Browsing Category
অসম
চি বি এচ ইত সাফল্য
শতাব্দ, লখিমপুৰ ২৩ জুলাইঃ সদ্য ঘোষিত চি বি এচ ই ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ বৰ্ণভ শ্যাম কলিতাই ৯৭শতাংশ নম্বৰ লাভ কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । মেধাবী ছাত্ৰ জনে বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৯, ইংৰাজীত ৯৬ হিন্দীত ৯৭, অংকত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ যে তেওঁ কোনো ব্যক্তিগত শিক্ষকৰ সহায় লোৱা নাছিল । বৰ্ণভ লখিপুৰৰ কে বি ৰোডৰ নিবাসী নিবাসী ৰাতুল কলিতা আৰু ৰংৰেখা দত্তৰ পুত্ৰ ।
ৰাজ্যিক পৰিবহন নিগমৰ অনলাইন টিকট সেৱা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুলাই : অসম ৰাজ্যিক পৰিবহণ নিগমে বাছ সেৱাৰ বাবে অনলাইন টিকট সেৱা আৰম্ভ কৰিছে। এই বিষয়ে আজি ২৩ জুলাই শনিবাৰে অৱগত কৰে অসম পৰিবহন নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্ৰ দাসে। প্ৰথমে কামৰূপ-মেট্ৰ’ আৰু শোণিতপুৰ জিলাত অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (AMTRON)ৰ সহযোগত এই সেৱা আৰম্ভ কৰা হৈছে। নগাঁও হৈ গুৱাহাটীৰ পৰা তেজপুৰলৈ যোৱা পথটো সামৰি লোৱা এটা পাইলট প্ৰজেক্টৰ অংশ হিচাপে এই চফটৱেৰটো ডিজাইন কৰা হৈছে। পৰৱৰ্তী সময়ত এই ব্যৱস্থাৰ অধীনত অসমৰ অন্যান্য পথসমূহো সংযোজন কৰা হ’ব। যাত্ৰীসকলে…
শোণিতপুৰত কভিডত এজনৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২২জুলাইঃ শোণিতপুৰ জিলাখনত কভিডৰ সংক্রমণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। জিলাখনত আজি কভিডত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনত আজি আন বহুকেইজন লোক কভিডত আক্রান্ত হৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ল হাস্পতালত মৃত্যু হোৱা লোক জন ঢেকিয়াজুলি ৰাক্ষশমাৰীৰ ছিদ্দিক ৰহমান (৮০) বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।ইফালে আজি জিলাখনৰ বিভিন্ন স্থানত কভিড পৰিক্ষা কৰাত ৩২ জন লোকৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰিছে।
তেজপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২জুলাইঃ “বিজেপি নেতৃত্বাধীন চৰকাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপেই ইডি নামৰ সংস্থাটোক ব্যৱহাৰ কৰিছে। বিজেপিয়ে কংগ্ৰেছকলৈ শংকিত হৈ থকাৰ বাবেই এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে।” তেজপুৰত আজি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উল্লেখযোগ্য যে,আজি মূল্য বৃদ্ধি ৰোধৰ দাবীত আৰু অনুসন্ধানকাৰী এজেঞ্চি ই ডি য়ে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক কৰা জেৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি কংগ্ৰেছে তেজপুৰত ৰূপায়ণ কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। আজি…
দৃষ্টিনন্দন নৃত্যৰে মুখৰিত তেজপুৰৰ মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ জুলাইঃ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ে গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি যোৱা ৮ জুলাই পৰা মাজগাঁও জাতীয় শ্বহীদ বাকৰিৰ বিহু মঞ্চত খোল বাদন, জ্যোতি সংগীত, বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত যি নৃত্য কৰ্মশালাৰ আয়োজন কৰিছিল সেই কৰ্মশালাৰ কালি দৃষ্টিনন্দন অনুষ্ঠানেৰে সামৰণি পৰে। উল্লেখ্য যে, সৃজনী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা, দক্ষ নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ বিশেষ তৎপৰতাত সৰ্বমুঠ ৪৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে…
