Browsing Category

অসম

চিকিৎসাধীন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰৰ নাৰ্চিং হ’মত উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩জুলাইঃ তেজপুৰৰ এখন ব্যয়বহুল নাৰ্চিং হ’ম টাইমছত আজি এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। তেজপুৰৰ নিকটৱৰ্তী টুমুকীৰ বীনা সূত(৬৫)নামৰ মহিলা গৰাকীক যোৱা ১১জুলাইত তেজপুৰৰ নাৰ্চিং হ’মখনত ভৰ্ত্তি কৰোৱা হৈছিল। মধুমেহ ৰোগত আক্ৰান্ত মহিলাগৰাকীক আই চি ইউত ভৰ্তি কৰাৰ বিপৰীতে কালিৰে পৰা তেওঁক হাতত দিয়া চেলাইন শৰীৰে গ্ৰহণ নকৰাত পাছত ডিঙিৰে চেলাইন দিয়াৰ ব্যৱস্থা কৰা হয়। অভিযোগ অনুসৰি, কালি বিয়লি ৰোগী গৰাকীৰ আত্মীয়ই তেওঁক চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ইয়াৰ অনুমতি দিয়া নহ’ল। ইপিনে…

মৃত্যুপুৰীত পৰিণত হোৱা নিচামুক্তি কেন্দ্ৰ বন্ধৰ নিৰ্দেশ তিনিচুকীয়া প্ৰশাসনৰ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ জুলাইঃ মৃত্যুপুৰীত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ কেতবোৰ নিচামুক্তি কিম্বা পুনৰসংস্থাপন কেন্দ্ৰৰ ক্ষেত্ৰত অৱশেষত কঠোৰ হ'বলৈ বাধ্য হ’ল জিলা প্ৰশাসন। উল্লেখ্য যে কোনো বৈধ অনুজ্ঞাপত্ৰ বা অনুমতি অবিহনে তথা কোনো অৰ্হতাসম্পন্ন পেছাদাৰী নোহোৱাকৈ চলাই থকা এনে নিচামুক্তি তথা পুনৰসংস্থাপন কেন্দ্ৰত অমানৱীয় ঘটনা সংঘটিত হোৱাৰ একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত তিনিচুকীয়া জিলা প্ৰশাসনৰ গা লৰা পৰিলক্ষিত হৈছে। এই কেন্দ্ৰবোৰত বাস কৰা আবাসীসকলৰ জীৱন তথা স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টিৰ সম্ভাৱনাৰ…

জাপানীজ এনকেফেলাইটিজ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱকলৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয়। গুৱাহাটীস্থিত এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ,…

নতুন নাম পালে কালাপাহাৰ আৰু চেৰাবভাটিয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। সেই অনুসৰি নতুন নামেৰে নামাকৰণ কৰা হ'ল গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাবভাটিৰ। বহু চৰ্চিত মহানগৰীৰ দুই স্থান কালাপাহাৰ আৰু চেৰাবভাটিৰ নতুন নাম প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে। বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই দুই স্থানৰ নাম। কালাপাহাৰৰ নতুন নাম হ'ব নীলাচল নগৰ আৰু চেৰাবভাটিৰ নতুন নাম হ'ব আৰ্য নগৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কালাপাহাত আৰু চেৰাবভাটিৰ…

যানবাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফী হ্ৰাস অসম চৰকাৰৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৩ জুলাইঃ ক'ভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যানবাহনৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে এককালীন নিষ্পত্তিৰ এক আঁচনি প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে যিসকলে ক'ভিড অতিমাৰীৰ কালছোৱাত সম্পূৰ্ণ লকডাউন প্ৰযোজ্য থকা হেতু সময়মতে গাড়ীৰ ফিটনেচ চাৰ্টিফিকেট নবীকৰণ কৰিব পৰা নাই তেওঁলোক নূন্যতম লেট ফী প্ৰদানেৰে এতিয়া এই কাম কৰিব পাৰিব। ইয়াৰ বাবে পৰিবহন বিভাগৰ সচিব আদিল খানে অধিসূচনা জাৰি কৰি জনাইছে যে যানবাহনৰ ফীটনেচ চাৰ্টিফিকেট নবীকৰণৰ বাবে লেট ফী হ্ৰাস কৰা হৈছে আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট সময়…

