Browsing Category
অসম
ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানৰ পৰা ৪ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভ
মেট্ৰিকতো দ্বিতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা বিজ্ঞানত দ্বিতীয় স্থান
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই। ডিব্ৰুগড়ৰ অন্যতম ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান চল্টব্ৰুক একাডেমিৰ মেধাৱী ছাত্ৰী অলংকৃতাই সৰ্বমুঠ ৪৮৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় চহৰৰ টেকেলা চিৰিং গাঁৱৰ মূলা গাভৰু পথৰ নিবাসী তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা গৌতম কৌশিক বৰুৱা আৰু গৃহিনী ৰঞ্জন…
বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকলপ্ৰথম স্থানঃ সাগৰ আগৰৱাল, বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ। 482দ্বিতীয় স্থানঃ মানসজ্যোতি বৰঠাকুৰ, ক্রিচেণ্ট একাডেমী, যোৰহাট। 476তৃতীয় স্থানঃ নিখিল গুপ্তা,আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তিনিচুকীয়া । 474চতুৰ্থ স্থানঃ নেন্সি খেটাৱাটপি বি কলেজ, ধুবুৰী। 473আৰুপ্রিয়াক্ষী ঘোষ, পি আৰ গভৰ্নমেণ্ট হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰা । 473পঞ্চম স্থানঃ প্রথম আগৰৱালা, শিৱসাগৰ ছিনিয়ৰ…
কলা শাখাৰ শীৰ্ষৰ ১০ টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ঘোষিত ফলাফলত এইবাৰ কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে। তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই। দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰা নম্বৰ হৈছে ৪৮৭।দ্বিতীয় স্থানঃ নলবাৰীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী বিদিশা মিশ্ৰ। ৪৮৬।তৃতীয় স্থানঃ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সুদীপ্ত দেৱনাথে। ৪৮৩চতুৰ্থ স্থানঃ নিলয় কুৰ্মী, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও আৰু প্ৰিয়ংকা…
বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকল-প্ৰথম স্থানঃ ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং- 491দ্বিতীয় স্থানঃ অলংকৃতা গৌতম বৰুৱা, ছল্টব্রুক একাডেমী, ডিব্রুগড়- 488তৃতীয় স্থানঃ সুৰজিৎ সূত্রধৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 486চতুৰ্থ স্থানঃ ঋত্বিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 482এলড্রিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 482…
শোণিতপুৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ জুন : আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই মাজগাঁও খৰআতিত শোণিতপুৰ জিলাৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটি শুভ উদ্বোধন কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচো, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, বিশিষ্ট শিক্ষাবিদ আনন্দ বৰুৱা, আৰু আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি, কনকলতা অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কুমাৰ শৰ্মা,…
পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত গণ আন্দোলন গঢ়ি তোলাৰ সংকল্প
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংস্থাৰ যোৰহাট জিলা সমিতিৰ এখন সাধাৰণ সভা আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চেমিনাৰ হ'লত জিলা সমিতিৰ সভাপতি দীপাংকৰ শেখৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠানৰ প্ৰতিনিধি সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখা কৰে যোৰহাট নগৰ আঞ্চলিক সমিতিৰ সম্পাদক মানৱজ্যোতি নেওগে । জিলা সমিতিৰ সহকাৰী সম্পাদক পুতুল বৰুৱাই আঁত ধৰা সভাখনত নগৰ আঞ্চলিক সমিতিৰ সভাপতি তথা অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মাণ্ডলিক সমিতিৰ সম্পাদক ড°…
অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ প্ৰাক্তন সদস্য-ক্ৰীড়া সংগঠক নৰেন শৰ্মাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : যোৰহাটৰ এজন বৰ্ষীয়ান , অগ্ৰণী ক্ৰীড়াবিদ , প্ৰাক্তন ফুটবল ৰেফাৰী নৰেন শৰ্মাৰ ৯৪ বছৰ বয়সত যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাট তথা অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এগৰাকী ফুটবল ৰেফাৰী হিচাপে দীর্ঘদিন ধৰি সেৱা আগবঢ়াছিল। নৰেণ শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি হিচাপেও দীর্ঘদিন ধৰি সেৱা আগবঢ়াই নবীন ক্ৰীড়া সংগঠক সকলক প্ৰেৰণা যোগাইছিল। প্ৰয়াত শৰ্মা নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সদস্য হিচাপেও দীর্ঘদিন ধৰি সেৱা আগবঢ়োৱা শৰ্মা…
সমন্বয়ৰ ৰূপকাৰ পদ্মশ্ৰী আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ শুভাৰম্ভ
“ঔপনিৱেশিক বিভেদকামী ইতিহাসৰ বিপৰীতে আব্দুছ ছাত্তাৰৰ দৰে লেখকে সমন্বয়ৰ বাৰ্তা বহন কৰিছে“--ছালিম আলি আহমেদ
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সমন্বয়ৰ ৰূপকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, বিশিষ্ট সাহিত্যিক আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচী অসম সাহিত্য সভা আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি উলহ মালহেৰে আৰম্ভ কৰা হয়।এই উপলক্ষে পুৱা সভাৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই আৰু ছাত্তাৰৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা সভাৰ প্ৰাক্তন…
অসমত এতিয়ালৈকে এক কুইণ্টলতকৈ অধিক অধিক হেৰ’ইন জব্দ
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তর্জাতিক নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সভা। এন ডি পি এছ এক্টৰ অধীনত অভিলেখ সংখ্যক ৩২৩২ টা গোচৰ ৰুজু কৰি ৫৪০০ তকৈ অধিক সৰবৰাহকাৰীক আটক ।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুনঃ এখন ড্রাগছ-মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ড্রাগছৰ কু-প্ৰভাৱ তথা ভয়াৱহতাৰ বিষয়ে নিজেও সজাগ হোৱাৰ লগতে নৱ-প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰি ৰখাত তেওঁলোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই মন্তব্য সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ,…
