Browsing Category
অসম
তেজপুৰ বিহগুৰিত নাৱৰ পৰা পৰি শোকাবহ মৃত্যু মাছ ব্যৱসায়ীৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিহগুৰিৰ পুঠিমাৰী বাপুভেটি অঞ্চলৰ চন্দ্ৰকান্ত দাস(৪৫)ওৰফে সুনীল নামৰ লোকজন ব্ৰহ্মপুত্ৰৰ বৰাকটা শিমলুডুবি বিলত পৰি যায় আৰু তেওঁৰ মৃতদেহ পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। তেজপুৰৰ বিহগুৰিৰ ব্ৰহ্মপুত্ৰ গাভৰু নদীৰ সংগমস্থলৰ বিলখনত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাৰ বিবৰণী অনুসৰি, আজি দিনৰ প্ৰায় ১১ বজাত বিগত প্ৰায় ২২বছৰে মৎস্য ব্যৱসায়ৰ পানীত জড়িত চন্দ্ৰ কান্তই আন দিনাৰ দৰে আজিও নদীলৈ যায়। নাৱেৰে গৈ থকা অৱস্থাত এজোৰ সাপ দেখা পায়।…
তেজপুৰত “পিন হ’ল কেমেৰা”প্ৰদৰ্শন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ তেজপুৰৰ "মাটি আখৰা" নামৰ নাট্যানুষ্ঠানটোৱে যোৱা নিশা বাণ থিয়েটাৰত তেওঁলোকৰ অষ্টম প্ৰয়োজনাত নাট্যকাৰ প্ৰয়াত দীপক মহন্তৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা মৃদুল চুতীয়াৰ পৰিচালনাত আৰু মূল চৰিত্ৰত অভিনয়েৰে সফল মঞ্চায়ন কৰে প্ৰয়াত নাট্যকাৰ মহন্তৰ বহুল চৰ্চিত তথা জনপ্ৰিয় ব্যংগাত্মক নাটক "পিনহ'ল কেমেৰা"। এক শোকাবহ পথ দুৰ্ঘটনাত নাট্যকাৰ, সাংবাদিক মহন্তৰ অকাল বিয়োগ ঘটিছিল।এসময়ত সমগ্ৰ ৰাজ্যখনতে যথেষ্ট চৰ্চা লাভ কৰা, বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু…
শিৱসাগৰত ২৪ জুলাইত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুলাইঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি অহা ২৪ জুলাই দেওবাৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ ‘যুৱ দল’ শিৱসাগৰ পুখুৰী পাৰত আয়োজন কৰা হৈছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিতব্য এই সভাত কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য-সদস্যা আৰু প্ৰত্যেক জিলাৰ সভাপতি-সম্পাদকৰ লগতে জিলাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীৰ জৰুৰী উপস্থিতি কামনা কৰিছে প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই।
তিনিচুকীয়াত গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব ল’লে ডিচি আৰু আন বিষয়া-কৰ্মচাৰীয়ে
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা ’মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্প’ৰ অধীনত আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কার্যালয় চৌহদত এক বৃক্ষৰোপণ কার্যসূচী গ্ৰহণ কৰা হয়। উপায়ুক্ত নৰসিং পৱাৰৰ লগতে জিলা প্ৰশাসনৰ সকলো উচ্চপদস্থ বিষয়া তথা উপায়ুক্তৰ কার্যালয়ৰ কৰ্মচাৰীসকলে এই বৃক্ষৰোপণ কার্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ অধীনত প্ৰতিটো চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়,…
মইনাৰ মৌমাতেৰে মুখৰিত হ’ল তেজপুৰ
শতাব্দ প্ৰতিনিধি ,তেজপুৰ, ১৮ জুলাইঃ সাহিত্য-শিল্প-কলা আৰু সংস্কৃতিয়েই হ’ল এটা জাতিৰ স্বকীয় পৰিচয়। শক্তিশালী সাহিত্য-সংস্কৃতি-শিল্পকলা অবিহনে জাতিৰ শক্তিশালী আত্মপ্ৰকাশ নঘটে বুলি আজি তেজপুৰত মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ যুৱ সংসদ উপ সমিতিৰ উদ্যোগত আৰু তেজপুৰৰ অপৰাজিতা মইনা পাৰিজাতৰ সহযোগত আজি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটিৰ উপ সভাপতি মৃণালিনী দেৱীয়ে সাহিত্য বা সংস্কৃতিয়েহে সমাজখনক এক বৌদ্ধিক বাতাবৰণ…
