Browsing Category
অসম
লখিমপুৰত শিক্ষা- ধৰ্মীয় অনুষ্ঠানৰ কাষতে সুৰাৰ বাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ জুনঃ লখিমপুৰ জিলাত চৰকাৰী অনুজ্ঞাপত্ৰ লৈ বিভিন্ন অঞ্চলত ব্যৱসায় চলাই থকা সুৰাৰ বাৰসমূহৰ স্বতাধিকাৰীসকলে চৰকাৰী নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগ উঠিছে। সম্প্রতি জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ, ধর্মীয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ নিচেই কাষতে একাংশ লোকে সুৰাৰ বাৰ খুলি ৰমৰমীয়া ব্যৱসায় চলাই আছে যদিও ইয়াক লৈ কাণসাৰ নাই জিলা আবকাৰী বিভাগৰ। একেদৰে এখন সুৰাৰ বাৰ মুকলি কৰিবৰ বাবে ৫০ ফুট বহল আৰু ৬০ ফুট দীঘল পৰিসৰৰ এটা গৃহৰ লগতে গৃহটোৰ ভিতৰতে শৌচাগাৰ-প্ৰস্তাৱাগাৰ, পাকঘৰ, চি চি কেমেৰা তথা…
লখিমপুৰত ই-ৰিক্সা চালকৰ দৌৰাত্ম
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ জুনঃ বিগত কিছু দিনৰ পৰা লখিমপুৰ নগৰত একাংশ ই-ৰিক্সাই তীব্র যান-যঁটৰ সৃষ্টি কৰি অহাৰ লগতে একাংশ চালকে মইমতালিৰে ই-ৰিক্সা চলাবলৈ লোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ নগৰখনত ই-ৰিক্সাৰ দৌৰাত্ম দিনক দিনে বৃদ্ধি পাব ধৰিছে। নগৰখনৰ বিভিন্ন অলিয়ে-গলিয়ে চলি ফুৰা এই ই-ৰিক্সা সমূহে এতিয়া নিজ ইচ্ছাৰে সংগ্ৰহ কৰি আহিছে ভাড়া। যাৰ যি মন যায় তেনেদৰেই যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰি অহাৰ ফলত সঘনাই ই-বিক্সা চালকৰ লগত যাত্ৰীৰ তৰ্ক যুদ্ধ চলি আহিছে। লক্ষণীয় কথা যে একাংশ ই-ৰিক্সা চালকে বিভাগীয়…
তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুন শাখা মুকলি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ জুন : দেশ তথা ৰাজ্যৰ অন্যতম মানসিক চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি “ড্ৰাগছৰ অপব্যৱহাৰ-অবৈধ সৰবৰাহ বিৰোধ আৰু আফিঙৰ ক্ৰিয়া প্ৰেৰক চিকিৎসা সেৱা উদ্ঘাটন” ৰাষ্ট্ৰীয় শীৰ্ষক বিষয়ৰ লগত সংগতি ৰাখি ’আসক্তিৰ ঔষধ’ বিভাগৰ অধীনত এটা নতুন শাখা মুকলি কৰা হয় । এই শাখা আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য অতিথি তথা শোণিতপুৰ জিলাৰ চেছন ন্যায়াধীশ আৰু জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সভাপতি চি বি গগৈয়ে। তেওঁ ড্ৰাগছ সম্পৰ্কীয় তথ্য দাঙি ধৰি লগতে ইয়াৰ নিৰ্মূলৰ বাবে…
বানাক্ৰান্ত কৃষকৰ বাবে জিলাই জিলাই সামূহিক কঠিয়াৰ নাৰ্চাৰী স্থাপনৰ নিৰ্দেশ উপাচাৰ্যৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৭ জুন : ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে দুৰ্বিষহ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে বিশেষ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । জৰুৰীভাবে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ অন্ন -বস্ত্ৰৰ সাধ্যানুসৰি ব্যৱস্থা কৰাৰ লগতে কৃষকক সকাহ দিয়াৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে । আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক - বিজ্ঞানগুৰু সমন্বিতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত জৰুৰী বৈঠকে বিশ্ববিদ্যালয় পৰিয়ালে সামুহিকভাবে ৰাজ্যৰ…
১০০% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্যত অসমৰ ভিতৰতে শীৰ্ষত মাজুলী জিলা
