Browsing Category

অসম

তামিলনাডুত বিনাইছে অসমৰ জয়মালাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : নিৰ্যাতিত হাতী জয়মলা ওৰফে জয়মল্যাথক জব্দ কৰি অভয়াৰণ্যত পুনৰ সংস্থাপন কৰিবলৈ অসম আৰু তামিলনাডুৰ বন বিভাগক আহ্বান জনাইছে পশু অধিকাৰ সংগঠন পিপলছ ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই। উল্লেখ্য যে, তামিলনাডুৰ শ্ৰীভিলিপুথুৰ নাচিয়াৰ থিৰুকোভিল মন্দিৰৰ চৌহদত জয়মলাক নিজৰ মাউতে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ অলপতে পোহৰলৈ আহিছে। ভিডিঅ'টোত ভৰিত টানকৈ শিকলিৰে বান্ধি থোৱা অসহায় হাতীজনীক মাউতে বাৰে বাৰে প্ৰহাৰ কৰা আৰু হাতীজনীয়ে বিষত চিঞৰি উঠা দেখা গৈছে। এই বিষয়ত পেটা ইণ্ডিয়াই অসম…

লখিমপুৰ শিক্ষা খণ্ডত হেলেন কেলাৰৰ জন্মদিন উদযাপন

লখিমপুৰ, ২৭ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত আজি লখিমপুৰ শিক্ষা খণ্ডৰ প্ৰশিক্ষণ গৃহত হেলেন কেলাৰৰ জন্ম দিন উদ্‌যাপন কৰা হয়। হেলেন কেলাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে। আনহাতে দ্বীপ প্ৰজ্বলন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হেমন্ত হাজৰিকা, উত্তৰ লখিমপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰূপম সোনোৱাল, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহঃসম্পাদিকা ৰাণী বৰুৱাই। হেলেন কেলাৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে সমল ব্যক্তি পংকজ…

বানত ক্ষতিগ্ৰস্ত বহু মীন পালক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭জুনঃ বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ কৃষি ক্ষেত্ৰখনলৈ যেনেদৰে বিপৰ্যয় কঢ়িয়াই আনিলে একেদৰেই মীন পালকসকলৰো অত্যধিক লোকচানৰ সন্মূখীন কৰিছে। চৰকাৰী তথ্যৰ তুলনাত এই লোকচান অধিক ব্যাপক মাত্ৰাত হোৱা বুলি স্থানীয় বহু সংখ্যক মীন পালকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, চৰকাৰী তথ্য অনুসৰি ১৮ জুনৰ তেজপুৰৰ বাঘচোং, শলমৰা, ভালুকঝাৰণি আৰু পৰমাইঘূলিত ৪১টা মীন পালক পৰিয়াল এই বানত ক্ষতিগ্ৰস্ত হৈছে আৰু মুঠ ১১.৭০ হেক্টৰ এলেকাৰ পুখুৰী বানৰ কবলত পৰে। একেদৰে ৰাজভৰাল আৰু দপৰ্বতীয়া অঞ্চলৰো ৫.১০হেক্টৰ পৰিমানৰ মাটিৰ…

শোণিতপুৰৰ বানবিধস্ত অঞ্চলত সাহায্য পৰ্যাপ্ত হোৱা নাই-উপায়ুক্তক স্মাৰক পত্ৰ এছ ইউ চি আইৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৭জুনঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক সমিতিয়ে ২৩ জুনৰ পৰা ২৯ জুনলৈকে আহ্বান জনোৱা দাবী সপ্তাহ পালনৰ অংশ হিচাপে দলৰ শোণিতপুৰ জিলা সমিতিৰ এক প্ৰতিনিধি দলে জিলাখনৰ বাঁহবাৰী, বান্দৰমাৰী, ৰোহিনীবিল আদি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি আজি শোণিতপুৰ জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। জিলা উপায়ুক্তৰ অনুপস্থিতিত অতিৰিক্ত জিলা উপায়ুক্তক প্ৰদান কৰা তথা দলৰ শোণিতপুৰ জিলাৰ সম্পাদক অজয় আচাৰ্য স্বাক্ষৰিত স্মাৰকপত্ৰত অভিযোগ কৰা হয়…

লখিমপুৰত শিক্ষা- ধৰ্মীয় অনুষ্ঠানৰ কাষতে সুৰাৰ বাৰ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ ২৭ জুনঃ লখিমপুৰ জিলাত চৰকাৰী অনুজ্ঞাপত্ৰ লৈ বিভিন্ন অঞ্চলত ব্যৱসায় চলাই থকা সুৰাৰ বাৰসমূহৰ স্বতাধিকাৰীসকলে চৰকাৰী নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগ উঠিছে। সম্প্রতি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ, ধর্মীয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ নিচেই কাষতে একাংশ লোকে সুৰাৰ বাৰ খুলি ৰমৰমীয়া ব্যৱসায় চলাই আছে যদিও ইয়াক লৈ কাণসাৰ নাই জিলা আবকাৰী বিভাগৰ। একেদৰে এখন সুৰাৰ বাৰ মুকলি কৰিবৰ বাবে ৫০ ফুট বহল আৰু ৬০ ফুট দীঘল পৰিসৰৰ এটা গৃহৰ লগতে গৃহটোৰ ভিতৰতে শৌচাগাৰ-প্ৰস্তাৱাগাৰ, পাকঘৰ, চি চি কেমেৰা তথা…

