Browsing Category
অসম
অসম কৃষি বিশ্ববিদ্যালয়ত মহিলাৰ স্বাৱলম্বীতাৰ প্ৰশিক্ষণ
শতাব্দ প্ৰতিনিধি, যোৰহাট,১৮ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগত ১৫ জুলাইত 'অৰ্থনৈতিক স্বাবলম্বীতাৰ জৰিয়তে নাৰী সৱলীকৰণ' বিষয়ত এটি প্ৰশিক্ষণ অনুষ্ঠিত হয়। এদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত যোৰহাট জিলাৰ বিভিন্ন স্থানৰ নিৰ্বাচিত ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জুলিয়ানা শৰ্মা আৰু সহকাৰী অধ্যাপিকা ড° চয়নিকা বৰাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণটোত বিজ্ঞানসন্মতভাবে আচাৰ তৈয়াৰ…
কাৰ পকেটত সোমাল শ্ৰমিকৰ বাবে ১৯০৪ টা ঘৰ সাজিবলৈ দিয়া ধন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ জুলাইঃ অসম চাহ নিগমৰ ১৫ চাহ বাগিছাৰ ১২ খন চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তক নেচনেল ফ্ৰণ্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে আদৰণি জনাইছে। ইউনিয়নৰ সৰ্ব ভাৰতীয় উপ-সভাপতি ইজৰাইল নন্দই এক বিবৃতিত কয় যে অসম চাহ নিগমৰ বাগিছাসমূহ আৰু এশ বছৰ চলাই থাকিলেও বাগিছাৰ শ্ৰমিকসকলৰ উন্নয়ন আশা কৰিব নোৱাৰি । অসম চাহ নিগমত ইমানেই ডাঙৰ-সৰু ফুটা আছে যে ইমান সোনকালে এই ফুটাসমুহ বন্ধ কৰা সহজ নহয় বুলি উল্লেখ কৰি নন্দই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে যি চিন্তা কৰিছে সেয়া প্ৰশংসনীয় ।…
তিনিচুকীয়াত ১ কেজি ড্ৰাগছসহ ধৃত ৪
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ জুলাইঃ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াত আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে দেওবাৰে সন্ধিয়া তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী বাইপাছত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিজনক ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা ব্যক্তিকেইজন ক্ৰমে পানীতোলাৰ পৰাগজ্যোতি বৰা, ধন্তু বৰা আৰু ডিব্ৰুগড়ৰ স্মাইল আলী আৰু কাজী ফাৰোক বুলি প্ৰকাশ। জানিব পৰা মতে দলটোৱে প্ৰায় ১.২৩ কেজি পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ বিক্ৰীৰ বাবে আনিছিল। অভিযানকাৰী…
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মেদিনী বৰুৱাৰ বিয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৭জুলাইঃ তেজপুৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সৰবৰহী মহিলা মেদিনী বৰুৱা(৯০)ৰ আজি নিজা বাসগৃহত বিয়োগ ঘটিছে। মাজগাঁও গাঁও পঞ্চায়ত অন্তৰ্গত মহাভৈৰৱ বৰুৱাচুবুৰী নিবাসী তথা বিদ্যানুৰাগী বৰুৱাই ১৯৩২ৰ পাঁচ আগষ্টত জন্ম গ্ৰহণ কৰিছিল। শৈশবৰে পৰাই মেধাৰ পৰিচয় দিয়া এইগৰাকী মহিলাই স্ত্ৰী শিক্ষাৰ অনগ্ৰসৰতাৰ সময়তে ইংৰাজী বিষয়ত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।উল্লেখযোগ্য যে, শিশুসকলৰ সতে অন্তৰংগতা গঢ়ি তোলা…
নকল টকা,সোণ সহ কৰায়ত্ত পাঁচ প্ৰৱঞ্চকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭জুলাইঃ শোণিতপুৰৰ লগতে লখিমপুৰৰ এটা গভাইত চক্ৰই মিলিত হৈ নকল সোণ আৰু নকল টকাৰে একাংশ প্ৰলোভনৰ ফান্দত ভৰি দিয়া লোকক দীৰ্ঘদিন ঠগী আহিছিল। যোৱা নিশা শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এনে এটা চক্ৰৰ পাঁচ সদস্যক কৰায়ত্ত কৰাৰ লগতে এই চক্ৰটোৰ পৰা যথেষ্ট পৰিমাণৰ নকল টকা আৰু নকল সোণ উদ্ধাৰ হোৱা ঘটনাই এই কথা স্পষ্ট কৰিছে। উল্লেখযোগ্য যে,যোৱা নিশা চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুডামঘাটৰ অকা বস্তিত নিশা স্থানীয় আৰক্ষীৰ সহযোগত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত চলা অভিযানত অঞ্চলটোৰ…
