Browsing Category
অসম
চেৰী আৰু নিখিলক তিনিচুকীয়া জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ পৰা অসমৰ ভিতৰত কলা শাখাত প্ৰথম স্থান দখল কৰা তিনিচুকীয়াৰ ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁই আৰু বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰা ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজৰ ছাত্ৰ নিখিল গুপ্তাক আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই উপলক্ষে আজি তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত সভাত উপায়ুক্ত নৰসিং পৱাৰে দুয়োগৰাকী মেধাৱী স্থানপ্ৰাপকক এখনিকৈ ফুলাম গামোচা, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰা লগতে অন্যান্য উপহাৰেৰে অভিনন্দন জ্ঞাপন কৰে…
কেৱল শ্ৰদ্ধাযুক্ত মনৰ অধিকাৰীজনেহে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰে- ড° পীতাম্বৰ দেৱ গোস্বামী
শতাব্দ প্ৰতিনিধি,মাজুলী,২৮ জুনঃ মাজুলী মহাবিদ্যালয়ৰ প্রথম দলৰ ছাত্ৰ, বিশিষ্ট শিক্ষাবিদ, মাজুলীৰ সাহিত্য জগতৰ অন্যতম কাণ্ডাৰীস্বৰূপ, ৰসবেত্তা বদন দোলাকাষৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয়খনত 'বদন-বন্দন' শীৰ্ষক এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায়। মাজুলীৰ বৌদ্ধিক জগতৰ ভোটাতৰাস্বৰূপ ব্যক্তি সদ্যপ্ৰয়াত দোলাকাষৰীয়াক স্মৰণ কৰিবলৈ আজি দিনৰ ১২.৪৫ বজাৰপৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিত প্ৰয়াত ব্যক্তিজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দোলাকাষৰীয়াৰ ভাতৃ, শিল্পী জয় দোলাকাষৰীয়াই আৰু…
থলুৱা জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণ-উন্নয়নৰ বাবে বিশেষ পদক্ষেপ অসম কৃষি বিশ্ববিদ্যালয়ৰ
শতাব্দ প্ৰতিনিধি,যোৰহাট ,২৮ জুন : অসমৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণৰ জৰিয়তে সামগ্ৰিকভাবে ৰাজ্যৰ থলুৱা কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে অসম কৃষি বিশ্ববিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ থলুৱা জনগোষ্ঠী বড়ো কছাৰীসকলৰ মাজত কৃষিৰ নতুন জাগৰণ অনাৰ প্ৰয়াসেৰে বিশ্ববিদ্যালয়ে জনগোষ্ঠীটোৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এখন উচ্চস্তৰীয় পৰ্যালোচনা সভাৰ জৰিয়তে মিলিত হয় ।' বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ অন্তৰ্গত গ্ৰাম্য যুৱ প্ৰজন্মৰ বাবে কৃষি ভিত্তিক বহনক্ষম জীৱিকা' শীৰ্ষক…
লখিমপুৰত চেঁচাৰ বানত গৃহ বন্দী শতাধিক পৰিয়াল
উদ্ধাৰ অভিযানত নামিল এছ. ডি. আৰ. এফ. : আশ্রয় শিবিৰত তিনি শতাধিক পৰিয়াল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশত যোৱা নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি জিলাখনৰ ন ন অঞ্চল প্লাবিত হৈছে। আজি লখিমপুৰ জিলাৰ শিমলুগুৰিত তথা ৰাজগড় ৰামপুৰত চুনজুলি নদীৰ বানে এটা পথত থকা কালভার্ট উটুৱাই নিয়াৰ সলত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰিছে। ইফালে খৰস্রোতা চেঁচা নদীৰ বাঢ়নী পানীয়ে আজি লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ ফুটাভোগত অভাবনীয় বান পৰিস্থিতিৰ সৃষ্টি কৰে। চেঁচা নদীৰ বানত ফুটাভোগ-ৰঙাজানত শতাধিক পৰিয়াল…
লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাঃ দুই নাৰ্চক নিলম্বন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিশু আৰু মাতৃ মঙ্গল কেন্দ্ৰত শিশু সালসলনিৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত চাঞ্চল্য অব্যাহত আছে । এই ঘটনা সংক্ৰান্তত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আজি দুগৰাকী নাৰ্চক নিলম্বন কৰা হৈছে । স্বাস্থ্য বিভাগে এই সন্দৰ্ভত অনুসন্ধান চলাই নিলম্বিত কৰা নাৰ্ছ দুগৰাকী হৈছে ক্ৰমে জুলী বৰুৱা আৰু ৰুবি বৰা হাজৰিকা। উল্লেখ যে যোৱা শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিছিল এটি সন্তান। নাৰ্চৰ মতে প্ৰসূতি গৰাকীয়ে জন্ম দিছিল পুত্ৰ সন্তান। কিন্তু পুৱা কাপোৰ…
জামুগুৰিহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত দুই ভ্ৰাতৃ
জামুগুৰিহাট : ২৮ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজনকৈ যুৱক নিহত হয় । জানিব পৰা মতে সোমবাৰে সন্ধিয়া ৮ মান বজাত পথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰি দুয়োজন বাইক আৰোহী নিহত হয় । প্ৰাপ্ত তথ্য মতে তেজপুৰৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিল দুই বাইক আৰোহী । গ্লেমাৰখনৰ নম্বৰ AS-12-AA-0966 বুলি জানিব পৰা গৈছে । মৃত দুইগৰাকী জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ মিন্টু শইকীয়া(২৩) আৰু বাবু শইকীয়া(২৫) বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীৰ মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰৈ…
তামিলনাডুত বিনাইছে অসমৰ জয়মালাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : নিৰ্যাতিত হাতী জয়মলা ওৰফে জয়মল্যাথক জব্দ কৰি অভয়াৰণ্যত পুনৰ সংস্থাপন কৰিবলৈ অসম আৰু তামিলনাডুৰ বন বিভাগক আহ্বান জনাইছে পশু অধিকাৰ সংগঠন পিপলছ ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই। উল্লেখ্য যে, তামিলনাডুৰ শ্ৰীভিলিপুথুৰ নাচিয়াৰ থিৰুকোভিল মন্দিৰৰ চৌহদত জয়মলাক নিজৰ মাউতে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ অলপতে পোহৰলৈ আহিছে। ভিডিঅ'টোত ভৰিত টানকৈ শিকলিৰে বান্ধি থোৱা অসহায় হাতীজনীক মাউতে বাৰে বাৰে প্ৰহাৰ কৰা আৰু হাতীজনীয়ে বিষত চিঞৰি উঠা দেখা গৈছে। এই বিষয়ত পেটা ইণ্ডিয়াই অসম…
লখিমপুৰ শিক্ষা খণ্ডত হেলেন কেলাৰৰ জন্মদিন উদযাপন
লখিমপুৰ, ২৭ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত আজি লখিমপুৰ শিক্ষা খণ্ডৰ প্ৰশিক্ষণ গৃহত হেলেন কেলাৰৰ জন্ম দিন উদ্যাপন কৰা হয়। হেলেন কেলাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে। আনহাতে দ্বীপ প্ৰজ্বলন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হেমন্ত হাজৰিকা, উত্তৰ লখিমপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰূপম সোনোৱাল, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহঃসম্পাদিকা ৰাণী বৰুৱাই। হেলেন কেলাৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে সমল ব্যক্তি পংকজ…
বানত ক্ষতিগ্ৰস্ত বহু মীন পালক
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭জুনঃ বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ কৃষি ক্ষেত্ৰখনলৈ যেনেদৰে বিপৰ্যয় কঢ়িয়াই আনিলে একেদৰেই মীন পালকসকলৰো অত্যধিক লোকচানৰ সন্মূখীন কৰিছে। চৰকাৰী তথ্যৰ তুলনাত এই লোকচান অধিক ব্যাপক মাত্ৰাত হোৱা বুলি স্থানীয় বহু সংখ্যক মীন পালকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, চৰকাৰী তথ্য অনুসৰি ১৮ জুনৰ তেজপুৰৰ বাঘচোং, শলমৰা, ভালুকঝাৰণি আৰু পৰমাইঘূলিত ৪১টা মীন পালক পৰিয়াল এই বানত ক্ষতিগ্ৰস্ত হৈছে আৰু মুঠ ১১.৭০ হেক্টৰ এলেকাৰ পুখুৰী বানৰ কবলত পৰে। একেদৰে ৰাজভৰাল আৰু দপৰ্বতীয়া অঞ্চলৰো ৫.১০হেক্টৰ পৰিমানৰ মাটিৰ…
শোণিতপুৰৰ বানবিধস্ত অঞ্চলত সাহায্য পৰ্যাপ্ত হোৱা নাই-উপায়ুক্তক স্মাৰক পত্ৰ এছ ইউ চি আইৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৭জুনঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক সমিতিয়ে ২৩ জুনৰ পৰা ২৯ জুনলৈকে আহ্বান জনোৱা দাবী সপ্তাহ পালনৰ অংশ হিচাপে দলৰ শোণিতপুৰ জিলা সমিতিৰ এক প্ৰতিনিধি দলে জিলাখনৰ বাঁহবাৰী, বান্দৰমাৰী, ৰোহিনীবিল আদি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি আজি শোণিতপুৰ জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। জিলা উপায়ুক্তৰ অনুপস্থিতিত অতিৰিক্ত জিলা উপায়ুক্তক প্ৰদান কৰা তথা দলৰ শোণিতপুৰ জিলাৰ সম্পাদক অজয় আচাৰ্য স্বাক্ষৰিত স্মাৰকপত্ৰত অভিযোগ কৰা হয়…
