Browsing Category

অসম

গুৱাহাটীত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষ্যে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যিক ভিত্তিত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্যানত থকা দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি…

সাতদিনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন সাংসদ অজিৎ কুমাৰ ভূঞাক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হ'ল সাংসদ অজিৎ কুমাৰ ভূঞাক। অসম চুক্তিৰ ৬নং দফা আৰু বান সমস্যাৰ প্ৰসংগকলৈ আজি সদনত সৰৱ হৈ পৰে সাংসদ অজিৎ ভূঞাক। যাৰবাবে তেওঁক সদনৰ পৰা নিলম্বন কৰা হয়। তেওঁ কয় যে ৰাজ্যসভাত তেওঁক অসমৰ প্ৰসংগত কথা কোৱা সুযোগ নিদিয়াৰ বাবেই আজি তেওঁ সদনত অসমৰ বান সমস্যা আৰু ৬ নং দফা সন্দৰ্ভত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ কয় যে অসমক বান সাহায্য দিয়াৰ নামত 'ললিপপ' দিয়া কাৰ্য বন্ধ কৰক। লগতে তেওঁ প্ৰধানমন্ত্রীক অসমৰ প্ৰতি কৰা চৰম অবমাননাৰ বাবে সমালোচনা…

জি এম চি এইচত পুনৰ শিশু চুৰিৰ ঘটনা, দুগৰাকী মহিলা গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ শিশু চুৰিৰ ঘটনা সংঘটিত হৈছে। শিশু চুৰিৰ লগত জড়িত থকাৰ অপৰাধত দুগৰাকীকৈ মহিলাক আটক কৰা হৈছে। আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি আছিল। তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। কিন্তু শিশুটি চুৰি কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলায়। গৰ্ভৱতী মহিলাগৰাকীৰ নাম মইনা বৰা আৰু আন দুগৰাকী মহিলাৰ নাম প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি জানিব পৰা গৈছে। সমগ্ৰ…

তেজপুৰত অৰিন্দম নাট্য বিদ্যালয়ৰ শিশু শিক্ষাৰ্থীৰ দ্বাৰা ‘ৰহিলা সুন্দৰীৰ বিয়া’ মঞ্চায়ন

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৭ জুলাই : যোৱা নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কেবাশ দৰ্শকৰ সন্মুখত ১৮ টা শিশুৰ সাবলীল অভিনয়ৰে সফল মঞ্চায়ন হ’ল ‘ৰহিলা সুন্দৰীৰ বিয়া’ নামৰ নটকখন।সুন্দৰ অভিনয়, ৰজা মন্ত্ৰীৰ পৰা অৰণ্যৰ বিভিন্ন জীৱ জন্তুলৈকে শিশুৰ মাজত সুন্দৰ বেশ ভূষাই অভিভূত কৰিলে সকলো শ্ৰেণীৰ দৰ্শকক। উল্লেখ্য যে, ২০২১ ৰ ৩০ নবেম্বৰত তেজপুৰৰ উদীয়মান নাট্যশিল্পী অৰিন্দম কৌশিকৰ সোঁৱৰণত তেজপুৰ মাজগাঁৱত স্থাপিত ‘অৰিন্দম নাট্য বিদ্যালয় ’ তথা ইয়াত যোৱা জানুৱাৰীৰ পৰা নাট্য কলাৰ পাঠদান গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে জাতকৰ সাধু…

“নামঘৰীয়া”ৰ স্ৰষ্টা, সাহিত্য অকাদেমী বঁটা প্ৰাপক, নমস্য সাহিত্যিক অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ শোকপ্ৰকাশ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ জুলাইঃ :অসমীয়া ভাষা - সাহিত্যৰ উত্তৰণ আৰু বিকাশৰ অৰ্থে ওৰেটো জীৱন সেৱা আগবঢ়াই অহা ৰাজ্যখনৰ নমস্য সাহিত্যিক, বহু কালজয়ী উপন্যাস, গল্প আৰু মননশীল প্ৰবন্ধকে ধৰি অন্য চিন্তা উদ্ৰেককাৰী লেখাৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তিৰ বতৰাত অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্য ম্ৰীয়মান হৈ পৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এক শোক বাৰ্তাত "নামঘৰীয়া" কে ধৰি অনেক কালজয়ী সৃষ্টিৰ স্ৰষ্টা তথা সাহিত্য অকাদেমী বঁটা প্ৰাপক প্ৰথিতযশা…

