Browsing Category
অসম
আজিৰে পৰা ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ অমৃত মহোৎসৱ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ল ক'ভিড-১৯ ভেকছিনৰ অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজাৰাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ৯ বজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি টিকাকৰণ অমৃত মহোৎসৱ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিৰ পৰা ৭৫ দিনৰ কাৰণে যিসকলৰ ১৮ ৰ পৰা ৫৯ বছৰ লোকে তৃতীয়…
এবছৰত অসমত মানৱ সৰবৰাহৰ ১৬১ টা গোচৰ পঞ্জীয়ন, ১২৩ টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুলাইঃ অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। মহিলা আৰু শিশু সুৰক্ষাৰে জড়িত বিভিন্ন চৰকাৰী বিভাগ, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা, শিক্ষানুষ্ঠান, টাটা ইনষ্টিটিউট অব ছচিয়েল চায়েন্স আদিৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি…
অসমৰ বান : এতিয়াও ক্ষতিগ্ৰস্ত ২.৫ লাখৰো অধিক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৩ জুলাই পৰ্যন্ত অসমৰ বান পৰিস্থিতি যথেষ্ট উন্নতি ঘটিলেও এই দুৰ্যোগৰ ফলত এতিয়াও ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ১৩ জুলাই বুধবাৰলৈকে সাতখন জিলাৰ দহটা ৰাজহ চক্ৰৰ ৩৪৯খন গাঁও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈয়েই আছে। এই জিলাসমূহত মুঠ ২,৫০,২৯৮ জন লোক আৰু ৬৫১.৪০ হেক্টৰ ভূমি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। এ এছ ডি এম এয়ে আৰু কয় যে এতিয়া ৭১টা সাহায্য শিবিৰত মুঠ ১৭,০১৪ জন লোকক ৰখা হৈছে আৰু পাঁচটা সাহায্য বিতৰণ…
কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান
লখিমপুৰ, ১৩ জুলাইঃ ‘বিভিন্ন শক্তিয়ে বিচ্চিন্নতাক পোষকতা কৰাৰ সময়তে নৰ্থ লখিমপুৰ কলেজ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজে বংগ-অসম সম্পৰ্কক বৌদ্ধিকভাৱে বলিষ্ঠ কৰি তুলিছে। এয়া সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।’ – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গৱেষক ড॰ শ্বেখ মকবুল ইচলামৰ। তেওঁ কলকাতাত এখন গ্ৰন্থ উন্মোচনী সভাত সঞ্চালকৰ আসনৰপৰা এইদৰে কয়। কালি কলকাতাৰ ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ সভাগৃহত নৰ্থ লখিমপুৰ কলেজৰ গৱেষক পূবালী বৰা আৰু শোভাকৃষ্ণা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজ আৰু নৰ্থ লখিমপুৰ কলেজৰ যৌথ…
চিকিৎসাধীন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ নাৰ্চিং হ’মত উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩জুলাইঃ তেজপুৰৰ এখন ব্যয়বহুল নাৰ্চিং হ’ম টাইমছত আজি এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। তেজপুৰৰ নিকটৱৰ্তী টুমুকীৰ বীনা সূত(৬৫)নামৰ মহিলা গৰাকীক যোৱা ১১জুলাইত তেজপুৰৰ নাৰ্চিং হ’মখনত ভৰ্ত্তি কৰোৱা হৈছিল। মধুমেহ ৰোগত আক্ৰান্ত মহিলাগৰাকীক আই চি ইউত ভৰ্তি কৰাৰ বিপৰীতে কালিৰে পৰা তেওঁক হাতত দিয়া চেলাইন শৰীৰে গ্ৰহণ নকৰাত পাছত ডিঙিৰে চেলাইন দিয়াৰ ব্যৱস্থা কৰা হয়। অভিযোগ অনুসৰি, কালি বিয়লি ৰোগী গৰাকীৰ আত্মীয়ই তেওঁক চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ইয়াৰ অনুমতি দিয়া নহ’ল। ইপিনে…
মৃত্যুপুৰীত পৰিণত হোৱা নিচামুক্তি কেন্দ্ৰ বন্ধৰ নিৰ্দেশ তিনিচুকীয়া প্ৰশাসনৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাইঃ মৃত্যুপুৰীত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ কেতবোৰ নিচামুক্তি কিম্বা পুনৰসংস্থাপন কেন্দ্ৰৰ ক্ষেত্ৰত অৱশেষত কঠোৰ হ'বলৈ বাধ্য হ’ল জিলা প্ৰশাসন। উল্লেখ্য যে কোনো বৈধ অনুজ্ঞাপত্ৰ বা অনুমতি অবিহনে তথা কোনো অৰ্হতাসম্পন্ন পেছাদাৰী নোহোৱাকৈ চলাই থকা এনে নিচামুক্তি তথা পুনৰসংস্থাপন কেন্দ্ৰত অমানৱীয় ঘটনা সংঘটিত হোৱাৰ একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত তিনিচুকীয়া জিলা প্ৰশাসনৰ গা লৰা পৰিলক্ষিত হৈছে। এই কেন্দ্ৰবোৰত বাস কৰা আবাসীসকলৰ জীৱন তথা স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিৰ সম্ভাৱনাৰ…
জাপানীজ এনকেফেলাইটিজ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱকলৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয়। গুৱাহাটীস্থিত এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ,…
নতুন নাম পালে কালাপাহাৰ আৰু চেৰাবভাটিয়ে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। সেই অনুসৰি নতুন নামেৰে নামাকৰণ কৰা হ'ল গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাবভাটিৰ। বহু চৰ্চিত মহানগৰীৰ দুই স্থান কালাপাহাৰ আৰু চেৰাবভাটিৰ নতুন নাম প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে। বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই দুই স্থানৰ নাম। কালাপাহাৰৰ নতুন নাম হ'ব নীলাচল নগৰ আৰু চেৰাবভাটিৰ নতুন নাম হ'ব আৰ্য নগৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কালাপাহাত আৰু চেৰাবভাটিৰ…
যানবাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফী হ্ৰাস অসম চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৩ জুলাইঃ ক'ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যানবাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে এককালীন নিষ্পত্তিৰ এক আঁচনি প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যিসকলে ক'ভিড অতিমাৰীৰ কালছোৱাত সম্পূৰ্ণ লকডাউন প্ৰযোজ্য থকা হেতু সময়মতে গাড়ীৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণ কৰিব পৰা নাই তেওঁলোক নূন্যতম লেট ফী প্ৰদানেৰে এতিয়া এই কাম কৰিব পাৰিব। ইয়াৰ বাবে পৰিবহন বিভাগৰ সচিব আদিল খানে অধিসূচনা জাৰি কৰি জনাইছে যে যানবাহনৰ ফীটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে লেট ফী হ্ৰাস কৰা হৈছে আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট সময়…
তিনিচুকীয়াত সংঘটিত ২ টা এনকাউন্টাৰ ঘটনাৰ তদন্ত ঘোষণা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাই : তিনিচুকীয়া আৰক্ষী থানাৰ অধীনত সংঘটিত দুটা ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা প্ৰশাসনে । তিনিচুকীয়াৰ উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়া ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰৰ ঘটনা দুটাৰ এটা সংঘটিত হৈছিল বিগত বৰ্ষৰ ২৪ নৱেম্বৰত আৰু আনটো সংঘটিত হৈছিল চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত । উল্লেখ্য যে বিগত বৰ্ষৰ ২৪ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৫.১৫ বজাত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তালাচী চলাই থকা আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ী চলাই উধাও হোৱাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিচুকীয়াৰ…
