Browsing Category

অসম

পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ জুলাইঃ বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত বন্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী। ৰাজ্যৰ শেহতীয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে পশুপালন মন্ত্ৰী অতুল বৰাই। আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত তেওঁ কয় যে ১৯২১ চনত এই ৰোগ আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। আফ্ৰিকান ছোৱাইন ফ্লু এটা মাৰাত্মক ভাইৰাছজনিত ব্যাধি।…

লখিমপুৰত অবৈধ ভাৱে শিল-বালি সৰবৰাহ কৰা সাত ডাম্পাৰ-ট্রেক্টৰ জব্দ

শতাব্দ, লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাত বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে চৌদিশে অভিযান তীব্ৰতৰ কৰি তুলিছে। সেই মৰ্মে লখিমপুৰ জিলাতো বন বিভাগে চালান বিহীন ভাৱে শিল-বালি সৰবৰাহ কৰা ডাম্পাৰ-ট্রেক্টৰ আদিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এনে সাতখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। জিলা বন প্রাধিকাৰীয়েও এনে অভিযানত নিজেই নামি পৰাত একাংশ ব্যৱসায়িক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত পথালিপামত অবৈধ ভাবে শিল সৰবৰাহ কৰা এখন ডাম্পাৰ জব্দ…

তিনিচুকীয়াত গা ধুবলৈ গৈ সন্ধানহীন ৰাজু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গেলাপুখুৰীৰ চান্দমাৰী-তৰাজান সংযোগী দলঙত আজি পুৱা গা ধুবলৈ গৈ এজন লোক বাতৰি লিখাৰ পৰলৈকে সন্ধানহীন হৈ থকাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । শুংসূত্ৰহীন হৈ থকা ব্যক্তিজন বাৰেকুৰি থানাৰ অন্তৰ্গত তৰাজান গাওঁ নিবাসী ভোলা প্ৰজাৰ পুত্ৰ ৰাজু প্ৰজা ওৰফে গোবিন্দ (৪০) বুলি প্ৰকাশ । স্থানীয় সূত্ৰে জানিব পৰা মতে ভৰত আৰু বিনয় নামৰ আন দুই যুৱকৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে ৰাজু ওৰফে গোবিন্দ । ইফালে ৰাতিপুৱাই ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী, গেলাপুখুৰী…

শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি

শতাব্দ , লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত তথা বন বিভাগৰ তীব্ৰ অভিযানৰ বাবে সাম্প্রতিক সময়ত তীব্র আতংকময় পৰিৱেশত দিন পাৰ কৰিছে বিভিন্ন কোৱেৰিত শিল বালি পৰিবহন কৰি জীৱিকা নিৰ্বাহ কৰি অহা ট্রিপাৰ, ট্ৰেক্টৰ, ট্ৰাক আদিৰ মালিক কৰ্মচাৰীসকলৰ লগতে ইয়াৰ লগত জড়িত শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহে। বন বিভাগত ৰাজহ সংগ্ৰহৰ নামত এই বাহন সমূহৰ পৰা যিকোনো সময়ত বৃহৎ পৰিমাণৰ জৰিমনা আদায় লোৱা কাৰ্যই এই লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগৰ লগতে আৰক্ষী, পৰিবহন বিভাগ তথা একাংশ সংগঠনে এই মালিকসকলক অবৈধ ব্যবসায়ী…

তেজপুৰ বিহগুৰিত নাৱৰ পৰা পৰি শোকাবহ মৃত্যু মাছ ব্যৱসায়ীৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ ত‍েজপুৰৰ নিকটৱৰ্তী বিহগুৰিত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিহগুৰিৰ পুঠিমাৰী বাপুভেটি অঞ্চলৰ চন্দ্ৰকান্ত দাস(৪৫)ওৰফে সুনীল নামৰ লোকজন ব্ৰহ্মপুত্ৰৰ বৰাকটা শিমলুডুবি বিলত পৰি যায় আৰু তেওঁৰ মৃতদেহ পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। তেজপুৰৰ বিহগুৰিৰ ব্ৰহ্মপুত্ৰ গাভৰু নদীৰ সংগমস্থলৰ বিলখনত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাৰ বিবৰণী অনুসৰি, আজি দিনৰ প্ৰায় ১১ বজাত বিগত প্ৰায় ২২বছৰে মৎস্য ব্যৱসায়ৰ পানীত জড়িত চন্দ্ৰ কান্তই আন দিনাৰ দৰে আজিও  নদীলৈ যায়। নাৱেৰে গৈ থকা অৱস্থাত এজোৰ সাপ দেখা পায়।…

