Browsing Category

অসম

চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ

ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্রীৰ প্ৰতি আহ্বান। চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত সহায় কৰিব।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ অসমৰ চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত প্ৰডিউচাৰ কাউঞ্চিল, অসমৰ এটা সজাতি দলে আজি জনতা ভৱনত সাংস্কৃতিক মন্ত্রী বিমল বড়াক সাক্ষাৎ কৰি ৰাজ্যৰ চলচ্চিত্র উদ্যোগৰ উন্নয়ন সন্দৰ্ভত এক আলোচনাত মিলিত হয়। আন্তর্জাতিক খ্যাতি সম্পন্ন চলচ্চিত্র পৰিচালিকা তথা প্ৰযোজিকা মঞ্জু বৰা,ৰঞ্জিত দাস, চন্দ্র মুদৈ,…

লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰক্ত দান শিবিৰ

উত্তৰ লখিমপুৰ,৬ জুলাইঃআজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিন উপলক্ষে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত ৰক্ত দানৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এক ৰক্ত দান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়। " ৰক্ত দান মহান দান" শ্লোগানেৰে অনুষ্ঠিত কৰা ৰক্ত দান শিবিৰত জিলাখনৰ অৰ্ধ শতাধিক যুৱক-যুৱতীয়ে ৰক্ত দান কৰে। ৰক্ত দান শিবিৰত অনুস্থিত কৰা সজাগতা শিবিৰত লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা উপস্থিত থাকি ৰক্ত দাতা সকলক…

তিনিচুকীয়া জিলাৰ অন্তৰ্গত অইলৰ ১৫ গুৰুত্বপূৰ্ণ স্থানক ন’ ড্ৰোন জ’ন হিচাপে ঘোষণা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা অইলৰ তৈলক্ষেত্ৰত কূটাঘাতমূলক কাৰ্য্য সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে আজি এক জৰুৰী নিৰ্দেশযোগে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত ১৫ গুৰুত্বপূৰ্ণ সংস্থাপনক ন' ড্ৰোন জ'ন হিচাপে ঘোষণা কৰিছে । ন' ড্ৰোন জ'ন হিচাপে ঘোষণা কৰা অইল ইণ্ডিয়াৰ এই সংস্থাপনসমূহ হৈছে ক্ৰমে লাংকাচি আৰক্ষী চকীৰ লগতে মাকুম আৰু ডিগবৈ থানাৰ অন্তৰ্গত হাপজান, মাকুম, লাংকাচি, জোৰাজান, হেবেদা আৰু নগাজান…

চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে কিয়ঃ ৰকিবুল

সংবাদমেলত সৰৱ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়। বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই। যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে। মঙলবাৰে নগাঁও চহৰত ৫৮ বাৰ বিদ্যুৎ কৰ্তন কৰা হৈছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুল‍াইঃ ভয়াৱহ বানৰ কবলত পৰা ৰাইজক সাহায্য প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। এই অভিযোগ প্ৰাক্তন মন্ত্রী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ। ৰাজ্যৰ বিভিন্ন…

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি গুৱাহাটী,৫ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৈঠকত অন্তত সংবাদমেল যোগে অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত পূৰ্বৰ পৰা চলি অহা আনন্দৰাম বৰুৱা বঁটাত লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।…

ৰাইজৰ সহায়ত পৰিচালিত শোণিতপুৰৰ এখন বিদ্যালয়…

শতাব্দ প্ৰতিনিধি তেজপুৰ,৫জুলাই: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত খেলমাটিত অৱস্থিত সোণালী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ৰ পৰিয়াল বৰ্গৰ লগতে পশ্চিম তেজপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে,ভিতৰুৱা এই গ্ৰামাঞ্চলৰ পৰা বহুসংখ্যক ছাত্ৰছাত্ৰী অধ্যয়নৰ বাবে বিহগুৰি আৰু তেজপুৰলৈ আহিবলগীয়া হোৱাৰ প্ৰতি লক্ষ্যৰাখি স্থানীয় ৰাইজে এইখন বিদ্যালয় স্থাপন কৰিছিল। প্ৰথম অৱস্থাত…

