Browsing Category
অসম
লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১১ বছৰেও মুকলি নহ’ল ৯ কোটি টকীয়া তাৰকাগৃহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ জুন : লখিমপুৰ নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ চুতিয়াকাৰীত ২০১১ চনতে নিৰ্মাণ কৰা তাৰকাগৃহটো বিগত ১১ বছৰেও মুকলি নহ'ল। প্রায় ৯ কোটি টকাৰ বায় সাপেক্ষে নিৰ্মাণ কৰা এই তাৰকাগৃহটো এতিয়া অ-সামাজিক কাৰ্যকলাপৰ ঘাটিলে পর্যবসিত হৈছে। যাৰ বাবে প্ৰশাসনে এই গৃহটো সুৰক্ষাৰ বাবে এতিয়া আৰক্ষী মোতায়ন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ২০১১ চনত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত তেতিয়াৰ গড়কাপ্তানি গৃহ নির্মাণ বিভাগে তাৰকাগৃহটিৰ মূল ভবনটি ২০১৬ চনতে নির্মাণ কার্য সম্পূৰ্ণ কৰিলে যদিও চৰকাৰী হেমাহিৰ…
তেজপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনিয়মীয়া কৰ্মচাৰী আৰু ঠিকাদাৰ ফাৰ্মৰ বিয়াগোম জালিয়াতি
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২১জুন: তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন অনিয়মীয়া কনিষ্ঠ অভিযন্তাই এটা ঠিকাদাৰ প্ৰতিষ্ঠানক কোনো কাম নকৰাকৈয়ে প্ৰায় এক কোটি ৬২লাখ টকাৰ কাম তেজপুৰত সম্পূৰ্ণ কৰাই নহয়,সেই ধন আদায় পোৱা বুলি প্ৰমাণ পত্ৰ দিয়া আৰু ইয়াৰ বাবে তেজপুৰস্থিত উত্তৰ অসম সংমণ্ডলৰ বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তাৰ স্বাক্ষৰ জাল কৰাৰ গুৰুতৰ ঘটনা পোহৰলৈ আহিছে। তথ্য অনুসৰি,তেজপুৰৰ ২০২১ৰ ২৬ ফেব্ৰুৱাৰীৰ ৱৰ্ক অৰ্ডাৰৰ বিপৰীতে তেজপুৰৰ কুণ্ডাৰ বাৰীত জলজীৱন মিছনৰ অধীনত ৰূপায়িত প্ৰকল্পৰ ৬০হেজাৰ লিটাৰৰ টেংকি তথা পাম্পহাউচকে ধৰি পকী…
গোগামুখ কলেজত যোগ দিবস পালন
গোগামুখ, ২১ জুনঃ ধেমাজিৰ এখন অগ্ৰণী কলেজ গোগামুখ মহাবিদ্যালয়ত আজি বিশ্ব যোগ দিবসৰ লগত সঙ্গতি ৰাখি আন্তৰাষ্ট্ৰীয় যোগ দিবস পালন কৰা হয় । গোগামুখ কলেজৰ এনএচএচ গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি- ঢকুৱাখনা মণ্ডলৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মহিলা কোষৰ সম্পাদিকা ড° ঝুমা দাসে । গোগামুখ কলেজৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি কলেজৰ অধ্যাপক অজয় পাটিৰ আৰু হাৰ্হি কলেজৰ অধ্যাপক অজিত শৰ্মা । সভাৰ পাছত যোগগুৰু যাদৱ পোখৰেল আৰু তেওঁৰ সহকৰ্মীসকলৰ নেতৃত্বত যোগাসন…
জনতাৰ আপোন অভিনেতা বিহপুৰীয়াৰ গৌতম
মুক্তাৰ আলী
অভিনয় জগতত অলেখজন অভিনেতাই বাট বুলিলেও দৰ্শকে কিন্তু সকলোকে আদৰি নলয়।দৰ্শক হ'ল প্ৰথম বিচাৰক যাৰ তুলাচনীত সৰ্বদা নিৰ্বাচিত হয় শ্ৰেষ্ঠজনহে। জীৱন এক তেনেই চুটি পৰিক্ৰমা। জাতি, মাটি মানুহ আৰু একোখন সমাজৰ সংস্কাৰৰ বাবে অভিনয় ক্ষেত্ৰখনৰ পৰাও কৰিব পৰা বহু কাম থাকে। সদাব্যস্ত জীৱন পৰিক্ৰমাত নিজ কৰ্তব্যৰ উপৰিও সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবেই ৯ বছৰ বয়সৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনত খোজ দিছিল লখিমপুৰ জিলাৰ বিহপুৰীয়া আমগুৰিৰ গৌতম শইকীয়াই। তেওঁ পেচাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লখিমপুৰ…
ডিব্ৰুগড়ত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২১ জুনঃ ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা ৰাজ্যিক আয়ুষ অভিযানৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অনুষ্ঠিত কৰা যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া । যোগে প্ৰাণৰ…
