Browsing Category

অসম

লখিমপুৰত যাত্রীবাহী বাছৰ পৰা অবৈধ পার্কিং মাছুল সংগ্ৰহ দালালৰ

শতাব্দ লখিমপুৰ, ২২ জুলাইঃ বিগত কিছু দিনৰ পৰা উত্তৰ লখিমপুৰ নগৰত একাংশ দালালে অবৈধ ভাবে যাত্রীবাহী বাহনৰ পৰা যধে-মধে মাচুল সংগ্ৰহ কৰি অহাৰ পিছতো এই ক্ষেত্ৰত সংশ্লিষ্ট পৌৰ প্রশাসন অথবা আৰক্ষীয়ে নজৰ নিদিয়াতো গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিশেষকৈ পাঞ্জাব হোটেলৰ আশে পাশে তথা উত্তৰ লখিমপুৰ মুখ্য ডাকঘৰৰ সন্মুখৰ লগতে জিলা পৰিষদৰ সন্মুখত বিভিন্ন যাত্রীবাহী বাহনৰ পৰা বীৰেণ নামৰ এজন দালালে অবৈধ ভাবে পার্কিং মাছুল সংগ্ৰহ কৰি উপগ্ৰহ কৰি আহিছে। উত্তৰ লখিমপুৰ পৌৰসভাৰ অনুমতি অবিহনেই আৰক্ষীৰ সন্মুখতে এইজন…

৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুলাইঃ আজি ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই সমাৰোহত বিভিন্ন শিতান আৰু বিভিন্ন ভাষাৰ বাবে শ্ৰেষ্ঠ সন্মান ঘোষণা কৰা হয়। আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও আহিল কেইবাটাও বঁটা। এই বঁটা ঘোষণা কৰাৰ লগে লগে উচাহৰ ঢল নামিছে অসমৰ চলচিত্ৰ জগতলৈ। অসমৰ কেইবাখনো ছবিয়ে কঢ়িয়াই আনে সন্মান। কৃপাল কলিতাৰ পৰিচালিত ‘ব্রীজ’ ছবিখনৰ আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি হিচাপে লাভ কৰে ৰজত কমল বঁটা। আনহাতে আইমী বৰুৱাৰ পৰিচালিত ‘ছেমখৰ’-এ লাভ কৰে দুটাকৈ বঁটা। আইমী বৰুৱাৰ…

জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট ২২ জুলাইঃ জামুগুৰিহাটৰ সমীপৱৰ্তী তথা চতিয়া সমষ্টিৰ অন্তৰ্গত চমাৰদলনীস্থিত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বত অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ "সেউজী সেউজী সেউজী অ' সেউজী ধৰণী ধুনীয়া" এই বানীক উদ্দেশ্য কৰি আজি দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মাই কয় যে - "গছ থাকিলেহে মানুহ থাকিব। গতিকে আজিৰ পৰাই সকলোৱে ঘৰত এজোপা গছপুলি ৰোপন কৰি…

পূৰ্বৰ তুলনাত স্বাস্থ্য যথেষ্ট উন্নত হৈছে জুবিন গাৰ্গৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অসুস্থতাৰ বাবে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। এই কথা জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই। আজি এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জনাই যে বুধবাৰৰ তুলনাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আছে। বুধবাৰে ছডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল যদিও আজি যথেষ্ট উন্নত হৈছে। নিশা খোৱা-লোৱা কৰাৰ পাছত জুবিন গাৰ্গৰ ভালদৰে শুইছে বুলি কৰ্তৃপক্ষই জনায়। ইতিমধ্যে তেজ পৰীক্ষাবোৰৰ…

ৰাজ্য ভিতৰতে প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজিত প্ৰণালীৱদ্ধ আঁতধৰা কৰ্মশালাখনি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ জুলাইঃ একবিংশ শতিকাৰ এই প্ৰতিযোগিতামূলক জগতখনত উপলব্ধ বিভিন্ন বিষয়ক শিক্ষা গ্ৰহণৰ জৰিয়তে যুৱক-যুৱতীসকলে সংস্থাপনৰ পথ মুকলিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এনে প্ৰেক্ষাপটৰ মাজতে বিভিন্ন চৰকাৰী- বেচৰকাৰী অনুষ্ঠান আৰু প্ৰতিষ্ঠানত দক্ষ আঁত ধৰা অৰ্থাৎ এংকৰিঙ কৰা ব্যক্তিৰ  প্ৰাধান্য ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত  বিভিন্ন তথ্য- জ্ঞান, বুদ্ধিমত্তা আৰু শ্ৰুতিমধুৰ কথনশৈলী গুণৰ অধিকাৰীসকলে আঁত ধৰা কাৰ্য সম্পাদনক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ পথ সুগম  হৈছে । অনাগত দিনত একো গৰাকী দক্ষ আঁত ধৰোঁতাই এই…