গুৱাহাটীত বন বিভাগ-ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত গছপুলি ৰোপন-বিতৰণ

গুৱাহাটী , ৫ জুলাইঃ  চলি থকা ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী ৰেঞ্জৰ উদ্যোগত ৰেড ক্ৰছ ছ'চাইটি, নুনমাটিত আজি গছ পুলি ৰোপন বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা ৰেড ক্ৰছ ছ'চাইটি, নুনমাটিৰ অধ্যক্ষ এ কে অবচৰ হাজৰিকা, অসম ট্ৰেণ্ড প্ৰমোচন অৰ্গেনাইজেচনৰ অধ্যক্ষ সুনীল ডেকা, ৰেড ক্ৰছ ছ’চাইটি নুনমাটিৰ সম্পাদক দেৱ শৰ্মা, কাউন্সিলাৰ মনোজ কুমাৰ নাথ, গুৱাহাটী ৰেঞ্জৰ বন বিষয়া প্ৰাঞ্জল বৰুৱা, নাৰেংগী বিটৰ বিট বন বিষয়া অসীম দাস আদিৰ লগতে ভলেমান লোকে অংশগ্ৰহণ কৰে। বন মহোৎসৱৰ…

লখিমপুৰৰ বধাকৰাত শৈক্ষিক মান নিম্নগামীঃ উদ্বিগ্ন কদম ছাত্ৰ সন্থাঃ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জিলাৰ বৃহত্তৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰা অঞ্চলত ক্রমাগত ভাবে শৈক্ষিক মান নিম্নগামী হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি আজি কদম আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মূলতঃ শৈক্ষিক মান উন্নত কৰা আৰু শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমূহ সমাধান কৰাৰ দাবীত আজি কদম আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সভাপতি মাধৱ দত্ত, সাধাৰণ সম্পাদক হৃদয়ানন্দ শ‍ইকীয়াৰ নেতৃত্বত যোৱা এটা সজাতি দলে জিলা উপায়ুক্তজনক স্মাৰক পত্ৰ প্ৰদান কৰি অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহে ভোগ কৰি অহা বিভিন্ন…

বান বিধ্বস্ত ছয়দুৱাৰ মহাবিদ্যালয়ঃ ১২ জন অধ্যক্ষসহ সহযোগী অধ্যাপকৰ ১ লাখ টকাৰ অনুদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ  নৱ গঠিত বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান তথা গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ক এইবাৰ বানে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। বানে বিধ্বস্ত কৰা  মহাবিদ্যালয়খনত আজি অধ্যক্ষ পৰিষদৰ দৰং, শোণিতপুৰ আৰু বিশ্বনাথ মণ্ডলৰ প্ৰায় ১২ জন অধ্যক্ষৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অজিত দত্তই পৰিদৰ্শন কৰি মহাবিদ্যালয়খনৰ ক্ষয়-ক্ষতিৰ বুজ লয়। আজি দৰং, শোণিতপুৰ, বিশ্বনাথ মণ্ডলৰ সভাপতি তথা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা, সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ…

জামুগুৰিহাটত বজ্ৰ পৰি মহিলা নিহত

জামুগুৰিহাট: ৫ জুলাইঃ শোণিতপুৰৰ জামুগুৰিহাটত আজি পুৱা বজ্ৰ পৰি এগৰাকী মহিলা নিহত হয়। মৃত মহিলা গৰাকী জামুগুৰিহাটৰ চিলনীপাম বৰদিকৰাইৰ মঞ্জুলিকা নৰহ (৩০)। পুৱা ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপতিত হয় মহিলা গৰাকীৰ ওপৰত । ৬:৩০ মান বজাত সংঘটিত হয় এই ঘটনা । মঞ্জুলিকাৰ অকাল মৃত্যুত অঞ্চলবাসী শোকস্তব্দ হৈ পৰে ।