Browsing Category

অসম

তেজপুৰত ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ তেজপুৰ তথা ৰাজ্যৰ লৌহক্ৰীড়াৰ ক্ষেত্ৰত ঐকান্তিক প্ৰচেষ্টাৰে যথেষ্ট অৱদান আগবঢ়াবলৈ সক্ষম হোৱা তেজপুৰ নপামৰ এছ এম বি ব্যামাগাৰে আজি এক ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত কৰে। আজি পুৱা ছয় বজাৰ পৰাই পৰমাইঘূলি স্থিত তেজৰ্ট ৰিজ’ৰ্টত ব্যায়ামাগাৰৰ সদস্যসকলে "মেক ফিটনেছ ইয়ৰ ফেভাৰিট হেবিট" শীৰ্ষক বাণীৰে এই বুষ্ট কেম্পৰ তাৎপৰ্য ব্যাখ্যা কৰে এছ এম বি ব্যমাগাৰৰ মুখ্য প্ৰশিক্ষক তথা যুৱ ক্ৰীড়া সংগঠক মুজাহিদ ৰজাই।উল্লেখযোগ্য যে, এই  কেম্পত তেজপুৰৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৮০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।…

তেজপুৰ কলা-বীথিকাৰ কৰ্মশালা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ কলা-বীথিকা, অসমীয়া ক্লাবৰ উদ্যোগত অহা ১৮ জুলাইৰ পৰা ২৩ জুলাইলৈ শোণিতপুৰ জিলাৰ উদীয়মান চিত্ৰশিল্পীসকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত হ'ব। ক্লাবটোৰ বালি ৰাম লহকৰ সভাঘৰত ছদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাখনত অভিজ্ঞ শিল্পীৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। তেজপুৰ কলা-বীথিকাৰ আহ্বায়ক মৃগেন কলিতাই জনাইছে যে উঠি অহা শিল্পীসকলক শুদ্ধ পথেৰে চিত্ৰকলাৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি কৰ্মশালাখনৰ আয়োজন কৰা হৈছে। প্ৰায় কুৰিগৰাকী প্ৰশিক্ষাৰ্থীৰে কৰ্মশালাখন অনুষ্ঠিত হ'ব।

মুখ্যমন্ত্ৰীৰ সাহায্য পূঁ‌জিলৈ অসম কলেজ অধ্যক্ষ পৰিষদৰ ছয় লাখ ৫০ হেজাৰ টকাৰ অনুদান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ অসম কলেজ অধ্যক্ষ পৰিষদে বৰ্তমান ৰাজ্যখনৰ বান বিধ্বস্ত পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে সহায়ক হোৱাকৈ  মুখ্যমন্ত্ৰীৰ সাহায্য পূঁ‌জিলৈ ছয় লাখ ৫০ হেজাৰ টকা আগবঢ়াইছে।ৰাজ্যখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলে আগবঢ়োৱা এই ধন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো অধ্যক্ষলৈ ধন্যবাদ জ্ঞাপন কৰি অনাগত এটা দিনত প্ৰতিখন জিলাৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ সকলৰ প্ৰতিনিধিৰ সতে মিলিত হ'ব বুলি জনায়। উল্লেখযোগ্য যে, অসম কলেজ অধ্যক্ষ পৰিষদে ইতিমধ্যে চূড়ান্ত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে…

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি” স্কৰ্পিঅ” -এন

শতাব্দ, লখিমপুৰ ১৬ জুলাইঃ  ভাৰতৰ এছ ইউ ভি ছেগমেণ্টৰ পথ প্ৰদৰ্শক মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে আজি মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি 'স্কৰ্পিঅ"- এন বিলাসী বাহনখন। বিশ্বনাথ অশোক অটো এল এল পি,উদ্যোগত ১১.৯৯ লাখ টকাৰ পৰা আৰম্ভ কৰি নিজৰ বহু প্ৰত্যাশিত এছ ইউ ভি ‘স্কৰ্পিঅ’-এন’ লখিমপুৰত মুকলি কৰে অভিনেত্ৰী চুমি বৰা, বিশ্বনাথ অশোক অটো এল এল পিৰ চিইঅ’ আদৰ্শ তিব্ৰেৱাল আৰু এম এণ্ড এম ৱাই-মাৰ্টৰ এন ই আৰৰ ছিনিয়ৰ এ এছ এম সয়ন্তন ৰায়ে।উল্লেখ যে এছ ইউ ভি য়ে সকলো জটিল প্ৰচলৰ পৰিৱেশন, ক্ষমতা, প্ৰযুক্তি, কৌশল, ৰাইড আৰু হেণ্ডলিং, এন ভি…