তেজপুৰত “পিন হ’ল কেমেৰা”প্ৰদৰ্শন

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ তেজপুৰৰ "মাটি আখৰা" নামৰ নাট্যানুষ্ঠানটোৱে যোৱা নিশা বাণ থিয়েটাৰত তেওঁলোকৰ অষ্টম প্ৰয়োজনাত নাট্যকাৰ প্ৰয়াত দীপক মহন্তৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা মৃদুল চুতীয়াৰ পৰিচালনাত আৰু মূল চৰিত্ৰত অভিনয়েৰে  সফল মঞ্চায়ন কৰে প্ৰয়াত নাট্যকাৰ মহন্তৰ বহুল চৰ্চিত তথা জনপ্ৰিয় ব্যংগাত্মক নাটক "পিনহ'ল কেমেৰা"। এক শোকাবহ পথ দুৰ্ঘটনাত নাট্যকাৰ, সাংবাদিক মহন্তৰ অকাল বিয়োগ ঘটিছিল।এসময়ত সমগ্ৰ ৰাজ্যখনতে যথেষ্ট চৰ্চা লাভ কৰা, বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু…

শিৱসাগৰত ২৪ জুলাইত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুলাইঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি অহা ২৪ জুলাই দেওবাৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ ‘যুৱ দল’ শিৱসাগৰ পুখুৰী পাৰত আয়োজন কৰা হৈছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিতব্য এই সভাত কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য-সদস্যা আৰু প্ৰত্যেক জিলাৰ সভাপতি-সম্পাদকৰ লগতে জিলাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীৰ জৰুৰী উপস্থিতি কামনা কৰিছে প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই।

 তিনিচুকীয়াত গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব ল’লে ডিচি আৰু আন বিষয়া-কৰ্মচাৰীয়ে

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৮ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা ’মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্প’ৰ অধীনত আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কার্যালয় চৌহদত এক বৃক্ষৰোপণ কার্যসূচী গ্ৰহণ কৰা হয়। উপায়ুক্ত নৰসিং পৱাৰৰ লগতে জিলা প্ৰশাসনৰ সকলো উচ্চপদস্থ বিষয়া তথা উপায়ুক্তৰ কার্যালয়ৰ কৰ্মচাৰীসকলে এই বৃক্ষৰোপণ কার্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ অধীনত প্ৰতিটো চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়,…

মইনাৰ মৌমাতেৰে মুখৰিত হ’ল তেজপুৰ 

শতাব্দ প্ৰতিনিধি ,তেজপুৰ, ১৮ জুলাইঃ সাহিত্য-শিল্প-কলা আৰু সংস্কৃতিয়েই হ’ল এটা জাতিৰ স্বকীয় পৰিচয়। শক্তিশালী সাহিত্য-সংস্কৃতি-শিল্পকলা অবিহনে জাতিৰ শক্তিশালী আত্মপ্ৰকাশ নঘটে বুলি আজি তেজপুৰত মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ যুৱ সংসদ উপ সমিতিৰ উদ্যোগত আৰু তেজপুৰৰ অপৰাজিতা মইনা পাৰিজাতৰ সহযোগত আজি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটিৰ উপ সভাপতি মৃণালিনী দেৱীয়ে সাহিত্য বা সংস্কৃতিয়েহে সমাজখনক এক বৌদ্ধিক বাতাবৰণ…

আজি শোণিতপুৰ জিলাতো মুখ্যমন্ত্ৰীৰ প্রতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ কাৰ্যসূচী শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ, জুলাইঃ গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱর্তনৰ প্রশমনত সামূহিক সজাগতাৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰাৰ দিশত এই কাৰ্যসূচী যোৱা কালি জনতা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  শুভাৰম্ভ কৰা পাছত আজি শোণিতপুৰ জিলাত শুভাৰম্ভ কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজি তেজপুৰ বাটমাৰীস্থিত তেজপুৰ সন্মিলনী কেন্দ্ৰত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্তদ্বয় ৰমী বৰুৱা, দ্যুতিভা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক মধুৰিমা…