Browsing Category
অসম
দৰং মহাবিদ্যালয়ৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্তঃ আপোনাৰ এধানিমান সহায়ৰ প্ৰয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুনঃ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ছাত্ৰী চিমি গোস্বামী জটিল ৰোগত আক্ৰান্ত। ছাত্ৰীগৰাকীক সম্প্ৰতি ব্যয়বহুল চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱাত সুহৃদসকলৰ সঁহাৰিৰ প্ৰয়োজন হৈছে । উল্লেখ্য যে, কলিয়াবৰৰ মূলনিবাসী ছাত্ৰীগৰাকী পৰীক্ষাৰ মাজতে যোৱা ১২ জুনত হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁক খানাপাৰাস্থিত হেল্থ কেয়াৰ চিটি হাস্পতালত ভৰ্ত্তি কৰিব লগা হয়।ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনত ছাত্ৰীগৰাকী ব্ৰেইন হেম’ৰে’জত আক্ৰান্ত বুলি ধৰা পৰাৰ পিছত ততাতৈয়াকৈ অস্ত্ৰোপচাৰো কৰিবলগীয়া…
”অশান্ত ইলেকট্ৰন”খ্যাত সৌৰভ কুমাৰ চলিহাক স্মৰণ সাহিত্য সভাৰ
গুৱাহাটী, ২৫ জুন : সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক । তেওঁৰ গল্পই অসমৰ বহু খ্যাত গল্পকাৰক অনুপ্ৰাণিত কৰিছে । নতুন প্ৰজন্মই তেওঁৰ সৃষ্টিক পুনৰ মূল্যায়ন কৰি সেইসমূহৰ স্বাদ ল’বলৈ আগবঢ়া আমি দেখিবলৈ পোৱাটো এক সুখৰ অনুভূতি । আজি অসম সাহিত্য সভাৰ উদ্যোগত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত সৌৰভ কুমাৰ চলিহাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় । সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ সুদৰ্শন শৰ্মাই ভাষণ প্ৰসংগত কয় -’সৌৰভ কুমাৰ চলিহা, অশান্ত ইলেকট্ৰন এই…
সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰ আৰু নাই
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুন : সাহিত্য অকাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰৰ আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত তিনিচুকীয়া জিলাৰ মাকুম গান্ধীনগৰস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ৰোগাক্ৰান্ত হৈ থকা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ভৰি দিছিল ৮১ বছৰত । তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত বৰঠাকুৰে সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে একাধিক সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ থাকি আদৰ্শনীয় নজিৰ স্থাপন কৰি গৈছে । সাহিত্য সাধনাত মগ্ন…
পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ জুনঃ সাহিত্যৰ অকাডেমিয়ে অসমীয়া ভাষাৰ বাবে পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ বঁটা আগবঢ়াইছে। অৰুণাচলৰ প্ৰসিদ্ধ লেখিকা মামং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensam গ্ৰন্থখনিৰ অসমীয়া অনুবাদ "দাঁতি পাৰৰ মানুহ"ৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। অকাডেমিয়ে আন ২১ টা ভাষাৰ অনুবাদ বঁটা প্ৰাপকৰ নামো আজি ঘোষণা কৰে।আনহাতে জয়ন্তী গগৈৰ অসমীয়া উপন্যাস ''হিড়িম্বা'' উপন্যাসখনি একে নামেৰে বড়ো ভাষালৈ কৰা অনুবাদৰ বাবে ইন্দিৰা বড়োলৈ বড়ো ভাষাৰ অনুবাদ বঁটা প্ৰদান কৰা হৈছে।
তেজপুৰত ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এক অভিযানত আজি তেজপুৰৰ দুই নম্বৰ দোলাবাৰীৰ পৰা চফিকুল ইছলাম নামৰ এজন লোকক ড্ৰাগছ সহ কৰায়ত্ত কৰে। উল্লেখযোগ্য যে বেপাৰীয়ে নিজৰ ঘৰৰ পৰা বহুদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। এই বিষয়ে সম্ভেদ লাভ কৰি মহাভৈৰৱ আৰক্ষীয়ে আজি অভিযান চলাই চফিকুলৰ ঘৰৰ পাকঘৰৰ পৰা ১০টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে ছফিকুলক আটক কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে,শোণিতপুৰত এনে দৰে বহু সংখ্যক ড্ৰাগছ ব্যৱসায়ী তথা সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’লেও ইয়াৰ মূল উৎস…
অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ
লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অহা ২৬ আৰু ২৭ জুনত “অভিনৱ থিয়েটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ’২০২২” অনুষ্ঠিত .কৰা হৈছে। এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৬ বজাৰ পৰা .যোৱা ১৪ জুনৰ পৰা ২৪ জুন লৈ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুস্থিত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ নাট কর্ম্মশালাৰ সামৰণি অনুষ্ঠানটি অনুস্থিত কৰা হ'ব। ইয়াৰ পাছতে এই কর্ম্মশালাত অংশ গ্ৰহণ কৰা শিল্পীসকলৰ দ্বাৰা নৱকান্ত বৰুৱাৰ ৰচনা আৰু দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ শিশু নাটক “মই টুনিয়ে টুন টুনালো” মঞ্চস্থ কৰা হ'ব। এই…
তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪জুন: তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি দুপৰীয়া এজন ৰোগীৰ মৃত্যুৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে চিকিৎসককো অপদস্থ কৰে। পাছত চিকিৎসালয়ত আৰক্ষী মোতায়ন কৰাৰ লগতে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাসহ শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,পল'ফিল্ড বামুণ গাঁৱৰ জোনমণি কোঁচ নামৰ এগৰাকী ৰোগীক কালি নিশা চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল। আজি…
মন্ত্ৰী কিষাণৰ বাধাত স্তিমিত তিনিচুকীয়াৰ উচ্ছেদ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুনঃ অৱশেষত ৰাজনৈতিক পাকচক্ৰত স্তব্ধ হ’ল বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলা তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ উচ্ছেদ অভিযান । বহিৰাগত ব্যৱসায়ীৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগে লগে কঁপি উঠিল দিছপুৰ। উচ্ছেদ অভিযান হাতত লোৱা কৰ্তৃপক্ষলৈ আহিবলৈ ধৰিলে ইটোৰ পাছত সিটো ফোন। আহিল উচ্ছেদ অভিযান বন্ধৰ মৌখিক নিৰ্দেশ। স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ বাধা আৰু ওপৰৰ হেঁচাত উপায়ন্তৰ হৈ উচ্ছেদ স্তিমিত কৰিবলৈ বাধ্য হ’ল তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভা। উল্লেখ্য যে সমগ্ৰ তিনিচুকীয়া চহৰ এফালৰ…
মানৱ শৃংখল ( ফটো সংবাদ)
সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰ দৃশ্যআলোকচিত্ৰঃ আব্দুল মতিন
অনিশ্চয়তাত ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ আৰ্থিক ভৱিষ্যৎ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ২০১০ত নিযুক্তি প্ৰদান কৰা হাইস্কুল ঠিকাভিত্তিক শিক্ষকসকলৰ ভৱিষ্যত কেনেদৰে অনিশ্চয়তাৰে ভৰা সেয়া সম্প্ৰতি বিশ্বনাথ জিলাৰ গহপুৰ নিবাসী তথা শোণিতপুৰৰ বিন্দুকুৰি হইস্কুলত কৰ্মৰত পুলক ভূঞা নামৰ এগৰাকী শিক্ষকৰ অকাল মৃত্যুৱে উন্মোচিত কৰিছে। উল্লেখযোগ্য যে, যোৱা ১২বছৰে পৰ্যাপ্ত সা-সুবিধা তথা আৰ্থিক নিৰাপত্তা অবিহনেই শিক্ষতা কৰি যোৱা ভূঞাৰ যোৱা ৩০ এপ্ৰিলত অকাল বিয়োগ ঘটে। পৰৱৰ্তী সময়ত প্ৰয়াত শিক্ষকজনৰ দুবছৰীয়া শিশু সন্তান তথা তেওঁৰ পৰিবাৰ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হয়।…