লখিমপুৰ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
শতাব্দ, লখিমপুৰ, ২২ জুলাইঃ সর্বভাৰতীয় কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধীক ই ডিয়ে জেৰা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰ জিলা কংগ্ৰেছ আৰু লখিমপুৰ জিলা যুব কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকার্ড লৈ লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত বিজেপি অপশাসন আৰু ইডিৰ কার্যত তীব্ৰ বিৰোধিতা কৰি ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে আদালতে ছোনীয়া গান্ধীক ক্লিন শ্বিট দিয়াৰ পিছতো ইডিয়ে কংগ্ৰেছ নেত্রী গৰাকীক জেৰা কৰাত কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত হৈ পৰাৰ লগতে আজি জিলা কংগ্ৰেছ…
লখিমপুৰত যাত্রীবাহী বাছৰ পৰা অবৈধ পার্কিং মাছুল সংগ্ৰহ দালালৰ
শতাব্দ লখিমপুৰ, ২২ জুলাইঃ বিগত কিছু দিনৰ পৰা উত্তৰ লখিমপুৰ নগৰত একাংশ দালালে অবৈধ ভাবে যাত্রীবাহী বাহনৰ পৰা যধে-মধে মাচুল সংগ্ৰহ কৰি অহাৰ পিছতো এই ক্ষেত্ৰত সংশ্লিষ্ট পৌৰ প্রশাসন অথবা আৰক্ষীয়ে নজৰ নিদিয়াতো গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিশেষকৈ পাঞ্জাব হোটেলৰ আশে পাশে তথা উত্তৰ লখিমপুৰ মুখ্য ডাকঘৰৰ সন্মুখৰ লগতে জিলা পৰিষদৰ সন্মুখত বিভিন্ন যাত্রীবাহী বাহনৰ পৰা বীৰেণ নামৰ এজন দালালে অবৈধ ভাবে পার্কিং মাছুল সংগ্ৰহ কৰি উপগ্ৰহ কৰি আহিছে। উত্তৰ লখিমপুৰ পৌৰসভাৰ অনুমতি অবিহনেই আৰক্ষীৰ সন্মুখতে এইজন…
৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুলাইঃ আজি ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই সমাৰোহত বিভিন্ন শিতান আৰু বিভিন্ন ভাষাৰ বাবে শ্ৰেষ্ঠ সন্মান ঘোষণা কৰা হয়। আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও আহিল কেইবাটাও বঁটা। এই বঁটা ঘোষণা কৰাৰ লগে লগে উচাহৰ ঢল নামিছে অসমৰ চলচিত্ৰ জগতলৈ। অসমৰ কেইবাখনো ছবিয়ে কঢ়িয়াই আনে সন্মান। কৃপাল কলিতাৰ পৰিচালিত ‘ব্রীজ’ ছবিখনৰ আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি হিচাপে লাভ কৰে ৰজত কমল বঁটা। আনহাতে আইমী বৰুৱাৰ পৰিচালিত ‘ছেমখৰ’-এ লাভ কৰে দুটাকৈ বঁটা। আইমী বৰুৱাৰ…
জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট ২২ জুলাইঃ জামুগুৰিহাটৰ সমীপৱৰ্তী তথা চতিয়া সমষ্টিৰ অন্তৰ্গত চমাৰদলনীস্থিত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বত অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ "সেউজী সেউজী সেউজী অ' সেউজী ধৰণী ধুনীয়া" এই বানীক উদ্দেশ্য কৰি আজি দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মাই কয় যে - "গছ থাকিলেহে মানুহ থাকিব। গতিকে আজিৰ পৰাই সকলোৱে ঘৰত এজোপা গছপুলি ৰোপন কৰি…
পূৰ্বৰ তুলনাত স্বাস্থ্য যথেষ্ট উন্নত হৈছে জুবিন গাৰ্গৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। এই কথা জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই। আজি এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জনাই যে বুধবাৰৰ তুলনাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আছে। বুধবাৰে ছডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল যদিও আজি যথেষ্ট উন্নত হৈছে। নিশা খোৱা-লোৱা কৰাৰ পাছত জুবিন গাৰ্গৰ ভালদৰে শুইছে বুলি কৰ্তৃপক্ষই জনায়। ইতিমধ্যে তেজ পৰীক্ষাবোৰৰ…
