Browsing Category

অসম

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪জুন: তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি দুপৰীয়া এজন ৰোগীৰ মৃত্যুৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে চিকিৎসককো অপদস্থ কৰে। পাছত চিকিৎসালয়ত আৰক্ষী মোতায়ন কৰাৰ লগতে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাসহ শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,পল'ফিল্ড বামুণ গাঁৱৰ জোনমণি কোঁচ নামৰ এগৰাকী ৰোগীক কালি নিশা চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল। আজি…

মন্ত্ৰী কিষাণৰ বাধাত স্তিমিত তিনিচুকীয়াৰ উচ্ছেদ অভিযান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৪ জুনঃ অৱশেষত ৰাজনৈতিক পাকচক্ৰত স্তব্ধ হ’ল বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলা তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ উচ্ছেদ অভিযান । বহিৰাগত ব্যৱসায়ীৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগে লগে কঁপি উঠিল দিছপুৰ। উচ্ছেদ অভিযান হাতত লোৱা কৰ্তৃপক্ষলৈ আহিবলৈ ধৰিলে ইটোৰ পাছত সিটো ফোন। আহিল উচ্ছেদ অভিযান বন্ধৰ মৌখিক নিৰ্দেশ। স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ বাধা আৰু ওপৰৰ হেঁচাত উপায়ন্তৰ হৈ উচ্ছেদ স্তিমিত কৰিবলৈ বাধ্য হ’ল তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভা। উল্লেখ্য যে সমগ্ৰ তিনিচুকীয়া চহৰ এফালৰ…

মানৱ শৃংখল ( ফটো সংবাদ)

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰ দৃশ্যআলোকচিত্ৰঃ আব্দুল মতিন

অনিশ্চয়তাত ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ আৰ্থিক ভৱিষ্যৎ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ২০১০ত নিযুক্তি প্ৰদান কৰা হাইস্কুল ঠিকাভিত্তিক শিক্ষকসকলৰ ভৱিষ্যত কেনেদৰে অনিশ্চয়তাৰে ভৰা সেয়া সম্প্ৰতি বিশ্বনাথ জিলাৰ গহপুৰ নিবাসী তথা শোণিতপুৰৰ বিন্দুকুৰি হইস্কুলত কৰ্মৰত পুলক ভূঞা নামৰ এগৰাকী শিক্ষকৰ অকাল মৃত্যুৱে উন্মোচিত কৰিছে। উল্লেখযোগ্য যে, যোৱা ১২বছৰে পৰ্যাপ্ত সা-সুবিধা তথা আৰ্থিক নিৰাপত্তা অবিহনেই শিক্ষতা কৰি যোৱা ভূঞাৰ যোৱা ৩০ এপ্ৰিলত অকাল বিয়োগ ঘটে। পৰৱৰ্তী সময়ত প্ৰয়াত শিক্ষকজনৰ দুবছৰীয়া শিশু সন্তান তথা তেওঁৰ পৰিবাৰ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হয়।…

আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণত সাংস্কৃতিক কেন্দ্ৰ তামুলপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

শতাব্দ প্ৰতিনিধি‍, তামুলপুৰ, ২৪ জুনঃ আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ, অসম আন্দোলনৰ তামুলপুৰৰ মূল হোতা, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিস্থাপক, তামুলপুৰ পৌৰসভাৰ পৌৰপতি, সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ স্মৃতিত তামুলপুৰ মহকুমা সাংস্কৃতিক কেন্দ্ৰই আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া যুগান্ত বায়নে পৰিচালনা কৰা অনুষ্ঠানটোত প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে তামুলপুৰৰ জ্যেষ্ঠ…

