Browsing Category

অসম

আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণত সাংস্কৃতিক কেন্দ্ৰ তামুলপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

শতাব্দ প্ৰতিনিধি‍, তামুলপুৰ, ২৪ জুনঃ আধুনিক তামুলপুৰৰ অন্যতম খনিকৰ, অসম আন্দোলনৰ তামুলপুৰৰ মূল হোতা, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিস্থাপক, তামুলপুৰ পৌৰসভাৰ পৌৰপতি, সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ স্মৃতিত তামুলপুৰ মহকুমা সাংস্কৃতিক কেন্দ্ৰই আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া যুগান্ত বায়নে পৰিচালনা কৰা অনুষ্ঠানটোত প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে তামুলপুৰৰ জ্যেষ্ঠ…

ধন সৰবৰাহৰ গোচৰ : অসম কো-অপাৰেটিভ বেংকৰ প্ৰাক্তন এমডিক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : বেংকৰ সৈতে হোৱা আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগত জড়িত এক গোচৰত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে অসম কো-অপাৰেটিভ সমবায় বেংক লিমিটেডৰ এজন প্ৰাক্তন পৰিচালন সঞ্চালকক (এমডি)। যোৱা ২২ জুনত জিম্মাত লৈ যোৱাৰ পিছত তেওঁক ২৩ জুনত গুৱাহাটীৰ এখন বিশেষ ধন সৰবৰাহ প্ৰতিৰোধ আইন আদালতত হাজিৰ কৰোৱা হৈছিল। শুভ্ৰজ্যোতি ভৰালী নামৰ অসম কো-অপাৰেটিভ সমবায় বেংক লিমিটেডৰ প্ৰাক্তন এমডিজনক সাত দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। তদন্তত প্ৰকাশ পাইছিল যে, ভৰালীয়ে নিজৰ চৰকাৰী পদৰ অপব্যৱহাৰ কৰি…

অসমৰ তপন কুমাৰ ডেকাক আই বিৰ মুৰব্বী নিযুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : অহা ৩০ জুনত বৰ্ধিত কাৰ্যকাল সমাপ্ত হ’বলগীয়া অৰবিন্দ কুমাৰৰ ঠাইত আজি ২৪ জুনত আই পি এছৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ (আই বি) মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ আই বিৰ অপাৰেচন উইং চম্ভালি আহিছিল। বিভাগীয় মন্ত্ৰালয়ে জাৰি কৰা আনুষ্ঠানিক আদেশ অনুসৰি তেওঁ দুবছৰৰ বাবে আই বিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ডেকা হিমাচল প্ৰদেশৰ কেডাৰৰ ১৯৮৮ বেটচৰ আই পি এছ বিষয়া আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা উত্তৰ-পূবৰ প্ৰথমজন আৰক্ষী বিষয়া। ৫৮ বছৰীয়া ডেকাই…

বন্যাক্ৰান্ত পাঁচখন গাঁৱৰ তিনিশ ঘৰ লোকক সাহায্য় প্ৰদান তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ জুন : বান আক্ৰান্ত ৰাইজৰ দুখ - দুৰ্দশাৰ অৱসানৰ বাবে চৰকাৰ - প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি যিকোনো বান আক্ৰান্তৰ মাজত খাদ্য সামগ্ৰীকে ধৰি সাহায্য় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ মাজতে যিকোনো স্বেচ্ছাসেৱী সংগঠন আৰু সামাজিক অনুষ্ঠানেও বান আক্ৰান্ত সকলৰ কাষ চাপি কিঞ্চিৎ সাহায্য় সামগ্ৰী প্ৰদানেৰে সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ মাজতে কালি তেজপুৰৰ মিলিজুলি মহিলা সমিতিৰ তৰফৰ পৰা খোলাকুটি কছাৰী গাওঁ অঞ্চলৰ ডেৰ শতাধিক আৰু পুঠিমাৰী বাবুভেটি অঞ্চলৰ শতাধিক বানপীড়িত পৰিয়ালক বিভিন্ন খাদ্য বস্তু যেনে চিৰা, চেনি, গাখীৰ,…

