Browsing Category

অসম

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি গুৱাহাটী,৫ জুলাইঃ জনতা ভৱনত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৈঠকত অন্তত সংবাদমেল যোগে অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত পূৰ্বৰ পৰা চলি অহা আনন্দৰাম বৰুৱা বঁটাত লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।…

ৰাইজৰ সহায়ত পৰিচালিত শোণিতপুৰৰ এখন বিদ্যালয়…

শতাব্দ প্ৰতিনিধি তেজপুৰ,৫জুলাই: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত খেলমাটিত অৱস্থিত সোণালী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ৰ পৰিয়াল বৰ্গৰ লগতে পশ্চিম তেজপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে,ভিতৰুৱা এই গ্ৰামাঞ্চলৰ পৰা বহুসংখ্যক ছাত্ৰছাত্ৰী অধ্যয়নৰ বাবে বিহগুৰি আৰু তেজপুৰলৈ আহিবলগীয়া হোৱাৰ প্ৰতি লক্ষ্যৰাখি স্থানীয় ৰাইজে এইখন বিদ্যালয় স্থাপন কৰিছিল। প্ৰথম অৱস্থাত…

গুৱাহাটীত বন বিভাগ-ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত গছপুলি ৰোপন-বিতৰণ

গুৱাহাটী , ৫ জুলাইঃ  চলি থকা ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী ৰেঞ্জৰ উদ্যোগত ৰেড ক্ৰছ ছ'চাইটি, নুনমাটিত আজি গছ পুলি ৰোপন বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা ৰেড ক্ৰছ ছ'চাইটি, নুনমাটিৰ অধ্যক্ষ এ কে অবচৰ হাজৰিকা, অসম ট্ৰেণ্ড প্ৰমোচন অৰ্গেনাইজেচনৰ অধ্যক্ষ সুনীল ডেকা, ৰেড ক্ৰছ ছ’চাইটি নুনমাটিৰ সম্পাদক দেৱ শৰ্মা, কাউন্সিলাৰ মনোজ কুমাৰ নাথ, গুৱাহাটী ৰেঞ্জৰ বন বিষয়া প্ৰাঞ্জল বৰুৱা, নাৰেংগী বিটৰ বিট বন বিষয়া অসীম দাস আদিৰ লগতে ভলেমান লোকে অংশগ্ৰহণ কৰে। বন মহোৎসৱৰ…

লখিমপুৰৰ বধাকৰাত শৈক্ষিক মান নিম্নগামীঃ উদ্বিগ্ন কদম ছাত্ৰ সন্থাঃ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জিলাৰ বৃহত্তৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰা অঞ্চলত ক্রমাগত ভাবে শৈক্ষিক মান নিম্নগামী হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি আজি কদম আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মূলতঃ শৈক্ষিক মান উন্নত কৰা আৰু শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমূহ সমাধান কৰাৰ দাবীত আজি কদম আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সভাপতি মাধৱ দত্ত, সাধাৰণ সম্পাদক হৃদয়ানন্দ শ‍ইকীয়াৰ নেতৃত্বত যোৱা এটা সজাতি দলে জিলা উপায়ুক্তজনক স্মাৰক পত্ৰ প্ৰদান কৰি অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহে ভোগ কৰি অহা বিভিন্ন…

বান বিধ্বস্ত ছয়দুৱাৰ মহাবিদ্যালয়ঃ ১২ জন অধ্যক্ষসহ সহযোগী অধ্যাপকৰ ১ লাখ টকাৰ অনুদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ  নৱ গঠিত বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান তথা গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ক এইবাৰ বানে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। বানে বিধ্বস্ত কৰা  মহাবিদ্যালয়খনত আজি অধ্যক্ষ পৰিষদৰ দৰং, শোণিতপুৰ আৰু বিশ্বনাথ মণ্ডলৰ প্ৰায় ১২ জন অধ্যক্ষৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অজিত দত্তই পৰিদৰ্শন কৰি মহাবিদ্যালয়খনৰ ক্ষয়-ক্ষতিৰ বুজ লয়। আজি দৰং, শোণিতপুৰ, বিশ্বনাথ মণ্ডলৰ সভাপতি তথা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা, সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ…

