Browsing Category

অসম

চিবিএছইৰ বাণিজ্য আৰু বিজ্ঞান শাখাত তেজপুৰৰ দুই মেধাবী পূৰৱ আৰু পদ্মাক্ষীৰ ৯৯শতাংশৰো অধিক নম্বৰ লাভ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪জুলাই: সদ্য ঘোষিত হোৱা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰস্থিত আৰ্মি পাব্লিক স্কুলৰ ফলাফল অতি আশাব্যঞ্জক হিচাপে পৰিগণিত হৈছে।তেজপুৰৰ শ’লমৰা স্থিত বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে ৯৯শতাংশৰ অধিক নম্বৰ লাভ কৰিছে। আজি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি তেজপুৰ অসামৰিক চিকিৎসালয় পথ নিবাসী অজয় কুমাৰ বাজাজৰ পুত্ৰ পূৰৱ বাজাজে কালি ঘোষিত ফলাফল অনুসৰি বাণিজ্য শাখাত ৯৯.৬০শতাংশ নম্বৰৰে উত্তীৰ্ণ হৈছে। মেধাবী ছাত্ৰজনে মুঠ পাঁচশ নম্বৰৰ ভিতৰত ৪৯৯নম্বৰ লাভ কৰিছে । একেখন বিদ্যালয়ৰে বিজ্ঞান শাখাৰ…

তেজপুৰত ঐতিহ্য সুৰক্ষা সমিতি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 

শতাব্দ প্ৰতিনিধি তেজপুৰ  ২৩ জুলাইঃ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাংস্কৃতিক মাধ্যমৰে একগোট কৰি আকৌ এখন বৰ অসম গঢ়ি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক নিৰবিছিন্ন প্ৰয়াস কৰাৰ মানসেৰে কেইবাটাও আৰ্থ সামাজিক আচঁনিৰ প্ৰস্তাৱ গ্ৰহণ কৰি ঐতিহ্য সুৰক্ষা সমিতি অসমে আজি  ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সেই অনুসৰি, তেজপুৰত ইতিমধ্যে সংস্থাটোৱে নির্ধাৰণ কৰা স্থানত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, নটসূৰ্য ফনী শৰ্ম্মা সাংস্কৃতিক আৰু গৱেষনা…

গভীৰ নলীনাদৰ নামত ব্যাপক  দুৰ্নীতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩জুলাইঃ ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ স্বাৰ্থত ৰূপায়ণ হোৱা পি এম কে এছ ৱাই আঁচনিৰ নামত ঠিকাদাৰে কোটি কোটি টকা লাভ কৰিলে যদিও কৃষকে কিন্তু পথাৰত পানী লাভ নকৰিলে। উল্লেখযোগ্য যে,২০২০ৰ এপ্ৰিল মাহতে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৰূপায়ণ কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন আঁচনি। পি এম কে এছ ৱাই নামৰ এইখন আঁচনি ৰূপায়নৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতি সংঘটিত হয় আৰু ইতিমধ্যে এই আঁচনিৰ ঠিকাৰ বিপৰীতে ঠিকাদাৰে প্ৰায় সম্পূৰ্ণ বিল আদায় কৰিবলৈ সক্ষম হ’ল যদিও আঁচনিসমূহৰ অধিকাংশই বৰ্তমান বিকল হৈ পৰি…

অৰুণাচলত নিহত দুই যুৱকৰ মৃতদেহ আজিহে উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৩জুলাইঃ বন্ধুৰ সতে ১৯জুলাইত অৰুণাচললৈ যোৱা ৰাজ্যৰ  চাৰিজন যু্ৱক শোকাবহ ভাবে দুৰ্ঘটনাত পতিত হৈ নিহত হোৱাৰ পাছত আজি বিয়লি ৫-৪৫তহে ইয়াৰে ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। আজি মৃতদেহ উদ্ধাৰ হোৱা দুই যুৱক হৈছে তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়ো। স্থানীয় আৰক্ষীৰ সহায়ত বমদিলাৰ পৰা অহা এন ডি আৰ এফৰ এটা দলে দিনযোৰা প্ৰচেষ্টাৰ অন্তত দুইজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি চেঁচাৰ পৰা জিৰ’ পইন্টৰ দিশে ১০কিলোমিটাৰ নিলগত এই শোকাৱহ দুৰ্ঘটনাটো…

