Browsing Category
অসম
দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
দৰঙিয়ান-প্ৰাক্তন দৰঙিয়ানৰ গীত-নৃত্যৰে জীপাল হ'ল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহঃ সকলোতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটৰ অংশগ্ৰহণ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬ জুলাই : বহু কেইগৰাকী শিক্ষানুৰাগী তথা দূৰদৃষ্টি সম্পন্ন লোকৰ তৎপৰতাত ১৯৪৫ চনৰ ২৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰ পৰাই মহাবিদ্যালয় প্ৰাংগনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পুৱা অধ্যক্ষ ড° পলাশ মণি শইকীয়া আৰু দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ…
মৰিগাঁৱৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰঃ অসম বাৰ্তাজীৱী সংঘৰ কঠোৰ গৰিহণা
গুৱাহাটী:২৬জুলাই:মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দুগৰাকী সাংবাদিক ক্ৰমে নচিদুৰ ৰহমান আৰু মোস্তাফিজুৰ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা দিছে।সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ আলম লৈ মৈৰাবাৰীৰ থানাৰ আৰক্ষীয়ে প্ৰথমে ফোন যোগে ভাবুকি আৰু তাৰ দুয়োগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দি এক প্ৰেছ বিবৃতিৰ জড়িয়তে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই এই ক্ষেত্ৰত মৰিগাঁও আৰক্ষীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় লগতে এই…
শোণিতপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সাত দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬জুলাই: শোণিতপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত জিলাখনৰ লগতে ওদালগুৰিত বহু সংখ্যক মটৰচাইকেল চুৰি ঘটনাৰে জড়িত মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।গ্ৰেপ্তাৰ হোৱা এই দুধৰ্ষ মটৰচাইকেল চোৰৰ দলটোৱে বিভিন্ন সময়ত চুৰি কৰি বিভিন্নজনক বিক্ৰী কৰা তথা লুকুৱাই ৰখা অৱস্থাত মুঠ নখন মটৰচাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিৰ্দ্দিষ্ট তথ্যৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে চলোৱা এই অভিযানত ওদালগুৰি ৰূপনগৰৰ জিতু দাস, ঢেকিয়াজুলি জৰ্দানপুৰৰ লুকাছ নাৰ্জাৰী, নগাঁও বঢ়মপুৰৰ ৰাজু শইকীয়া, তেজপুৰৰ দিহিঙীয়া কলিতা গাঁৱৰ…
দীঘলীপুখুৰীত কাৰ্গিল বিজয় দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা। তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ’ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ কাৰ্গিল যুদ্ধত…
শিক্ষাৰ্থীৰ বাবে ছেবাই মুকলি কৰিলে দুটাকৈ এপ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ছেবাই আজি মুকলি কৰিলে দুটাকৈ বিশেষ এপ। শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপ দুটাৰ জৰিয়তে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে অনলাইন পাঠগ্ৰহণৰ সুবিধা লাভ কৰিব। মুকলি কৰা এপ দুটাৰ এটা এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে স্প’কেন ইংলীছৰ পাঠদান গ্ৰহণ কৰিব পাৰিব। আনহাতে আন এটা এপত উপলব্ধ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছাৰ লিগেছী ডাটা। এই এপ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তকে ধৰি শিক্ষা বিভাগৰ বহু কেইজন শীৰ্ষ আমোলা, বিষয়া।
ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ জুলাই : ৰাজ্যৰ ভিতৰতে প্ৰথমখন সংগীত বিদ্যালয় হিচাপে ১৯৪০ত তেজপুৰত স্থাপিত তথা বৰ্তমান জ্যোতি কলাকেন্দ্ৰ নামৰে পৰিচিত সংগীত মহাবিদ্যালয়খনৰ কালি সন্ধিয়া অনুষ্ঠিত হৈ যায় বাৰ্ষিক সাংস্কৃতিক সমাৰোহ।উল্লেখযোগ্য যে, দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বহুকেইগৰাকী সংস্কৃতিবান পুৰোধাৰ প্ৰচেষ্টাত স্থাপন হৈছিল ৰাজ্যৰ এইখন প্ৰথমখন সংগীতৰ শিক্ষানুষ্ঠান। জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ উপলক্ষে কালি সন্ধিয়া শিক্ষাৰ্থী সকলৰ দৃষ্টিনন্দন নৃত্য, মনোৰম…
অৱশেষত লখিমপুৰৰ নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ জুলাইঃ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, দল সংগঠনৰ প্ৰতিবাদৰ অন্তত অৱশেষত লখিমপুৰ নগৰৰ নকাড়ী ৰেলৱে ক্ৰঙিত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰশাসনিক অনুমোদন প্ৰদান কৰাত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখনীয় কথা যে লখিমপুৰ নগৰৰ পৰা ৰঙাজান সংযোগী পথটোত নকাড়ীত ৰেলৱে ক্ৰচিঙত এখন অভাৰবীজ বা উৰণীয়া সেতু নির্মাণ নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি এই পথৰ যাত্রী, যানবাহন আৰোহী, ৰোগী, ছাত্র-ছাত্রী, ব্যৱসায়ী, কৰ্মচাৰী আদিয়ে দুর্ভোগ ভুগি আহিছে। অৱশেষত চৰকাৰে উক্ত স্থানত আৰ অ' বি নিৰ্মাণৰ বাবে ২১ জুলাইত…
এইবাৰ বিজুলী মহোৎসৱ : তিনিচুকীয়াত ২৭, ৩০ জুলাইত ৰাজহুৱা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুলাই : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা ২৭ আৰু ৩০ জুলাইত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত বিজুলী মহোৎসৱ উপলক্ষে 'উজ্জ্বল ভাৰত উজ্জ্বল ভবিষ্যৎ' শীর্ষক দুখনকৈ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে । এই ৰাজহুৱা সভাৰ প্ৰথমখন ২৭ জুলাইত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ টিপংপানীত আৰু দ্বিতীয়খন ৩০ জুলাইত শদিয়া বিধানসভা সমষ্টিৰ শংকৰ চাহ বাগিচাত অনুষ্ঠিত হ'ব । প্ৰথমবাৰলৈ আয়োজিত এই বিজুলী মহোৎসৱৰ দুয়োখন ৰাজহুৱা সভাতে স্থানীয় বিধায়কসকলৰ লগতে উপায়ুক্ত নৰসিং পৱাৰ,…
ভাওনা শিল্পী যোগেশ দাসৰ বিয়োগত তেজপুৰত শোক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৪জুলাই: তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী তথা সমাজকৰ্মী, পতীয়াচুবুৰী নিবাসী যোগেশ দাস(৮৬)ৰ আজি পুৱতি নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৬ত জন্ম গ্ৰহণ কৰা দাসে শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰে। উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় ২৭বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা দাস তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী হিচাপে পৰিচিত আছিল।শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজিক নিভাঁজ ৰূপত নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত সদায়েই গুৰুত্ব আৰোপ কৰা দাসে অসংখ্য ভাওনাত সূত্ৰধাৰী নৃত্য প্ৰদৰ্শন কৰাই…
শোণিতপুৰত পুণৰীক্ষণ দল: বানত সৰ্বাধিক ক্ষতি ঢেকিয়াজুলিত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪ জুলাই: উপৰ্যুপৰি দুটাকৈ বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰিছিল। এই প্ৰলয়ংকৰী বানত জিলাখনৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত এলেকা।চৰকাৰী তথ্যত এই কথা প্ৰকাশ পাইছে।ইপিনে বানৰ ফলত গৃহহীন হোৱা সকলক গৃহ নিৰ্মাণৰ বাবে অহা সাত আগষ্টৰ ভিতৰত চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বিপৰীতে ইতিমধ্যে এই সাহায্য প্ৰদানৰ বাবে চৰকাৰী পুণৰীক্ষণ সমিতিয়ে শোণিতপুৰত উপস্থিত হৈ চৰজমিন অধ্যয়ন অব্যাহত…
