Browsing Category

অসম

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

উত্তৰ লখিমপুৰঃ ২১ জুনঃ সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ মহিলা কোষ, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, মানসিক আৰু শাৰীৰিক সুস্থতা কোষ আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কোষৰ উদ্যোগত আৰু বিবেকানন্দ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ সহযোগত কৰি যোগাসন অনুষ্ঠিত কৰে। এই যোগ অধিবেশন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। উদ্বোধনী ভাষণত ড° হাজৰিকাই চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু মানৱতাৰ বাবে যোগ  সন্দৰ্ভত কয় । হিন্দীৰ…

যোৰহাটৰ ভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো জিলা প্ৰশাসন আৰু AYUSH,যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম প্ৰাংগণত "মানৱতাৰ বাবে যোগ"  শীৰ্ষক অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই যোগ দিৱস উদযাপনৰ যোগ প্ৰদৰ্শন অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী গৰাকীয়ে সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক যোগাভ্যাসৰ অনুশীলন কৰোৱাৰ প্ৰচেষ্টা কৰাটো অতি জৰুৰী বুলি ভাষণ প্ৰসংগত কয়। লগতে কয়…

বীৰ লাচিত সেনাৰ উদ্যোগত যোৰহাটত নাগৰিক সভা 

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুনঃ বীৰ লাচিত সেনা অসম, যোৰহাট জিলা সমিতিৰ  আহ্বানত যোৰহাটবাসী সচেতন নাগৰিকসকলৰ উপস্থিতিত ১৯ জুনত এখনি নাগৰিক সভা যোৰহাটৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা নাগৰিক সভাখনিত অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° পৰাণ বৰুৱাৰ প্ৰস্তাৱ অনুসৰি সভাপতি হিচাপে সভাখনি পৰিচালনা কৰে বিশিষ্ট চিকিৎসক ডা° বলীন খাৰঘৰীয়াই। উক্ত নাগৰিক সভাখনিত শিক্ষা তথা সংস্কৃতিৰ নগৰী হিচাপে খ্যাত যোৰহাটত বৰ্তমান বাঢ়ি অহা কিছুমান অসামাজিক কাৰ্যকলাপ, ড্ৰাগ্‌চৰ অবাধ প্ৰচলন, চোৰৰ চুৰিকাৰ্য, বিশুদ্ধ খোৱাপানীৰ…

গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত নাট কৰ্মশালা

উত্তৰ লখিমপুৰ, ২১ জুনঃ লখিমপুৰ জিলাৰ গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীৰ মাজত এদিনীয়া নাট কৰ্মশালা অনুস্থিত কৰা হয়। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্ত আৰু অভিনৱ থিয়েটাৰ,লখিমপুৰৰ দ্বাৰা অনুস্থিত কৰা এই নাট কৰ্মশালাত পাঠদান কৰে নাট পৰিচালক তথা ভাৰত চৰকাৰৰ ফ্লিম চেন্সৰ বৰ্ডৰ সদস্য দয়াল কৃষ্ণ নাথ আৰু মধ্যপ্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ থিয়েটাৰ ইন এডুকেচনৰ শিক্ষক ঋষিকেশ কুমাৰে। অধ্যক্ষ দুলাল চন্দ্ৰ নাথৰ সঞ্চালনাত অনুস্থিত এই কৰ্মশালাৰ প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।…

লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ বছৰেও মুকলি নহ’ল ৯ কোটি টকীয়া তাৰকাগৃহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ জুন : লখিমপুৰ নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ চুতিয়াকাৰীত ২০১১ চনতে নিৰ্মাণ কৰা তাৰকাগৃহটো বিগত ১১ বছৰেও মুকলি নহ'ল। প্রায় ৯ কোটি টকাৰ বায় সাপেক্ষে নিৰ্মাণ কৰা এই তাৰকাগৃহটো এতিয়া অ-সামাজিক কাৰ্যকলাপৰ ঘাটিলে পর্যবসিত হৈছে। যাৰ বাবে প্ৰশাসনে এই গৃহটো সুৰক্ষাৰ বাবে এতিয়া আৰক্ষী মোতায়ন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ২০১১ চনত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত তেতিয়াৰ গড়কাপ্তানি গৃহ নির্মাণ বিভাগে তাৰকাগৃহটিৰ মূল ভবনটি ২০১৬ চনতে নির্মাণ কার্য সম্পূৰ্ণ কৰিলে যদিও চৰকাৰী হেমাহিৰ…

তেজপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনিয়মীয়া কৰ্মচাৰী আৰু ঠিকাদাৰ ফাৰ্মৰ বিয়াগোম জালিয়াতি