চৰকাৰী কাৰ্যালয় চৌহদক শ্যামলী চৌহদ ৰূপে গঢ়াৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জলবায়ু পৰিবৰ্তনৰ সংকট প্ৰতিৰোধত সহায়ক হোৱাকৈ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ সামূহিক প্ৰয়াসক উদগণি জনাই অসম চৰকাৰে হাতত লোৱা 'মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প'ৰ আজি দিছপুৰৰ জনতা ভৱন চৌহদত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই এই বিশেষ গছপুলি ৰোপণ প্ৰকল্পটো ৰাজ্যত সচৰাচৰ গ্ৰহণ কৰি অহা গছপুলিৰোপণ…
নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তৰ উপস্থিতিত শিক্ষা বিভাগৰ সঞ্চালকালয় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীয়ে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ই-কাৰ্যালয় ৰূপায়ণ, মিছন সদ্ভাৱনাৰ অধীনস্থ ফাইল নিষ্পত্তি, বিভিন্ন পদত নিযুক্তি আৰু পদোন্নতি, ডেস্ক-বেঞ্চ যোগান তথা বিদ্যুৎ যোগান আদিকে ধৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে লোৱা কার্যসমূহৰ…
১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব সঘন লোডশ্বেডিঙৰ সমস্যাঃ শক্তিমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ ১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব। এই কথা সদৰি কৰিছে শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাই। শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে সঘন লোডশ্বেডিঙকে ধৰি বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে মন্ত্রী নন্দিতা গাৰ্লোচাই। উল্লেখ যে অসহনীয় গৰমৰ মাজতে বিগত কিছুদিন ধৰি বিদ্যুতৰ সঘন লুকাভাকুৱে জলাকলা খুৱাইছে ৰাজ্যবাসীক। উৎকট গৰমত সঘন বিদ্যুৎ কৰ্তনৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। ঠায়ে ঠায়ে ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে। প্ৰচণ্ড ৰ’দত…
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিব এ আই ইউ ডি এফ দলে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফ দলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত আজি সংবাদমেল সম্বোধন কৰি দলটোৰ নেতৃত্বই এই কথা প্ৰকাশ কৰে। দিছপুৰৰ বিধায়ক আৱাসত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাচিমী, ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এখন সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰে। তেওঁলোকে কয় যে এ আই ইউ ডি এফে আগৰে পৰাই বিজেপি বিৰোধী…
তেজপুৰত একেঘৰতে তিনিদিনত তিনিবাৰ ছুৰি
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী পৰ্বতীয়া,বেছেৰীয়া আদিকে ধৰি বিভিন্ন অঞ্চলত চোৰে উপদ্ৰৱ অব্যাহত ৰখাৰ সময়তে ডেউৰী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত যোৱা তিনিটা দিনৰ ভিতৰতে তিনিবাৰকৈ চুৰী কাণ্ড সংঘটিত হৈছে।ডেউৰীগাঁৱৰ অজিত কুমাৰ শইকীয়া নামৰ লোকজনৰ বাসগৃহত কোনো নথকাৰ সুযোগলৈ প্ৰথম বাৰ যোৱা ১৪জুলাইত চোৰে শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰে। খিড়িকী ভাঙি ঘৰটোত প্ৰৱেশ কৰা চোৰে পিতলৰ বিভিন্ন সামগ্ৰী লুটি নিয়ে। কালি পুনৰ চোৰে বাসগৃহত প্ৰৱেশ কৰে যদিও এই বিষয়ে চুবুৰীয়াই জানিব পৰাত চোৰে পলায়ন কৰে। উল্লেখযোগ্য যে…
