Browsing Category
অসম
লখিমপুৰ মেডিকেল কলেজ হাস্পতালত পুনৰ অঘটন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ জুলাই: লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শুক্ৰবাৰে বিয়লি অকস্মাতে বেবী আই চি ইউত শ্বৰ্ট চাৰ্কিট ঘটাত চিকিৎসা মহাবিদ্যালয়খনত হুৱা দুৱা লাগে। অৱশ্যে বেবী আই চি ইউৰ ৱাৰ্মাৰৰ এই শ্বট চাৰ্কিটত কোনো লোকৰ ক্ষয় ক্ষতি নহ'ল। সেই সময়ত আই চি ইউ ত আছিল ১৫ টিকৈ দেৱ শিশু। এই দেৱশিশু কেইটা কথমপি প্ৰাণ ৰক্ষা পৰে যদিও সাংঘাতিক ভাবে ভয় খায় শিশুসকলৰ অভিভাবক তথা আত্মীয়ই । আই চি ইউত থকা এখন বিদ্যুৎ বৰ্ডত এনে অঘটন হয় যদিও হাস্পতালৰ বিদ্যুৎ কৰ্মীয়ে সংযোগ বিচ্ছিন্ন কৰি দিয়াত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা…
বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত অজাযুছাপৰ অৱস্থান
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১জুলাইঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো পৰিষদৰ ধেমাজি জিলা সমিতিয়ে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান আৰু পুনৰ সংস্থাপনৰ উপৰি বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ সংগঠনটোৰ তিনি শতাধিক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই অসমৰ…
ডি আই ডি লিটিল মাষ্টাৰ চিজন ফাইভ ৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়ক উষ্ম অভিনন্দন
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা তথা চিলাপথাৰ নিবাসী কনমানী নৃত্য প্ৰতিয়সী আধ্যাশ্ৰী উপাধ্যায়। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব' ডি আই ডি লিটিল মাষ্টাৰ চিজন ফাইভৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়ৰ সফলতাৰে গৃহমূখী যাত্ৰাত বুধবাৰে জামুগুৰিহাটৰ জীয়া ভৰলীপাৰৰ টৌভঙা আৰু টুপিয়াত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয়। ঢোল, তালৰ ধ্বনিৰে অসম কন্যা আধ্যাশ্ৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি যুব সমাজকৰ্মী গোবিন কাৰ্কী, ৰাজিৱ শৰ্মা আৰু চঞ্জয় শৰ্মাৰ বিশেষ…
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত চতিয়াত কৃতি শিক্ষাৰ্থীলৈ অভিনন্দন
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ চতিয়া সমষ্টিৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিদেৰ্শ মৰ্মে কৃতি শিক্ষাৰ্থীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে। দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰিত আজি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীর্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অভিনন্দন পত্ৰ প্ৰদান কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। ইটাখোলা অঞ্চলৰ পৰা দিকৰাই উচ্চতৰ…
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুনঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি জিলা উপায়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বানপানীৰ ক্ষয়ক্ষতি, সাহায্য-সামগ্ৰী প্ৰদান সম্পৰ্কত লোৱা ব্যৱস্থাৱলীৰ বিতং বুজ লৈ বানত প্ৰভাৱিত হোৱা কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ…
তিনিচুকীয়া জিলাৰ ৪৪ গাওঁ প্লাৱিত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুনঃ বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ ডুমডুমা, শদিয়া আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ ৪৪ খন গাওঁ বানৰ কবলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত তিনিচুকীয়া ৰাজহ চক্ৰৰ কচুজান, হিজুগুৰী, লোহাৰী বঙালী, পাখৰিজান, খামটি গোৱালীকে ধৰি ১৭ খন, ডুমডুমা ৰাজহ চক্ৰৰ ১ নং হাতীবাট, ন-বৰমূঢ়া, ২ নং ন-বৰমূঢ়া, ১ নং গোহাঁই গাওঁ, বেবেজীয়া, ১ নং পুৰণি মটাপুং, ২ নং পুৰণি মটাপুং, চুমনি, লাইনা, খাগৰিজানকে ধৰি ২৬ খন আৰু শদিয়া ৰাজহ চক্ৰৰ…
গুৱাহাটীত স্থাপন হ’ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ণ গৱেষণাগাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৩০ জুনঃ ৰাজ্য চৰকাৰ আৰু স্পাইছ বৰ্ডে যুটীয়াভাৱে মচলাখণ্ডত আন্তঃগাঠনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। মচলা উদ্যেগৰ বিকাশৰ বাবে গুৱাহাটীত স্থাপন কৰা হ'ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ন কৰাৰ বাবে গৱেষণাগাৰ তথা পৰীক্ষাকেন্দ্ৰ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। গুৱাহাটীত বৃহস্পতিবাৰে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ক্রেতা-বিক্রেতা সন্মিলন উদ্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে মচলা উৎপাদনৰ মানদণ্ডৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। অসম হৈছে উত্তৰ-পূব ভাৰতৰ…
বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩০ জুনঃ সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো সদৌ ধেমাজি জিলা ছাত্র সন্থাই অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য, উচিৎ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত ধেমাজি নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্র সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে কয় যে প্ৰতিবছৰে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো বান-গৰাখহনীয়া…
কেবিনেটত অনুমোদিত ৩৮৫ কোটি টকীয়া সোৱণশিৰি নদীৰ ‘ঘূনাসুঁতি দলঙ’ক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ জুনঃ বহু প্রত্যাশিত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ'ব লগা ২.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘুনাসুঁতি দলংখনক লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কর্তৃপক্ষই দুটা স্থানেৰে দলংখনৰ নিৰ্মাণৰ সন্দৰ্ভত চাৰ্ভে অব্যাহত ৰখাত ৰাইজ বিভ্ৰান্তত পৰিছে। উল্লেখ্য যে লখিমপুৰ জিলাৰ মহাইজানৰ সমীপৱৰ্তী ঘাগৰ ঘাটত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি দলংখন নিৰ্মাণ হ'ব লাগে বুলি ৰাইজে দীর্ঘদিনৰ পৰা দাবী জনাই আহিছে। শেহতীয়াকৈ ঢকুৱাখনা-লখিমপুৰ সংযোগী এই পুৰণি পথতে দলংখন নিৰ্মাণৰ বাবে অসম চৰকাৰে চাৰ্ভে কৰি শেহতীয়া অসম…
অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ
উত্তৰ লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’'২০২২” অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি নাট্য সমাৰোহৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলাৰ প্ৰচাৰক ৰাজীৱ কলিতাই। অনুষ্ঠানত পশ্চিমবংগৰ নাট পৰিচালক বৰুণ কৰ আৰু বিহাৰৰ নাট পৰিচালক ঋষিকেশ কুমাৰক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে নাট পৰিচালক দয়াল কৃষ্ণ নাথে। নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৭ বজাত যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ অভিনৱ থিয়েটাৰ প্ৰকল্পত…
