Browsing Category
অসম
তেজপুৰৰ “কুকী স্কুল অব নাৰ্চিং” ৰ ডিগ্ৰী প্ৰদান আৰু শপতগ্ৰহণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ জুলাই : তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত ২০২১ চনত গঢ়ি উঠা "কুকী স্কুল অব নাৰ্চিং" ৰ পৰা আজি অতি আশাব্যঞ্জক ভাবে প্ৰথম বেটছৰ ৫০ গৰাকী শিক্ষাৰ্থীয়ে জি এন এম নাৰ্চিঙৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আনুষ্ঠানিক ভাবে ডিগ্ৰী প্ৰদান কৰা হয়।নাৰ্চিং প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক মুকেশ নাথে অনান্য আমন্ত্ৰিত অতিথি সকলৰ সৈতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে "শপত গ্ৰহণ আৰু ডিগ্ৰী প্ৰদান" ৰ এই বিশেষ অনুষ্ঠানটি ।ইয়াৰ আগেয়ে "কুকী স্কুল অব নাৰ্চিং" ৰ অধ্যক্ষা অৰুন্ধতী বৰুৱাই আদৰণী ভাষণ দাঙি ধৰা আৰু একাংশ শিক্ষাৰ্থীয়ে…
কলকাতাত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুলাই: 'বিভিন্ন শক্তিয়ে বিচ্ছিন্নতাবাদক পোষকতা কৰি অহাৰ সময়তে নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু ছেইণ্ট প'লচ কেথেড্রেল মিছন কলেজে বংগ-অসমৰ সম্পর্কক বৌদ্ধিকভাবে বলিষ্ঠ কৰি তুলিছে আৰু এয়া সম্প্ৰীতিৰ এক অনন্য নিদর্শন।' – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গবেষক ড° শেখ মকবুল ইচলামৰ । কলকাতাত এখন গ্ৰন্থ উন্মোচনী সভাত সঞ্চালকৰ আসনৰ পৰা এইদৰে কয়। কালি কলকাতাৰ ছেইণ্ট প'লচ কেথেডেল মিছা কলেজৰ সভাগৃহত নৰ্থ লখিমপুৰ কলেজৰ গবেষক পুবালী বৰা আৰু শোভাকৃষ্ণা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ছেইন্ট প'লচ কেথেড্রেল মিছন…
তিনিচুকীয়াৰ হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : তিনিচুকীয়া জিলাৰ মাকুমৰ ২ নং হেবেদা গাঁৱত এটা নাহৰফুটুকী বাঘক কেন্দ্ৰ কৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশে । উল্লেখ্য যে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা বাঘটোৱে সোমবাৰে বিয়লি মুকুট মৰাণ নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে । গাঁৱৰ ৰাইজে চিঞৰবাখৰ কৰাত বাঘটোৱে গাঁৱৰে এঘৰৰ বাৰীত থকা এজোপা বৃহৎ আম গছত আশ্ৰয় লয় । এই বিষয়ে ৰাইজে খবৰ দিয়াৰ পাছত লাংকাচি আৰক্ষী আৰু ডিগবৈ বন সংমণ্ডলৰ লোক গাওঁখনত উপস্থিত হয় । বাঘটো ট্ৰেংকুইলাইজ কৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা বন্যপ্ৰাণী বিশেষজ্ঞক…
তেজপুৰত একেলগে ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,১২জুলাই: যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰোনমি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰবী অধ্যাপক তেজপুৰৰ এজন সুলেখক তথা কবি ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ আজি একেলগে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত উন্মোচন কৰা হয়। বিশিষ্ট লেখক তথা তেজপুৰ সাহিত্য চ’ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত আজি দিনৰ ১১-৩০বজাত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাখনত ড° চৌধুৰীৰ প্ৰৱন্ধৰ সংকলন ভাল কথা আৰু ভাল কাম উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই। একেদৰে বৰ্ষৰ…
অভিনৱ থিয়েটাৰ শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ
উত্তৰ লখিমপুৰ, ১২ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত আয়োজন কৰা শিশু নাট কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুন কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা কৰ্মশালাৰ আজি এক উদ্বোধনী সভাৰে শুভ উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ফুলবাৰী শাখা সাহিত্য সভাৰ সভাপতি মহেশ্বৰ নাথ, নাওবৈচা শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য লোহিত নাথ, নাট্য কৰ্মী প্ৰনৱ মহন্ত,নাট্য কৰ্মী বিপুল নেওগে। অনুষ্ঠানৰ আতঁ ধৰে তৰুন কৃষ্ণ নাথে। এই…
