Browsing Category

অসম

হায়দৰাবাদৰ তেলেংগনাৰ পৰা ২৭ খন ৰাজ্য খোজ কাঢ়ি জামুগুৰিহাটত উপস্থিত শ্ৰীকান্ত কল্যান

জামুগুৰিহাট, ২৩ জুনঃ প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদূৰ হায়দৰাবাদৰ তেলেংগনাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে । যোৱা ডিচেম্বৰতে যাত্ৰা আৰম্ভ কৰি ২৭ খন ৰাজ্য অতিক্ৰম কৰি ইতিমধ্যে আজি উপস্থিত হয় জামুগুৰিহাটত । জামুগুৰিহাটৰ ধলাইবিলত যুৱকজনক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে। সম্বৰ্ধনা গ্ৰহণ কৰি তেলেংগনাৰ যুৱক শ্ৰীকান্ত কল্যানে কয়- অসমৰ মানুহ অতিথি পৰায়ণ আৰু সংস্কৃতিবান । অসমৰ মনোমোহা…

কৰিমগঞ্জত বি এছ এফে আটক কৰিলে ২১ গৰাকী বাংলাদেশীক

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ২৩ জুনঃ বি এছ এফৰ এন্ট্ৰি হিউমেন ট্রেফিকিং ইউনিটে লাভ কৰা খবৰৰ ভিত্তিত আজি বি এছ এফৰ মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰৰ এটি দল আৰু বদৰপুৰ আৰক্ষীক লগত লৈ এক অভিযান চলাই বদৰপুৰ চহৰৰ মিৰা হোটেলৰ এণ্ড লজৰ পৰা ২১ গৰাকী বাংলাদেশী লোকক আটক কৰে। তাৰে ৯ গৰাকী পুৰুষ, ৯ গৰাকী মহিলা, আৰু ৩ টি শিশু। উল্লেখ্য যে ১০/১৫ বছৰ পূৰ্বে পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগনা জিলাৰ বছিৰহাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ  পিছত দলটি মহাৰাষ্ট্ৰৰ মুম্বাইৰ নাভি নামৰ ঠাইত  থাকিবলৈ লয়। তাত থাকি এটি বেচৰকাৰী নিৰ্মাণ  কোম্পানীৰ শ্ৰমিক হিচাপে…

বানঃ বিদ্যালয়ৰ গৰম বন্ধ ঘোষণা শিক্ষামন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ জুনঃ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে। পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ। ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে। বানপানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে। যাৰ বাবে এইবাৰ কিছু আগুৱাই দিয়া হৈছে গৰম বন্ধ। আজি জনতা ভৱনত এই কথা সদৰি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। সাধাৰণতে জুলাই মাহত গৰম বন্ধ দিয়া হয়। এইবাৰ ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি শিক্ষামন্ত্রীয়ে জানিবলৈ দিয়ে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়…

চৰকাৰে বিদ্যালয়ৰ প্রধানক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হৈছে

লখিমপুৰত খেল পথাৰ উন্নয়নৰ নামত আৱণ্টিত ২০  শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২২ জুনঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ মুৰব্বী তথা প্রধান শিক্ষক, অধ্যক্ষ আদিক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মানৰ অৱনতি ঘটিছে। এই সকল বিদ্যালয় প্রধানে বিদ্যালয়ৰ গৃহ নির্মাণকে ধৰি বিভিন্ন কামত নিজকে ঠিকাদাৰৰ দৰে নিয়োজিত কৰি অহাৰ বাবেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফলাফল নিম্নগামী হৈছে। এই অভিযোগ দুর্নীতি বিৰোধী যুৱ শক্তি অসমৰ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰে বিভিন্ন সময়ত…

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২২ জুন : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত কৰ্মৰত অস্থায়ী বিল ক্লাৰ্ক,মিটাৰ ৰিডাৰ সকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ সন্দৰ্ভত আজিকোপতি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সকল কৰ্মচাৰীৰ মাজত সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে বিগত বহু বছৰ ধৰি তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণৰ দাবীক লৈ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক ,মিটাৰ ৰিডাৰ কৰ্মী সন্হাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিষ্ঠানটোৰ শীৰ্ষতম বিষয়া অৰ্থাৎ পৰিচালন সঞ্চালক গৰাকীৰ স’তে আলোচনা হোৱাৰ সমান্তৰাল ভাবে চৰকাৰকো অৱগত কৰি আহিছে।…