চি বি এচ  ইত সাফল্য

শতাব্দ, লখিমপুৰ ২৩ জুলাইঃ সদ্য ঘোষিত চি বি এচ ই ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয়  বিদ্যালয়ৰ ছাত্ৰ বৰ্ণভ শ্যাম কলিতাই ৯৭শতাংশ নম্বৰ লাভ কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । মেধাবী ছাত্ৰ জনে বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৯, ইংৰাজীত ৯৬ হিন্দীত ৯৭, অংকত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ যে তেওঁ কোনো ব্যক্তিগত শিক্ষকৰ সহায় লোৱা নাছিল । বৰ্ণভ লখিপুৰৰ কে বি ৰোডৰ নিবাসী নিবাসী ৰাতুল কলিতা আৰু ৰংৰেখা দত্তৰ পুত্ৰ ।

ৰাজ্যিক পৰিবহন নিগমৰ অনলাইন টিকট সেৱা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : অসম ৰাজ্যিক পৰিবহণ নিগমে বাছ সেৱাৰ বাবে অনলাইন টিকট সেৱা আৰম্ভ কৰিছে। এই বিষয়ে আজি ২৩ জুলাই শনিবাৰে অৱগত কৰে অসম পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসে। প্ৰথমে কামৰূপ-মেট্ৰ’ আৰু শোণিতপুৰ জিলাত অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (AMTRON)ৰ সহযোগত এই সেৱা আৰম্ভ কৰা হৈছে। নগাঁও হৈ গুৱাহাটীৰ পৰা তেজপুৰলৈ যোৱা পথটো সামৰি লোৱা এটা পাইলট প্ৰজেক্টৰ অংশ হিচাপে এই চফটৱেৰটো ডিজাইন কৰা হৈছে। পৰৱৰ্তী সময়ত এই ব্যৱস্থাৰ অধীনত অসমৰ অন্যান্য পথসমূহো সংযোজন কৰা হ’ব। যাত্ৰীসকলে…

শোণিতপুৰত কভিডত এজনৰ মৃত্যু 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২২জুলাইঃ শোণিতপুৰ জিলাখনত কভিডৰ সংক্রমণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। জিলাখনত আজি কভিডত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনত আজি আন বহুকেইজন লোক কভিডত আক্রান্ত হৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ল হাস্পতালত মৃত্যু হোৱা লোক জন ঢেকিয়াজুলি ৰাক্ষশমাৰীৰ ছিদ্দিক ৰহমান (৮০) বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।ইফালে আজি জিলাখনৰ বিভিন্ন স্থানত কভিড পৰিক্ষা কৰাত ৩২ জন লোকৰ দে‍হত কভিডৰ অৱস্থিতি ধৰা পৰিছে।

তেজপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২জুলাইঃ “বিজেপি নেতৃত্বাধীন চৰকাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপেই ইডি নামৰ সংস্থাটোক ব্যৱহাৰ কৰিছে। বিজেপিয়ে কংগ্ৰেছকলৈ শংকিত হৈ থকাৰ বাবেই এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে।” তেজপুৰত আজি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উল্লেখযোগ্য যে,আজি মূল্য বৃদ্ধি ৰোধৰ দাবীত আৰু অনুসন্ধানকাৰী এজেঞ্চি ই ডি য়ে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক কৰা জেৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি কংগ্ৰেছে তেজপুৰত ৰূপায়ণ কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। আজি…

দৃষ্টিনন্দন নৃত্যৰে মুখৰিত তেজপুৰৰ মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ জুলাইঃ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ে গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যোৱা ৮ জুলাই  পৰা মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চত খোল বাদন, জ্যোতি সংগীত, বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত যি নৃত্য কৰ্মশালাৰ আয়োজন কৰিছিল সেই কৰ্মশালাৰ কালি  দৃষ্টিনন্দন অনুষ্ঠানেৰে সামৰণি পৰে। উল্লেখ্য যে, সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা, দক্ষ নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ বিশেষ তৎপৰতাত সৰ্বমুঠ ৪৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে…

লখিমপুৰ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

শতাব্দ, লখিমপুৰ, ২২ জুলাইঃ সর্বভাৰতীয় কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধীক ই ডি‍য়ে জেৰা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰ জিলা কংগ্ৰেছ আৰু লখিমপুৰ জিলা যুব কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে‍ হাতে হাতে প্লেকার্ড লৈ লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত বিজেপি অপশাসন আৰু ইডিৰ কার্যত তীব্ৰ বিৰোধিতা কৰি ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে আদালতে ছোনীয়া গান্ধীক ক্লিন শ্বিট দিয়াৰ পিছতো ইডিয়ে কংগ্ৰেছ নেত্রী গৰাকীক জেৰা কৰাত কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত হৈ পৰাৰ লগতে আজি জিলা কংগ্ৰেছ…