ধন সৰবৰাহৰ গোচৰ : অসম কো-অপাৰেটিভ বেংকৰ প্ৰাক্তন এমডিক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : বেংকৰ সৈতে হোৱা আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগত জড়িত এক গোচৰত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে অসম কো-অপাৰেটিভ সমবায় বেংক লিমিটেডৰ এজন প্ৰাক্তন পৰিচালন সঞ্চালকক (এমডি)। যোৱা ২২ জুনত জিম্মাত লৈ যোৱাৰ পিছত তেওঁক ২৩ জুনত গুৱাহাটীৰ এখন বিশেষ ধন সৰবৰাহ প্ৰতিৰোধ আইন আদালতত হাজিৰ কৰোৱা হৈছিল। শুভ্ৰজ্যোতি ভৰালী নামৰ অসম কো-অপাৰেটিভ সমবায় বেংক লিমিটেডৰ প্ৰাক্তন এমডিজনক সাত দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। তদন্তত প্ৰকাশ পাইছিল যে, ভৰালীয়ে নিজৰ চৰকাৰী পদৰ অপব্যৱহাৰ কৰি…

অসমৰ তপন কুমাৰ ডেকাক আই বিৰ মুৰব্বী নিযুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : অহা ৩০ জুনত বৰ্ধিত কাৰ্যকাল সমাপ্ত হ’বলগীয়া অৰবিন্দ কুমাৰৰ ঠাইত আজি ২৪ জুনত আই পি এছৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ (আই বি) মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ আই বিৰ অপাৰেচন উইং চম্ভালি আহিছিল। বিভাগীয় মন্ত্ৰালয়ে জাৰি কৰা আনুষ্ঠানিক আদেশ অনুসৰি তেওঁ দুবছৰৰ বাবে আই বিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ডেকা হিমাচল প্ৰদেশৰ কেডাৰৰ ১৯৮৮ বেটচৰ আই পি এছ বিষয়া আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা উত্তৰ-পূবৰ প্ৰথমজন আৰক্ষী বিষয়া। ৫৮ বছৰীয়া ডেকাই…

বন্যাক্ৰান্ত পাঁচখন গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য় প্ৰদান তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ জুন : বান আক্ৰান্ত ৰাইজৰ দুখ - দুৰ্দশাৰ অৱসানৰ বাবে চৰকাৰ - প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি যিকোনো বান আক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীকে ধৰি সাহায্য় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ মাজতে যিকোনো স্বেচ্ছাসেৱী সংগঠন আৰু সামাজিক অনুষ্ঠানেও বান আক্ৰান্ত সকলৰ কাষ চাপি কিঞ্চিৎ সাহায্য় সামগ্ৰী প্ৰদানেৰে সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ মাজতে কালি তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ তৰফৰ পৰা খোলাকুটি কছাৰী গাওঁ অঞ্চলৰ ডেৰ শতাধিক আৰু পুঠিমাৰী বাবুভেটি অঞ্চলৰ শতাধিক বানপীড়িত পৰিয়ালক বিভিন্ন খাদ্য বস্তু যেনে চিৰা, চেনি, গাখীৰ,…

তেজপুৰত নেহা কক্কৰ নাইটক লৈ ৰহস্যঃ জিলা ক্ৰীড়া সন্হাৰ অভিযোগ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩জুন: দেশৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে তেজপুৰত অহা ৩১জুলাইত তেজপুৰৰ পলফিল্ডত অনুষ্ঠান পৰিৱেশন কৰিব বুলি প্ৰচাৰ আৰু টিকট বিক্ৰীৰ ঘটনাই তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই লৈ তেজপুৰত সম্প্ৰতি চৰ্চা চলাই নহয় ইতিমধ্যেই ইয়াৰ বাবে ব্যয়বহুল প্ৰৱেশপত্ৰৰ বিক্ৰীৰো আৰম্ভ হৈছে। নিৰ্ধাৰিত তাৰিখৰ সন্ধিয়াৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ আয়োজক এ১২নামৰ এটা সংস্থা । অজ্ঞাত সংস্থাটোৱে কক্কৰৰ অনুষ্ঠান পলফিল্ডত অনুষ্ঠিত হ’ব বুলি টিকটত উল্লেখ কৰাৰ পাছতে এই ক্ষেত্ৰত তৎপৰ হয় তেজপুৰ জিলা ক্ৰীড়া সন্হা।…