Browsing Category

অসম

তিনিচুকীয়াত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ দাবী আছুৰ

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ বেদখল বিৰোধী অভিযানে একাংশক নাৰাজ কৰি তোলাৰ সময়তে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ আৰু পৌৰসভাই অব্যাহত ৰখা অভিযানক আদৰণি জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই । কোনো কাৰণতে যাতে এই অভিযান থমকি নৰয় তাক নিশ্চিত কৰাৰ বাবেও প্ৰশাসন আৰু পৌৰসভাক আহ্বান জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই । এক বিবৃতিত আঞ্চলিক ছাত্ৰ সন্থাই কয় যে ৰাজ্যৰ অন্যতম বাণিজ্যিক চহৰৰূপে খ্যাতি থকা তিনিচুকীয়াৰ বিশৃংখল তথা কদৰ্য চহৰ হিচাপেও অপবাদ আছে । চহৰখনৰ পৰিকল্পিত উন্নয়নৰ বাবে…

অগ্নিপথ আঁচনি সন্দৰ্ভত চৰকাৰক ক্ষুৰধাৰ সমালোচনা লখিমপুৰ যুৱ কংগ্ৰেছৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৩ জুন: অগ্নিপথ আঁচনি সন্দৰ্ভত আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি মৌচুম লাহনৰ উপস্থিতিত এখন সংবাদমেল অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিত চাৰি বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা কাৰ্যক যুৱ কংগ্ৰেছে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে। চৰকাৰে অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ নিবনুৱা সমস্যাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে আৰু স্পষ্ট ভাষাত কয় যে এই আঁচনিখন ইয়াত কোনো প্ৰকাৰে গ্ৰহণ কৰিব পৰা নাযায় । সংবাদ মেলত লাহনে প্ৰশ্ন কৰে যে চৰকাৰে ৩ কোটি নিবনুৱাক নিযুক্তি দিয়াৰ যি…

মোক খা মোক খা বতৰৰ ফল ( ফটো সংবাদ)

বতৰৰ ফলে ভৰি পৰিছে অসমৰ বিভিন্ন ঠাই। ওপৰৰ ছবিত বঙাইগাঁৱৰ তুলুঙীয়া বজাৰত বাৰীৰ আনাৰস চাইকেলত লৈ এজন কৃযক। তলৰ ছবি কামৰূপ জিলাৰ বামুণী গাঁও বজাৰৰ।আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

দুৰ্গম আনিনীত সন্ধানহীন হোৱা তিনিচুকীয়াৰ শিশু উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুনত সন্ধানহীন হোৱা এটি শিশু । উল্লেখ্য যে উক্ত দিনা আনিনীত তিনিচুকীয়া জিলাৰ এটি শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই তিনিচুকীয়া জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে যোগাযোগ কৰে। ইয়াৰ ফলশ্ৰুতিত দিবাং ভেলী জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা বিষয়াৰ তৎপৰতাত ২০ জুনৰ দিনা শিশুটি সুকলমে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা শিশুটি দিবাং ভেলী জিলা শিশু সুৰক্ষা বিষয়াই বুধবাৰে…

হায়দৰাবাদৰ তেলেংগনাৰ পৰা ২৭ খন ৰাজ্য খোজ কাঢ়ি জামুগুৰিহাটত উপস্থিত শ্ৰীকান্ত কল্যান

জামুগুৰিহাট, ২৩ জুনঃ প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদূৰ হায়দৰাবাদৰ তেলেংগনাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে । যোৱা ডিচেম্বৰতে যাত্ৰা আৰম্ভ কৰি ২৭ খন ৰাজ্য অতিক্ৰম কৰি ইতিমধ্যে আজি উপস্থিত হয় জামুগুৰিহাটত । জামুগুৰিহাটৰ ধলাইবিলত যুৱকজনক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে। সম্বৰ্ধনা গ্ৰহণ কৰি তেলেংগনাৰ যুৱক শ্ৰীকান্ত কল্যানে কয়- অসমৰ মানুহ অতিথি পৰায়ণ আৰু সংস্কৃতিবান । অসমৰ মনোমোহা…

