Browsing Category
অসম
টাই-আহোম যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি গঠন
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৯ জুনঃ অসমৰ অন্যতম জনগোষ্ঠী টাই-আহোমসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে সততে সৰৱ হৈ উঠা টাই-আহোম যুৱ পৰিষদ চমুকৈ “টাইপা”ৰ ধেমাজি জিলা সমিতিখন নতুনকৈ গঠন কৰা হয় । নৱগঠিত সমিতিখনে আজি ঐতিহাসিক হাবুঙত শপত গ্ৰহণ কৰি জনগোষ্ঠীটোৰ হকে মাত মাতি যোৱাৰ সংকল্প গ্ৰহণ কৰে । সংগঠনটোৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত লক্ষী বৰগোঁহাইক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে সংগঠনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰণৱ হাজৰিকা আৰু দিপ্তী গগৈক জিলা সম্পাদক হিচাপে লৈ এখন ৩১জনীয়া জিলা সমিতি গঠন কৰা হয় । হাবুঙৰ ঐতিহাসিক…
অৰুণাচলত দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন সেনাৰ চুবেদাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৯জুন: দেশৰ নিৰাপত্তাৰ বাবে কৰ্তব্য পালনৰ সময়তে প্ৰতিকূল বতৰৰ মাজত দেশৰ সেনাৰ এগৰাকী চুবেদাৰ এক শোকাবহ দুৰ্ঘটনাৰ সন্মুখীন হৈ যোৱা তিনিদিনে নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে এইগৰাকী সেনা জোৱানৰ সন্ধানত বৃহৎ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত তেওঁৰ সন্ধান ওলোৱা নাই। আজি, সেনাৰ তৃতীয় ক’ৰৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি,যোৱা ২৬জুনত দিনৰ প্ৰায় দুই বজাত এই শোকাবহ ঘটনাটো সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ এক দুৰ্গম অঞ্চলত। সেনাৰ ৰে’ড শ্বিল্ড ডিভিজনৰ এটা অভিযানকাৰী দলে সীমান্তৰ এই…
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক আনন্ত লাল জ্ঞানীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ জুন: আজি অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতিত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় । লগতে, বৰছলা বিধায়ক গণেশ লিম্বু, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা আৰু জিলা কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে পাচনৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰা বৰছলা সমষ্টিৰ অন্তৰ্গত টেগবস্তীত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে । উল্লেখযোগ্য যে বৰ্তমান বান পৰিস্থিতিৰ বাবে মূল ভূখণ্ডৰ পৰা…
গেৰুকামুখত এন এইচ পি চিৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ বান পৰিস্থিতি ক্রমান্বয়ে জটিলৰ দিশে গতি কৰিছে। গেৰুকামুখত নির্মীয়মান ২০০০ মেগাৱাট বিদ্যুৎশক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা নিশাৰ পৰা পানী বাগৰিবলৈ লোৱাত নামনিত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে। প্ৰকল্পটোৰ ৮টা সুৰংগৰে পানী সৰবৰাহ হৈ থকাৰ পিছতো কেনেদৰে মূল বান্ধৰ ওপৰেৰে পানী বাগৰিছে তাক লৈ জনতা আতংকিত হৈ পৰিছে। ১১৬ মিটাৰ উচ্চতাৰ বান্ধটোৰ প্ৰায় ৮০-৯০ শতাংশ উচ্চতা সম্পূৰ্ণ হোৱাৰ পিছত উক্ত মূল বান্ধৰ ওপৰেৰে সঘনাই পানী বাগৰিবলৈ লোৱাত এন এইচ পি চি…
চেৰী আৰু নিখিলক তিনিচুকীয়া জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ পৰা অসমৰ ভিতৰত কলা শাখাত প্ৰথম স্থান দখল কৰা তিনিচুকীয়াৰ ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁই আৰু বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰা ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজৰ ছাত্ৰ নিখিল গুপ্তাক আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই উপলক্ষে আজি তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত সভাত উপায়ুক্ত নৰসিং পৱাৰে দুয়োগৰাকী মেধাৱী স্থানপ্ৰাপকক এখনিকৈ ফুলাম গামোচা, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰা লগতে অন্যান্য উপহাৰেৰে অভিনন্দন জ্ঞাপন কৰে…