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ বিজেপিত যোগদান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৬ জুলাইঃ গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা। সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। আজি বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিৰ যুৱ মৰ্চাত যোগদান কৰে। নিয়ৰ ডেকাই সাংবাদিকৰ আগত কয় যে মোৰ সামাজিক কাম কৰাৰ মন আছে। সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো। মই সদায় কটন আৰু কটনিয়ানৰ কাৰণে কাম কৰিম।সেইটো মই কথা দিছো বুলি তেওঁ কয়। উল্লেখ যে কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ…

আলফাৰে সম্পৰ্ক তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিলে শদিয়াৰ যুৱকক

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৫ জুলাইঃ  তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰ মাজগাঁৱত বিগত ১ জুলাইত সেনা, আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত দুধৰ্ষ আলফা(স্বা) কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিছে শদিয়াৰ ৰঞ্জিত গগৈ নামৰ যুৱকজনক । বাংগালুৰুত কৰ্মৰত ৰঞ্জিত গগৈয়ে নিহত আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেনদেনত জড়িত থকা বুলি অভিযোগত প্ৰকাশ। আটকাধীন ৰঞ্জিত গগৈক লৈ তিনিচুকীয়া আৰক্ষীৰ দলটো বৃহস্পতিবাৰে নিশা সদৰ থানাত উপস্থিত হোৱাৰ পাছত তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ…

এগুণত দুগুণ লাভৰ প্ৰলোভন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫জুলাইঃ কম মূল্যতে সোণ বিক্ৰীৰ প্ৰলোভনৰে ৰাজ্যৰ তথা বহিৰাজ্যৰ বহুলোককে প্ৰৱঞ্চনা কৰাৰ দৰেই শেহতীয়াকৈ জমা দিয়া ধন এমাহতে দুগুণ কৰি দিয়াৰ প্ৰলোভনৰে নগালেণ্ডৰ দুই যুৱক যুৱতীক ফাণ্ডত পেলাই নলাখ টকা হজম কৰা দুই প্ৰৱঞ্চকক যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা  দুই প্ৰৱঞ্চক কাচেম আলি আৰু ছাইফুল ইছলাম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বামগাঁও পুৰণা হাটখোলাৰ কাচেম আলি আৰু লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দুইনম্বৰ…

তেজপুৰত প্ৰথমবাৰৰ বাবে “আঁত ধৰা (এংকৰিং)” কৰ্মশালাৰ শুভাৰম্ভ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৫ জুলাইঃ  তেজপুৰৰ লগতে জিলাখনৰ আৰু ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সভা - সমিতি, বিভিন্ন শৈক্ষিক-বৌদ্ধিক আৰু বিদ্যায়তনিক তথা সাংস্কৃতিক অনুষ্ঠান, বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাৰ উপৰি কুইজ প্ৰতিযোগিতা দক্ষতাৰে পৰিচালনা কৰা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ, অধ্যাপক হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰ্যসূচী "আঁত ধৰা (এংকৰিং) কৰ্মশালা" আজি  শুভাৰম্ভ হয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত।হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আজিৰ পৰা ৯…

শোণিতপুৰত ক’ভিড বুষ্টাৰ টীকা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫জুলাইঃ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা ৭৫ দিনৰ ভিতৰত ১৮-৫৯বছৰ বয়সৰ লোকক কভিড-১৯ৰ তৃতীয়টো অৰ্থাৎ বুষ্টাৰ টিকা প্ৰদানৰ সূচী  আজি শোণিতপুৰতো শুভাৰম্ভ কৰিছে।  আজি পুৱা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পি পি চিত শোণিতপুৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিমান শৰ্মাৰ উপস্থিতিত এই টিকা নিৰ্দ্ধাৰিত বয়সৰ  হিতাধিকাৰীক  প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হয়। জিলা স্বাস্থ্য বিভাগে  আজি "কভিড-১৯ টিকাকৰণ  অমৃত মহোৎসৱৰ" অধীনত শোণিতপুৰ ১০৪টা কভিড-১৯ টীকাকৰণ…

২১ জুলাইত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৌখিক পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ২১ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা। মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। ২০২১ চনৰ ৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৩০৬ টা পদৰ বাবে লিখিত পৰীক্ষা। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এক টোলফ্ৰী নম্বৰ। টোলফ্ৰী এই নম্বৰটো হৈছে 8929207668।