Browsing Category
অসম
অভিনৱ থিয়েটাৰ শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ
উত্তৰ লখিমপুৰ, ১২ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত আয়োজন কৰা শিশু নাট কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুন কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা কৰ্মশালাৰ আজি এক উদ্বোধনী সভাৰে শুভ উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ফুলবাৰী শাখা সাহিত্য সভাৰ সভাপতি মহেশ্বৰ নাথ, নাওবৈচা শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য লোহিত নাথ, নাট্য কৰ্মী প্ৰনৱ মহন্ত,নাট্য কৰ্মী বিপুল নেওগে। অনুষ্ঠানৰ আতঁ ধৰে তৰুন কৃষ্ণ নাথে। এই…
তিনিচুকীয়ালৈ দক্ষতা বিকাশৰ বাবে আহিল ডি জি পি মহন্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : আজি তিনিচুকীয়াৰ হোলোং নামৰ হোটেলখনৰ প্ৰেক্ষাগৃহত জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত "দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকাৰ ওপৰত পৰামৰ্শসভাত মুখ্য পৰামৰ্শদাতাৰূপে অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । জিলাখনৰ পেঙেৰী, কাকপথাৰ, তৰাণী, বৰডুমছা, ডিৰাক আদি সন্ত্ৰাস জৰ্জৰিত অঞ্চলৰ তিনি শতাধিক যুৱক-যুৱতী আজিৰ এই সভাত উপস্থিত থাকে । আৰক্ষী সঞ্চালকপ্ৰধানজনে তিনিচুকীয়া জিলাৰ মৰাণ, মটক জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক মাৰাত্মক ড্ৰাগছ, কানি আদি পৰিহাৰ কৰি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ নীতি…
লখিমপুৰত জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত স্মাৰক পত্ৰ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১২ জুলাই : বিশ্বত দিনক দিনে বৃদ্ধি পাই অহা জনবিস্ফোৰণে গুৰুতৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে সোমবাৰে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ জিলা সমিতি, মহিলা শক্তি আৰু যুৱ শক্তিয়ে। জিলা উপায়ুক্তৰ জৰিয়তে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন প্রণয়নৰ দাবীত এই স্মাৰক পত্ৰ দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, আইন মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। সমিতিয়ে মুঠ ১১ টা দাবী সম্বলিত স্মাৰকপত্ৰখন প্ৰেৰণ…
তেজপুৰৰ ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ ৰটাৰী ক্লাৱৰ সন্মান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২জুলাই: ইতিমধ্যেই জীৱনৰ ৮০বছৰ অতিক্ৰম কৰা তথা ইয়াৰে ভিতৰত ৫০বছৰৰ অধিক দীঘলীয়া সময় চিকিৎসক হিচাপে দেশ তথা ৰাইজৰ সেৱাত অতিক্ৰম কৰা তেজপুৰৰ ১৫গৰাকী প্ৰবীন চিকিৎসক আৰু এগৰাকী নবীন চিকিৎসকক তেজপুৰত বিশেষভাবে সন্মানিত কৰা হয়। ৰাজ্য তথা দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সামাজিক অনুষ্ঠান ৰটাৰি ক্লাৱৰ উদ্যোগত তেজপুৰৰ এই ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ কালি আগবঢ়োৱা হয় স্বৰ্ণ সেৱা সন্মান। তেজপুৰৰ কে আৰ চি পেলেচত আয়োজিত এই অনুষ্ঠানত চিকিৎসক জীৱনত ৫০বছৰৰ অধিক কাল সৰ্বসাধাৰণ তথা দেশৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা বৰ্ষীয়ান চিকিৎসক…
ভট্টদেৱ বিশ্ববিদ্যালয়ত ভূগোল বিষয়ৰ অসমীয়া ভাষাৰ আলোচনী ‘ভৌগোলিকা’ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুলাইঃ উত্তৰ-পূৱ ভাৰতৰ ভূগোল সংস্থাৰ অসমীয়া ভাষাৰ একমাত্ৰ ভূগোল বিষয়ক আলোচনী ‘ভৌগোলিকা’ৰ ২১ সংখ্যক সংখ্যাটি আজি ভট্টদেৱ বিশ্ববিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত উন্মোচন হৈ যায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ তত্বাৱধানত প্ৰকাশ হোৱা এই আলোচনীখনৰ উন্মোচনী সভাত সভাপতিত্ব কৰে বিভাগীয় মুৰববী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰে। সভাত উন্মোচকৰ আসন অলংকৃত কৰে উত্তৰ-পূৱ ভাৰত ভূগোল সন্থাৰ সভাপতি অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক…
