Browsing Category
অসম
তেজপুৰত ধঁপাতমুক্ত এলেকা ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৭ জুলাই : শোণিতপুৰ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ আৰু শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু এ.ডি.আৰ কেন্দ্ৰৰ কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি উল্লেখিত কাৰ্যালয়ৰ চৌহদত ধূমপান কৰা, ধঁপাত, ধঁপাত যুক্ত সামগ্ৰী যেনে গুটখা আদিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ তৎকালীনভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে আৰু এই আদেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব
সদ্ভাৱনা প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সদ্ভাৱনা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে সদ্ভাৱনা প্ৰকল্প ৰূপায়ণৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি নিষ্পত্তিবিহীনভাৱে পৰি থকা ফাইলসমূহ নিষ্পত্তি কৰাৰ বাবে ৰাজ্য চৰকাৰে এই প্রকল্প আৰম্ভ কৰিছে। জনসাধাৰণৰ ফাইলসমূহ এক নিকা তথা দ্রুত ব্যৱস্থাৰে নিষ্পত্তি…
অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩২৪.৪০ কোটি টকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা অসমক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয় চৰকাৰে বছৰটোৰ পুঁজিৰ দ্বিতীয়টো অংশ আজি মুকলি কৰি দিয়ে। আজি টুইটযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছ ডি আৰ এফ)ৰ অগ্ৰিম অংশ হিচাপে ৩২৪.৪০ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে…
লখিমপুৰৰ ভূমিত অৰুণাচলীয়ে খান্দিছে বৃহৎ পুখুৰী, হাল বাই বেদখল কৰিছে কৃষি পথাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ জুলাইঃ লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱাৰ লগতে এতিয়া অৰুণাচলীয়ে অসমৰ ৰাজহ ভূমিত কৃষি পথাৰ মুকলি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খন্দি বেদখল আৰম্ভ কৰিছে। বিশেষকৈ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্ৰোৰপাং অঞ্চলত অৰুণাচলীয়ে এতিয়া অসমৰ ৰাজহ ভূমিত বৃহৎ বৃহৎ পুখুৰী খান্দি বেদখল অব্যাহত ৰাখিছে যদিও লখিমপুৰ জিলা প্ৰশাসনে উক্ত আগ্রাসন ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে। অৰুণাচলীয়ে অসমৰ বনাঞ্চল ধ্বংস কৰাৰ সমান্তৰাল ভাবে বিহপুৰীয়া বন খণ্ডৰ অন্তৰ্গত দ্ৰোপাং অঞ্চলত…
চালকক ঠগি তেজপুৰৰ পৰা গাড়ী লৈ উধাও হোৱা আশীষক কৰায়ত্ত বিশ্বনাথত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭জুলাই: মেঘালয়ৰ পৰা আহি পাঁচ জুলাইত গুৱাহাটীত এএছ০১জিচি০৩৭৭নম্বৰৰ চুইফট ডিজায়াৰ ভাড়াত লৈ নিশা তেজপুৰত উপস্থিত হোৱা মেঘালয়ৰ আশীষ বৰা লিংড’(৩৬)নামৰ এক গাড়ীচোৰক অৱশেষত কালি সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে,কালি পুৱাৰে পৰা গাড়ীখন লৈ তেজপুৰৰ বিভিন্ন অঞ্চলত ঘূৰি দুপৰীয়া তেজপুৰৰ দোলাবাৰীত থকা মছজিদৰ ওচৰত চালকক গাড়ীখন ৰখাবলৈ দি সেই অঞ্চলত এজন মানুহক সন্ধান কৰিবলৈ কয় চালকজনক। গাড়ীৰ ষ্টাৰ্ট বন্ধ নকৰাকৈ চালকক নামিবলৈ কোৱাত চালকজন নমাৰ পাছতেই গাড়ীত বহি…
নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১গৰাকী কৰ্মচাৰীৰ বাবে ৮১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সুদীৰ্ঘ পাঁচ বছৰ পাছত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিলে আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে অৱশেষত আজি নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক প্ৰদান কৰিলে আৰ্থিক সাহায্য। এই উপলক্ষ্যে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাগজ কল দুটাৰ কৰ্মচাৰী সকলক আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজহুৱাখণ্ডৰ দুয়োটা…
অসম চিকিৎসা মহাবিদ্যালয় : শীঘ্ৰেই মুকলি হ’ব স্মৃতি ডাকটিকট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব এটা স্মৃতি ডাকটিকট। কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক পত্ৰযোগে এই কথা জনাইছে কেন্দ্রীয় ৰে’ল, যোগাযোগ আৰু বৈদ্যুতিন আৰু তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে। ২০২২ চনৰ ১ এপ্ৰিলত অসমৰ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এটা স্মৃতি ডাকটিকট জাৰি কৰাৰ সন্দৰ্ভত তেলীয়ে বৈষ্ণৱলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। পত্ৰখনত বৈষ্ণৱে তেলীক জনাইছে…
মেট্ৰিকৰ ৰিজাল্ট বেয়া কিয়ঃ তিনিচুকীয়াত প্ৰশাসনৰ পৰ্য্যালোচনা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ উপস্থিতিত জিলাখনৰ ৩৯ খন বিদ্যালয়ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মঙ্গলবাৰে এক পৰ্য্যালোচনা কৰা হয়। পৰ্য্যালোচনা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলে নিজ বিদ্যালয়ৰ বেয়া ফলাফলৰ কাৰণসমূহ উপস্থাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত ভাল ফলাফল লাভৰ বাবে কেনেধৰণৰ পদক্ষেপ ল’ব সেই বিষয়ে উল্লেখ কৰে । মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত…
উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সমস্যাৰাজিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই
জনতা ভৱনত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে আলোচনা মন্ত্রী পীযুষ হাজৰিকাৰ। ৰাজ্য চৰকাৰৰ এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্গত দিব্যাংগসকলৰ বাবে সংৰক্ষিত পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ আশ্বাস। সন্থাৰ দ্বাৰা উত্থাপিত বিষয়সমূহত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ জনতা ভৱনৰ কাৰ্যালয়ত আজি জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনাত মিলিত হয়।…
বান সমস্যাৰ স্থায়ী সমাধান আৰু বিমান বন্দৰক ৰূপকোঁৱৰৰ নামকৰণৰ দাবীৰে তেজপুৰত সংগীতৰ যাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুলাই: আজি দিনৰ ১২.৩০ বজাত তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰ চৌহদত ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধান তথা তেজপুৰ বিমান বন্দৰ ৰূপ কোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ নামত নামকৰনৰ দাবীত এক সংগীতৰ যাত্রা কার্যসূচী ৰূপায়ন কৰা হয় ।এই অনুষ্ঠানত সংগীতৰ যাত্ৰাৰ আহ্বায়ক সন্দীপ চমৰীয়াই গীতৰ দ্বাৰাই এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে ৰাজহুৱা আহ্বান জনায় । বছৰি ৰাজ্যখনক বানে কেনেদৰে বিপৰ্যস্ত কৰিছে সেই বিষয়েও গীতৰ জৰিয়তেই প্ৰকাশ কৰি তেওঁ এই বৃহৎ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে। একেদৰেই ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত নিজস্ব…