তিনিচুকীয়াত সংঘটিত ২ টা এনকাউন্টাৰ ঘটনাৰ তদন্ত ঘোষণা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাই : তিনিচুকীয়া আৰক্ষী থানাৰ অধীনত সংঘটিত দুটা ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা প্ৰশাসনে । তিনিচুকীয়াৰ উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়া ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰৰ ঘটনা দুটাৰ এটা সংঘটিত হৈছিল বিগত বৰ্ষৰ ২৪ নৱেম্বৰত আৰু আনটো সংঘটিত হৈছিল চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত । উল্লেখ্য যে বিগত বৰ্ষৰ ২৪ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৫.১৫ বজাত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তালাচী চলাই থকা আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ী চলাই উধাও হোৱাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিচুকীয়াৰ…

তেজপুৰৰ “কুকী স্কুল অব নাৰ্চিং” ৰ ডিগ্ৰী প্ৰদান আৰু শপতগ্ৰহণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ জুলাই : তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত ২০২১ চনত গঢ়ি উঠা "কুকী স্কুল অব নাৰ্চিং" ৰ পৰা আজি অতি আশাব্যঞ্জক ভাবে প্ৰথম বেটছৰ ৫০ গৰাকী শিক্ষাৰ্থীয়ে জি এন এম নাৰ্চিঙৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আনুষ্ঠানিক ভাবে ডিগ্ৰী প্ৰদান কৰা হয়।নাৰ্চিং প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক মুকেশ নাথে অনান্য আমন্ত্ৰিত অতিথি সকলৰ সৈতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে "শপত গ্ৰহণ আৰু ডিগ্ৰী প্ৰদান" ৰ এই বিশেষ অনুষ্ঠানটি ।ইয়াৰ আগেয়ে "কুকী স্কুল অব নাৰ্চিং" ৰ অধ্যক্ষা অৰুন্ধতী বৰুৱাই আদৰণী ভাষণ দাঙি ধৰা আৰু একাংশ শিক্ষাৰ্থীয়ে…

কলকাতাত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুলাই: 'বিভিন্ন শক্তিয়ে বিচ্ছিন্নতাবাদক পোষকতা কৰি অহাৰ সময়তে নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু ছেইণ্ট প'লচ কেথেড্রেল মিছন কলেজে বংগ-অসমৰ সম্পর্কক বৌদ্ধিকভাবে বলিষ্ঠ কৰি তুলিছে আৰু এয়া সম্প্ৰীতিৰ এক অনন্য নিদর্শন।' – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গবেষক ড° শেখ মকবুল ইচলামৰ । কলকাতাত এখন গ্ৰন্থ উন্মোচনী সভাত সঞ্চালকৰ আসনৰ পৰা এইদৰে কয়। কালি কলকাতাৰ ছেইণ্ট প'লচ কেথেডেল মিছা কলেজৰ সভাগৃহত নৰ্থ লখিমপুৰ কলেজৰ গবেষক পুবালী বৰা আৰু শোভাকৃষ্ণা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ছেইন্ট প'লচ কেথেড্রেল মিছন…

তিনিচুকীয়াৰ হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : তিনিচুকীয়া জিলাৰ মাকুমৰ ২ নং হেবেদা গাঁৱত এটা নাহৰফুটুকী বাঘক কেন্দ্ৰ কৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশে । উল্লেখ্য যে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা বাঘটোৱে সোমবাৰে বিয়লি মুকুট মৰাণ নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে । গাঁৱৰ ৰাইজে চিঞৰবাখৰ কৰাত বাঘটোৱে গাঁৱৰে এঘৰৰ বাৰীত থকা এজোপা বৃহৎ আম গছত আশ্ৰয় লয় । এই বিষয়ে ৰাইজে খবৰ দিয়াৰ পাছত লাংকাচি আৰক্ষী আৰু ডিগবৈ বন সংমণ্ডলৰ লোক গাওঁখনত উপস্থিত হয় । বাঘটো ট্ৰেংকুইলাইজ কৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা বন্যপ্ৰাণী বিশেষজ্ঞক…

তেজপুৰত একেলগে ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ,১২জুলাই: যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰোনমি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰবী অধ্যাপক তেজপুৰৰ এজন সুলেখক তথা কবি ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ আজি একেলগে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত উন্মোচন কৰা হয়। বিশিষ্ট লেখক তথা তেজপুৰ সাহিত্য চ’ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত আজি দিনৰ ১১-৩০বজাত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাখনত ড° চৌধুৰীৰ প্ৰৱন্ধৰ সংকলন ভাল কথা আৰু ভাল কাম উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই। একেদৰে বৰ্ষৰ…