Browsing Category

অসম

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ বিজেপিত যোগদান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৬ জুলাইঃ গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা। সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। আজি বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিৰ যুৱ মৰ্চাত যোগদান কৰে। নিয়ৰ ডেকাই সাংবাদিকৰ আগত কয় যে মোৰ সামাজিক কাম কৰাৰ মন আছে। সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো। মই সদায় কটন আৰু কটনিয়ানৰ কাৰণে কাম কৰিম।সেইটো মই কথা দিছো বুলি তেওঁ কয়। উল্লেখ যে কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ…

আলফাৰে সম্পৰ্ক তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিলে শদিয়াৰ যুৱকক

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৫ জুলাইঃ  তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰ মাজগাঁৱত বিগত ১ জুলাইত সেনা, আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত দুধৰ্ষ আলফা(স্বা) কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিছে শদিয়াৰ ৰঞ্জিত গগৈ নামৰ যুৱকজনক । বাংগালুৰুত কৰ্মৰত ৰঞ্জিত গগৈয়ে নিহত আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেনদেনত জড়িত থকা বুলি অভিযোগত প্ৰকাশ। আটকাধীন ৰঞ্জিত গগৈক লৈ তিনিচুকীয়া আৰক্ষীৰ দলটো বৃহস্পতিবাৰে নিশা সদৰ থানাত উপস্থিত হোৱাৰ পাছত তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ…

এগুণত দুগুণ লাভৰ প্ৰলোভন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫জুলাইঃ কম মূল্যতে সোণ বিক্ৰীৰ প্ৰলোভনৰে ৰাজ্যৰ তথা বহিৰাজ্যৰ বহুলোককে প্ৰৱঞ্চনা কৰাৰ দৰেই শেহতীয়াকৈ জমা দিয়া ধন এমাহতে দুগুণ কৰি দিয়াৰ প্ৰলোভনৰে নগালেণ্ডৰ দুই যুৱক যুৱতীক ফাণ্ডত পেলাই নলাখ টকা হজম কৰা দুই প্ৰৱঞ্চকক যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা  দুই প্ৰৱঞ্চক কাচেম আলি আৰু ছাইফুল ইছলাম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বামগাঁও পুৰণা হাটখোলাৰ কাচেম আলি আৰু লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দুইনম্বৰ…

তেজপুৰত প্ৰথমবাৰৰ বাবে “আঁত ধৰা (এংকৰিং)” কৰ্মশালাৰ শুভাৰম্ভ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৫ জুলাইঃ  তেজপুৰৰ লগতে জিলাখনৰ আৰু ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সভা - সমিতি, বিভিন্ন শৈক্ষিক-বৌদ্ধিক আৰু বিদ্যায়তনিক তথা সাংস্কৃতিক অনুষ্ঠান, বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাৰ উপৰি কুইজ প্ৰতিযোগিতা দক্ষতাৰে পৰিচালনা কৰা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ, অধ্যাপক হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰ্যসূচী "আঁত ধৰা (এংকৰিং) কৰ্মশালা" আজি  শুভাৰম্ভ হয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত।হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আজিৰ পৰা ৯…

শোণিতপুৰত ক’ভিড বুষ্টাৰ টীকা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫জুলাইঃ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা ৭৫ দিনৰ ভিতৰত ১৮-৫৯বছৰ বয়সৰ লোকক কভিড-১৯ৰ তৃতীয়টো অৰ্থাৎ বুষ্টাৰ টিকা প্ৰদানৰ সূচী  আজি শোণিতপুৰতো শুভাৰম্ভ কৰিছে।  আজি পুৱা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পি পি চিত শোণিতপুৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিমান শৰ্মাৰ উপস্থিতিত এই টিকা নিৰ্দ্ধাৰিত বয়সৰ  হিতাধিকাৰীক  প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হয়। জিলা স্বাস্থ্য বিভাগে  আজি "কভিড-১৯ টিকাকৰণ  অমৃত মহোৎসৱৰ" অধীনত শোণিতপুৰ ১০৪টা কভিড-১৯ টীকাকৰণ…

২১ জুলাইত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৌখিক পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ২১ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা। মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। ২০২১ চনৰ ৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৩০৬ টা পদৰ বাবে লিখিত পৰীক্ষা। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এক টোলফ্ৰী নম্বৰ। টোলফ্ৰী এই নম্বৰটো হৈছে 8929207668।

আজিৰে পৰা ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ অমৃত মহোৎসৱ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ল ক'ভিড-১৯ ভেকছিনৰ অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজাৰাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ৯ বজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি টিকাকৰণ অমৃত মহোৎসৱ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিৰ পৰা ৭৫ দিনৰ কাৰণে যিসকলৰ ১৮ ৰ পৰা ৫৯ বছৰ লোকে তৃতীয়…

এবছৰত অসমত মানৱ সৰবৰাহৰ ১৬১ টা গোচৰ পঞ্জীয়ন, ১২৩ টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুলাইঃ অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। মহিলা আৰু শিশু সুৰক্ষাৰে জড়িত বিভিন্ন চৰকাৰী বিভাগ, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা, শিক্ষানুষ্ঠান, টাটা ইনষ্টিটিউট অব ছচিয়েল চায়েন্স আদিৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি…

অসমৰ বান : এতিয়াও ক্ষতিগ্ৰস্ত ২.৫ লাখৰো অধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৩ জুলাই পৰ্যন্ত অসমৰ বান পৰিস্থিতি যথেষ্ট উন্নতি ঘটিলেও এই দুৰ্যোগৰ ফলত এতিয়াও ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ১৩ জুলাই বুধবাৰলৈকে সাতখন জিলাৰ দহটা ৰাজহ চক্ৰৰ ৩৪৯খন গাঁও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈয়েই আছে। এই জিলাসমূহত মুঠ ২,৫০,২৯৮ জন লোক আৰু ৬৫১.৪০ হেক্টৰ ভূমি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। এ এছ ডি এম এয়ে আৰু কয় যে এতিয়া ৭১টা সাহায্য শিবিৰত মুঠ ১৭,০১৪ জন লোকক ৰখা হৈছে আৰু পাঁচটা সাহায্য বিতৰণ…

কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

লখিমপুৰ, ১৩ জুলাইঃ ‘বিভিন্ন শক্তিয়ে বিচ্চিন্নতাক পোষকতা কৰাৰ সময়তে নৰ্থ লখিমপুৰ কলেজ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজে বংগ-অসম সম্পৰ্কক বৌদ্ধিকভাৱে বলিষ্ঠ কৰি তুলিছে। এয়া সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।’ – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গৱেষক ড॰ শ্বেখ মকবুল ইচলামৰ। তেওঁ কলকাতাত এখন গ্ৰন্থ উন্মোচনী সভাত সঞ্চালকৰ আসনৰপৰা এইদৰে কয়। কালি কলকাতাৰ ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ সভাগৃহত নৰ্থ লখিমপুৰ কলেজৰ গৱেষক পূবালী বৰা আৰু শোভাকৃষ্ণা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজ আৰু নৰ্থ লখিমপুৰ কলেজৰ যৌথ…