তেজপুৰত দিব্যাংগ হিতাধিকাৰীক সামগ্ৰী বিতৰণ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০জুনঃ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ বিভাগৰ এ ডি আই পি আচঁনিৰ অধীনত শোণিতপুৰ জিলা প্ৰশাসনে অলিমক’ৰ সহযোগত আজি তেজপুৰ স্থিত কলাগুৰু সংগীত মহাবিদ্যালয় প্ৰাঙ্গনত "সামাজিক অধিকাৰ শিবিৰ" অনুষ্ঠিত কৰে। এই শিবিৰত শোণিতপুৰৰ ১৮০৮ জন দিব্যাংগ লোকৰ সহায়ৰ বাবে সা-সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন গৃহ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ সভাপতিত্বত অনুষ্ঠিত আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ দিয়া উক্ত শিবিৰত তেজপুৰৰ সাংসদ…
ঢেকিয়াজুলি,বৰছলাত খহনীয়াৰ আতংক
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০জুনঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু বৰছলাত গাভৰু আৰু বেলশিৰি নৈৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। উল্লেখযোগ্য যে,বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত অঞ্চলত ইতিমধ্যে বহুকেটা পথ আৰু কালভাৰ্ট ছিঙি পেলোৱা এই বান আৰু খহনীয়াৰ ফলত গৰুডোবা আৰু ধিৰাইমাজুলীৰ মাজত থকা গুৰুত্বপূৰ্ণ দলং খনৰ অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে। উল্লেখযোগ্য যে, আপাৰ বেঞ্চিমাৰী গাঁও খন বৰ্তমান বিধ্বংসী খহনীয়াৰ কবলত পৰিছে। ইতিমধ্যেই ইয়াৰ বহু পৰিমানৰ মাটি খহনীয়াত জাহ যোৱাত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আজি খহনীয়া…
স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাটৰ, ২০ জুনঃ আজি বিষ্ণু ৰাভা দিৱস। শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু উলহ মালহৰে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস। জামুগুৰিহাটৰ গেৰেলুৱাচুকত বিকাশজ্যোতি মইনা পাৰিজাতৰ সৌজন্যত অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পৰিৱেশন কৰে নাটকৰ দূৰ্দান্ত সংলাপৰ লগতে এটা কবিতা আবৃত্তিও কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। উক্ত অনুষ্ঠানতে বিধায়ক গৰাকীয়ে স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চভাগ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে। বিধায়কগৰাকীয়ে কয় যে- "বৰ্তমানৰ নৱপ্ৰজন্মসকলে…
যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত কলাগুৰুক স্মৰণ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ জুনঃ অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি তথা সাম্য মৈত্ৰীৰ এখন শ্ৰেণীহীন সমাজ গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা সৈনিক শিল্পী কলাগুৰুক শ্ৰদ্ধাৰে সোৱঁৰণ কৰা হয় । যোৰহাট জিলা সাহিত্য সভা আৰু তিতাবৰ শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত তিতাবৰ পাব্লিক ক্লাৱ উন্মীলিতা নাৰী সংঘ আৰু ৰামধেনু প্লে বিদ্যালয়ৰ সহযোগত তিতাবৰ পাব্লিক ক্লাৱত আয়োজিত অনুষ্ঠানত ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অপৰ্ণ কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ভোলানাথ শৰ্মা হেমন্ত বৰদলৈ ড° ৰাতুল চন্দ্ৰ বৰা আৰু তিতাবৰ…
কৰিমগঞ্জত বানপানীত ২৩৫ খন গাঁৱৰ ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত
শতাব্দ প্ৰতিনিধি,,কৰিমগঞ্জ, ২০ জুনঃ কৰিমগঞ্জ জিলাত চলিত বানপানীৰ ফলত পাঁচটা ৰাজহ চক্ৰৰ ২৩৫খন গাঁৱকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ ৮৮,৪০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰৰ অধীনত ১৩১৫০ জন, বদৰপুৰত ১০৮৩৩ জন, নীলাম বজাৰত ২৫১৪৬ জন, পথাৰকান্দিত ৫২৫০ জন আৰু ৰামকৃষ্ণ নগৰত ৩৪৪২৫ জন আক্ৰান্ত হৈছে। ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰত ১৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে ২৬৮ জন লোকক নিলাম বজাৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি শিবিৰত উপস্থিত কৰায়। জিলাখনত ৩২টা সাহায্য কেন্দ্ৰ মুকলি কৰা হৈছে ইয়াৰে ১৯টা কৰিমগঞ্জত, ১১টা…