তেজপুৰত ৯ কিলোগ্ৰাম গাঞ্জা সহ ওদালগুৰিৰ দুই যুৱকক আটক

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২১জুলাইঃ আজি দুপৰীয়া তেজপুৰৰ বটামাৰিত ৯ কিলোগ্ৰাম গাঞ্জাসহ দুই যুৱকক স্থানীয় ৰাইজে কৰায়ত্ত কৰি বৰঘাট আৰক্ষীক গতাই দিয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বটামাৰীত সন্দেহজনক ভাবে ঘূৰি ফুৰিছিল যুৱক দুজন। ৰাইজে সন্দেহ বশতঃ দুয়োকে সোধপোছ কৰাত তেওঁলোকে অঞ্চলটোৰে জনৈক জয়ধৰ নামৰ এজন লোকক এই গাঞ্জা দিবলৈ অহা বুলি প্ৰকাশ কৰে।লগে লগে ৰাইজে দুয়োকে কৰায়ত্ত কৰি লপাথপা দিয়াৰ লগতে তেওঁলোকৰ লগত থকা গাঞ্জাসহ বৰঘাট আৰক্ষীক গতাই দিয়ে। যুৱক দুজনক ওদালগুৰিৰ গজেন নাৰ্জাৰী আৰু দীপাঞ্জন ব্ৰহ্ম বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে…

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অৱশেষত কাৰাগাৰৰ বন্ধ কোঠালিৰ পৰা মুকলি আকাশলৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আৱেদন মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। আদালতৰ নিৰ্দেশনাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই সকলো যাৱতীয় কাম সম্পন্ন কৰাৰ পিছত বৃহস্পতিবাৰে নাইবা শুকুৰবাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিব। উল্লেখ্য যে এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এইগৰাকী ছাত্ৰীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক…

বকোত ২৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত আজি ২৫ মেগাৱাটৰ বকো সৌৰ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পই ৰাজ্যখনত সৌৰ শক্তি উৎপাদন বৃদ্ধি, কৰ্মসংস্থাপনৰ সুবিধা, পৰিৱেশৰ সুৰক্ষা আৰু শক্তি উৎপাদন ক্ষমতা সামগ্ৰিকভাৱে বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমুখী আদৰ্শ সাৰোগত কৰি আগন্তুক বৰ্ষত নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা ৰাজ্যৰ শক্তি উৎপাদনক আগুৱাই লৈ ৰাজ্যখনক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।…

অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বিশতবাৰ্ষিকী পালন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২০ জুলাইঃ জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা 'ফাদাৰ অৱ জেনেটিক্স'  খ্যাত  গ্ৰেগৰ জোহান মেণ্ডেলৰ  জন্মদ্বিশতবাৰ্ষিকী কাৰ্যসূচী আজি যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ বংশগতি আৰু উদ্ভিদ প্ৰজনন বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বক্তব্যত ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° এম কে মোডীয়ে কয় যে কোনো এটা দিশত লাভ কৰা স্বীকৃতিৰ উৰ্ধত গৈ সামগ্ৰিকভাবে জেনেটিক্সৰ পিতৃ সন্মান  লাভ কৰা পৰিক্ৰমালৈ যি উত্তৰণ সেয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। আৱিস্কাৰ তথা সামগ্ৰিক গৱেষণাৰ দিশত…

শুকান পথাৰকলৈ কৃষকৰ হাঁহাকাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১৯ জুলাইঃ দুটাকৈ বানে সৰ্বস্ৰান্ত কৰাৰ পিছত বৰ্তমান খৰাঙে ৰাজ্যৰ কৃষক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে কৰিছে।সম্প্ৰতি শোণিতপুৰৰ বিভিন্ন অঞ্চলত দুবাৰকৈ বানে সৰ্বস্ৰান্ত কৰা কৃষকে কঠীয়া ৰোপন কৰিবলৈ গৈ প্ৰয়োজনীয় পানীৰ অভাৱত হতাশ হ’বলগীয়া হোৱাই নহয় তেজপুৰত আজি একাংশ কৃষকে নৈৰ পাৰত নাম গাই,ভোগ দি নেদেখাজনৰ ওচৰত পথাৰত পানীৰ বাবে প্ৰাৰ্থনা জনাবলগীয়া হৈছে। উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি, বাঁহবাৰী মৌজা অন্তৰ্গত বিভিন্ন অঞ্চলৰ পথাৰসমূহ পানীৰ অভাৱত শুকাই গৈছে আৰু ইয়াত সম্প্ৰতি কঠীয়া পাৰিব পৰা অৱস্থাই…