Browsing Category
অসম
বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ সামৰণি
১৪ গৰাকী দাতা পৰিয়ালৰ সদস্যক বাণ থিয়েটাৰৰ সন্মান প্ৰদানঃ
শ্ৰেষ্ঠ নাট্যদলৰ সন্মান নগাঁৱৰ "জ্যোতি শিল্প নাট্য দলঃ
শ্ৰেষ্ঠ পৰিচালক বোকাখাতৰ তৰুণ তীৰ্থ শইকীয়া
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ জুলাই : ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১৮ নাট্য দলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ অন্তত কালি নিশা প্ৰায় আঢ়ৈ বজাত সামৰণি পৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ। উল্লেখ্য যে যোৱা ২ আৰু ৩ জুলাইত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সদৌ অসম একাংক নাট প্ৰতিযোগিতাত নগাঁৱৰ জ্যোতি শিল্প নাট্য দলে…
জলবায়ু পৰিৱৰ্তিত পৰিৱেশত ধানখেতিৰ সম্ভাৱনীয়তা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ জুলাই : জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী ২৭ জুনৰ পৰা ২ জুলাইলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জলবায়ু পৰিবৰ্তিত পৰিবেশত অসমত ধানখেতিৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য আৰু মুখ্য বিজ্ঞানী…
শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত ৰাজ্যজুৰি ‘ভাষা দিৱস’ পালন এজেপিৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুলাই : অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত আজি অসম জাতীয় পৰিষদ দলে ৰাজ্যজুৰি 'ভাষা দিৱস' কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য যে ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে আৰক্ষী বাহিনীয়ে গুৱাহাটীৰ কটন কলেজ ছাত্ৰাবাসত প্ৰৱেশ কৰি মেধাৱী ছাত্ৰ ৰঞ্জিত বৰপূজাৰীক নিৰ্মমভাবে গুলীয়াই হত্যা কৰিছিল। আজি ৰাজ্যৰ প্ৰায়সমূহ জিলা সদৰত অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ জিলা সমিতিসমূহে ভাষা দিৱসৰ কাৰ্যসূচী পালন কৰে। গুৱাহাটীত দলৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে চান্দমাৰীৰ পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত আয়োজন কৰা…
এল’ৰ্ডা কাপৰ ফাইনেলত যমুনা বড়ো
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়োৱে ৩ জুলাই দেওবাৰে কাজাখাস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত এল’ৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ কৰে কাজাখাস্তানৰ অনেল ছাকিছক হৰুৱাই। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাসিন্দা যমুনাই ঘৰুৱা বক্সাৰগৰাকীৰ বিৰুদ্ধে ৫৪ কেজি শাখাৰ ছেমি ফাইনেলত জয়লাভ কৰে। যমুনাৰ উপৰি আন তিনিগৰাকী ভাৰতীয় বক্সাৰ কলাইৱনী শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়া (৮১+কিলোগ্ৰাম)ই ৪ জুন সোমবাৰে ফাইনেল খেলিব। উল্লেখ্য যে, প্ৰতিযোগিতাৰ চেম্পিয়ন বক্সাৰগৰাকীয়ে ৭০০ ডলাৰ লাভ…
তেজপুৰ বিহগুৰিৰ অষ্টম আৰু নৱম শ্ৰেণীৰ দুই ছাত্ৰী নিৰুদ্দেশকলৈ ৰহস্য
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২ জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বিহগুৰি আৰক্ষী চকীৰ অন্তগত বিহগুৰিৰ মৈলা গাঁও আৰু জাকৰুৱা চুবুৰীৰ দুগৰাকী অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰী দুদিন ধৰি নিৰুদ্দেশ হৈ থকাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । ৩০জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰী দুগৰাকী নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, মৈলা গাঁৱৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত হিমাদ্ৰী কোছ নামৰ ছাত্ৰীগৰাকীয়ে পুৱা ১০ মান বজাত জাকৰুৱা চুবুৰীৰ বান্ধৱী তথা নৱম শ্ৰেণীৰ দিপ্তী ৰাজবংশী নামৰ ছাত্ৰীগৰাকীৰ ঘৰলৈ পঢ়িবলৈ যাওঁ বুলি ওলাই…
তিনিচুকীয়াৰ বান সাহা়য্য শিবিৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ জুলাইঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়াত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেইবাটাও সাহা়য্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা ৰাইজৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰী তেলীয়ে বানত ক্ষতিগ্ৰস্ত ৰাইজে লাভ কৰিবলগীয়া সাহাৰ্য্য সামগ্ৰী সময়মতে পৰ্যাপ্ত পৰিমাণে কোনোধৰণৰ বেমেজালি নোহোৱাকৈ লাভ কৰিছে নে নাই সেই বিষয়েও বুজ লয়। তেলীয়ে বাৰেকুৰি লাউপুং বয়ন শিল্প বান সাহা়য্য শিবিৰ, গৰিয়াটিং বান সাহা়য্য বিতৰণ কেন্দ্র, হাতীবাট আৰু বেবেজীয়া বান সাহা়য্য শিবিৰ পৰিদৰ্শন কৰে। মন্ত্ৰীৰ…
অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষৰ আৰম্ভণি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২জুলাইঃ ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ সতে সংগতি ৰাখি আজি তেজপুৰতো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত এই বিশেষ কাৰ্যসূচী উদযাপন কৰে জিলাখনৰ সাংবাদিক সংগঠনটোৱে।ইউনিয়নৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা আৰু সাংবাদিক অৰ্ণব নাথে আঁত ধৰা এই অনুষ্ঠানতে আজি পালন কৰা বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰো শুভেচ্ছা জনোৱা হয়। প্ৰবীণ ক্ৰীড়াবিদ তথা চিকিৎসক বিশ্বৰঞ্জন কলিতা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।…
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰক আগন্তুক দুটা বছৰৰ ভিতৰত অধিক বিজ্ঞান সন্মত ভাবে অত্যাধুনিক ৰূপত গঢ়ি তোলা হ'ব বুলি আজি বিয়লি বাণ থিয়েটাৰত মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উল্লেখ্য যে, বাণ থিয়েটাৰৰ প্ৰয়াত অতনু বৰুৱা সোঁৱৰণী নৱ নিৰ্মিত মূল তোৰণখন এক মাংগলিক পৰিৱেশত উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ পূৰ্বে আয়তীৰ মংগল উৰুলি দবা বাদনৰ মাজত অতি আকৰ্ষণীয়কৈ…
মিছামাৰী সেনা চৌহদত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তী নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২জুলাইঃ কালি পুৱতি নিশা মিছামাৰীত নিহত হৈছে এটা কম বয়সীয়া দঁতাল হাতী। আজি পোহৰলৈ অহা তথ্য অনুসৰি মিছামাৰীৰ কালামাটি বন্যপ্ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে,মিছামাৰিস্থিত সেনা ছাউনীৰ লামা কেম্প চৌহদত বিদ্যুৎস্পৃষ্ট হৈ কালি পুৱতি নিশা বন্যহস্তীটোৰ মৃত্যু ঘটে। উল্লেখযোগ্য যে,খাদ্যৰ সন্ধানত সঘনাই সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা বন্য হস্তীৰ জাক ওলাই আহি মিছামাৰীৰ বিভিন্ন অঞ্চলৰ লগতে সেনা ছউনিতো প্ৰৱেশ কৰি ইয়াৰ ভঁৰালত মজুত থকা ৰছদ আদি ভক্ষণ কৰি আহিছে।…
জ্ঞান অসমক “অমৰ মৃতক” ঘোষণা আলফা স্বাধীনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাইঃ ভাৰতীয় সেনাৰ এক অভিযানত ১ জুলাইত কাকপথাৰত নিহত হোৱা আলফা স্বাধীনৰ দ্বিতীয় লেফটেনেণ্ট (মৰণোত্তৰ) জ্ঞান অসম ওৰফে সন্তোষ গগৈক "অমৰ মৃতক"ঘোষণা কৰা হৈছে। আলফা স্বাধীনৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসমে "শতাব্দ"লৈ এক ই মেইল বাৰ্তাযোগে এই কথা জনাইছে।
