Browsing Category
অসম
চালকক ঠগি তেজপুৰৰ পৰা গাড়ী লৈ উধাও হোৱা আশীষক কৰায়ত্ত বিশ্বনাথত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭জুলাই: মেঘালয়ৰ পৰা আহি পাঁচ জুলাইত গুৱাহাটীত এএছ০১জিচি০৩৭৭নম্বৰৰ চুইফট ডিজায়াৰ ভাড়াত লৈ নিশা তেজপুৰত উপস্থিত হোৱা মেঘালয়ৰ আশীষ বৰা লিংড’(৩৬)নামৰ এক গাড়ীচোৰক অৱশেষত কালি সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে,কালি পুৱাৰে পৰা গাড়ীখন লৈ তেজপুৰৰ বিভিন্ন অঞ্চলত ঘূৰি দুপৰীয়া তেজপুৰৰ দোলাবাৰীত থকা মছজিদৰ ওচৰত চালকক গাড়ীখন ৰখাবলৈ দি সেই অঞ্চলত এজন মানুহক সন্ধান কৰিবলৈ কয় চালকজনক। গাড়ীৰ ষ্টাৰ্ট বন্ধ নকৰাকৈ চালকক নামিবলৈ কোৱাত চালকজন নমাৰ পাছতেই গাড়ীত বহি…
নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১গৰাকী কৰ্মচাৰীৰ বাবে ৮১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সুদীৰ্ঘ পাঁচ বছৰ পাছত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিলে আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে অৱশেষত আজি নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক প্ৰদান কৰিলে আৰ্থিক সাহায্য। এই উপলক্ষ্যে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাগজ কল দুটাৰ কৰ্মচাৰী সকলক আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজহুৱাখণ্ডৰ দুয়োটা…
অসম চিকিৎসা মহাবিদ্যালয় : শীঘ্ৰেই মুকলি হ’ব স্মৃতি ডাকটিকট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব এটা স্মৃতি ডাকটিকট। কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক পত্ৰযোগে এই কথা জনাইছে কেন্দ্রীয় ৰে’ল, যোগাযোগ আৰু বৈদ্যুতিন আৰু তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে। ২০২২ চনৰ ১ এপ্ৰিলত অসমৰ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এটা স্মৃতি ডাকটিকট জাৰি কৰাৰ সন্দৰ্ভত তেলীয়ে বৈষ্ণৱলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। পত্ৰখনত বৈষ্ণৱে তেলীক জনাইছে…
মেট্ৰিকৰ ৰিজাল্ট বেয়া কিয়ঃ তিনিচুকীয়াত প্ৰশাসনৰ পৰ্য্যালোচনা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তৰ উপস্থিতিত জিলাখনৰ ৩৯ খন বিদ্যালয়ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মঙ্গলবাৰে এক পৰ্য্যালোচনা কৰা হয়। পৰ্য্যালোচনা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলে নিজ বিদ্যালয়ৰ বেয়া ফলাফলৰ কাৰণসমূহ উপস্থাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত ভাল ফলাফল লাভৰ বাবে কেনেধৰণৰ পদক্ষেপ ল’ব সেই বিষয়ে উল্লেখ কৰে । মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত…
উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সমস্যাৰাজিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই
জনতা ভৱনত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে আলোচনা মন্ত্রী পীযুষ হাজৰিকাৰ। ৰাজ্য চৰকাৰৰ এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্গত দিব্যাংগসকলৰ বাবে সংৰক্ষিত পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ আশ্বাস। সন্থাৰ দ্বাৰা উত্থাপিত বিষয়সমূহত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ জনতা ভৱনৰ কাৰ্যালয়ত আজি জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনাত মিলিত হয়।…