তিনিচুকীয়ালৈ দক্ষতা বিকাশৰ বাবে আহিল ডি জি পি মহন্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : আজি তিনিচুকীয়াৰ হোলোং নামৰ হোটেলখনৰ প্ৰেক্ষাগৃহত জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত "দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকাৰ ওপৰত পৰামৰ্শসভাত মুখ্য পৰামৰ্শদাতাৰূপে অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । জিলাখনৰ পেঙেৰী, কাকপথাৰ, তৰাণী, বৰডুমছা, ডিৰাক আদি সন্ত্ৰাস জৰ্জৰিত অঞ্চলৰ তিনি শতাধিক যুৱক-যুৱতী আজিৰ এই সভাত উপস্থিত থাকে । আৰক্ষী সঞ্চালকপ্ৰধানজনে তিনিচুকীয়া জিলাৰ মৰাণ, মটক জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক মাৰাত্মক ড্ৰাগছ, কানি আদি পৰিহাৰ কৰি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ নীতি…
লখিমপুৰত জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত স্মাৰক পত্ৰ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১২ জুলাই : বিশ্বত দিনক দিনে বৃদ্ধি পাই অহা জনবিস্ফোৰণে গুৰুতৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে সোমবাৰে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ জিলা সমিতি, মহিলা শক্তি আৰু যুৱ শক্তিয়ে। জিলা উপায়ুক্তৰ জৰিয়তে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন প্রণয়নৰ দাবীত এই স্মাৰক পত্ৰ দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, আইন মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। সমিতিয়ে মুঠ ১১ টা দাবী সম্বলিত স্মাৰকপত্ৰখন প্ৰেৰণ…
তেজপুৰৰ ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ ৰটাৰী ক্লাৱৰ সন্মান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২জুলাই: ইতিমধ্যেই জীৱনৰ ৮০বছৰ অতিক্ৰম কৰা তথা ইয়াৰে ভিতৰত ৫০বছৰৰ অধিক দীঘলীয়া সময় চিকিৎসক হিচাপে দেশ তথা ৰাইজৰ সেৱাত অতিক্ৰম কৰা তেজপুৰৰ ১৫গৰাকী প্ৰবীন চিকিৎসক আৰু এগৰাকী নবীন চিকিৎসকক তেজপুৰত বিশেষভাবে সন্মানিত কৰা হয়। ৰাজ্য তথা দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সামাজিক অনুষ্ঠান ৰটাৰি ক্লাৱৰ উদ্যোগত তেজপুৰৰ এই ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ কালি আগবঢ়োৱা হয় স্বৰ্ণ সেৱা সন্মান। তেজপুৰৰ কে আৰ চি পেলেচত আয়োজিত এই অনুষ্ঠানত চিকিৎসক জীৱনত ৫০বছৰৰ অধিক কাল সৰ্বসাধাৰণ তথা দেশৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা বৰ্ষীয়ান চিকিৎসক…
ভট্টদেৱ বিশ্ববিদ্যালয়ত ভূগোল বিষয়ৰ অসমীয়া ভাষাৰ আলোচনী ‘ভৌগোলিকা’ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুলাইঃ উত্তৰ-পূৱ ভাৰতৰ ভূগোল সংস্থাৰ অসমীয়া ভাষাৰ একমাত্ৰ ভূগোল বিষয়ক আলোচনী ‘ভৌগোলিকা’ৰ ২১ সংখ্যক সংখ্যাটি আজি ভট্টদেৱ বিশ্ববিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত উন্মোচন হৈ যায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ তত্বাৱধানত প্ৰকাশ হোৱা এই আলোচনীখনৰ উন্মোচনী সভাত সভাপতিত্ব কৰে বিভাগীয় মুৰববী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰে। সভাত উন্মোচকৰ আসন অলংকৃত কৰে উত্তৰ-পূৱ ভাৰত ভূগোল সন্থাৰ সভাপতি অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক…
২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ জুলাইঃ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষ্যে লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই নিযুক্তি পত্র প্ৰদান কৰে। উল্লেখ যে নিম্ন প্রাথমিকত ১৯৩ টা পদত, উচ্চ প্রাথমিকত ৭৫ টা পদত আৰু উচ্চ প্রাথমিকৰ বিজ্ঞান শিক্ষকৰ ১২ টা পদত আজি নিযুক্তি দিয়া হয়। ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে…