মডেলিঙৰে আকাশ চুব খোজে বালিপৰা চাহ বাগিছাৰ প্ৰিয়ংকাই

জামুগুৰিহাট : ২২ জুনঃ এগৰাকী চাহ বাগিছাৰ যুৱতী । যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা চাহানি । শোণিতপুৰ জিলা তথা ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ নিবাসী সুভাষ চাহানি আৰু হেমলতা চাহানীৰ সু-কন্যা প্ৰিয়ংকাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল । প্ৰতিভাসম্পন্ন প্ৰিয়ংকাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ৰেম্পত মডেলিঙেৰে ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০১৯ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা প্ৰিয়ংকা হৈছে বালিপৰাৰ চাহ বাগিছাৰ যুৱতী তথা লক্ষৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী । ১৬ বছৰীয়া প্ৰিয়ংকাই মডেলিঙৰ জৰিয়তে…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

উত্তৰ লখিমপুৰঃ ২১ জুনঃ সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ মহিলা কোষ, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, মানসিক আৰু শাৰীৰিক সুস্থতা কোষ আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কোষৰ উদ্যোগত আৰু বিবেকানন্দ কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ সহযোগত কৰি যোগাসন অনুষ্ঠিত কৰে। এই যোগ অধিবেশন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। উদ্বোধনী ভাষণত ড° হাজৰিকাই চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু মানৱতাৰ বাবে যোগ  সন্দৰ্ভত কয় । হিন্দীৰ…

যোৰহাটৰ ভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো জিলা প্ৰশাসন আৰু AYUSH,যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম প্ৰাংগণত "মানৱতাৰ বাবে যোগ"  শীৰ্ষক অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই যোগ দিৱস উদযাপনৰ যোগ প্ৰদৰ্শন অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী গৰাকীয়ে সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক যোগাভ্যাসৰ অনুশীলন কৰোৱাৰ প্ৰচেষ্টা কৰাটো অতি জৰুৰী বুলি ভাষণ প্ৰসংগত কয়। লগতে কয়…

বীৰ লাচিত সেনাৰ উদ্যোগত যোৰহাটত নাগৰিক সভা 

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুনঃ বীৰ লাচিত সেনা অসম, যোৰহাট জিলা সমিতিৰ  আহ্বানত যোৰহাটবাসী সচেতন নাগৰিকসকলৰ উপস্থিতিত ১৯ জুনত এখনি নাগৰিক সভা যোৰহাটৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা নাগৰিক সভাখনিত অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° পৰাণ বৰুৱাৰ প্ৰস্তাৱ অনুসৰি সভাপতি হিচাপে সভাখনি পৰিচালনা কৰে বিশিষ্ট চিকিৎসক ডা° বলীন খাৰঘৰীয়াই। উক্ত নাগৰিক সভাখনিত শিক্ষা তথা সংস্কৃতিৰ নগৰী হিচাপে খ্যাত যোৰহাটত বৰ্তমান বাঢ়ি অহা কিছুমান অসামাজিক কাৰ্যকলাপ, ড্ৰাগ্‌চৰ অবাধ প্ৰচলন, চোৰৰ চুৰিকাৰ্য, বিশুদ্ধ খোৱাপানীৰ…

গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত নাট কৰ্মশালা

উত্তৰ লখিমপুৰ, ২১ জুনঃ লখিমপুৰ জিলাৰ গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীৰ মাজত এদিনীয়া নাট কৰ্মশালা অনুস্থিত কৰা হয়। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্ত আৰু অভিনৱ থিয়েটাৰ,লখিমপুৰৰ দ্বাৰা অনুস্থিত কৰা এই নাট কৰ্মশালাত পাঠদান কৰে নাট পৰিচালক তথা ভাৰত চৰকাৰৰ ফ্লিম চেন্সৰ বৰ্ডৰ সদস্য দয়াল কৃষ্ণ নাথ আৰু মধ্যপ্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ থিয়েটাৰ ইন এডুকেচনৰ শিক্ষক ঋষিকেশ কুমাৰে। অধ্যক্ষ দুলাল চন্দ্ৰ নাথৰ সঞ্চালনাত অনুস্থিত এই কৰ্মশালাৰ প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।…