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২১জুন: তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন অনিয়মীয়া কনিষ্ঠ অভিযন্তাই এটা ঠিকাদাৰ প্ৰতিষ্ঠানক কোনো কাম নকৰাকৈয়ে প্ৰায় এক কোটি ৬২লাখ টকাৰ কাম তেজপুৰত সম্পূৰ্ণ কৰাই নহয়,সেই ধন আদায় পোৱা বুলি প্ৰমাণ পত্ৰ দিয়া আৰু ইয়াৰ বাবে তেজপুৰস্থিত উত্তৰ অসম সংমণ্ডলৰ বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ জাল কৰাৰ গুৰুতৰ ঘটনা পোহৰলৈ আহিছে। তথ্য অনুসৰি,তেজপুৰৰ ২০২১ৰ ২৬ ফেব্ৰুৱাৰীৰ ৱৰ্ক অৰ্ডাৰৰ বিপৰীতে তেজপুৰৰ কুণ্ডাৰ বাৰীত জলজীৱন মিছনৰ অধীনত ৰূপায়িত প্ৰকল্পৰ ৬০হেজাৰ লিটাৰৰ টেংকি তথা পাম্পহাউচকে ধৰি পকী…

গোগামুখ কলেজত যোগ দিবস পালন

গোগামুখ, ২১ জুনঃ ধেমাজিৰ এখন অগ্ৰণী কলেজ গোগামুখ মহাবিদ্যালয়ত আজি বিশ্ব যোগ দিবসৰ লগত সঙ্গতি ৰাখি আন্তৰাষ্ট্ৰীয় যোগ দিবস পালন কৰা হয় । গোগামুখ কলেজৰ এনএচএচ গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি- ঢকুৱাখনা মণ্ডলৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মহিলা কোষৰ সম্পাদিকা ড° ঝুমা দাসে । গোগামুখ কলেজৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি কলেজৰ অধ্যাপক অজয় পাটিৰ আৰু হাৰ্হি কলেজৰ অধ্যাপক অজিত শৰ্মা । সভাৰ পাছত যোগগুৰু যাদৱ পোখৰেল আৰু তেওঁৰ সহকৰ্মীসকলৰ নেতৃত্বত যোগাসন…

জনতাৰ আপোন অভিনেতা বিহপুৰীয়াৰ গৌতম

মুক্তাৰ আলী অভিনয় জগতত অলেখজন অভিনেতাই বাট বুলিলেও দৰ্শকে কিন্তু সকলোকে আদৰি নলয়।দৰ্শক হ'ল প্ৰথম বিচাৰক যাৰ তুলাচনীত সৰ্বদা নিৰ্বাচিত হয় শ্ৰেষ্ঠজনহে। জীৱন এক তেনেই চুটি পৰিক্ৰমা। জাতি, মাটি মানুহ আৰু একোখন সমাজৰ সংস্কাৰৰ বাবে অভিনয় ক্ষেত্ৰখনৰ পৰাও কৰিব পৰা বহু কাম থাকে। সদাব্যস্ত জীৱন পৰিক্ৰমাত নিজ কৰ্তব্যৰ উপৰিও সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবেই ৯ বছৰ বয়সৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনত খোজ দিছিল লখিমপুৰ জিলাৰ বিহপুৰীয়া আমগুৰিৰ গৌতম শইকীয়াই। তেওঁ পেচাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লখিমপুৰ…

ডিব্ৰুগড়ত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২১ জুনঃ ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা ৰাজ্যিক আয়ুষ অভিযানৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠিত কৰা যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী  শৰ্মাই কয় যে, যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া । যোগে প্ৰাণৰ…

তেজপুৰত দিব্যাংগ হিতাধিকাৰীক সামগ্ৰী বিতৰণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২০জুনঃ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ বিভাগৰ এ ডি আই পি আচঁনিৰ অধীনত শোণিতপুৰ জিলা প্ৰশাসনে অলিমক’ৰ সহযোগত আজি তেজপুৰ স্থিত কলাগুৰু সংগীত মহাবিদ্যালয় প্ৰাঙ্গনত "সামাজিক অধিকাৰ শিব‍িৰ" অনুষ্ঠিত কৰে। এই শিব‍িৰত শোণিতপুৰৰ ১৮০৮ জন দিব্যাংগ লোকৰ সহায়ৰ বাবে সা-সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন গৃহ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ সভাপতিত্বত অনুষ্ঠিত আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ দিয়া উক্ত  শিব‍িৰত তেজপুৰৰ সাংসদ…