো ৰাজ্য চৰকাৰে এই বিষয়ত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আছে । সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি ৰহেন্দ্ৰ মৰাণে ক্ষোভেৰে কয় যে খিলঞ্জীয়াৰ কথা চিন্তা কৰিবলৈ জাতি, মাটি, ভেটিৰ কথা কোৱা এইখন চৰকাৰৰ সময় নাই । কেৱল পুঁজিপতি…
লখিমপুৰত আছুৰ অভিনন্দন অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ জুলাই : সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য, বিজ্ঞান শাখাত বিশেষ স্থান পাবলৈ সক্ষম হোৱা আৰু বিশেষ কৃতিত্বৰে উত্তীর্ণ হোৱা ৫৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি লখিমপুৰ জিলা পুথিভঁৰালত অভিনন্দন জনোৱা হয়। এটি সমবেত সংগীতেৰে শুভাৰন্ত হোৱা অভিনন্দন অনুষ্ঠানটি শুভ উদ্বোধন কৰে আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য ধনমণি দত্তই। আছুৰ জিলা সভাপতি সীমান্ত নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভার্থনিত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক…
দা হান্স ফাউণ্ডেচনৰ উদ্যোগত দেশত সম্পন্ন হ’ব ১০ হাজাৰ সামূহিক বিবাহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাইঃ বৈদিক পৰম্পৰা আৰু ৰীতি নীতিৰে বিভিন্ন সময়ত একাংশ স্বেচ্ছাসেৱী সংস্থাই সমুহীয়া বিবাহ তথা সংস্কাৰ নীতিৰে সমাজৰ বহু আর্থিক ভাৱে পিছপৰা দম্পতীক সহায় কৰি আহিছে। তেনে এটা সংস্থা হৈছে দা হান্স ফাউণ্ডেছন। এই সংস্থাই অহা ৩ আগষ্টত উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত একেলগে ৬শ যোৰা দম্পতিৰ বিবাহৰ আয়োজন কৰিছে। বুধবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে লখিমপুৰ জিলাৰ সংস্কাৰ সমিতিৰ কাৰ্যালয় সম্পাদক তপন কুমাৰ বেজবৰুৱা, ড° দিলীপ কুমাৰ ঝা, সম্পাদক ভৱ বুঢ়াগোহাঁই,…
গুৱাহাটীত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষ্যে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যিক ভিত্তিত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্যানত থকা দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি…
সাতদিনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন সাংসদ অজিৎ কুমাৰ ভূঞাক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হ'ল সাংসদ অজিৎ কুমাৰ ভূঞাক। অসম চুক্তিৰ ৬নং দফা আৰু বান সমস্যাৰ প্ৰসংগকলৈ আজি সদনত সৰৱ হৈ পৰে সাংসদ অজিৎ ভূঞাক। যাৰবাবে তেওঁক সদনৰ পৰা নিলম্বন কৰা হয়। তেওঁ কয় যে ৰাজ্যসভাত তেওঁক অসমৰ প্ৰসংগত কথা কোৱা সুযোগ নিদিয়াৰ বাবেই আজি তেওঁ সদনত অসমৰ বান সমস্যা আৰু ৬ নং দফা সন্দৰ্ভত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ কয় যে অসমক বান সাহায্য দিয়াৰ নামত 'ললিপপ' দিয়া কাৰ্য বন্ধ কৰক। লগতে তেওঁ প্ৰধানমন্ত্রীক অসমৰ প্ৰতি কৰা চৰম অবমাননাৰ বাবে সমালোচনা…
জি এম চি এইচত পুনৰ শিশু চুৰিৰ ঘটনা, দুগৰাকী মহিলা গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ শিশু চুৰিৰ ঘটনা সংঘটিত হৈছে। শিশু চুৰিৰ লগত জড়িত থকাৰ অপৰাধত দুগৰাকীকৈ মহিলাক আটক কৰা হৈছে। আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি আছিল। তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। কিন্তু শিশুটি চুৰি কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলায়। গৰ্ভৱতী মহিলাগৰাকীৰ নাম মইনা বৰা আৰু আন দুগৰাকী মহিলাৰ নাম প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি জানিব পৰা গৈছে। সমগ্ৰ…
তেজপুৰত অৰিন্দম নাট্য বিদ্যালয়ৰ শিশু শিক্ষাৰ্থীৰ দ্বাৰা ‘ৰহিলা সুন্দৰীৰ বিয়া’ মঞ্চায়ন
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৭ জুলাই : যোৱা নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কেবাশ দৰ্শকৰ সন্মুখত ১৮ টা শিশুৰ সাবলীল অভিনয়ৰে সফল মঞ্চায়ন হ’ল ‘ৰহিলা সুন্দৰীৰ বিয়া’ নামৰ নটকখন।সুন্দৰ অভিনয়, ৰজা মন্ত্ৰীৰ পৰা অৰণ্যৰ বিভিন্ন জীৱ জন্তুলৈকে শিশুৰ মাজত সুন্দৰ বেশ ভূষাই অভিভূত কৰিলে সকলো শ্ৰেণীৰ দৰ্শকক। উল্লেখ্য যে, ২০২১ ৰ ৩০ নবেম্বৰত তেজপুৰৰ উদীয়মান নাট্যশিল্পী অৰিন্দম কৌশিকৰ সোঁৱৰণত তেজপুৰ মাজগাঁৱত স্থাপিত ‘অৰিন্দম নাট্য বিদ্যালয় ’ তথা ইয়াত যোৱা জানুৱাৰীৰ পৰা নাট্য কলাৰ পাঠদান গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে জাতকৰ সাধু…
