Browsing Category
অসম
“নামঘৰীয়া”ৰ স্ৰষ্টা, সাহিত্য অকাদেমী বঁটা প্ৰাপক, নমস্য সাহিত্যিক অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ শোকপ্ৰকাশ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ জুলাইঃ :অসমীয়া ভাষা - সাহিত্যৰ উত্তৰণ আৰু বিকাশৰ অৰ্থে ওৰেটো জীৱন সেৱা আগবঢ়াই অহা ৰাজ্যখনৰ নমস্য সাহিত্যিক, বহু কালজয়ী উপন্যাস, গল্প আৰু মননশীল প্ৰবন্ধকে ধৰি অন্য চিন্তা উদ্ৰেককাৰী লেখাৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তিৰ বতৰাত অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্য ম্ৰীয়মান হৈ পৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এক শোক বাৰ্তাত "নামঘৰীয়া" কে ধৰি অনেক কালজয়ী সৃষ্টিৰ স্ৰষ্টা তথা সাহিত্য অকাদেমী বঁটা প্ৰাপক প্ৰথিতযশা…
গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট জব্দ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ জুলাইঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট। জি আৰ পি আৰু আৰ পি এফৰ অভিযানত ৭০০ গ্ৰাম মৰ্ফিন আৰু বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট জব্দ কৰা হৈছে। এই নিচাজাতীয় সামগ্ৰীখিনি উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে। জব্দকৃত সামগ্ৰীখিনিৰ মূল্য ৬০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জনায়। আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত বহুকেইখন ৰে’লত চলিছিল অভিযান। অতি কৌশলেৰে দুটা বেগৰ ভিতৰত সৰবৰাহ কৰি আনিছিল নিচাজাতীয় দ্ৰব্যখিনি। আনহাতে দুটা…
হৰ ঘৰ ত্ৰিৰংগাঃ এইবাৰ খদ্দৰৰ ত্ৰিৰংগাৰ বিপৰীতে ঘৰে ঘৰে উৰিব ‘চিল্ক’ৰ ত্ৰিৰংগা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুলাইঃ এইবাৰ উদযাপন হ'ব লগা ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এইবাৰ দেশৰ প্রত্যকেজন লোককে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে এনে লোকৰ উপৰি চৰকাৰী বিভিন্ন আঁচনিৰ অনুদান লাভ কৰা প্রত্যেক হিতাধিকাৰীৰ ঘৰে ঘৰে তিনিদিনীয়াকৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিবসটি উদযাপনৰ নিৰ্দেশ দিছে। তাৎপর্যপূর্ণ কথা যে এইবাৰ দেশত প্ৰথমবাৰৰ বাবে ঘৰে ঘৰে উৰিব পূৰ্বৰ খাদী কাপোৰৰ…
গাড্ডাৰি কৰা ছয় বিধায়কৰ নাম লৈ দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি
ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক। হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে ক্ৰছ ভোটিং। কোনে কৰিলে নিজ দলক গাড্ডাৰি। বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইয়াক লৈ চলি আছে তুমুল বিতৰ্ক। তাৰ মাজতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চিনাক্ত কৰিলে ক্ৰছ ভোটিং তথা গাড্ডাৰি কৰা দলৰ ছয় বিধায়কক। এই ছয় বিধায়কৰ তালিকা লৈ আজি দিল্লী অভিমুখে ৰাওনা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি…
অনলাইন যোগে প্ৰথম পৰ্যায়ত ৭,৭১৬ গৰাকী শিক্ষকৰ বদলিকৰণ
অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুটাকৈ এপ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ। দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব। ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেত। নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়। শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’বই।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ প্ৰথম পৰ্যায়ত মাত্ৰ ২ টা দিনতে পৰ্টেলৰ যোগেদি ৭,৭১৬ গৰাকী শিক্ষকৰ বুজাবুজি বদলিকৰণৰ কাম সম্পন্ন কৰিছে শিক্ষা বিভাগে। এই কথা সদৰি কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। আনহাতে দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব…
মডেলিঙৰ জগতত জামুগুৰিহাটৰ ১০ বছৰীয়া ইন্দিৰা শইকীয়াৰ সাফল্য
জামুগুৰিহাট: ২৬ জুলাইঃ এগৰাকী দহ বছৰীয়া ছোৱালী । ছোৱালী গৰাকীৰ নাম ইন্দিৰা শইকীয়া। শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰৰ কনমানি ইন্দিৰাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন কন্যা ইন্দিৰাই পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ মঞ্চত মডেলিং প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০২২ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা ইন্দিৰা হৈছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰ নিবাসী ৰাজুমনি শইকীয়া আৰু মিতালী বৰ্মণ শইকীয়াৰ কন্য়া তথা টুপীয়া উদয়ন শিক্ষালয়ৰ ছাত্ৰী ।…
দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
দৰঙিয়ান-প্ৰাক্তন দৰঙিয়ানৰ গীত-নৃত্যৰে জীপাল হ'ল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহঃ সকলোতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটৰ অংশগ্ৰহণ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬ জুলাই : বহু কেইগৰাকী শিক্ষানুৰাগী তথা দূৰদৃষ্টি সম্পন্ন লোকৰ তৎপৰতাত ১৯৪৫ চনৰ ২৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰ পৰাই মহাবিদ্যালয় প্ৰাংগনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পুৱা অধ্যক্ষ ড° পলাশ মণি শইকীয়া আৰু দৰং মহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ…
মৰিগাঁৱৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰঃ অসম বাৰ্তাজীৱী সংঘৰ কঠোৰ গৰিহণা
গুৱাহাটী:২৬জুলাই:মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দুগৰাকী সাংবাদিক ক্ৰমে নচিদুৰ ৰহমান আৰু মোস্তাফিজুৰ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা দিছে।সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ আলম লৈ মৈৰাবাৰীৰ থানাৰ আৰক্ষীয়ে প্ৰথমে ফোন যোগে ভাবুকি আৰু তাৰ দুয়োগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দি এক প্ৰেছ বিবৃতিৰ জড়িয়তে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই এই ক্ষেত্ৰত মৰিগাঁও আৰক্ষীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় লগতে এই…
শোণিতপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সাত দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬জুলাই: শোণিতপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত জিলাখনৰ লগতে ওদালগুৰিত বহু সংখ্যক মটৰচাইকেল চুৰি ঘটনাৰে জড়িত মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।গ্ৰেপ্তাৰ হোৱা এই দুধৰ্ষ মটৰচাইকেল চোৰৰ দলটোৱে বিভিন্ন সময়ত চুৰি কৰি বিভিন্নজনক বিক্ৰী কৰা তথা লুকুৱাই ৰখা অৱস্থাত মুঠ নখন মটৰচাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিৰ্দ্দিষ্ট তথ্যৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে চলোৱা এই অভিযানত ওদালগুৰি ৰূপনগৰৰ জিতু দাস, ঢেকিয়াজুলি জৰ্দানপুৰৰ লুকাছ নাৰ্জাৰী, নগাঁও বঢ়মপুৰৰ ৰাজু শইকীয়া, তেজপুৰৰ দিহিঙীয়া কলিতা গাঁৱৰ…
দীঘলীপুখুৰীত কাৰ্গিল বিজয় দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা। তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ’ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ কাৰ্গিল যুদ্ধত…
