Browsing Category
অসম
নকল টকা,সোণ সহ কৰায়ত্ত পাঁচ প্ৰৱঞ্চকক
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭জুলাইঃ শোণিতপুৰৰ লগতে লখিমপুৰৰ এটা গভাইত চক্ৰই মিলিত হৈ নকল সোণ আৰু নকল টকাৰে একাংশ প্ৰলোভনৰ ফান্দত ভৰি দিয়া লোকক দীৰ্ঘদিন ঠগী আহিছিল। যোৱা নিশা শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এনে এটা চক্ৰৰ পাঁচ সদস্যক কৰায়ত্ত কৰাৰ লগতে এই চক্ৰটোৰ পৰা যথেষ্ট পৰিমাণৰ নকল টকা আৰু নকল সোণ উদ্ধাৰ হোৱা ঘটনাই এই কথা স্পষ্ট কৰিছে। উল্লেখযোগ্য যে,যোৱা নিশা চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুডামঘাটৰ অকা বস্তিত নিশা স্থানীয় আৰক্ষীৰ সহযোগত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত চলা অভিযানত অঞ্চলটোৰ…
চৰকাৰী কাৰ্যালয় চৌহদক শ্যামলী চৌহদ ৰূপে গঢ়াৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জলবায়ু পৰিবৰ্তনৰ সংকট প্ৰতিৰোধত সহায়ক হোৱাকৈ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ সামূহিক প্ৰয়াসক উদগণি জনাই অসম চৰকাৰে হাতত লোৱা 'মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প'ৰ আজি দিছপুৰৰ জনতা ভৱন চৌহদত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই এই বিশেষ গছপুলি ৰোপণ প্ৰকল্পটো ৰাজ্যত সচৰাচৰ গ্ৰহণ কৰি অহা গছপুলিৰোপণ…
নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তৰ উপস্থিতিত শিক্ষা বিভাগৰ সঞ্চালকালয় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীয়ে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ই-কাৰ্যালয় ৰূপায়ণ, মিছন সদ্ভাৱনাৰ অধীনস্থ ফাইল নিষ্পত্তি, বিভিন্ন পদত নিযুক্তি আৰু পদোন্নতি, ডেস্ক-বেঞ্চ যোগান তথা বিদ্যুৎ যোগান আদিকে ধৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে লোৱা কার্যসমূহৰ…
১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব সঘন লোডশ্বেডিঙৰ সমস্যাঃ শক্তিমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ ১০-১৫ দিনৰ ভিতৰত বিদ্যুতৰ সঘন লুকাভাকুৰ সমস্যা দূৰ হ'ব। এই কথা সদৰি কৰিছে শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাই। শক্তি বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰাৰ পাছতে সঘন লোডশ্বেডিঙকে ধৰি বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যাৰ সন্মূখীন হ'বলগীয়া হৈছে মন্ত্রী নন্দিতা গাৰ্লোচাই। উল্লেখ যে অসহনীয় গৰমৰ মাজতে বিগত কিছুদিন ধৰি বিদ্যুতৰ সঘন লুকাভাকুৱে জলাকলা খুৱাইছে ৰাজ্যবাসীক। উৎকট গৰমত সঘন বিদ্যুৎ কৰ্তনৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। ঠায়ে ঠায়ে ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে। প্ৰচণ্ড ৰ’দত…
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিব এ আই ইউ ডি এফ দলে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফ দলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত আজি সংবাদমেল সম্বোধন কৰি দলটোৰ নেতৃত্বই এই কথা প্ৰকাশ কৰে। দিছপুৰৰ বিধায়ক আৱাসত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাচিমী, ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এখন সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰে। তেওঁলোকে কয় যে এ আই ইউ ডি এফে আগৰে পৰাই বিজেপি বিৰোধী…
তেজপুৰত একেঘৰতে তিনিদিনত তিনিবাৰ ছুৰি
