Browsing Category

অসম

শিক্ষাৰ্থীৰ বাবে ছেবাই মুকলি কৰিলে দুটাকৈ এপ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ ছেবাই আজি মুকলি কৰিলে দুটাকৈ বিশেষ এপ। শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এই এপ দুটাৰ জৰিয়তে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে অনলাইন পাঠগ্ৰহণৰ সুবিধা লাভ কৰিব। মুকলি কৰা এপ দুটাৰ এটা এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে স্প’কেন ইংলীছৰ পাঠদান গ্ৰহণ কৰিব পাৰিব। আনহাতে আন এটা এপত উপলব্ধ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছাৰ লিগেছী ডাটা। এই এপ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তকে ধৰি শিক্ষা বিভাগৰ বহু কেইজন শীৰ্ষ আমোলা, বিষয়া।

ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ জুলাই : ৰাজ্যৰ ভিতৰতে প্ৰথমখন সংগীত বিদ্যালয় হিচাপে ১৯৪০ত তেজপুৰত স্থাপিত তথা বৰ্তমান জ্যোতি কলাকেন্দ্ৰ নামৰে পৰিচিত সংগীত মহাবিদ্যালয়খনৰ কালি সন্ধিয়া অনুষ্ঠিত হৈ যায় বাৰ্ষিক সাংস্কৃতিক সমাৰোহ।উল্লেখযোগ্য যে, দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে বহুকেইগৰাকী সংস্কৃতিবান পুৰোধাৰ প্ৰচেষ্টাত স্থাপন হৈছিল ৰাজ্যৰ এইখন প্ৰথমখন সংগীতৰ শিক্ষানুষ্ঠান। জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ উপলক্ষে কালি সন্ধিয়া শিক্ষাৰ্থী সকলৰ দৃষ্টিনন্দন নৃত্য, মনোৰম…

অৱশেষত লখিমপুৰৰ নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ জুলাইঃ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, দল সংগঠনৰ প্ৰতিবাদৰ অন্তত অৱশেষত লখিমপুৰ নগৰৰ নকাড়ী ৰেলৱে ক্ৰঙিত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰশাসনিক অনুমোদন প্ৰদান কৰাত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখনীয় কথা যে লখিমপুৰ নগৰৰ পৰা ৰঙাজান সংযোগী পথটোত নকাড়ীত ৰেলৱে ক্ৰচিঙত এখন অভাৰবীজ বা উৰণীয়া সেতু নির্মাণ নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি এই পথৰ যাত্রী, যানবাহন আৰোহী, ৰোগী, ছাত্র-ছাত্রী, ব্যৱসায়ী, কৰ্মচাৰী আদিয়ে দুর্ভোগ ভুগি আহিছে। অৱশেষত চৰকাৰে উক্ত স্থানত আৰ অ' বি নিৰ্মাণৰ বাবে ২১ জুলাইত…

এইবাৰ বিজুলী মহোৎসৱ : তিনিচুকীয়াত ২৭, ৩০ জুলাইত ৰাজহুৱা সভা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুলাই : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা ২৭ আৰু ৩০ জুলাইত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত বিজুলী মহোৎসৱ উপলক্ষে 'উজ্জ্বল ভাৰত উজ্জ্বল ভবিষ্যৎ' শীর্ষক দুখনকৈ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে । এই ৰাজহুৱা সভাৰ প্ৰথমখন ২৭ জুলাইত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ টিপংপানীত আৰু দ্বিতীয়খন ৩০ জুলাইত শদিয়া বিধানসভা সমষ্টিৰ শংকৰ চাহ বাগিচাত অনুষ্ঠিত হ'ব । প্ৰথমবাৰলৈ আয়োজিত এই বিজুলী মহোৎসৱৰ দুয়োখন ৰাজহুৱা সভাতে স্থানীয় বিধায়কসকলৰ লগতে উপায়ুক্ত নৰসিং পৱাৰ,…

ভাওনা শিল্পী যোগেশ দাসৰ বিয়োগত তেজপুৰত শোক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৪জুলাই: তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী তথা সমাজকৰ্মী, পতীয়াচুবুৰী নিবাসী যোগেশ দাস(৮৬)ৰ আজি পুৱতি নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৬ত জন্ম গ্ৰহণ কৰা দাসে শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰে। উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় ২৭বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা দাস তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী হিচাপে পৰিচিত আছিল।শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজিক নিভাঁজ ৰূপত নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত সদায়েই গুৰুত্ব আৰোপ কৰা দাসে অসংখ্য ভাওনাত সূত্ৰধাৰী নৃত্য প্ৰদৰ্শন কৰাই…

