Browsing Category
অসম
পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ জুলাইঃ ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে। পূৰ্বে এই দায়িত্বত আছিল জয়ন্তমল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাক শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু পৰ্যটন বিভাগৰ মন্ত্রী হিচাপে দায়িত্ব দিয়া হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত স্থান লাভৰ পাছতে জয়ন্ত মল্ল বৰুৱাৰ দায়িত্ব বৃদ্ধি পোৱাত সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্রী ৰাজনৈতিক সচিবৰ দায়িত্ব দিয়া হৈছে। উল্লেখ যে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে…
হোজাইত বান-ক্ষয়ক্ষতি জৰীপৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
হোজাই, ৪ জুলাই: হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ শেহতীয়া বান-ক্ষয়ক্ষতিৰ জৰীপকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাত বান ক্ষয়ক্ষতি নিৰূপণৰ চৰকাৰী প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ দায়িত্ব ন্যস্ত কৰা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে দুপৰীয়া জিলাসদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত অনুপম চৌধুৰীসহ জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ মূৰব্বীসকল আৰু ৰাজহগাঁও ভিত্তিত গঠিত বান-ক্ষয়ক্ষতি জৰীপকাৰী দলসমূহৰ সৈতে এখন…
সংগীত নাটক অকাদেমীৰ দ্বাৰা অভিনৱ থিয়েটাৰৰ নাটকৰ কর্মশালা সামৰণি
উত্তৰ লখিমপুৰ, ৪ জুলাইঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক অকাদেমী, নতুন দিল্লীৰ পৃষ্ঠপোষকতাত অভিনৱ থিয়েটাৰৰ দ্বাৰা যোৱা ২৪ জুনৰ পৰা ৩ জুলাই,২০২২ তাৰিখলৈকে অনুষ্ঠিত কৰা নাটকৰ কর্মশালা কালি সামৰণি পৰে।
৩ জুনৰ সন্ধিয়া নাটকৰ কর্মশালা সামৰণি অনুস্থানটোত পশ্চিম বংগৰ নাট পৰিচালক বৰুন কৰ, বিহাৰৰ বেগুচৰাইৰ ৰং দর্শন আর্ট গ্ৰুপৰ পৰিচালক শশীকান্ত কুমাৰ আৰু ৰঞ্জিত কুমাৰ উপস্থিত থাকে । সামৰণি অনুস্থানটোৰ আতঁধৰে অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথে ।…
বিশ্ব যোগাসনত তেজপুৰৰ ডিম্পলৰ সোণৰ পদক অৰ্জন
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪জুলাই: গ্ৰীছৰ পৰা ভাৰ্ছুৱেলী পৰিচালিত বিশ্ব যোগাসন ক্ৰীড়া চেম্পিয়ন ২০২২ত তেজপুৰ কুন্দৰাবাৰীৰ ডিম্পল কলিতাই চাব জুনিয়ৰ শাখাৰ পৰম্পৰাগত একক বিভাগত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা পহিলা জুলাইত সন্ধিয়া অনলাইন যোগে ফলাফল লাভ কৰে ডিম্পলে। তেওঁৰ এই সাফল্যত স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে। উল্লেখ্য যে চীনকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল। তেজপুৰ কুন্দৰাবাৰীৰ হিৰণ্য কলিতা আৰু কল্পনা কলিতাৰ দ্বিতীয় কন্যা ডিম্পলে ২০২১ৰ ১৭ডিচেম্বৰৰ পৰা ১৯ডিচেম্বৰলৈ…
বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ সামৰণি
১৪ গৰাকী দাতা পৰিয়ালৰ সদস্যক বাণ থিয়েটাৰৰ সন্মান প্ৰদানঃ
শ্ৰেষ্ঠ নাট্যদলৰ সন্মান নগাঁৱৰ "জ্যোতি শিল্প নাট্য দলঃ
শ্ৰেষ্ঠ পৰিচালক বোকাখাতৰ তৰুণ তীৰ্থ শইকীয়া
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ জুলাই : ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১৮ নাট্য দলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ অন্তত কালি নিশা প্ৰায় আঢ়ৈ বজাত সামৰণি পৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ। উল্লেখ্য যে যোৱা ২ আৰু ৩ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সদৌ অসম একাংক নাট প্ৰতিযোগিতাত নগাঁৱৰ জ্যোতি শিল্প নাট্য দলে…
