Browsing Category

অসম

ৰাজ্য ভিতৰতে প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজিত প্ৰণালীৱদ্ধ আঁতধৰা কৰ্মশালাখনি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ জুলাইঃ একবিংশ শতিকাৰ এই প্ৰতিযোগিতামূলক জগতখনত উপলব্ধ বিভিন্ন বিষয়ক শিক্ষা গ্ৰহণৰ জৰিয়তে যুৱক-যুৱতীসকলে সংস্থাপনৰ পথ মুকলিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এনে প্ৰেক্ষাপটৰ মাজতে বিভিন্ন চৰকাৰী- বেচৰকাৰী অনুষ্ঠান আৰু প্ৰতিষ্ঠানত দক্ষ আঁত ধৰা অৰ্থাৎ এংকৰিঙ কৰা ব্যক্তিৰ  প্ৰাধান্য ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত  বিভিন্ন তথ্য- জ্ঞান, বুদ্ধিমত্তা আৰু শ্ৰুতিমধুৰ কথনশৈলী গুণৰ অধিকাৰীসকলে আঁত ধৰা কাৰ্য সম্পাদনক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ পথ সুগম  হৈছে । অনাগত দিনত একো গৰাকী দক্ষ আঁত ধৰোঁতাই এই…

তেজপুৰত ৯ কিলোগ্ৰাম গাঞ্জা সহ ওদালগুৰিৰ দুই যুৱকক আটক

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২১জুলাইঃ আজি দুপৰীয়া তেজপুৰৰ বটামাৰিত ৯ কিলোগ্ৰাম গাঞ্জাসহ দুই যুৱকক স্থানীয় ৰাইজে কৰায়ত্ত কৰি বৰঘাট আৰক্ষীক গতাই দিয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বটামাৰীত সন্দেহজনক ভাবে ঘূৰি ফুৰিছিল যুৱক দুজন। ৰাইজে সন্দেহ বশতঃ দুয়োকে সোধপোছ কৰাত তেওঁলোকে অঞ্চলটোৰে জনৈক জয়ধৰ নামৰ এজন লোকক এই গাঞ্জা দিবলৈ অহা বুলি প্ৰকাশ কৰে।লগে লগে ৰাইজে দুয়োকে কৰায়ত্ত কৰি লপাথপা দিয়াৰ লগতে তেওঁলোকৰ লগত থকা গাঞ্জাসহ বৰঘাট আৰক্ষীক গতাই দিয়ে। যুৱক দুজনক ওদালগুৰিৰ গজেন নাৰ্জাৰী আৰু দীপাঞ্জন ব্ৰহ্ম বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে…

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ অৱশেষত কাৰাগাৰৰ বন্ধ কোঠালিৰ পৰা মুকলি আকাশলৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আৱেদন মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। আদালতৰ নিৰ্দেশনাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই সকলো যাৱতীয় কাম সম্পন্ন কৰাৰ পিছত বৃহস্পতিবাৰে নাইবা শুকুৰবাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিব। উল্লেখ্য যে এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এইগৰাকী ছাত্ৰীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক…

বকোত ২৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত আজি ২৫ মেগাৱাটৰ বকো সৌৰ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পই ৰাজ্যখনত সৌৰ শক্তি উৎপাদন বৃদ্ধি, কৰ্মসংস্থাপনৰ সুবিধা, পৰিৱেশৰ সুৰক্ষা আৰু শক্তি উৎপাদন ক্ষমতা সামগ্ৰিকভাৱে বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমুখী আদৰ্শ সাৰোগত কৰি আগন্তুক বৰ্ষত নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা ৰাজ্যৰ শক্তি উৎপাদনক আগুৱাই লৈ ৰাজ্যখনক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।…

অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বিশতবাৰ্ষিকী পালন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২০ জুলাইঃ জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা 'ফাদাৰ অৱ জেনেটিক্স'  খ্যাত  গ্ৰেগৰ জোহান মেণ্ডেলৰ  জন্মদ্বিশতবাৰ্ষিকী কাৰ্যসূচী আজি যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ বংশগতি আৰু উদ্ভিদ প্ৰজনন বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বক্তব্যত ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° এম কে মোডীয়ে কয় যে কোনো এটা দিশত লাভ কৰা স্বীকৃতিৰ উৰ্ধত গৈ সামগ্ৰিকভাবে জেনেটিক্সৰ পিতৃ সন্মান  লাভ কৰা পৰিক্ৰমালৈ যি উত্তৰণ সেয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। আৱিস্কাৰ তথা সামগ্ৰিক গৱেষণাৰ দিশত…

