Browsing Category

অসম

সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতাৰ শুভাৰম্ভ

 "শোণিতপুৰ শিল্পী সমাজ" ২১ সংখ্যক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক - সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে স্মৰণ প্ৰতিষ্ঠা কালৰ কাণ্ডাৰী গৰাকীক শোণিতপুৰ শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়াক স্মৃতি তৰ্পনেৰে সোঁৱৰণ হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱাই শুভাৰম্ভ কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সাংস্কৃতিক দায়ৱদ্ধতাৰে তেজপুৰত যাউতিযুগীয়া অনুষ্ঠান হৈ ৰ'ব শোণিতপুৰ শিল্পী সমাজ - - পৃথ্বিৰাজ ৰাভা শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : সমগ্ৰ তেজপুৰবাসীৰ লগতে ৰাজ্যখনৰে অতি জনপ্ৰিয়, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক আজি…

ক’ভিডত দুজনৰ মৃত্যু, আক্ৰান্তৰ হাৰ ১১.২০ শতাংশলৈ বৃদ্ধি

বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ জন লোক কৰ'নাত আক্ৰান্ত। কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত দুজনৰ মৃত্যু। ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ জনলৈ বৃদ্ধি। ক'ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ক'ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু। সম্প্ৰতি ৰাজ্যখনত ক'ভিডৰ যিটো ভেৰিয়েণ্টৰ সংক্রমণ চলি আছে সেইটো যথেষ্ট দুৰ্বল। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক'ভিডৰ সংক্ৰমণ। ৰাজ্যত…

তেজপুৰত সংগীত নাটক অকাদেমীৰ সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ জুলাই :সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, সংগীত নাটক অকাদেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞাৰ জৰিয়তে যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ তেজপুৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ আজি কণ কণ প্ৰশিক্ষাৰ্থী সকলৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে সামৰণি পৰে। উল্লেখ্য যে, তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "সপ্তাশ্ব" ৰ উদ্যোগত আৰু সংগীত নাটক অকাদেমীৰ অৰ্থ সাহাৰ্য্যত সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ আজিৰ সামৰণি অনুষ্ঠানত ওডিছী নৃত্যৰ বিশিষ্ট শিল্পী, ড°…

উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থাৰ এদিনীয়া চুটি ছবি মহোৎসৱ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাই: উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থা চমুকৈ 'নেফটা'ৰ উদ্যোগত ৪ ডিচেম্বৰত এদিনীয়াকৈ প্ৰথম নেফটা চুটি ছবি মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ প্ৰদৰ্শন কৰা হ'ব। ছবি মহোৎসৱৰ লগত সংগতি এখন স্মৰণিকা প্ৰকাশ কৰা হ'ব। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেল এই কথা সদৰি কৰে মহোৎসৱৰ সঞ্চালক শিবানন বৰুৱাই। তেওঁ কয় যে এই চুটি ছবি প্ৰতিযোগিতা দুটা শিতানত অনুষ্ঠিত হ'ব। 'ক' শিতানত অধিকতম দহ মিনিট আৰু 'খ' শিতানৰ বাবে অধিকতম…

ৰাজ্যত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিড

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক'ভিড। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১১৩৮জনলৈ বৃদ্ধি হৈছে। অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৭৩জন লোক কৰ'নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ হাৰ ১০.৩৮ শতাংশ। বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত এজনৰ মৃত্যু হয়। কামৰূপ মহানগৰ জিলাত ২৪ ঘণ্টাত ১০০জন লোক কৰ'নাত আক্ৰান্ত হৈছে। ঠিক তেনেদৰে কামৰূপত ৪৬ জন, ডিব্ৰুগড়ত ২৮ জন, দৰং জিলাত ১৭ জন লোক নতুনকৈ…

তেজপুৰৰ প্ৰবীণ খেলুৱৈ অনু লহকৰ ডেকাৰ বিয়োগ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭জুলাই: তেজপুৰ জিলা ভলীবল দলৰ এগৰাকী সদস্যা হিচাপে দুবাৰকৈ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত অংশ লোৱা সুদক্ষ মহিলা ভলীবল খেলুৱৈ আৰু এথলেট অনু লহকৰ ডেকা(৬৩)ৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটিছে।তেজপুৰৰ মিছন চাৰিআলিৰ সমীপৱৰ্তী শুক্লেশ্বৰ নগৰ নিবাসী তথা ১৯৫৯ত জন্ম গ্ৰহণ কৰা এইগৰাকী ভলীবল খেলুৱৈয়ে ১৯৭৬ত শিৱসাগৰত আৰু ১৯৭৭ত তেতিয়াৰ অবিভক্ত শোণিতপুৰৰ হাৱাজানত অনুষ্ঠিত হোৱা আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত তেজপুৰৰ জিলা মহিলা ভলীবল দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যা হিচাপে অংশ লৈ দক্ষতাৰ পৰিচয় দিছিল। তদুপৰি এথেলেট হিচাপে দৌৰতো…

তেজপুৰত ধঁপাতমুক্ত এলেকা ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৭ জুলাই : শোণিতপুৰ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ আৰু শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু এ.ডি.আৰ কেন্দ্ৰৰ কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি উল্লেখিত কাৰ্যালয়ৰ চৌহদত ধূমপান কৰা, ধঁপাত, ধঁপাত যুক্ত সামগ্ৰী যেনে গুটখা আদিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ তৎকালীনভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে আৰু এই আদেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব

সদ্ভাৱনা প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সদ্ভাৱনা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে সদ্ভাৱনা প্ৰকল্প ৰূপায়ণৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি নিষ্পত্তিবিহীনভাৱে পৰি থকা ফাইলসমূহ নিষ্পত্তি কৰাৰ বাবে ৰাজ্য চৰকাৰে এই প্রকল্প আৰম্ভ কৰিছে। জনসাধাৰণৰ ফাইলসমূহ এক নিকা তথা দ্রুত ব্যৱস্থাৰে নিষ্পত্তি…

অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩২৪.৪০ কোটি টকা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা অসমক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয় চৰকাৰে বছৰটোৰ পুঁজিৰ দ্বিতীয়টো অংশ আজি মুকলি কৰি দিয়ে। আজি টুইটযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছ ডি আৰ এফ)ৰ অগ্ৰিম অংশ হিচাপে ৩২৪.৪০ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে…

লখিমপুৰৰ ভূমিত অৰুণাচলীয়ে খান্দিছে বৃহৎ পুখুৰী, হাল বাই বেদখল কৰিছে কৃষি পথাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ জুলাইঃ  লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱাৰ লগতে এতিয়া অৰুণাচলীয়ে অসমৰ ৰাজহ ভূমিত কৃষি পথাৰ মুকলি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খন্দি বেদখল আৰম্ভ কৰিছে। বিশেষকৈ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্ৰোৰপাং অঞ্চলত অৰুণাচলীয়ে এতিয়া অসমৰ ৰাজহ ভূমিত বৃহৎ বৃহৎ পুখুৰী খান্দি বেদখল অব্যাহত ৰাখিছে যদিও লখিমপুৰ জিলা প্ৰশাসনে উক্ত আগ্রাসন ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে। অৰুণাচলীয়ে অসমৰ বনাঞ্চল ধ্বংস কৰাৰ সমান্তৰাল ভাবে বিহপুৰীয়া বন খণ্ডৰ অন্তৰ্গত দ্ৰোপাং অঞ্চলত…