তেজপুৰত নেহা কক্কৰ নাইটক লৈ ৰহস্যঃ জিলা ক্ৰীড়া সন্হাৰ অভিযোগ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩জুন: দেশৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে তেজপুৰত অহা ৩১জুলাইত তেজপুৰৰ পলফিল্ডত অনুষ্ঠান পৰিৱেশন কৰিব বুলি প্ৰচাৰ আৰু টিকট বিক্ৰীৰ ঘটনাই তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই লৈ তেজপুৰত সম্প্ৰতি চৰ্চা চলাই নহয় ইতিমধ্যেই ইয়াৰ বাবে ব্যয়বহুল প্ৰৱেশপত্ৰৰ বিক্ৰীৰো আৰম্ভ হৈছে। নিৰ্ধাৰিত তাৰিখৰ সন্ধিয়াৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ আয়োজক এ১২নামৰ এটা সংস্থা । অজ্ঞাত সংস্থাটোৱে কক্কৰৰ অনুষ্ঠান পলফিল্ডত অনুষ্ঠিত হ’ব বুলি টিকটত উল্লেখ কৰাৰ পাছতে এই ক্ষেত্ৰত তৎপৰ হয় তেজপুৰ জিলা ক্ৰীড়া সন্হা।…

তিনিচুকীয়াত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ দাবী আছুৰ

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ বেদখল বিৰোধী অভিযানে একাংশক নাৰাজ কৰি তোলাৰ সময়তে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ আৰু পৌৰসভাই অব্যাহত ৰখা অভিযানক আদৰণি জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই । কোনো কাৰণতে যাতে এই অভিযান থমকি নৰয় তাক নিশ্চিত কৰাৰ বাবেও প্ৰশাসন আৰু পৌৰসভাক আহ্বান জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই । এক বিবৃতিত আঞ্চলিক ছাত্ৰ সন্থাই কয় যে ৰাজ্যৰ অন্যতম বাণিজ্যিক চহৰৰূপে খ্যাতি থকা তিনিচুকীয়াৰ বিশৃংখল তথা কদৰ্য চহৰ হিচাপেও অপবাদ আছে । চহৰখনৰ পৰিকল্পিত উন্নয়নৰ বাবে…

অগ্নিপথ আঁচনি সন্দৰ্ভত চৰকাৰক ক্ষুৰধাৰ সমালোচনা লখিমপুৰ যুৱ কংগ্ৰেছৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৩ জুন: অগ্নিপথ আঁচনি সন্দৰ্ভত আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি মৌচুম লাহনৰ উপস্থিতিত এখন সংবাদমেল অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিত চাৰি বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা কাৰ্যক যুৱ কংগ্ৰেছে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে। চৰকাৰে অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ নিবনুৱা সমস্যাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে আৰু স্পষ্ট ভাষাত কয় যে এই আঁচনিখন ইয়াত কোনো প্ৰকাৰে গ্ৰহণ কৰিব পৰা নাযায় । সংবাদ মেলত লাহনে প্ৰশ্ন কৰে যে চৰকাৰে ৩ কোটি নিবনুৱাক নিযুক্তি দিয়াৰ যি…

মোক খা মোক খা বতৰৰ ফল ( ফটো সংবাদ)

বতৰৰ ফলে ভৰি পৰিছে অসমৰ বিভিন্ন ঠাই। ওপৰৰ ছবিত বঙাইগাঁৱৰ তুলুঙীয়া বজাৰত বাৰীৰ আনাৰস চাইকেলত লৈ এজন কৃযক। তলৰ ছবি কামৰূপ জিলাৰ বামুণী গাঁও বজাৰৰ।আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

দুৰ্গম আনিনীত সন্ধানহীন হোৱা তিনিচুকীয়াৰ শিশু উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুনত সন্ধানহীন হোৱা এটি শিশু । উল্লেখ্য যে উক্ত দিনা আনিনীত তিনিচুকীয়া জিলাৰ এটি শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই তিনিচুকীয়া জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে যোগাযোগ কৰে। ইয়াৰ ফলশ্ৰুতিত দিবাং ভেলী জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা বিষয়াৰ তৎপৰতাত ২০ জুনৰ দিনা শিশুটি সুকলমে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা শিশুটি দিবাং ভেলী জিলা শিশু সুৰক্ষা বিষয়াই বুধবাৰে…