Browsing Category
অসম
What Next After 10th and 12th শীৰ্ষক কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ১১ জুলাই : ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত ১০ জুলাই তাৰিখে সন্ধিয়া ৮ বজাত "What Next After 10th and 12th" শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা…
বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্তই মুকলি কৰিলে সাৰথি বাহন
উত্তৰ লখিমপুৰ, ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানে পৰিয়াল পৰিকল্পনা প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা সাৰথি বাহনখন সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰে ।
উক্ত অনুষ্ঠানত মন্তব্য ৰাখি জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক চৈতন্য বৰাই কয় যে যোৱা বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ২৭ জুন তাৰিখৰ পৰা ১০ জুলাই তাৰিখলৈ দম্পত্তি সম্পৰ্ক পষেক পালন কৰা হল আৰু ১১ জুলাইৰ পৰা ২৪ জুলাইলৈ জনসংখ্যা স্থবিৰতা পষেক পালন কৰা হব । দম্পত্তি সম্পৰ্ক পষেকৰ অধীনত যোগ্য দম্পত্তি সমূহক…
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৱেবিনাৰ সম্পন্ন
লখিমপুৰ,১১জুলাইঃ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু সংস্কাৰ ৰুৰেল ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সহযোগত আজি অনলাইন মাধ্যমেৰে এখন ৱেবিনাৰ অনুষ্ঠিত হৈ যায়।উক্ত ৱেবিনাৰ খনিত বৰ্তমান সময়ত অভাৱনীয় হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ প্ৰভাৱত বিশ্বত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে ভাষণ আগবঢ়াই জিলা পৰিয়াল পৰিকল্পনা বিভাগৰ সমন্বয়ক চৈতন্য বৰাই।তেওঁ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন উপায়ৰ বিষয়ে ভাষণ প্ৰদান কৰে।ইয়াৰ লগতে…
কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ধেমাজিৰ খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১০ জুলাই : ধেমাজি নগৰৰ নিকটৱৰ্তী এখন ঐতিহ্যপূৰ্ণ গাঁও খুৱলীয়া। গাঁওখনৰ ঐক্য-সম্প্ৰীতি আৰু বিগত বছৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো অনুষ্ঠিত কৰে এক অভিনন্দন অনুষ্ঠান।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা খুৱলীয়া গাঁৱৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক আজি খুৱলীয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । খুৱলীয়া গাঁৱৰ পৱিত্ৰ হৰিমন্দিৰত গাঁওখনৰ ১১ গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক একোখনকৈ সম্বৰ্ধনা পত্ৰৰ লগতে কিতাপৰ টোপোলা, কলম ফাইল…
অভিনৱ থিয়েটাৰৰ শিশু নাট কৰ্মশালা
উত্তৰ লখিমপুৰ, ১০ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালা এটা ১১ জুলাইৰ পৰা ২৫ জুলাইলৈকে প্ৰনৱ মহন্তৰ পৰিচালনাত পূৱ ফুলবাৰী যদুমণি কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আৰু আনটো অহা ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুণ কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হব। দুয়োটা কৰ্মশালাতে অসমৰ বহুকেইজন গণ্যমান্য নাট্য বিশেষজ্ঞই পাঠদান কৰিব। লখিমপুৰ জিলাৰ শিশুক নাটকৰ ৰসস্বাদন কৰোৱাবলৈ অভিভাৱকলৈ অনুৰোধ জনাইছে অভিনৱ থিয়েটাৰৰ দয়ালকৃষ্ণ নাথে।
চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বিজয়ী প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ জুলাইঃ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকাই আজি দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিয়ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বিজয়ী অসমৰ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ১০ বছৰ পাছত অসমত পুনৰ টেবুল টেনিছে ইয়াৰ পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ সক্ষম হৈছে। এসময়ত এই খেলবিধত অসমৰ খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই…
লখিমপুৰৰ সোৱণশিৰি নদীৰ খাবলু ঘাটত ৯টাকৈ এয়াৰ গান উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ জুলাইঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত সোৱণশিৰিৰ খাবলুঘাটত আজি আৰু কালি বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰ হোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ খাবলু ঘাটৰ আলিছিগাত পানী যুঁৱলিত কালি ৭টাকৈ এয়াৰগান উদ্ধাৰ হোৱাৰ পিছত আজি পুৱা পুনৰ এটা এয়াৰগান আৰু এটা এয়াৰ পিষ্টল উদ্ধাৰ হয়। কালি স্থানীয় মাছমৰীয়াই এই এয়াৰ গান সমূহ পানী যুঁৱলিত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকে উক্ত স্থানত আৰু অস্ত্ৰ থকাৰ সন্দেহ কৰি অনুসন্ধান কৰাত আজি পুনৰ দুটাকৈ বন্দুক উদ্ধাৰ…
তেজপুৰত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয় মুকলি
শতাব্দ প্ৰতিনিধি তেজপুৰ,৯জুলাই: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেজপুৰ পৰোৱাত নিৰ্মাণ কৰা এশখন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়খন আজিৰ পৰা কাৰ্যক্ষম কৰা হৈছে। উল্লেখযোগ্য যে,২০১১তে আধাৰশিলা স্থাপন হোৱা আৰু প্ৰায় আঠ বছৰৰ পাছত নিৰ্মাণ সম্পূৰ্ণ হোৱা এইখন প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খন যোৱা দুবছৰে ক’ভিদ চিকিৎসা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সম্প্ৰতি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা পৰোৱালৈ স্থানান্তৰ কৰা প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খন আজি পুৱা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ…
তেজপুৰত ভুৱা সেনা বিষয়া গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯জুলাই: দীৰ্ঘদিনে নিজকে সেনা বিষয়াৰূপে পৰিচয় দি অহা এক প্ৰৱঞ্চকক সেনাৰ সহযোগত তেজপুৰত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। উল্লেখযোগ্য যে,তেজপুৰ শ'লমৰাৰ জীয়াবুল ইছলাম নামৰ এই ভুৱা সেনা বিষয়াই প্ৰকৃত সেনা বিষয়াৰ দৰে আদৱ-কায়দাৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এসময়ত সমীপৰ শ'লমৰাস্থিত সেনা চাউনীত কোনো সেনা বিষয়াৰ ঘৰত ৰান্ধনীৰ কাম কৰাৰ সুবাদতে সেনা চাউনীলৈ যাতায়াত কৰাৰ বাবে লাভ কৰিছিল অনুমতিপত্ৰ তথা প্ৰৱেশদ্বাৰৰ পাৰপত্ৰ। সেই সূত্ৰে দুই-এজন সেনা বিষয়াৰে চিনাকী…
তেজপুৰত ৰাজু বৰুৱাৰ গল্প সংকলন “শিৰীষে মাতে, তেজে মাতে” উন্মোচন
চুটি গল্প ঊনবিংশ শতিকাৰ অভিনৱ সৃষ্টি - ড০ ভূপেন শইকীয়াঃ
গ্ৰন্থখনে মানুহৰ মৌলিক চিন্তাধাৰাত টুকুৰীয়াই যাব - -বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : এগৰাকী বিশিষ্ট কবি তথা চিন্তাশীল লেখিকা ৰাজু বৰুৱাই বিভিন্ন সময়ত ৰচনা কৰা একাংশ গল্প একত্ৰিত কৰি প্ৰকাশ কৰি উলিওৱা "শিৰীষে মাতে, তেজে মাতে" শীৰ্ষক এখন গল্প সংকলন আজি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি, বিশিষ্ট ঔপন্যাসিক তথা নগাঁৱৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত…