শোণিতপুৰত পুণৰীক্ষণ দল: বানত সৰ্বাধিক ক্ষতি ঢেকিয়াজুলিত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪ জুলাই: উপৰ্যুপৰি দুটাকৈ বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰিছিল। এই প্ৰলয়ংকৰী বানত জিলাখনৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত এলেকা।চৰকাৰী তথ্যত এই কথা প্ৰকাশ পাইছে।ইপিনে বানৰ ফলত গৃহহীন হোৱা সকলক গৃহ নিৰ্মাণৰ বাবে অহা সাত আগষ্টৰ ভিতৰত চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বিপৰীতে ইতিমধ্যে এই সাহায্য প্ৰদানৰ বাবে চৰকাৰী পুণৰীক্ষণ সমিতিয়ে শোণিতপুৰত উপস্থিত হৈ চৰজমিন অধ্যয়ন অব্যাহত…

চিবিএছইৰ বাণিজ্য আৰু বিজ্ঞান শাখাত তেজপুৰৰ দুই মেধাবী পূৰৱ আৰু পদ্মাক্ষীৰ ৯৯শতাংশৰো অধিক নম্বৰ লাভ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪জুলাই: সদ্য ঘোষিত হোৱা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰস্থিত আৰ্মি পাব্লিক স্কুলৰ ফলাফল অতি আশাব্যঞ্জক হিচাপে পৰিগণিত হৈছে।তেজপুৰৰ শ’লমৰা স্থিত বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে ৯৯শতাংশৰ অধিক নম্বৰ লাভ কৰিছে। আজি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি তেজপুৰ অসামৰিক চিকিৎসালয় পথ নিবাসী অজয় কুমাৰ বাজাজৰ পুত্ৰ পূৰৱ বাজাজে কালি ঘোষিত ফলাফল অনুসৰি বাণিজ্য শাখাত ৯৯.৬০শতাংশ নম্বৰৰে উত্তীৰ্ণ হৈছে। মেধাবী ছাত্ৰজনে মুঠ পাঁচশ নম্বৰৰ ভিতৰত ৪৯৯নম্বৰ লাভ কৰিছে । একেখন বিদ্যালয়ৰে বিজ্ঞান শাখাৰ…

তেজপুৰত ঐতিহ্য সুৰক্ষা সমিতি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 

শতাব্দ প্ৰতিনিধি তেজপুৰ  ২৩ জুলাইঃ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাংস্কৃতিক মাধ্যমৰে একগোট কৰি আকৌ এখন বৰ অসম গঢ়ি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক নিৰবিছিন্ন প্ৰয়াস কৰাৰ মানসেৰে কেইবাটাও আৰ্থ সামাজিক আচঁনিৰ প্ৰস্তাৱ গ্ৰহণ কৰি ঐতিহ্য সুৰক্ষা সমিতি অসমে আজি  ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সেই অনুসৰি, তেজপুৰত ইতিমধ্যে সংস্থাটোৱে নির্ধাৰণ কৰা স্থানত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, নটসূৰ্য ফনী শৰ্ম্মা সাংস্কৃতিক আৰু গৱেষনা…

গভীৰ নলীনাদৰ নামত ব্যাপক  দুৰ্নীতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩জুলাইঃ ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ স্বাৰ্থত ৰূপায়ণ হোৱা পি এম কে এছ ৱাই আঁচনিৰ নামত ঠিকাদাৰে কোটি কোটি টকা লাভ কৰিলে যদিও কৃষকে কিন্তু পথাৰত পানী লাভ নকৰিলে। উল্লেখযোগ্য যে,২০২০ৰ এপ্ৰিল মাহতে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৰূপায়ণ কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন আঁচনি। পি এম কে এছ ৱাই নামৰ এইখন আঁচনি ৰূপায়নৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতি সংঘটিত হয় আৰু ইতিমধ্যে এই আঁচনিৰ ঠিকাৰ বিপৰীতে ঠিকাদাৰে প্ৰায় সম্পূৰ্ণ বিল আদায় কৰিবলৈ সক্ষম হ’ল যদিও আঁচনিসমূহৰ অধিকাংশই বৰ্তমান বিকল হৈ পৰি…

অৰুণাচলত নিহত দুই যুৱকৰ মৃতদেহ আজিহে উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৩জুলাইঃ বন্ধুৰ সতে ১৯জুলাইত অৰুণাচললৈ যোৱা ৰাজ্যৰ  চাৰিজন যু্ৱক শোকাবহ ভাবে দুৰ্ঘটনাত পতিত হৈ নিহত হোৱাৰ পাছত আজি বিয়লি ৫-৪৫তহে ইয়াৰে ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। আজি মৃতদেহ উদ্ধাৰ হোৱা দুই যুৱক হৈছে তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়ো। স্থানীয় আৰক্ষীৰ সহায়ত বমদিলাৰ পৰা অহা এন ডি আৰ এফৰ এটা দলে দিনযোৰা প্ৰচেষ্টাৰ অন্তত দুইজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি চেঁচাৰ পৰা জিৰ’ পইন্টৰ দিশে ১০কিলোমিটাৰ নিলগত এই শোকাৱহ দুৰ্ঘটনাটো…