কেৱল শ্ৰদ্ধাযুক্ত মনৰ অধিকাৰীজনেহে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰে- ড° পীতাম্বৰ দেৱ গোস্বামী
শতাব্দ প্ৰতিনিধি,মাজুলী,২৮ জুনঃ মাজুলী মহাবিদ্যালয়ৰ প্রথম দলৰ ছাত্ৰ, বিশিষ্ট শিক্ষাবিদ, মাজুলীৰ সাহিত্য জগতৰ অন্যতম কাণ্ডাৰীস্বৰূপ, ৰসবেত্তা বদন দোলাকাষৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয়খনত 'বদন-বন্দন' শীৰ্ষক এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায়। মাজুলীৰ বৌদ্ধিক জগতৰ ভোটাতৰাস্বৰূপ ব্যক্তি সদ্যপ্ৰয়াত দোলাকাষৰীয়াক স্মৰণ কৰিবলৈ আজি দিনৰ ১২.৪৫ বজাৰপৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিত প্ৰয়াত ব্যক্তিজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দোলাকাষৰীয়াৰ ভাতৃ, শিল্পী জয় দোলাকাষৰীয়াই আৰু…
থলুৱা জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণ-উন্নয়নৰ বাবে বিশেষ পদক্ষেপ অসম কৃষি বিশ্ববিদ্যালয়ৰ
শতাব্দ প্ৰতিনিধি,যোৰহাট ,২৮ জুন : অসমৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণৰ জৰিয়তে সামগ্ৰিকভাবে ৰাজ্যৰ থলুৱা কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে অসম কৃষি বিশ্ববিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ থলুৱা জনগোষ্ঠী বড়ো কছাৰীসকলৰ মাজত কৃষিৰ নতুন জাগৰণ অনাৰ প্ৰয়াসেৰে বিশ্ববিদ্যালয়ে জনগোষ্ঠীটোৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এখন উচ্চস্তৰীয় পৰ্যালোচনা সভাৰ জৰিয়তে মিলিত হয় ।' বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ অন্তৰ্গত গ্ৰাম্য যুৱ প্ৰজন্মৰ বাবে কৃষি ভিত্তিক বহনক্ষম জীৱিকা' শীৰ্ষক…
লখিমপুৰত চেঁচাৰ বানত গৃহ বন্দী শতাধিক পৰিয়াল
উদ্ধাৰ অভিযানত নামিল এছ. ডি. আৰ. এফ. : আশ্রয় শিবিৰত তিনি শতাধিক পৰিয়াল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশত যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি জিলাখনৰ ন ন অঞ্চল প্লাবিত হৈছে। আজি লখিমপুৰ জিলাৰ শিমলুগুৰিত তথা ৰাজগড় ৰামপুৰত চুনজুলি নদীৰ বানে এটা পথত থকা কালভার্ট উটুৱাই নিয়াৰ সলত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰিছে। ইফালে খৰস্রোতা চেঁচা নদীৰ বাঢ়নী পানীয়ে আজি লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ ফুটাভোগত অভাবনীয় বান পৰিস্থিতিৰ সৃষ্টি কৰে। চেঁচা নদীৰ বানত ফুটাভোগ-ৰঙাজানত শতাধিক পৰিয়াল…
লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাঃ দুই নাৰ্চক নিলম্বন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্ৰত শিশু সালসলনিৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত চাঞ্চল্য অব্যাহত আছে । এই ঘটনা সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আজি দুগৰাকী নাৰ্চক নিলম্বন কৰা হৈছে । স্বাস্থ্য বিভাগে এই সন্দৰ্ভত অনুসন্ধান চলাই নিলম্বিত কৰা নাৰ্ছ দুগৰাকী হৈছে ক্ৰমে জুলী বৰুৱা আৰু ৰুবি বৰা হাজৰিকা। উল্লেখ যে যোৱা শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিছিল এটি সন্তান। নাৰ্চৰ মতে প্ৰসূতি গৰাকীয়ে জন্ম দিছিল পুত্ৰ সন্তান। কিন্তু পুৱা কাপোৰ…
জামুগুৰিহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই ভ্ৰাতৃ
জামুগুৰিহাট : ২৮ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজনকৈ যুৱক নিহত হয় । জানিব পৰা মতে সোমবাৰে সন্ধিয়া ৮ মান বজাত পথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰি দুয়োজন বাইক আৰোহী নিহত হয় । প্ৰাপ্ত তথ্য মতে তেজপুৰৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিল দুই বাইক আৰোহী । গ্লেমাৰখনৰ নম্বৰ AS-12-AA-0966 বুলি জানিব পৰা গৈছে । মৃত দুইগৰাকী জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ মিন্টু শইকীয়া(২৩) আৰু বাবু শইকীয়া(২৫) বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীৰ মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰৈ…