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট জব্দ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ জুলাইঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট। জি আৰ পি আৰু আৰ পি এফৰ অভিযানত ৭০০ গ্ৰাম মৰ্ফিন আৰু বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট জব্দ কৰা হৈছে। এই নিচাজাতীয় সামগ্ৰীখিনি উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে। জব্দকৃত সামগ্ৰীখিনিৰ মূল্য ৬০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জনায়। আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত বহুকেইখন ৰে’লত চলিছিল অভিযান। অতি কৌশলেৰে দুটা বেগৰ ভিতৰত সৰবৰাহ কৰি আনিছিল নিচাজাতীয় দ্ৰব্যখিনি। আনহাতে দুটা…

হৰ ঘৰ ত্ৰিৰংগাঃ এইবাৰ খদ্দৰৰ ত্ৰিৰংগাৰ বিপৰীতে ঘৰে ঘৰে উৰিব ‘চিল্ক’ৰ ত্ৰিৰংগা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুলাইঃ  এইবাৰ উদযাপন হ'ব লগা ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এইবাৰ দেশৰ প্রত্যকেজন লোককে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে এনে লোকৰ উপৰি চৰকাৰী বিভিন্ন আঁচনিৰ অনুদান লাভ কৰা প্রত্যেক হিতাধিকাৰীৰ ঘৰে ঘৰে তিনিদিনীয়াকৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিবসটি উদযাপনৰ নিৰ্দেশ দিছে। তাৎপর্যপূর্ণ কথা যে এইবাৰ দেশত প্ৰথমবাৰৰ বাবে ঘৰে ঘৰে উৰিব পূৰ্বৰ খাদী কাপোৰৰ…

গাড্ডাৰি কৰা ছয় বিধায়কৰ নাম লৈ দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি

ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক। হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে ক্ৰছ ভোটিং। কোনে কৰিলে নিজ দলক গাড্ডাৰি। বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইয়াক লৈ চলি আছে তুমুল বিতৰ্ক। তাৰ মাজতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চিনাক্ত কৰিলে ক্ৰছ ভোটিং তথা গাড্ডাৰি কৰা দলৰ ছয় বিধায়কক। এই ছয় বিধায়কৰ তালিকা লৈ আজি দিল্লী অভিমুখে ৰাওনা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি…

অনলাইন যোগে প্ৰথম পৰ্যায়ত ৭,৭১৬ গৰাকী শিক্ষকৰ বদলিকৰণ

অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুটাকৈ এপ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ। দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব। ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেত। নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়। শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’বই। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ প্ৰথম পৰ্যায়ত মাত্ৰ ২ টা দিনতে পৰ্টেলৰ যোগেদি ৭,৭১৬ গৰাকী শিক্ষকৰ বুজাবুজি বদলিকৰণৰ কাম সম্পন্ন কৰিছে শিক্ষা বিভাগে। এই কথা সদৰি কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। আনহাতে দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব…

মডেলিঙৰ জগতত জামুগুৰিহাটৰ ১০ বছৰীয়া ইন্দিৰা শইকীয়াৰ সাফল্য

জামুগুৰিহাট: ২৬ জুলাইঃ এগৰাকী দহ বছৰীয়া ছোৱালী । ছোৱালী গৰাকীৰ নাম ইন্দিৰা শইকীয়া। শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰৰ কনমানি ইন্দিৰাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন কন্যা ইন্দিৰাই পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ মঞ্চত মডেলিং  প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০২২ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা ইন্দিৰা হৈছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰ নিবাসী ৰাজুমনি শইকীয়া আৰু মিতালী বৰ্মণ শইকীয়াৰ কন্য়া তথা টুপীয়া উদয়ন শিক্ষালয়ৰ ছাত্ৰী ।…