Browsing Category

অসম

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুনঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি জিলা উপায়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বানপানীৰ ক্ষয়ক্ষতি, সাহায্য-সামগ্ৰী প্ৰদান সম্পৰ্কত লোৱা ব্যৱস্থাৱলীৰ বিতং বুজ লৈ বানত প্ৰভাৱিত হোৱা কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ…

তিনিচুকীয়া জিলাৰ ৪৪ গাওঁ প্লাৱিত

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৩০ জুনঃ বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ ডুমডুমা, শদিয়া আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ ৪৪ খন গাওঁ বানৰ কবলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত তিনিচুকীয়া ৰাজহ চক্ৰৰ কচুজান, হিজুগুৰী, লোহাৰী বঙালী, পাখৰিজান, খামটি গোৱালীকে ধৰি ১৭ খন, ডুমডুমা ৰাজহ চক্ৰৰ ১ নং হাতীবাট, ন-বৰমূঢ়া, ২ নং ন-বৰমূঢ়া, ১ নং গোহাঁই গাওঁ, বেবেজীয়া, ১ নং পুৰণি মটাপুং, ২ নং পুৰণি মটাপুং, চুমনি, লাইনা, খাগৰিজানকে ধৰি ২৬ খন আৰু শদিয়া ৰাজহ চক্ৰৰ…

গুৱাহাটীত স্থাপন হ’ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ণ গৱেষণাগাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৩০ জুনঃ ৰাজ্য চৰকাৰ আৰু স্পাইছ বৰ্ডে যুটীয়াভাৱে মচলাখণ্ডত আন্তঃগাঠনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। মচলা উদ্যেগৰ বিকাশৰ বাবে গুৱাহাটীত স্থাপন কৰা হ'ব মচলাৰ গুণগত মানদণ্ড মূল্যায়ন কৰাৰ বাবে গৱেষণাগাৰ তথা পৰীক্ষাকেন্দ্ৰ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। গুৱাহাটীত বৃহস্পতিবাৰে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ক্রেতা-বিক্রেতা সন্মিলন উদ্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে মচলা উৎপাদনৰ মানদণ্ডৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। অসম হৈছে উত্তৰ-পূব ভাৰতৰ…

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ 

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩০ জুনঃ সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো সদৌ ধেমাজি জিলা ছাত্র সন্থাই অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য, উচিৎ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত ধেমাজি নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্র সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে কয় যে প্ৰতিবছৰে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো বান-গৰাখহনীয়া…

কেবিনেটত অনুমোদিত ৩৮৫ কোটি টকীয়া সোৱণশিৰি নদীৰ ‘ঘূনাসুঁতি দলঙ’ক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৩০ জুনঃ বহু প্রত্যাশিত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ'ব লগা ২.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘুনাসুঁতি দলংখনক লৈ ৰাইজৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কর্তৃপক্ষই দুটা স্থানেৰে দলংখনৰ নিৰ্মাণৰ সন্দৰ্ভত চাৰ্ভে অব্যাহত ৰখাত ৰাইজ বিভ্ৰান্তত পৰিছে। উল্লেখ্য যে লখিমপুৰ জিলাৰ মহাইজানৰ সমীপৱৰ্তী ঘাগৰ ঘাটত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি দলংখন নিৰ্মাণ হ'ব লাগে বুলি ৰাইজে দীর্ঘদিনৰ পৰা দাবী জনাই আহিছে। শেহতীয়াকৈ ঢকুৱাখনা-লখিমপুৰ সংযোগী এই পুৰণি পথতে দলংখন নিৰ্মাণৰ বাবে অসম চৰকাৰে চাৰ্ভে কৰি শেহতীয়া অসম…

অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ

উত্তৰ লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত  ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’'২০২২”  অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি নাট্য সমাৰোহৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলাৰ প্ৰচাৰক ৰাজীৱ কলিতাই। অনুষ্ঠানত পশ্চিমবংগৰ নাট পৰিচালক বৰুণ কৰ আৰু বিহাৰৰ নাট পৰিচালক ঋষিকেশ কুমাৰক সম্বৰ্ধনা  জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে নাট পৰিচালক দয়াল কৃষ্ণ নাথে। নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৭ বজাত যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ অভিনৱ থিয়েটাৰ প্ৰকল্পত…

টাই-আহোম যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি গঠন

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৯ জুনঃ অসমৰ অন্যতম জনগোষ্ঠী টাই-আহোমসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে সততে সৰৱ হৈ উঠা টাই-আহোম যুৱ পৰিষদ চমুকৈ “টাইপা”ৰ ধেমাজি জিলা সমিতিখন নতুনকৈ গঠন কৰা হয় । নৱগঠিত সমিতিখনে আজি ঐতিহাসিক হাবুঙত শপত গ্ৰহণ কৰি জনগোষ্ঠীটোৰ হকে মাত মাতি যোৱাৰ সংকল্প গ্ৰহণ কৰে । সংগঠনটোৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত লক্ষী বৰগোঁহাইক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে সংগঠনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰণৱ হাজৰিকা আৰু দিপ্তী গগৈক জিলা সম্পাদক হিচাপে লৈ এখন ৩১জনীয়া জিলা সমিতি গঠন কৰা হয় । হাবুঙৰ ঐতিহাসিক…

অৰুণাচলত দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন সেনাৰ চুবেদাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৯জুন: দেশৰ নিৰাপত্তাৰ বাবে কৰ্তব্য পালনৰ সময়তে প্ৰতিকূল বতৰৰ মাজত দেশৰ সেনাৰ এগৰাকী চুবেদাৰ এক শোকাবহ দুৰ্ঘটনাৰ সন্মুখীন হৈ যোৱা তিনিদিনে নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে এইগৰাকী সেনা জোৱানৰ সন্ধানত বৃহৎ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত তেওঁৰ সন্ধান ওলোৱা নাই। আজি, সেনাৰ তৃতীয় ক’ৰৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি,যোৱা ২৬জুনত দিনৰ প্ৰায় দুই বজাত এই শোকাবহ ঘটনাটো সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ এক দুৰ্গম অঞ্চলত। সেনাৰ ৰে’ড শ্বিল্ড ডিভিজনৰ এটা অভিযানকাৰী দলে  সীমান্তৰ এই…

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক আনন্ত লাল জ্ঞানীৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ জুন: আজি অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে  শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতিত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় । লগতে, বৰছলা বিধায়ক গণেশ লিম্বু, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা আৰু জিলা কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে পাচনৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰা বৰছলা সমষ্টিৰ অন্তৰ্গত টেগবস্তীত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে । উল্লেখযোগ্য যে বৰ্তমান বান পৰিস্থিতিৰ বাবে মূল ভূখণ্ডৰ পৰা…

গেৰুকামুখত এন এইচ পি চিৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ বান পৰিস্থিতি ক্রমান্বয়ে জটিলৰ দিশে গতি কৰিছে। গেৰুকামুখত নির্মীয়মান ২০০০ মেগাৱাট বিদ্যুৎশক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা নিশাৰ পৰা পানী বাগৰিবলৈ লোৱাত নামনিত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে। প্ৰকল্পটোৰ ৮টা সুৰংগৰে পানী সৰবৰাহ হৈ থকাৰ পিছতো কেনেদৰে মূল বান্ধৰ ওপৰেৰে পানী বাগৰিছে তাক লৈ জনতা আতংকিত হৈ পৰিছে। ১১৬ মিটাৰ উচ্চতাৰ বান্ধটোৰ প্ৰায় ৮০-৯০ শতাংশ উচ্চতা সম্পূৰ্ণ হোৱাৰ পিছত উক্ত মূল বান্ধৰ ওপৰেৰে সঘনাই পানী বাগৰিবলৈ লোৱাত এন এইচ পি চি…