Browsing Category
অসম
বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকল-প্ৰথম স্থানঃ ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং- 491দ্বিতীয় স্থানঃ অলংকৃতা গৌতম বৰুৱা, ছল্টব্রুক একাডেমী, ডিব্রুগড়- 488তৃতীয় স্থানঃ সুৰজিৎ সূত্রধৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 486চতুৰ্থ স্থানঃ ঋত্বিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 482এলড্রিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 482…
শোণিতপুৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ জুন : আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই মাজগাঁও খৰআতিত শোণিতপুৰ জিলাৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটি শুভ উদ্বোধন কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচো, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, বিশিষ্ট শিক্ষাবিদ আনন্দ বৰুৱা, আৰু আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি, কনকলতা অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কুমাৰ শৰ্মা,…
পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত গণ আন্দোলন গঢ়ি তোলাৰ সংকল্প
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংস্থাৰ যোৰহাট জিলা সমিতিৰ এখন সাধাৰণ সভা আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চেমিনাৰ হ'লত জিলা সমিতিৰ সভাপতি দীপাংকৰ শেখৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠানৰ প্ৰতিনিধি সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখা কৰে যোৰহাট নগৰ আঞ্চলিক সমিতিৰ সম্পাদক মানৱজ্যোতি নেওগে । জিলা সমিতিৰ সহকাৰী সম্পাদক পুতুল বৰুৱাই আঁত ধৰা সভাখনত নগৰ আঞ্চলিক সমিতিৰ সভাপতি তথা অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মাণ্ডলিক সমিতিৰ সম্পাদক ড°…
অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ প্ৰাক্তন সদস্য-ক্ৰীড়া সংগঠক নৰেন শৰ্মাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : যোৰহাটৰ এজন বৰ্ষীয়ান , অগ্ৰণী ক্ৰীড়াবিদ , প্ৰাক্তন ফুটবল ৰেফাৰী নৰেন শৰ্মাৰ ৯৪ বছৰ বয়সত যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাট তথা অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এগৰাকী ফুটবল ৰেফাৰী হিচাপে দীর্ঘদিন ধৰি সেৱা আগবঢ়াছিল। নৰেণ শৰ্মা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি হিচাপেও দীর্ঘদিন ধৰি সেৱা আগবঢ়াই নবীন ক্ৰীড়া সংগঠক সকলক প্ৰেৰণা যোগাইছিল। প্ৰয়াত শৰ্মা নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সদস্য হিচাপেও দীর্ঘদিন ধৰি সেৱা আগবঢ়োৱা শৰ্মা…
সমন্বয়ৰ ৰূপকাৰ পদ্মশ্ৰী আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ শুভাৰম্ভ
“ঔপনিৱেশিক বিভেদকামী ইতিহাসৰ বিপৰীতে আব্দুছ ছাত্তাৰৰ দৰে লেখকে সমন্বয়ৰ বাৰ্তা বহন কৰিছে“--ছালিম আলি আহমেদ
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সমন্বয়ৰ ৰূপকাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, বিশিষ্ট সাহিত্যিক আব্দুছ ছাত্তাৰৰ জন্মশতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচী অসম সাহিত্য সভা আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি উলহ মালহেৰে আৰম্ভ কৰা হয়।এই উপলক্ষে পুৱা সভাৰ পতাকা উত্তোলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই আৰু ছাত্তাৰৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা সভাৰ প্ৰাক্তন…
অসমত এতিয়ালৈকে এক কুইণ্টলতকৈ অধিক অধিক হেৰ’ইন জব্দ
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তর্জাতিক নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সভা। এন ডি পি এছ এক্টৰ অধীনত অভিলেখ সংখ্যক ৩২৩২ টা গোচৰ ৰুজু কৰি ৫৪০০ তকৈ অধিক সৰবৰাহকাৰীক আটক ।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুনঃ এখন ড্রাগছ-মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ড্রাগছৰ কু-প্ৰভাৱ তথা ভয়াৱহতাৰ বিষয়ে নিজেও সজাগ হোৱাৰ লগতে নৱ-প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰি ৰখাত তেওঁলোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই মন্তব্য সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ,…
২০২৩ চনত জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনাঃ উদযাপন সমিতিসহ ২৫ খন উপ সমিতি গঠন
জামুগুৰিহাট: ২৬ জুনঃ দেশৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ এইবেলি ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে । এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ নামঘৰ প্ৰাঙ্গণত গাঁওবাসীৰ আতিথ্যত বৃহত্তৰ জামুগুৰিহাটৰ পাচঁ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা । বাৰেচহৰীয়া ভাওনা সমিতিৰ স্থায়ী সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি, ভৱ গোস্বামীক কাৰ্যকৰী সভাপতি…
অসমত বান পৰিস্থিতি আজিও শোচনীয়ঃ ক্ষতিগ্ৰস্ত ২৫ লাখৰো অধিক লোক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : কিছু কিছু অঞ্চলত জলস্তৰ হ্ৰাস পাইছে যদিও আজি ২৬ জুনতো অসমৰ বান পৰিস্থিতি সংকটজনক হৈয়েই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত থকা কাছাৰ জিলাৰ শিলচৰ পৰিদৰ্শন কৰি বৰাক উপত্যকাত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া আপডেট অনুসৰি ৭৯টা ৰাজহ চক্ৰৰ ২৮৯৪খন গাঁৱকে ধৰি ৰাজ্যৰ ২৭খন বানপীড়িত জিলাত ২৫ লাখৰো অধিক লোকে এতিয়াও অসুবিধাৰ সন্মুখীন হৈছে। বিগত দুসপ্তাহ ধৰি বানপানী আৰু ভূমিস্খলনৰ সৈতে যুঁজি থকা…
ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে কেইবাটাও বিষয়ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। কেবিনেটত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বানত ১৪৬ টা ৰাজহ চক্ৰৰ ৯০০২খন গাঁৱৰ ৭৩,৪৬০০ লোক প্ৰভাৱিত হৈছে। ইতিমধ্যে ৩,৩১৭ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। আজিৰ কেবিনেটে বান ক্ষতিগ্ৰস্ত লোক সকলক তৎকালে সাহায্য দিয়াৰ বাবে…
কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা
উত্তৰ লখিমপুৰ, ২৫ জুনঃ আজি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি সভাপতি ৰামনাথ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ নাম উজ্জ্বল কৰা প্ৰথম বিভাগত উৰ্ত্তীণ বাৰগৰাকীকৈ শিক্ষাৰ্থীক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ আৰু একোখনকৈ গ্ৰন্থ প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। তাৰে দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ লগতে কেইবাগৰাকী ছাত্ৰীয়ে ভিন্ন বিষয়ত…