বান সমস্যাৰ স্থায়ী সমাধান আৰু বিমান বন্দৰক ৰূপকোঁৱৰৰ নামকৰণৰ দাবীৰে তেজপুৰত সংগীতৰ যাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুলাই: আজি দিনৰ ১২.৩০ বজাত তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰ চৌহদত ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধান তথা তেজপুৰ বিমান বন্দৰ ৰূপ কোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ নামত নামকৰনৰ দাবীত এক সংগীতৰ যাত্রা কার্যসূচী ৰূপায়ন কৰা হয় ।এই অনুষ্ঠানত সংগীতৰ যাত্ৰাৰ আহ্বায়ক সন্দীপ চমৰীয়াই গীতৰ দ্বাৰাই এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে ৰাজহুৱা আহ্বান জনায় । বছৰি ৰাজ্যখনক বানে কেনেদৰে বিপৰ্যস্ত কৰিছে সেই বিষয়েও গীতৰ জৰিয়তেই প্ৰকাশ কৰি তেওঁ এই বৃহৎ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে। একেদৰেই ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত নিজস্ব…
চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ
ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্রীৰ প্ৰতি আহ্বান। চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত সহায় কৰিব।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ অসমৰ চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত প্ৰডিউচাৰ কাউঞ্চিল, অসমৰ এটা সজাতি দলে আজি জনতা ভৱনত সাংস্কৃতিক মন্ত্রী বিমল বড়াক সাক্ষাৎ কৰি ৰাজ্যৰ চলচ্চিত্র উদ্যোগৰ উন্নয়ন সন্দৰ্ভত এক আলোচনাত মিলিত হয়। আন্তর্জাতিক খ্যাতি সম্পন্ন চলচ্চিত্র পৰিচালিকা তথা প্ৰযোজিকা মঞ্জু বৰা,ৰঞ্জিত দাস, চন্দ্র মুদৈ,…
লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰক্ত দান শিবিৰ
উত্তৰ লখিমপুৰ,৬ জুলাইঃআজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিন উপলক্ষে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত ৰক্ত দানৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এক ৰক্ত দান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়। " ৰক্ত দান মহান দান" শ্লোগানেৰে অনুষ্ঠিত কৰা ৰক্ত দান শিবিৰত জিলাখনৰ অৰ্ধ শতাধিক যুৱক-যুৱতীয়ে ৰক্ত দান কৰে। ৰক্ত দান শিবিৰত অনুস্থিত কৰা সজাগতা শিবিৰত লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা উপস্থিত থাকি ৰক্ত দাতা সকলক…
তিনিচুকীয়া জিলাৰ অন্তৰ্গত অইলৰ ১৫ গুৰুত্বপূৰ্ণ স্থানক ন’ ড্ৰোন জ’ন হিচাপে ঘোষণা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ জুলাই : নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰা অইলৰ তৈলক্ষেত্ৰত কূটাঘাতমূলক কাৰ্য্য সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে আজি এক জৰুৰী নিৰ্দেশযোগে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত ১৫ গুৰুত্বপূৰ্ণ সংস্থাপনক ন' ড্ৰোন জ'ন হিচাপে ঘোষণা কৰিছে । ন' ড্ৰোন জ'ন হিচাপে ঘোষণা কৰা অইল ইণ্ডিয়াৰ এই সংস্থাপনসমূহ হৈছে ক্ৰমে লাংকাচি আৰক্ষী চকীৰ লগতে মাকুম আৰু ডিগবৈ থানাৰ অন্তৰ্গত হাপজান, মাকুম, লাংকাচি, জোৰাজান, হেবেদা আৰু নগাজান…
চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে কিয়ঃ ৰকিবুল
সংবাদমেলত সৰৱ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়। বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই। যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে। মঙলবাৰে নগাঁও চহৰত ৫৮ বাৰ বিদ্যুৎ কৰ্তন কৰা হৈছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা ৰাইজক সাহায্য প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। এই অভিযোগ প্ৰাক্তন মন্ত্রী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ। ৰাজ্যৰ বিভিন্ন…
