Browsing Category

অসম

শোণিতপুৰ শিল্পী সমাজৰ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক প্ৰতিযোগিতাত বৰ্ণিলসাংস্কৃতিক অনুষ্ঠান

বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দৃষ্টিনন্দন নৃত্য আৰু সুৰীয়া গীতেৰে জীপাল হ'ল বাণ থিয়েটাৰৰ মঞ্চ। প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস আৰু ৰুণজুন ফুকনক সম্বৰ্ধনা শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ জুলাই :শোণিতপুৰ শিল্পী সমাজে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত দুদিনীয়াকৈ আয়োজন কৰা হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতাৰ মূল সাংস্কৃতিক অনুষ্ঠান, বঁটা বিতৰণী আৰু সম্বৰ্ধনাৰে কালি নিশা প্ৰায় ১০ বজাত সামৰণি পৰে। শোণিতপুৰ শিল্পী সমাজৰ মুখ্য উপদেষ্টা, বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা ৰচিত প্ৰবীণ কন্ঠশিল্পী কীৰ্তি…

মাকুম পৌৰসভাৰ কাৰ্য্যালয়ত চোৰৰ হাত চাফাই অভিযান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুলাই : স্মাৰ্ট অসম আৰক্ষীৰ নাকৰ তলতে চোৰে টিঘিলঘিলাই থকা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত এইবাৰ সাৰি ন’গল পৌৰসভাৰ কাৰ্য্যালয়ো । উল্লেখ্য যে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কেইবাদিনৰ পৰা চোৰৰ দলে মাকুমৰ ইখনৰ পাছত সিখন দোকানত সংঘটিত কৰি আহিছে চুৰি কাৰ্য । ইয়াৰ মাজতে যোৱা নিশা মাকুম পৌৰসভাৰ কাৰ্য্যালয়তো চোৰে তলা ভাঙি প্ৰবেশ কৰি হাত চাফাই অভিযান চলায় । নিশা চকীদাৰ উপস্থিত থকাৰ পাছতো মাকুম পৌৰসভাত সংঘটিত হয় এই চুৰিকাণ্ড । নিশা পৌৰসভাৰ কাৰ্য্যালয়ৰ তলা ভঙাৰ শব্দ শুনি চকীদাৰৰ দায়িত্বত থকা…

ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ জুলাই : সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে আজি সন্থাৰ ধেমাজি জিলা সমিতিয়েও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ধেমাজি নগৰস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ভৱনত জিলাখনৰ তিনি শতাধিক এজেণ্ট সমবেত হৈ চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় । সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি মুহিধৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন বাৰদফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।…

গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী পিযুষ হাজৰিকা

গুৱাহাটী,১১ জুলাইঃ সোমবাৰে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনৰ শ্ৰেণী কোঠা, নিৰ্মীয়মান বিদ্যালয় গৃহ আদি পৰ্যবেক্ষণ কৰে। তদুপৰি তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু শিক্ষক সকল সৈতে বিদ্যালয়খনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। লগতে তেওঁ বিদ্যালয়খনৰ সমস্যা সমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে। উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন…

What Next After 10th and 12th শীৰ্ষক কেৰিয়াৰ কৰ্মশালা সম্পন্ন

গুৱাহাটী, ১১ জুলাই : ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ১০ জুলাই তাৰিখে সন্ধিয়া ৮ বজাত "What Next After 10th and 12th" শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্তই মুকলি কৰিলে সাৰথি বাহন

উত্তৰ লখিমপুৰ, ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানে পৰিয়াল পৰিকল্পনা প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা সাৰথি বাহনখন সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত মন্তব্য ৰাখি জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক চৈতন্য বৰাই কয় যে যোৱা বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ২৭ জুন তাৰিখৰ পৰা ১০ জুলাই তাৰিখলৈ দম্পত্তি সম্পৰ্ক পষেক পালন কৰা হল আৰু ১১ জুলাইৰ পৰা ২৪ জুলাইলৈ জনসংখ্যা স্থবিৰতা পষেক পালন কৰা হব । দম্পত্তি সম্পৰ্ক পষেকৰ অধীনত যোগ্য দম্পত্তি সমূহক…

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৱেবিনাৰ সম্পন্ন

লখিমপুৰ,১১জুলাইঃ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু সংস্কাৰ ৰুৰেল ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সহযোগত আজি অনলাইন মাধ্যমেৰে এখন ৱেবিনাৰ অনুষ্ঠিত হৈ যায়।উক্ত ৱেবিনাৰ খনিত বৰ্তমান সময়ত অভাৱনীয় হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ প্ৰভাৱত বিশ্বত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে ভাষণ আগবঢ়াই জিলা পৰিয়াল পৰিকল্পনা বিভাগৰ সমন্বয়ক চৈতন্য বৰাই।তেওঁ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন উপায়ৰ বিষয়ে ভাষণ প্ৰদান কৰে।ইয়াৰ লগতে…

কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ধেমাজিৰ খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১০ জুলাই : ধেমাজি নগৰৰ নিকটৱৰ্তী এখন ঐতিহ্যপূৰ্ণ গাঁও খুৱলীয়া। গাঁওখনৰ ঐক্য-সম্প্ৰীতি আৰু বিগত বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো অনুষ্ঠিত কৰে এক অভিনন্দন অনুষ্ঠান।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা খুৱলীয়া গাঁৱৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক আজি খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । খুৱলীয়া গাঁৱৰ পৱিত্ৰ হৰিমন্দিৰত গাঁওখনৰ ১১ গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক একোখনকৈ সম্বৰ্ধনা পত্ৰৰ লগতে কিতাপৰ টোপোলা, কলম ফাইল…

অভিনৱ থিয়েটাৰৰ শিশু নাট কৰ্মশালা

উত্তৰ লখিমপুৰ, ১০ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালা এটা ১১ জুলাইৰ পৰা ২৫ জুলাইলৈকে প্ৰনৱ মহন্তৰ পৰিচালনাত পূৱ ফুলবাৰী যদুমণি কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আৰু আনটো অহা ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুণ কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হব। দুয়োটা কৰ্মশালাতে অসমৰ বহুকেইজন গণ্যমান্য নাট্য বিশেষজ্ঞই পাঠদান কৰিব। লখিমপুৰ জিলাৰ  শিশুক নাটকৰ ৰসস্বাদন কৰোৱাবলৈ অভিভাৱকলৈ অনুৰোধ জনাইছে অভিনৱ থিয়েটাৰৰ দয়ালকৃষ্ণ নাথে।

চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বিজয়ী প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ জুলাইঃ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকাই আজি দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিয়ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বিজয়ী অসমৰ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ১০ বছৰ পাছত অসমত পুনৰ টেবুল টেনিছে ইয়াৰ পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ সক্ষম হৈছে। এসময়ত এই খেলবিধত অসমৰ খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই…