Browsing Category
অসম
অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষৰ আৰম্ভণি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২জুলাইঃ ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ সতে সংগতি ৰাখি আজি তেজপুৰতো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত এই বিশেষ কাৰ্যসূচী উদযাপন কৰে জিলাখনৰ সাংবাদিক সংগঠনটোৱে।ইউনিয়নৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা আৰু সাংবাদিক অৰ্ণব নাথে আঁত ধৰা এই অনুষ্ঠানতে আজি পালন কৰা বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰো শুভেচ্ছা জনোৱা হয়। প্ৰবীণ ক্ৰীড়াবিদ তথা চিকিৎসক বিশ্বৰঞ্জন কলিতা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।…
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰক আগন্তুক দুটা বছৰৰ ভিতৰত অধিক বিজ্ঞান সন্মত ভাবে অত্যাধুনিক ৰূপত গঢ়ি তোলা হ'ব বুলি আজি বিয়লি বাণ থিয়েটাৰত মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উল্লেখ্য যে, বাণ থিয়েটাৰৰ প্ৰয়াত অতনু বৰুৱা সোঁৱৰণী নৱ নিৰ্মিত মূল তোৰণখন এক মাংগলিক পৰিৱেশত উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ পূৰ্বে আয়তীৰ মংগল উৰুলি দবা বাদনৰ মাজত অতি আকৰ্ষণীয়কৈ…
মিছামাৰী সেনা চৌহদত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তী নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২জুলাইঃ কালি পুৱতি নিশা মিছামাৰীত নিহত হৈছে এটা কম বয়সীয়া দঁতাল হাতী। আজি পোহৰলৈ অহা তথ্য অনুসৰি মিছামাৰীৰ কালামাটি বন্যপ্ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে,মিছামাৰিস্থিত সেনা ছাউনীৰ লামা কেম্প চৌহদত বিদ্যুৎস্পৃষ্ট হৈ কালি পুৱতি নিশা বন্যহস্তীটোৰ মৃত্যু ঘটে। উল্লেখযোগ্য যে,খাদ্যৰ সন্ধানত সঘনাই সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা বন্য হস্তীৰ জাক ওলাই আহি মিছামাৰীৰ বিভিন্ন অঞ্চলৰ লগতে সেনা ছউনিতো প্ৰৱেশ কৰি ইয়াৰ ভঁৰালত মজুত থকা ৰছদ আদি ভক্ষণ কৰি আহিছে।…
জ্ঞান অসমক “অমৰ মৃতক” ঘোষণা আলফা স্বাধীনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাইঃ ভাৰতীয় সেনাৰ এক অভিযানত ১ জুলাইত কাকপথাৰত নিহত হোৱা আলফা স্বাধীনৰ দ্বিতীয় লেফটেনেণ্ট (মৰণোত্তৰ) জ্ঞান অসম ওৰফে সন্তোষ গগৈক "অমৰ মৃতক"ঘোষণা কৰা হৈছে। আলফা স্বাধীনৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসমে "শতাব্দ"লৈ এক ই মেইল বাৰ্তাযোগে এই কথা জনাইছে।
বিশ্বনাথত সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, বিশনাথ চাৰিআলি ১ জুলাইঃ আজি বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত আকাশ ভৱনত ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য শিতানত নেপালী ভাষাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনত অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সভাপতি ড০ প্ৰদীপ মহন্ত, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকা, বিশ্বনাথ পৌৰসভাৰ পৌৰপতি অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ,…
তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় নৃত্য শিল্পী বিপুল দাস
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১ জুলাইঃ তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "সপ্তাশ্ব" ৰ উদ্যোগত আৰু সংগীত নাটক একাদেমীৰ অৰ্থ সাহায্যত আজিৰে পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এক কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যাপক তথা শাস্ত্ৰীয় নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিপুল দাসে তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত এদল কণ কণ শিক্ষাৰ্থীক প্ৰদান কৰে সত্ৰীয়া নৃত্যৰ পাঠ। দাসে আৰম্ভণিতেই কণ কণ শিক্ষাৰ্থীসকলক উচ্চাৰণ আৰু সত্ৰীয়া নৃত্যৰ ব্যাকৰণৰ আভাস দিয়ে।…
তিনিচুকীয়াত গাঞ্জাসহ ধৃত ৩
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ হিজুগুৰি অঞ্চলত বৃহস্পতিবাৰে নিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩ জন লোকক আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষী। জানিব পৰা মতে আৰক্ষীৰ এটা দলে গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় ১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ৩ জন ব্যক্তিক এই সন্দৰ্ভত আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে হেমন্ত গগৈ আৰু হিজুগুৰিত ভাড়াতীয়া হিচাপে থকা উত্তৰ প্ৰদেশৰ চুলতান আৰু চাকিৰ মালিক বুলি প্ৰকাশ ।
তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপুখুৰী অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে শিৱশক্তি আটা মিলৰ সমীপৱৰ্তী মণিৰুল হক নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত ভাৰাতীয়া লোক বাস কৰা ৮ টা কোঠা জুইত জাহ যায় । স্থানীয় সূত্ৰমতে ভাৰাতীয়া হিচাপে থকা এজন লোকে কোঠাত জ্বলোৱা ধূনাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। জুইৰ লেলিহান শিখাই মুহূৰ্ততে ভাৰাঘৰসমূহ আগুৰি ধৰে। অগ্নিকাণ্ডত দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰিত হোৱাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায়।…
তিনিচুকীয়াত অৱস্থান ধৰ্মঘট কার্যসূচীৰে অজাযুছাপৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুলাইঃ ৰাজ্যৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ প্ৰদানৰ ব্যৱস্থা কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা আদি দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি তিনিচুকীয়া চহৰৰ মাজমজিয়াত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ…
শোণিতপুৰত গাভৰু নৈৰ বাঢ়নী পানীয়ে বিধস্ত কৰিলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১জুলাইঃ যোৱা নিশা প্ৰায় দুই বজাত গাভৰু নৈৰ বাঢ়নি পানীয়ে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মৌজাত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰে। আকস্মিক ভাবে বৃদ্ধি পোৱা গাভৰু নৈৰ বানে শোণিতপুৰৰ গাভৰু শিৱ মন্দিৰৰ সমীপত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা অংশ খহাই পেলাই আৰু তেজপুৰ ৰাজহচক্ৰ অন্তৰ্গত নিৰাই আটি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বালিগাঁও প্লাবিত কৰে। নিশা নিদ্ৰাৰত ৰাইজে আনকি নিজৰ হাঁহ, ছাগলী-গৰু আনকি বাচনবৰ্তন ৰক্ষা কৰাৰো সুযোগ নাপালে। আজি স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে ইমানদিনে গাভৰু নৈৰ এনে বিক্ৰাল ৰূপ…