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী পৰ্বতীয়া,বেছেৰীয়া আদিকে ধৰি বিভিন্ন অঞ্চলত চোৰে উপদ্ৰৱ অব্যাহত ৰখাৰ সময়তে ডেউৰী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত যোৱা তিনিটা দিনৰ ভিতৰতে তিনিবাৰকৈ চুৰী কাণ্ড সংঘটিত হৈছে।ডেউৰীগাঁৱৰ অজিত কুমাৰ শইকীয়া নামৰ লোকজনৰ বাসগৃহত কোনো নথকাৰ সুযোগলৈ প্ৰথম বাৰ যোৱা ১৪জুলাইত চোৰে শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰে। খিড়িকী ভাঙি ঘৰটোত প্ৰৱেশ কৰা চোৰে পিতলৰ বিভিন্ন সামগ্ৰী লুটি নিয়ে। কালি পুনৰ চোৰে বাসগৃহত প্ৰৱেশ কৰে যদিও এই বিষয়ে চুবুৰীয়াই জানিব পৰাত চোৰে পলায়ন কৰে। উল্লেখযোগ্য যে…
তেজপুৰত ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ তেজপুৰ তথা ৰাজ্যৰ লৌহক্ৰীড়াৰ ক্ষেত্ৰত ঐকান্তিক প্ৰচেষ্টাৰে যথেষ্ট অৱদান আগবঢ়াবলৈ সক্ষম হোৱা তেজপুৰ নপামৰ এছ এম বি ব্যামাগাৰে আজি এক ফিটনেছ বুষ্ট কেম্প অনুষ্ঠিত কৰে। আজি পুৱা ছয় বজাৰ পৰাই পৰমাইঘূলি স্থিত তেজৰ্ট ৰিজ’ৰ্টত ব্যায়ামাগাৰৰ সদস্যসকলে "মেক ফিটনেছ ইয়ৰ ফেভাৰিট হেবিট" শীৰ্ষক বাণীৰে এই বুষ্ট কেম্পৰ তাৎপৰ্য ব্যাখ্যা কৰে এছ এম বি ব্যমাগাৰৰ মুখ্য প্ৰশিক্ষক তথা যুৱ ক্ৰীড়া সংগঠক মুজাহিদ ৰজাই।উল্লেখযোগ্য যে, এই কেম্পত তেজপুৰৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৮০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।…
তেজপুৰ কলা-বীথিকাৰ কৰ্মশালা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬জুলাইঃ তেজপুৰ কলা-বীথিকা, অসমীয়া ক্লাবৰ উদ্যোগত অহা ১৮ জুলাইৰ পৰা ২৩ জুলাইলৈ শোণিতপুৰ জিলাৰ উদীয়মান চিত্ৰশিল্পীসকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত হ'ব। ক্লাবটোৰ বালি ৰাম লহকৰ সভাঘৰত ছদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাখনত অভিজ্ঞ শিল্পীৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। তেজপুৰ কলা-বীথিকাৰ আহ্বায়ক মৃগেন কলিতাই জনাইছে যে উঠি অহা শিল্পীসকলক শুদ্ধ পথেৰে চিত্ৰকলাৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি কৰ্মশালাখনৰ আয়োজন কৰা হৈছে। প্ৰায় কুৰিগৰাকী প্ৰশিক্ষাৰ্থীৰে কৰ্মশালাখন অনুষ্ঠিত হ'ব।
মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ অসম কলেজ অধ্যক্ষ পৰিষদৰ ছয় লাখ ৫০ হেজাৰ টকাৰ অনুদান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ জুলাইঃ অসম কলেজ অধ্যক্ষ পৰিষদে বৰ্তমান ৰাজ্যখনৰ বান বিধ্বস্ত পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ ছয় লাখ ৫০ হেজাৰ টকা আগবঢ়াইছে।ৰাজ্যখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলে আগবঢ়োৱা এই ধন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো অধ্যক্ষলৈ ধন্যবাদ জ্ঞাপন কৰি অনাগত এটা দিনত প্ৰতিখন জিলাৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ সকলৰ প্ৰতিনিধিৰ সতে মিলিত হ'ব বুলি জনায়। উল্লেখযোগ্য যে, অসম কলেজ অধ্যক্ষ পৰিষদে ইতিমধ্যে চূড়ান্ত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে…
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি” স্কৰ্পিঅ” -এন
শতাব্দ, লখিমপুৰ ১৬ জুলাইঃ ভাৰতৰ এছ ইউ ভি ছেগমেণ্টৰ পথ প্ৰদৰ্শক মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে আজি মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি 'স্কৰ্পিঅ"- এন বিলাসী বাহনখন। বিশ্বনাথ অশোক অটো এল এল পি,উদ্যোগত ১১.৯৯ লাখ টকাৰ পৰা আৰম্ভ কৰি নিজৰ বহু প্ৰত্যাশিত এছ ইউ ভি ‘স্কৰ্পিঅ’-এন’ লখিমপুৰত মুকলি কৰে অভিনেত্ৰী চুমি বৰা, বিশ্বনাথ অশোক অটো এল এল পিৰ চিইঅ’ আদৰ্শ তিব্ৰেৱাল আৰু এম এণ্ড এম ৱাই-মাৰ্টৰ এন ই আৰৰ ছিনিয়ৰ এ এছ এম সয়ন্তন ৰায়ে।উল্লেখ যে এছ ইউ ভি য়ে সকলো জটিল প্ৰচলৰ পৰিৱেশন, ক্ষমতা, প্ৰযুক্তি, কৌশল, ৰাইড আৰু হেণ্ডলিং, এন ভি…