শতাব্দ প্ৰতিনিধি,মাজুলী,২৭জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত মাজুলী জিলাৰ সামগ্ৰিক ফলাফল সন্তোষজনক বুলি ক'ব পাৰি। মাজুলীৰ মুঠ ১৩ টা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ তিনিও শাখাতে মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী হৈছে ২,০৫১ গৰাকী। ইয়াৰে মুঠ ১,৭৭১ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয়। কভিডৰ পিছত এক মুকলি পৰিৱেশত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত অসমৰ ভিতৰতে বাণিজ্য শাখাত জিলাভিত্তিত শীৰ্ষৰ প্ৰথম স্থান আজুৰি আনিলে মাজুলীয়ে। ৩৫ খন জিলাৰ ভিতৰতে মাজুলীয়ে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত…
৫ দিন পূৰ্বে মৰমৰ আইতাকক হেৰুৱা তিনিচুকীয়াৰ চেৰী উজলিল কলা শাখাৰ প্ৰথম স্থানত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ জুন : আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী তিনিচুকীয়াৰ স্বনামধন্য ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁয়ে কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে । কৃতি ছাত্ৰীগৰাকী হৈছে তিনিচুকীয়াৰ লাইপুলি অঞ্চলৰ কাপ্টানচুক নিবাসী কৰ বিভাগৰ কৰ্মচাৰী প্ৰবীন গোহাঁই আৰু মৃদুলা ৰাজখোৱা গোহাঁইৰ জ্যেষ্ঠ সন্তান তথা একমাত্ৰ কন্যা । চেৰীয়ে সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । সময় কমবেছি হ’লেও নিতৌ পঢ়াশুনা কৰি সদায় অধ্যয়নৰ ধাৰাবাহিকতা বজাই ৰখা…
ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানৰ পৰা ৪ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভ
মেট্ৰিকতো দ্বিতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা বিজ্ঞানত দ্বিতীয় স্থান
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই। ডিব্ৰুগড়ৰ অন্যতম ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান চল্টব্ৰুক একাডেমিৰ মেধাৱী ছাত্ৰী অলংকৃতাই সৰ্বমুঠ ৪৮৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় চহৰৰ টেকেলা চিৰিং গাঁৱৰ মূলা গাভৰু পথৰ নিবাসী তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা গৌতম কৌশিক বৰুৱা আৰু গৃহিনী ৰঞ্জন…
বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকলপ্ৰথম স্থানঃ সাগৰ আগৰৱাল, বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ। 482দ্বিতীয় স্থানঃ মানসজ্যোতি বৰঠাকুৰ, ক্রিচেণ্ট একাডেমী, যোৰহাট। 476তৃতীয় স্থানঃ নিখিল গুপ্তা,আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তিনিচুকীয়া । 474চতুৰ্থ স্থানঃ নেন্সি খেটাৱাটপি বি কলেজ, ধুবুৰী। 473আৰুপ্রিয়াক্ষী ঘোষ, পি আৰ গভৰ্নমেণ্ট হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰা । 473পঞ্চম স্থানঃ প্রথম আগৰৱালা, শিৱসাগৰ ছিনিয়ৰ…
কলা শাখাৰ শীৰ্ষৰ ১০ টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ঘোষিত ফলাফলত এইবাৰ কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে। তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই। দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰা নম্বৰ হৈছে ৪৮৭।দ্বিতীয় স্থানঃ নলবাৰীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী বিদিশা মিশ্ৰ। ৪৮৬।তৃতীয় স্থানঃ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সুদীপ্ত দেৱনাথে। ৪৮৩চতুৰ্থ স্থানঃ নিলয় কুৰ্মী, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও আৰু প্ৰিয়ংকা…