কৰিমগঞ্জত বি এছ এফে আটক কৰিলে ২১ গৰাকী বাংলাদেশীক

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ২৩ জুনঃ বি এছ এফৰ এন্ট্ৰি হিউমেন ট্রেফিকিং ইউনিটে লাভ কৰা খবৰৰ ভিত্তিত আজি বি এছ এফৰ মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰৰ এটি দল আৰু বদৰপুৰ আৰক্ষীক লগত লৈ এক অভিযান চলাই বদৰপুৰ চহৰৰ মিৰা হোটেলৰ এণ্ড লজৰ পৰা ২১ গৰাকী বাংলাদেশী লোকক আটক কৰে। তাৰে ৯ গৰাকী পুৰুষ, ৯ গৰাকী মহিলা, আৰু ৩ টি শিশু। উল্লেখ্য যে ১০/১৫ বছৰ পূৰ্বে পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগনা জিলাৰ বছিৰহাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ  পিছত দলটি মহাৰাষ্ট্ৰৰ মুম্বাইৰ নাভি নামৰ ঠাইত  থাকিবলৈ লয়। তাত থাকি এটি বেচৰকাৰী নিৰ্মাণ  কোম্পানীৰ শ্ৰমিক হিচাপে…

বানঃ বিদ্যালয়ৰ গৰম বন্ধ ঘোষণা শিক্ষামন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ জুনঃ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে। পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ। ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে। বানপানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে। যাৰ বাবে এইবাৰ কিছু আগুৱাই দিয়া হৈছে গৰম বন্ধ। আজি জনতা ভৱনত এই কথা সদৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। সাধাৰণতে জুলাই মাহত গৰম বন্ধ দিয়া হয়। এইবাৰ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি শিক্ষামন্ত্রীয়ে জানিবলৈ দিয়ে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়…

চৰকাৰে বিদ্যালয়ৰ প্রধানক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হৈছে

লখিমপুৰত খেল পথাৰ উন্নয়নৰ নামত আৱণ্টিত ২০  শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২২ জুনঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ মুৰব্বী তথা প্রধান শিক্ষক, অধ্যক্ষ আদিক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মানৰ অৱনতি ঘটিছে। এই সকল বিদ্যালয় প্রধানে বিদ্যালয়ৰ গৃহ নির্মাণকে ধৰি বিভিন্ন কামত নিজকে ঠিকাদাৰৰ দৰে নিয়োজিত কৰি অহাৰ বাবেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফলাফল নিম্নগামী হৈছে। এই অভিযোগ দুর্নীতি বিৰোধী যুৱ শক্তি অসমৰ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰে বিভিন্ন সময়ত…

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২২ জুন : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত কৰ্মৰত অস্থায়ী বিল ক্লাৰ্ক,মিটাৰ ৰিডাৰ সকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ সন্দৰ্ভত আজিকোপতি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সকল কৰ্মচাৰীৰ মাজত সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে বিগত বহু বছৰ ধৰি তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণৰ দাবীক লৈ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক ,মিটাৰ ৰিডাৰ কৰ্মী সন্হাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিষ্ঠানটোৰ শীৰ্ষতম বিষয়া অৰ্থাৎ পৰিচালন সঞ্চালক গৰাকীৰ স’তে আলোচনা হোৱাৰ সমান্তৰাল ভাবে চৰকাৰকো অৱগত কৰি আহিছে।…

মডেলিঙৰে আকাশ চুব খোজে বালিপৰা চাহ বাগিছাৰ প্ৰিয়ংকাই

জামুগুৰিহাট : ২২ জুনঃ এগৰাকী চাহ বাগিছাৰ যুৱতী । যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা চাহানি । শোণিতপুৰ জিলা তথা ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ নিবাসী সুভাষ চাহানি আৰু হেমলতা চাহানীৰ সু-কন্যা প্ৰিয়ংকাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল । প্ৰতিভাসম্পন্ন প্ৰিয়ংকাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ৰেম্পত মডেলিঙেৰে ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০১৯ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা প্ৰিয়ংকা হৈছে বালিপৰাৰ চাহ বাগিছাৰ যুৱতী তথা লক্ষৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী । ১৬ বছৰীয়া প্ৰিয়ংকাই মডেলিঙৰ জৰিয়তে…