আজি শোণিতপুৰ জিলাতো মুখ্যমন্ত্ৰীৰ প্রতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্পৰ কাৰ্যসূচী শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি তেজপুৰ, জুলাইঃ গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ, প্ৰতিষ্ঠানিক চৌহদৰ নান্দনিক সৌন্দৰ্যবৰ্ধন আৰু জলবায়ু পৰিৱর্তনৰ প্রশমনত সামূহিক সজাগতাৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰাৰ দিশত এই কাৰ্যসূচী যোৱা কালি জনতা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা পাছত আজি শোণিতপুৰ জিলাত শুভাৰম্ভ কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজি তেজপুৰ বাটমাৰীস্থিত তেজপুৰ সন্মিলনী কেন্দ্ৰত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্তদ্বয় ৰমী বৰুৱা, দ্যুতিভা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক মধুৰিমা…
অসম কৃষি বিশ্ববিদ্যালয়ত মহিলাৰ স্বাৱলম্বীতাৰ প্ৰশিক্ষণ
শতাব্দ প্ৰতিনিধি, যোৰহাট,১৮ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগত ১৫ জুলাইত 'অৰ্থনৈতিক স্বাবলম্বীতাৰ জৰিয়তে নাৰী সৱলীকৰণ' বিষয়ত এটি প্ৰশিক্ষণ অনুষ্ঠিত হয়। এদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত যোৰহাট জিলাৰ বিভিন্ন স্থানৰ নিৰ্বাচিত ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জুলিয়ানা শৰ্মা আৰু সহকাৰী অধ্যাপিকা ড° চয়নিকা বৰাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণটোত বিজ্ঞানসন্মতভাবে আচাৰ তৈয়াৰ…
কাৰ পকেটত সোমাল শ্ৰমিকৰ বাবে ১৯০৪ টা ঘৰ সাজিবলৈ দিয়া ধন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ জুলাইঃ অসম চাহ নিগমৰ ১৫ চাহ বাগিছাৰ ১২ খন চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তক নেচনেল ফ্ৰণ্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে আদৰণি জনাইছে। ইউনিয়নৰ সৰ্ব ভাৰতীয় উপ-সভাপতি ইজৰাইল নন্দই এক বিবৃতিত কয় যে অসম চাহ নিগমৰ বাগিছাসমূহ আৰু এশ বছৰ চলাই থাকিলেও বাগিছাৰ শ্ৰমিকসকলৰ উন্নয়ন আশা কৰিব নোৱাৰি । অসম চাহ নিগমত ইমানেই ডাঙৰ-সৰু ফুটা আছে যে ইমান সোনকালে এই ফুটাসমুহ বন্ধ কৰা সহজ নহয় বুলি উল্লেখ কৰি নন্দই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে যি চিন্তা কৰিছে সেয়া প্ৰশংসনীয় ।…
তিনিচুকীয়াত ১ কেজি ড্ৰাগছসহ ধৃত ৪
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ জুলাইঃ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াত আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে দেওবাৰে সন্ধিয়া তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী বাইপাছত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিজনক ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা ব্যক্তিকেইজন ক্ৰমে পানীতোলাৰ পৰাগজ্যোতি বৰা, ধন্তু বৰা আৰু ডিব্ৰুগড়ৰ স্মাইল আলী আৰু কাজী ফাৰোক বুলি প্ৰকাশ। জানিব পৰা মতে দলটোৱে প্ৰায় ১.২৩ কেজি পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ বিক্ৰীৰ বাবে আনিছিল। অভিযানকাৰী…
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মেদিনী বৰুৱাৰ বিয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৭জুলাইঃ তেজপুৰ চৰকাৰী বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সৰবৰহী মহিলা মেদিনী বৰুৱা(৯০)ৰ আজি নিজা বাসগৃহত বিয়োগ ঘটিছে। মাজগাঁও গাঁও পঞ্চায়ত অন্তৰ্গত মহাভৈৰৱ বৰুৱাচুবুৰী নিবাসী তথা বিদ্যানুৰাগী বৰুৱাই ১৯৩২ৰ পাঁচ আগষ্টত জন্ম গ্ৰহণ কৰিছিল। শৈশবৰে পৰাই মেধাৰ পৰিচয় দিয়া এইগৰাকী মহিলাই স্ত্ৰী শিক্ষাৰ অনগ্ৰসৰতাৰ সময়তে ইংৰাজী বিষয়ত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।উল্লেখযোগ্য যে, শিশুসকলৰ সতে অন্তৰংগতা গঢ়ি তোলা…