জামুগুৰিহাটত বজ্ৰ পৰি মহিলা নিহত

জামুগুৰিহাট: ৫ জুলাইঃ শোণিতপুৰৰ জামুগুৰিহাটত আজি পুৱা বজ্ৰ পৰি এগৰাকী মহিলা নিহত হয়। মৃত মহিলা গৰাকী জামুগুৰিহাটৰ চিলনীপাম বৰদিকৰাইৰ মঞ্জুলিকা নৰহ (৩০)। পুৱা ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপতিত হয় মহিলা গৰাকীৰ ওপৰত । ৬:৩০ মান বজাত সংঘটিত হয় এই ঘটনা । মঞ্জুলিকাৰ অকাল মৃত্যুত অঞ্চলবাসী শোকস্তব্দ হৈ পৰে ।

পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ জুলাইঃ ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে। পূৰ্বে এই দায়িত্বত আছিল জয়ন্তমল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাক শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু পৰ্যটন বিভাগৰ মন্ত্রী হিচাপে দায়িত্ব দিয়া হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত স্থ‍ান ল‍াভৰ পাছতে জয়ন্ত মল্ল বৰুৱাৰ দায়িত্ব বৃদ্ধি পোৱাত সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্রী ৰাজনৈতিক সচিবৰ দায়িত্ব দিয়া হৈছে। উল্লেখ যে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে…

হোজাইত বান-ক্ষয়ক্ষতি জৰীপৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

হোজাই, ৪ জুলাই: হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ শেহতীয়া বান-ক্ষয়ক্ষতিৰ জৰীপকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। হোজাই জিলাত বান ক্ষয়ক্ষতি নিৰূপণৰ চৰকাৰী প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ দায়িত্ব ন্যস্ত কৰা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে দুপৰীয়া জিলাসদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ত  উপায়ুক্ত অনুপম চৌধুৰীসহ জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ মূৰব্বীসকল আৰু ৰাজহগাঁও ভিত্তিত গঠিত বান-ক্ষয়ক্ষতি জৰীপকাৰী দলসমূহৰ সৈতে এখন…

সংগীত নাটক অকাদেমীৰ দ্বাৰা অভিনৱ থিয়েটাৰৰ নাটকৰ কর্মশালা সামৰণি

উত্তৰ লখিমপুৰ, ৪ জুলাইঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক অকাদেমী, নতুন দিল্লীৰ পৃষ্ঠপোষকতাত অভিনৱ থিয়েটাৰৰ দ্বাৰা যোৱা ২৪ জুনৰ পৰা ৩ জুলাই,২০২২ তাৰিখলৈকে অনুষ্ঠিত কৰা নাটকৰ কর্মশালা কালি সামৰণি পৰে। ৩ জুনৰ সন্ধিয়া নাটকৰ কর্মশালা সামৰণি অনুস্থানটোত পশ্চিম বংগৰ নাট পৰিচালক বৰুন কৰ, বিহাৰৰ বেগুচৰাইৰ ৰং দর্শন আর্ট গ্ৰুপৰ পৰিচালক শশীকান্ত কুমাৰ আৰু ৰঞ্জিত কুমাৰ উপস্থিত থাকে । সামৰণি অনুস্থানটোৰ আতঁধৰে অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথে ।…

বিশ্ব যোগাসনত তেজপুৰৰ ডিম্পলৰ সোণৰ পদক অৰ্জন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪জুলাই: গ্ৰীছৰ পৰা ভাৰ্ছুৱেলী পৰিচালিত বিশ্ব যোগাসন ক্ৰীড়া চেম্পিয়ন ২০২২ত তেজপুৰ কুন্দৰাবাৰীৰ ডিম্পল কলিতাই চাব জুনিয়ৰ শাখাৰ পৰম্পৰাগত একক বিভাগত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা পহিলা জুলাইত সন্ধিয়া অনলাইন যোগে ফলাফল লাভ কৰে ডিম্পলে। তেওঁৰ এই সাফল্যত স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে। উল্লেখ্য যে চীনকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল। তেজপুৰ কুন্দৰাবাৰীৰ হিৰণ্য কলিতা আৰু কল্পনা কলিতাৰ দ্বিতীয় কন্যা ডিম্পলে ২০২১ৰ ১৭ডিচেম্বৰৰ পৰা ১৯ডিচেম্বৰলৈ…