২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ জুলাইঃ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৮০গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষ্যে লোক নিৰ্মাণ বিভাগৰ দিছপুৰস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই নিযুক্তি পত্র প্ৰদান কৰে। উল্লেখ যে নিম্ন প্রাথমিকত ১৯৩ টা পদত, উচ্চ প্রাথমিকত ৭৫ টা পদত আৰু উচ্চ প্রাথমিকৰ বিজ্ঞান শিক্ষকৰ ১২ টা পদত আজি নিযুক্তি দিয়া হয়। ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে…
শোণিতপুৰ শিল্পী সমাজৰ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক প্ৰতিযোগিতাত বৰ্ণিলসাংস্কৃতিক অনুষ্ঠান
বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দৃষ্টিনন্দন নৃত্য আৰু সুৰীয়া গীতেৰে জীপাল হ'ল বাণ থিয়েটাৰৰ মঞ্চ। প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস আৰু ৰুণজুন ফুকনক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ জুলাই :শোণিতপুৰ শিল্পী সমাজে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত দুদিনীয়াকৈ আয়োজন কৰা হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতাৰ মূল সাংস্কৃতিক অনুষ্ঠান, বঁটা বিতৰণী আৰু সম্বৰ্ধনাৰে কালি নিশা প্ৰায় ১০ বজাত সামৰণি পৰে। শোণিতপুৰ শিল্পী সমাজৰ মুখ্য উপদেষ্টা, বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা ৰচিত প্ৰবীণ কন্ঠশিল্পী কীৰ্তি…
মাকুম পৌৰসভাৰ কাৰ্য্যালয়ত চোৰৰ হাত চাফাই অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুলাই : স্মাৰ্ট অসম আৰক্ষীৰ নাকৰ তলতে চোৰে টিঘিলঘিলাই থকা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত এইবাৰ সাৰি ন’গল পৌৰসভাৰ কাৰ্য্যালয়ো । উল্লেখ্য যে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কেইবাদিনৰ পৰা চোৰৰ দলে মাকুমৰ ইখনৰ পাছত সিখন দোকানত সংঘটিত কৰি আহিছে চুৰি কাৰ্য । ইয়াৰ মাজতে যোৱা নিশা মাকুম পৌৰসভাৰ কাৰ্য্যালয়তো চোৰে তলা ভাঙি প্ৰবেশ কৰি হাত চাফাই অভিযান চলায় । নিশা চকীদাৰ উপস্থিত থকাৰ পাছতো মাকুম পৌৰসভাত সংঘটিত হয় এই চুৰিকাণ্ড । নিশা পৌৰসভাৰ কাৰ্য্যালয়ৰ তলা ভঙাৰ শব্দ শুনি চকীদাৰৰ দায়িত্বত থকা…
ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ জুলাই : সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে আজি সন্থাৰ ধেমাজি জিলা সমিতিয়েও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ধেমাজি নগৰস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ভৱনত জিলাখনৰ তিনি শতাধিক এজেণ্ট সমবেত হৈ চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় । সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি মুহিধৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন বাৰদফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।…
গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী পিযুষ হাজৰিকা
গুৱাহাটী,১১ জুলাইঃ সোমবাৰে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনৰ শ্ৰেণী কোঠা, নিৰ্মীয়মান বিদ্যালয় গৃহ আদি পৰ্যবেক্ষণ কৰে। তদুপৰি তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু শিক্ষক সকল সৈতে বিদ্যালয়খনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। লগতে তেওঁ বিদ্যালয়খনৰ সমস্যা সমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে। উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন…
