Browsing Category

অসম

বিশ্বনাথত সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, বিশনাথ চাৰিআলি ১ জুলাইঃ আজি বিশ্বনাথ চাৰিআলিৰ হাটখোলাস্থিত আকাশ ভৱনত ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য শিতানত নেপালী ভাষাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা ড০ সঞ্জীৱ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনত অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সভাপতি ড০ প্ৰদীপ মহন্ত, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকা, বিশ্বনাথ পৌৰসভাৰ পৌৰপতি অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ,…

তেজপুৰত  বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় নৃত্য শিল্পী বিপুল দাস

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১ জুলাইঃ তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান "সপ্তাশ্ব" ৰ উদ্যোগত আৰু সংগীত নাটক একাদেমীৰ অৰ্থ সাহায্যত আজিৰে পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এক কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যাপক তথা শাস্ত্ৰীয় নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিপুল দাসে তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত এদল কণ কণ শিক্ষাৰ্থীক  প্ৰদান কৰে সত্ৰীয়া নৃত্যৰ পাঠ। দাসে আৰম্ভণিতেই কণ কণ শিক্ষাৰ্থীসকলক উচ্চাৰণ আৰু সত্ৰীয়া নৃত্যৰ ব্যাকৰণৰ আভাস দিয়ে।…

তিনিচুকীয়াত গাঞ্জাসহ ধৃত ৩

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ হিজুগুৰি অঞ্চলত বৃহস্পতিবাৰে নিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩ জন লোকক আটক কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষী। জানিব পৰা মতে আৰক্ষীৰ এটা দলে গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় ১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ৩ জন ব্যক্তিক এই সন্দৰ্ভত আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে হেমন্ত গগৈ আৰু হিজুগুৰিত ভাড়াতীয়া হিচাপে থকা উত্তৰ প্ৰদেশৰ চুলতান আৰু চাকিৰ মালিক বুলি প্ৰকাশ ।

তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপুখুৰী অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে শিৱশক্তি আটা মিলৰ সমীপৱৰ্তী মণিৰুল হক নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত ভাৰাতীয়া লোক বাস কৰা ৮ টা কোঠা জুইত জাহ যায় । স্থানীয় সূত্ৰমতে ভাৰাতীয়া হিচাপে থকা এজন লোকে কোঠাত জ্বলোৱা ধূনাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। জুইৰ লেলিহান শিখাই মুহূৰ্ততে ভাৰাঘৰসমূহ আগুৰি ধৰে। অগ্নিকাণ্ডত দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰিত হোৱাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায়।…

তিনিচুকীয়াত অৱস্থান ধৰ্মঘট কার্যসূচীৰে‍ অজাযুছাপৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১ জুলাইঃ ৰাজ্যৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ প্ৰদানৰ ব্যৱস্থা কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা আদি দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি তিনিচুকীয়া চহৰৰ মাজমজিয়াত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ…

শোণিতপুৰত গাভৰু নৈৰ বাঢ়নী পানীয়ে বিধস্ত কৰিলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১জুলাইঃ যোৱা নিশা প্ৰায় দুই বজাত গাভৰু নৈৰ বাঢ়নি পানীয়ে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মৌজাত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰে। আকস্মিক ভাবে বৃদ্ধি পোৱা গাভৰু নৈৰ বানে শোণিতপুৰৰ গাভৰু শিৱ মন্দিৰৰ সমীপত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা অংশ খহাই পেলাই আৰু তেজপুৰ ৰাজহচক্ৰ অন্তৰ্গত নিৰাই আটি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বালিগাঁও প্লাবিত কৰে। নিশা নিদ্ৰাৰত ৰাইজে আনকি নিজৰ হাঁহ, ছাগলী-গৰু আনকি বাচনবৰ্তন ৰক্ষা কৰাৰো সুযোগ নাপালে। আজি স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে ইমানদিনে গাভৰু নৈৰ এনে বিক্ৰাল ৰূপ…

লখিমপুৰ মেডিকেল কলেজ হাস্পতালত  পুনৰ অঘটন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ জুলাই:  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত  শুক্ৰবাৰে বিয়লি অকস্মাতে বেবী আই চি ইউত শ্বৰ্ট চাৰ্কিট ঘটাত চিকিৎসা মহাবিদ্যালয়খনত হুৱা দুৱা লাগে। অৱশ্যে বেবী  আই চি ইউৰ ৱাৰ্মাৰৰ এই শ্বট চাৰ্কিটত কোনো লোকৰ ক্ষয় ক্ষতি নহ'ল। সেই সময়ত  আই চি ইউ ত আছিল ১৫ টিকৈ দেৱ শিশু। এই দেৱশিশু কেইটা কথমপি প্ৰাণ ৰক্ষা পৰে যদিও সাংঘাতিক ভাবে ভয় খায় শিশুসকলৰ অভিভাবক তথা আত্মীয়ই । আই চি ইউত থকা এখন বিদ্যুৎ বৰ্ডত এনে অঘটন হয় যদিও হাস্পতালৰ বিদ্যুৎ কৰ্মীয়ে সংযোগ বিচ্ছিন্ন কৰি দিয়াত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা…

বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত অজাযুছাপৰ অৱস্থান

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১জুলাইঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো পৰিষদৰ ধেমাজি জিলা সমিতিয়ে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান আৰু পুনৰ সংস্থাপনৰ উপৰি বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ সংগঠনটোৰ তিনি শতাধিক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই অসমৰ…

ডি আই ডি লিটিল মাষ্টাৰ চিজন  ফাইভ ৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়ক উষ্ম অভিনন্দন

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা তথা চিলাপথাৰ নিবাসী কনমানী নৃত্য প্ৰতিয়সী আধ্যাশ্ৰী উপাধ্যায়। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব' ডি আই ডি লিটিল মাষ্টাৰ চিজন ফাইভৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ৰ সফলতাৰে গৃহমূখী যাত্ৰাত বুধবাৰে জামুগুৰিহাটৰ জীয়া ভৰলীপাৰৰ টৌভঙা আৰু টুপিয়াত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয়। ঢোল, তালৰ ধ্বনিৰে অসম কন্যা আধ্যাশ্ৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি যুব সমাজকৰ্মী গোবিন কাৰ্কী, ৰাজিৱ শৰ্মা আৰু চঞ্জয় শৰ্মাৰ বিশেষ…

 চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত চতিয়াত কৃতি শিক্ষাৰ্থীলৈ অভিনন্দন

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ চতিয়া সমষ্টিৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিদেৰ্শ মৰ্মে কৃতি শিক্ষাৰ্থীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে। দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰিত আজি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীর্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অভিনন্দন পত্ৰ প্ৰদান কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। ইটাখোলা অঞ্চলৰ পৰা দিকৰাই উচ্চতৰ…