জলবায়ু পৰিৱৰ্তিত পৰিৱেশত ধানখেতিৰ সম্ভাৱনীয়তা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ জুলাই : জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী ২৭ জুনৰ পৰা ২ জুলাইলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জলবায়ু পৰিবৰ্তিত পৰিবেশত অসমত ধানখেতিৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য আৰু মুখ্য বিজ্ঞানী…
শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত ৰাজ্যজুৰি ‘ভাষা দিৱস’ পালন এজেপিৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুলাই : অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত আজি অসম জাতীয় পৰিষদ দলে ৰাজ্যজুৰি 'ভাষা দিৱস' কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য যে ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে আৰক্ষী বাহিনীয়ে গুৱাহাটীৰ কটন কলেজ ছাত্ৰাবাসত প্ৰৱেশ কৰি মেধাৱী ছাত্ৰ ৰঞ্জিত বৰপূজাৰীক নিৰ্মমভাবে গুলীয়াই হত্যা কৰিছিল। আজি ৰাজ্যৰ প্ৰায়সমূহ জিলা সদৰত অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ জিলা সমিতিসমূহে ভাষা দিৱসৰ কাৰ্যসূচী পালন কৰে। গুৱাহাটীত দলৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে চান্দমাৰীৰ পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত আয়োজন কৰা…
এল’ৰ্ডা কাপৰ ফাইনেলত যমুনা বড়ো
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়োৱে ৩ জুলাই দেওবাৰে কাজাখাস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত এল’ৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ কৰে কাজাখাস্তানৰ অনেল ছাকিছক হৰুৱাই। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাসিন্দা যমুনাই ঘৰুৱা বক্সাৰগৰাকীৰ বিৰুদ্ধে ৫৪ কেজি শাখাৰ ছেমি ফাইনেলত জয়লাভ কৰে। যমুনাৰ উপৰি আন তিনিগৰাকী ভাৰতীয় বক্সাৰ কলাইৱনী শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়া (৮১+কিলোগ্ৰাম)ই ৪ জুন সোমবাৰে ফাইনেল খেলিব। উল্লেখ্য যে, প্ৰতিযোগিতাৰ চেম্পিয়ন বক্সাৰগৰাকীয়ে ৭০০ ডলাৰ লাভ…
তেজপুৰ বিহগুৰিৰ অষ্টম আৰু নৱম শ্ৰেণীৰ দুই ছাত্ৰী নিৰুদ্দেশকলৈ ৰহস্য
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২ জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বিহগুৰি আৰক্ষী চকীৰ অন্তগত বিহগুৰিৰ মৈলা গাঁও আৰু জাকৰুৱা চুবুৰীৰ দুগৰাকী অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰী দুদিন ধৰি নিৰুদ্দেশ হৈ থকাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । ৩০জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰী দুগৰাকী নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, মৈলা গাঁৱৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত হিমাদ্ৰী কোছ নামৰ ছাত্ৰীগৰাকীয়ে পুৱা ১০ মান বজাত জাকৰুৱা চুবুৰীৰ বান্ধৱী তথা নৱম শ্ৰেণীৰ দিপ্তী ৰাজবংশী নামৰ ছাত্ৰীগৰাকীৰ ঘৰলৈ পঢ়িবলৈ যাওঁ বুলি ওলাই…
তিনিচুকীয়াৰ বান সাহা়য্য শিবিৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ জুলাইঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়াত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেইবাটাও সাহা়য্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা ৰাইজৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰী তেলীয়ে বানত ক্ষতিগ্ৰস্ত ৰাইজে লাভ কৰিবলগীয়া সাহাৰ্য্য সামগ্ৰী সময়মতে পৰ্যাপ্ত পৰিমাণে কোনোধৰণৰ বেমেজালি নোহোৱাকৈ লাভ কৰিছে নে নাই সেই বিষয়েও বুজ লয়। তেলীয়ে বাৰেকুৰি লাউপুং বয়ন শিল্প বান সাহা়য্য শিবিৰ, গৰিয়াটিং বান সাহা়য্য বিতৰণ কেন্দ্র, হাতীবাট আৰু বেবেজীয়া বান সাহা়য্য শিবিৰ পৰিদৰ্শন কৰে। মন্ত্ৰীৰ…