শুকান পথাৰকলৈ কৃষকৰ হাঁহাকাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১৯ জুলাইঃ দুটাকৈ বানে সৰ্বস্ৰান্ত কৰাৰ পিছত বৰ্তমান খৰাঙে ৰাজ্যৰ কৃষক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে কৰিছে।সম্প্ৰতি শোণিতপুৰৰ বিভিন্ন অঞ্চলত দুবাৰকৈ বানে সৰ্বস্ৰান্ত কৰা কৃষকে কঠীয়া ৰোপন কৰিবলৈ গৈ প্ৰয়োজনীয় পানীৰ অভাৱত হতাশ হ’বলগীয়া হোৱাই নহয় তেজপুৰত আজি একাংশ কৃষকে নৈৰ পাৰত নাম গাই,ভোগ দি নেদেখাজনৰ ওচৰত পথাৰত পানীৰ বাবে প্ৰাৰ্থনা জনাবলগীয়া হৈছে। উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি, বাঁহবাৰী মৌজা অন্তৰ্গত বিভিন্ন অঞ্চলৰ পথাৰসমূহ পানীৰ অভাৱত শুকাই গৈছে আৰু ইয়াত সম্প্ৰতি কঠীয়া পাৰিব পৰা অৱস্থাই…

পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ জুলাইঃ বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত বন্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী। ৰাজ্যৰ শেহতীয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে পশুপালন মন্ত্ৰী অতুল বৰাই। আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত তেওঁ কয় যে ১৯২১ চনত এই ৰোগ আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। আফ্ৰিকান ছোৱাইন ফ্লু এটা মাৰাত্মক ভাইৰাছজনিত ব্যাধি।…

লখিমপুৰত অবৈধ ভাৱে শিল-বালি সৰবৰাহ কৰা সাত ডাম্পাৰ-ট্রেক্টৰ জব্দ

শতাব্দ, লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাত বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে চৌদিশে অভিযান তীব্ৰতৰ কৰি তুলিছে। সেই মৰ্মে লখিমপুৰ জিলাতো বন বিভাগে চালান বিহীন ভাৱে শিল-বালি সৰবৰাহ কৰা ডাম্পাৰ-ট্রেক্টৰ আদিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এনে সাতখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। জিলা বন প্রাধিকাৰীয়েও এনে অভিযানত নিজেই নামি পৰাত একাংশ ব্যৱসায়িক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত পথালিপামত অবৈধ ভাবে শিল সৰবৰাহ কৰা এখন ডাম্পাৰ জব্দ…

তিনিচুকীয়াত গা ধুবলৈ গৈ সন্ধানহীন ৰাজু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গেলাপুখুৰীৰ চান্দমাৰী-তৰাজান সংযোগী দলঙত আজি পুৱা গা ধুবলৈ গৈ এজন লোক বাতৰি লিখাৰ পৰলৈকে সন্ধানহীন হৈ থকাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । শুংসূত্ৰহীন হৈ থকা ব্যক্তিজন বাৰেকুৰি থানাৰ অন্তৰ্গত তৰাজান গাওঁ নিবাসী ভোলা প্ৰজাৰ পুত্ৰ ৰাজু প্ৰজা ওৰফে গোবিন্দ (৪০) বুলি প্ৰকাশ । স্থানীয় সূত্ৰে জানিব পৰা মতে ভৰত আৰু বিনয় নামৰ আন দুই যুৱকৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে ৰাজু ওৰফে গোবিন্দ । ইফালে ৰাতিপুৱাই ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী, গেলাপুখুৰী…

শিল-বালিৰ মূল্য দুগুণ বৃদ্ধি

শতাব্দ , লখিমপুৰ, ১৯ জুলাইঃ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশত তথা বন বিভাগৰ তীব্ৰ অভিযানৰ বাবে সাম্প্রতিক সময়ত তীব্র আতংকময় পৰিৱেশত দিন পাৰ কৰিছে বিভিন্ন কোৱেৰিত শিল বালি পৰিবহন কৰি জীৱিকা নিৰ্বাহ কৰি অহা ট্রিপাৰ, ট্ৰেক্টৰ, ট্ৰাক আদিৰ মালিক কৰ্মচাৰীসকলৰ লগতে ইয়াৰ লগত জড়িত শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহে। বন বিভাগত ৰাজহ সংগ্ৰহৰ নামত এই বাহন সমূহৰ পৰা যিকোনো সময়ত বৃহৎ পৰিমাণৰ জৰিমনা আদায় লোৱা কাৰ্যই এই লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগৰ লগতে আৰক্ষী, পৰিবহন বিভাগ তথা একাংশ সংগঠনে এই মালিকসকলক অবৈধ ব্যবসায়ী…