Browsing Category
অসম
লখিমপুৰৰ সোৱণশিৰি নদীৰ খাবলু ঘাটত ৯টাকৈ এয়াৰ গান উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ জুলাইঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত সোৱণশিৰিৰ খাবলুঘাটত আজি আৰু কালি বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰ হোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ খাবলু ঘাটৰ আলিছিগাত পানী যুঁৱলিত কালি ৭টাকৈ এয়াৰগান উদ্ধাৰ হোৱাৰ পিছত আজি পুৱা পুনৰ এটা এয়াৰগান আৰু এটা এয়াৰ পিষ্টল উদ্ধাৰ হয়। কালি স্থানীয় মাছমৰীয়াই এই এয়াৰ গান সমূহ পানী যুঁৱলিত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকে উক্ত স্থানত আৰু অস্ত্ৰ থকাৰ সন্দেহ কৰি অনুসন্ধান কৰাত আজি পুনৰ দুটাকৈ বন্দুক উদ্ধাৰ…
তেজপুৰত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয় মুকলি
শতাব্দ প্ৰতিনিধি তেজপুৰ,৯জুলাই: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেজপুৰ পৰোৱাত নিৰ্মাণ কৰা এশখন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়খন আজিৰ পৰা কাৰ্যক্ষম কৰা হৈছে। উল্লেখযোগ্য যে,২০১১তে আধাৰশিলা স্থাপন হোৱা আৰু প্ৰায় আঠ বছৰৰ পাছত নিৰ্মাণ সম্পূৰ্ণ হোৱা এইখন প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খন যোৱা দুবছৰে ক’ভিদ চিকিৎসা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সম্প্ৰতি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা পৰোৱালৈ স্থানান্তৰ কৰা প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয়খন আজি পুৱা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ…
তেজপুৰত ভুৱা সেনা বিষয়া গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯জুলাই: দীৰ্ঘদিনে নিজকে সেনা বিষয়াৰূপে পৰিচয় দি অহা এক প্ৰৱঞ্চকক সেনাৰ সহযোগত তেজপুৰত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। উল্লেখযোগ্য যে,তেজপুৰ শ'লমৰাৰ জীয়াবুল ইছলাম নামৰ এই ভুৱা সেনা বিষয়াই প্ৰকৃত সেনা বিষয়াৰ দৰে আদৱ-কায়দাৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এসময়ত সমীপৰ শ'লমৰাস্থিত সেনা চাউনীত কোনো সেনা বিষয়াৰ ঘৰত ৰান্ধনীৰ কাম কৰাৰ সুবাদতে সেনা চাউনীলৈ যাতায়াত কৰাৰ বাবে লাভ কৰিছিল অনুমতিপত্ৰ তথা প্ৰৱেশদ্বাৰৰ পাৰপত্ৰ। সেই সূত্ৰে দুই-এজন সেনা বিষয়াৰে চিনাকী…
তেজপুৰত ৰাজু বৰুৱাৰ গল্প সংকলন “শিৰীষে মাতে, তেজে মাতে” উন্মোচন
চুটি গল্প ঊনবিংশ শতিকাৰ অভিনৱ সৃষ্টি - ড০ ভূপেন শইকীয়াঃ
গ্ৰন্থখনে মানুহৰ মৌলিক চিন্তাধাৰাত টুকুৰীয়াই যাব - -বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : এগৰাকী বিশিষ্ট কবি তথা চিন্তাশীল লেখিকা ৰাজু বৰুৱাই বিভিন্ন সময়ত ৰচনা কৰা একাংশ গল্প একত্ৰিত কৰি প্ৰকাশ কৰি উলিওৱা "শিৰীষে মাতে, তেজে মাতে" শীৰ্ষক এখন গল্প সংকলন আজি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি, বিশিষ্ট ঔপন্যাসিক তথা নগাঁৱৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত…
সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতাৰ শুভাৰম্ভ
"শোণিতপুৰ শিল্পী সমাজ" ২১ সংখ্যক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক - সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে স্মৰণ প্ৰতিষ্ঠা কালৰ কাণ্ডাৰী গৰাকীক
শোণিতপুৰ শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়াক স্মৃতি তৰ্পনেৰে সোঁৱৰণ
হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱাই শুভাৰম্ভ কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
সাংস্কৃতিক দায়ৱদ্ধতাৰে তেজপুৰত যাউতিযুগীয়া অনুষ্ঠান হৈ ৰ'ব শোণিতপুৰ শিল্পী সমাজ - - পৃথ্বিৰাজ ৰাভা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : সমগ্ৰ তেজপুৰবাসীৰ লগতে ৰাজ্যখনৰে অতি জনপ্ৰিয়, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক আজি…