লখিমপুৰত ই-ৰিক্সা চালকৰ দৌৰাত্ম

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ ২৭ জুনঃ বিগত কিছু দিনৰ পৰা লখিমপুৰ নগৰত একাংশ ই-ৰিক্সাই তীব্র যান-যঁটৰ সৃষ্টি কৰি অহাৰ লগতে একাংশ চালকে ম‍ইমতালিৰে ই-ৰিক্সা চলাবলৈ লোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ নগৰখনত ই-ৰিক্সাৰ দৌৰাত্ম দিনক দিনে বৃদ্ধি পাব ধৰিছে। নগৰখনৰ বিভিন্ন অলিয়ে-গলিয়ে চলি ফুৰা এই ই-ৰিক্সা সমূহে এতিয়া নিজ ইচ্ছাৰে সংগ্ৰহ কৰি আহিছে ভাড়া। যাৰ যি মন যায় তেনেদৰেই যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰি অহাৰ ফলত সঘনাই ই-বিক্সা চালকৰ লগত যাত্ৰীৰ তৰ্ক যুদ্ধ চলি আহিছে। লক্ষণীয় কথা যে একাংশ ই-ৰিক্সা চালকে বিভাগীয়…

তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুন শাখা মুকলি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ জুন : দেশ তথা ৰাজ্যৰ অন্যতম মানসিক চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি “ড্ৰাগছৰ অপব্যৱহাৰ-অবৈধ সৰবৰাহ বিৰোধ আৰু আফিঙৰ ক্ৰিয়া প্ৰেৰক চিকিৎসা সেৱা উদ্ঘাটন” ৰাষ্ট্ৰীয় শীৰ্ষক বিষয়ৰ লগত সংগতি ৰাখি ’আসক্তিৰ ঔষধ’ বিভাগৰ অধীনত এটা নতুন শাখা মুকলি কৰা হয় । এই শাখা আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য অতিথি তথা শোণিতপুৰ জিলাৰ চেছন ন্যায়াধীশ আৰু জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সভাপতি চি বি গগৈয়ে। তেওঁ ড্ৰাগছ সম্পৰ্কীয় তথ্য দাঙি ধৰি লগতে ইয়াৰ নিৰ্মূলৰ বাবে…

বানাক্ৰান্ত কৃষকৰ বাবে জিলাই জিলাই সামূহিক কঠিয়াৰ নাৰ্চাৰী স্থাপনৰ নিৰ্দেশ উপাচাৰ্যৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৭ জুন : ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে দুৰ্বিষহ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে বিশেষ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । জৰুৰীভাবে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ অন্ন -বস্ত্ৰৰ সাধ্যানুসৰি ব্যৱস্থা কৰাৰ লগতে কৃষকক সকাহ দিয়াৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক - বিজ্ঞানগুৰু সমন্বিতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত জৰুৰী বৈঠকে বিশ্ববিদ্যালয় পৰিয়ালে সামুহিকভাবে ৰাজ্যৰ…

 ১০০% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্যত অসমৰ ভিতৰতে শীৰ্ষত মাজুলী জিলা

শতাব্দ প্ৰতিনিধি,মাজুলী,২৭জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত মাজুলী জিলাৰ সামগ্ৰিক ফলাফল সন্তোষজনক বুলি ক'ব পাৰি। মাজুলীৰ মুঠ ১৩ টা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ তিনিও শাখাতে মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী হৈছে ২,০৫১ গৰাকী। ইয়াৰে মুঠ ১,৭৭১ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয়। কভিডৰ পিছত এক মুকলি পৰিৱেশত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত অসমৰ ভিতৰতে বাণিজ্য শাখাত জিলাভিত্তিত শীৰ্ষৰ প্ৰথম স্থান আজুৰি আনিলে মাজুলীয়ে। ৩৫ খন জিলাৰ ভিতৰতে মাজুলীয়ে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত…

৫ দিন পূৰ্বে মৰমৰ আইতাকক হেৰুৱা তিনিচুকীয়াৰ চেৰী উজলিল কলা শাখাৰ প্ৰথম স্থানত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী তিনিচুকীয়াৰ স্বনামধন্য ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁয়ে কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে । কৃতি ছাত্ৰীগৰাকী হৈছে তিনিচুকীয়াৰ লাইপুলি অঞ্চলৰ কাপ্টানচুক নিবাসী কৰ বিভাগৰ কৰ্মচাৰী প্ৰবীন গোহাঁই আৰু মৃদুলা ৰাজখোৱা গোহাঁইৰ জ্যেষ্ঠ সন্তান তথা একমাত্ৰ কন্যা । চেৰীয়ে সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । সময় কমবেছি হ’লেও নিতৌ পঢ়াশুনা কৰি সদায় অধ্যয়নৰ ধাৰাবাহিকতা বজাই ৰখা…