Browsing Category
অসম
২০২৩ চনত জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনাঃ উদযাপন সমিতিসহ ২৫ খন উপ সমিতি গঠন
জামুগুৰিহাট: ২৬ জুনঃ দেশৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ এইবেলি ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে । এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ নামঘৰ প্ৰাঙ্গণত গাঁওবাসীৰ আতিথ্যত বৃহত্তৰ জামুগুৰিহাটৰ পাচঁ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা । বাৰেচহৰীয়া ভাওনা সমিতিৰ স্থায়ী সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি, ভৱ গোস্বামীক কাৰ্যকৰী সভাপতি…
অসমত বান পৰিস্থিতি আজিও শোচনীয়ঃ ক্ষতিগ্ৰস্ত ২৫ লাখৰো অধিক লোক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : কিছু কিছু অঞ্চলত জলস্তৰ হ্ৰাস পাইছে যদিও আজি ২৬ জুনতো অসমৰ বান পৰিস্থিতি সংকটজনক হৈয়েই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত থকা কাছাৰ জিলাৰ শিলচৰ পৰিদৰ্শন কৰি বৰাক উপত্যকাত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া আপডেট অনুসৰি ৭৯টা ৰাজহ চক্ৰৰ ২৮৯৪খন গাঁৱকে ধৰি ৰাজ্যৰ ২৭খন বানপীড়িত জিলাত ২৫ লাখৰো অধিক লোকে এতিয়াও অসুবিধাৰ সন্মুখীন হৈছে। বিগত দুসপ্তাহ ধৰি বানপানী আৰু ভূমিস্খলনৰ সৈতে যুঁজি থকা…
ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে কেইবাটাও বিষয়ত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। কেবিনেটত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বানত ১৪৬ টা ৰাজহ চক্ৰৰ ৯০০২খন গাঁৱৰ ৭৩,৪৬০০ লোক প্ৰভাৱিত হৈছে। ইতিমধ্যে ৩,৩১৭ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। আজিৰ কেবিনেটে বান ক্ষতিগ্ৰস্ত লোক সকলক তৎকালে সাহায্য দিয়াৰ বাবে…
কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা
উত্তৰ লখিমপুৰ, ২৫ জুনঃ আজি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি সভাপতি ৰামনাথ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ নাম উজ্জ্বল কৰা প্ৰথম বিভাগত উৰ্ত্তীণ বাৰগৰাকীকৈ শিক্ষাৰ্থীক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ আৰু একোখনকৈ গ্ৰন্থ প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। তাৰে দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ লগতে কেইবাগৰাকী ছাত্ৰীয়ে ভিন্ন বিষয়ত…
দৰং মহাবিদ্যালয়ৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্তঃ আপোনাৰ এধানিমান সহায়ৰ প্ৰয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুনঃ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ছাত্ৰী চিমি গোস্বামী জটিল ৰোগত আক্ৰান্ত। ছাত্ৰীগৰাকীক সম্প্ৰতি ব্যয়বহুল চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱাত সুহৃদসকলৰ সঁহাৰিৰ প্ৰয়োজন হৈছে । উল্লেখ্য যে, কলিয়াবৰৰ মূলনিবাসী ছাত্ৰীগৰাকী পৰীক্ষাৰ মাজতে যোৱা ১২ জুনত হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁক খানাপাৰাস্থিত হেল্থ কেয়াৰ চিটি হাস্পতালত ভৰ্ত্তি কৰিব লগা হয়।ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনত ছাত্ৰীগৰাকী ব্ৰেইন হেম’ৰে’জত আক্ৰান্ত বুলি ধৰা পৰাৰ পিছত ততাতৈয়াকৈ অস্ত্ৰোপচাৰো কৰিবলগীয়া…
”অশান্ত ইলেকট্ৰন”খ্যাত সৌৰভ কুমাৰ চলিহাক স্মৰণ সাহিত্য সভাৰ
গুৱাহাটী, ২৫ জুন : সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক । তেওঁৰ গল্পই অসমৰ বহু খ্যাত গল্পকাৰক অনুপ্ৰাণিত কৰিছে । নতুন প্ৰজন্মই তেওঁৰ সৃষ্টিক পুনৰ মূল্যায়ন কৰি সেইসমূহৰ স্বাদ ল’বলৈ আগবঢ়া আমি দেখিবলৈ পোৱাটো এক সুখৰ অনুভূতি । আজি অসম সাহিত্য সভাৰ উদ্যোগত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত সৌৰভ কুমাৰ চলিহাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় । সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ সুদৰ্শন শৰ্মাই ভাষণ প্ৰসংগত কয় -’সৌৰভ কুমাৰ চলিহা, অশান্ত ইলেকট্ৰন এই…
সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰ আৰু নাই
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুন : সাহিত্য অকাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰৰ আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত তিনিচুকীয়া জিলাৰ মাকুম গান্ধীনগৰস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ৰোগাক্ৰান্ত হৈ থকা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ভৰি দিছিল ৮১ বছৰত । তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত বৰঠাকুৰে সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে একাধিক সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ থাকি আদৰ্শনীয় নজিৰ স্থাপন কৰি গৈছে । সাহিত্য সাধনাত মগ্ন…
পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ জুনঃ সাহিত্যৰ অকাডেমিয়ে অসমীয়া ভাষাৰ বাবে পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ বঁটা আগবঢ়াইছে। অৰুণাচলৰ প্ৰসিদ্ধ লেখিকা মামং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensam গ্ৰন্থখনিৰ অসমীয়া অনুবাদ "দাঁতি পাৰৰ মানুহ"ৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। অকাডেমিয়ে আন ২১ টা ভাষাৰ অনুবাদ বঁটা প্ৰাপকৰ নামো আজি ঘোষণা কৰে।আনহাতে জয়ন্তী গগৈৰ অসমীয়া উপন্যাস ''হিড়িম্বা'' উপন্যাসখনি একে নামেৰে বড়ো ভাষালৈ কৰা অনুবাদৰ বাবে ইন্দিৰা বড়োলৈ বড়ো ভাষাৰ অনুবাদ বঁটা প্ৰদান কৰা হৈছে।
তেজপুৰত ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এক অভিযানত আজি তেজপুৰৰ দুই নম্বৰ দোলাবাৰীৰ পৰা চফিকুল ইছলাম নামৰ এজন লোকক ড্ৰাগছ সহ কৰায়ত্ত কৰে। উল্লেখযোগ্য যে বেপাৰীয়ে নিজৰ ঘৰৰ পৰা বহুদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। এই বিষয়ে সম্ভেদ লাভ কৰি মহাভৈৰৱ আৰক্ষীয়ে আজি অভিযান চলাই চফিকুলৰ ঘৰৰ পাকঘৰৰ পৰা ১০টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে ছফিকুলক আটক কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে,শোণিতপুৰত এনে দৰে বহু সংখ্যক ড্ৰাগছ ব্যৱসায়ী তথা সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’লেও ইয়াৰ মূল উৎস…
অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ
লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অহা ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’২০২২” অনুষ্ঠিত .কৰা হৈছে। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাৰ পৰা .যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুস্থিত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ নাট কর্ম্মশালাৰ সামৰণি অনুষ্ঠানটি অনুস্থিত কৰা হ'ব। ইয়াৰ পাছতে এই কর্ম্মশালাত অংশ গ্ৰহণ কৰা শিল্পীসকলৰ দ্বাৰা নৱকান্ত বৰুৱাৰ ৰচনা আৰু দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ শিশু নাটক “মই টুনিয়ে টুন টুনালো” মঞ্চস্থ কৰা হ'ব। এই…