ক’ভিডত দুজনৰ মৃত্যু, আক্ৰান্তৰ হাৰ ১১.২০ শতাংশলৈ বৃদ্ধি
বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ জন লোক কৰ'নাত আক্ৰান্ত। কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত দুজনৰ মৃত্যু। ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ জনলৈ বৃদ্ধি। ক'ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ক'ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু। সম্প্ৰতি ৰাজ্যখনত ক'ভিডৰ যিটো ভেৰিয়েণ্টৰ সংক্রমণ চলি আছে সেইটো যথেষ্ট দুৰ্বল।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক'ভিডৰ সংক্ৰমণ। ৰাজ্যত…
তেজপুৰত সংগীত নাটক অকাদেমীৰ সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ জুলাই :সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, সংগীত নাটক অকাদেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞাৰ জৰিয়তে যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ তেজপুৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ আজি কণ কণ প্ৰশিক্ষাৰ্থী সকলৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে সামৰণি পৰে। উল্লেখ্য যে, তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "সপ্তাশ্ব" ৰ উদ্যোগত আৰু সংগীত নাটক অকাদেমীৰ অৰ্থ সাহাৰ্য্যত সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ আজিৰ সামৰণি অনুষ্ঠানত ওডিছী নৃত্যৰ বিশিষ্ট শিল্পী, ড°…
উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থাৰ এদিনীয়া চুটি ছবি মহোৎসৱ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাই: উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থা চমুকৈ 'নেফটা'ৰ উদ্যোগত ৪ ডিচেম্বৰত এদিনীয়াকৈ প্ৰথম নেফটা চুটি ছবি মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ প্ৰদৰ্শন কৰা হ'ব। ছবি মহোৎসৱৰ লগত সংগতি এখন স্মৰণিকা প্ৰকাশ কৰা হ'ব। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেল এই কথা সদৰি কৰে মহোৎসৱৰ সঞ্চালক শিবানন বৰুৱাই। তেওঁ কয় যে এই চুটি ছবি প্ৰতিযোগিতা দুটা শিতানত অনুষ্ঠিত হ'ব। 'ক' শিতানত অধিকতম দহ মিনিট আৰু 'খ' শিতানৰ বাবে অধিকতম…
ৰাজ্যত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিড
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক'ভিড। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১১৩৮জনলৈ বৃদ্ধি হৈছে। অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৭৩জন লোক কৰ'নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ হাৰ ১০.৩৮ শতাংশ। বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত এজনৰ মৃত্যু হয়। কামৰূপ মহানগৰ জিলাত ২৪ ঘণ্টাত ১০০জন লোক কৰ'নাত আক্ৰান্ত হৈছে। ঠিক তেনেদৰে কামৰূপত ৪৬ জন, ডিব্ৰুগড়ত ২৮ জন, দৰং জিলাত ১৭ জন লোক নতুনকৈ…
তেজপুৰৰ প্ৰবীণ খেলুৱৈ অনু লহকৰ ডেকাৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭জুলাই: তেজপুৰ জিলা ভলীবল দলৰ এগৰাকী সদস্যা হিচাপে দুবাৰকৈ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত অংশ লোৱা সুদক্ষ মহিলা ভলীবল খেলুৱৈ আৰু এথলেট অনু লহকৰ ডেকা(৬৩)ৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটিছে।তেজপুৰৰ মিছন চাৰিআলিৰ সমীপৱৰ্তী শুক্লেশ্বৰ নগৰ নিবাসী তথা ১৯৫৯ত জন্ম গ্ৰহণ কৰা এইগৰাকী ভলীবল খেলুৱৈয়ে ১৯৭৬ত শিৱসাগৰত আৰু ১৯৭৭ত তেতিয়াৰ অবিভক্ত শোণিতপুৰৰ হাৱাজানত অনুষ্ঠিত হোৱা আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত তেজপুৰৰ জিলা মহিলা ভলীবল দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যা হিচাপে অংশ লৈ দক্ষতাৰ পৰিচয় দিছিল। তদুপৰি এথেলেট হিচাপে দৌৰতো…
