Browsing Category

অসম

ঢেকিয়াজুলি,বৰছলাত খহনীয়াৰ আতংক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২০জুনঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু বৰছলাত গাভৰু আৰু  বেলশিৰি নৈৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। উল্লেখযোগ্য যে,বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত অঞ্চলত ইতিমধ্যে বহুকেটা পথ আৰু কালভাৰ্ট ছিঙি পেলোৱা এই বান আৰু খহনীয়াৰ ফলত গৰুডোবা আৰু ধিৰাইমাজুলীৰ মাজত থকা গুৰুত্বপূৰ্ণ দলং খনৰ অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে। উল্লেখযোগ্য যে, আপাৰ বেঞ্চিমাৰী গাঁও খন বৰ্তমান বিধ্বংসী খহনীয়াৰ কবলত পৰিছে। ইতিমধ্যেই ইয়াৰ বহু পৰিমানৰ মাটি খহনীয়াত জাহ যোৱাত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আজি খহনীয়া…

স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই 

শতাব্দ প্ৰতিনিধি, জামুগুৰিহাটৰ, ২০ জুনঃ আজি বিষ্ণু ৰাভা দিৱস। শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু উলহ মালহৰে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস। জামুগুৰিহাটৰ গেৰেলুৱাচুকত বিকাশজ্যোতি মইনা পাৰিজাতৰ সৌজন্যত অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পৰিৱেশন কৰে নাটকৰ দূৰ্দান্ত সংলাপৰ লগতে এটা কবিতা আবৃত্তিও কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। উক্ত অনুষ্ঠানতে বিধায়ক গৰাকীয়ে স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চভাগ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে। বিধায়কগৰাকীয়ে কয় যে- "বৰ্তমানৰ নৱপ্ৰজন্মসকলে…

যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত কলাগুৰুক স্মৰণ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ জুনঃ  অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি তথা সাম্য মৈত্ৰীৰ এখন শ্ৰেণীহীন সমাজ গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা সৈনিক শিল্পী কলাগুৰুক শ্ৰদ্ধাৰে সোৱঁৰণ কৰা হয় । যোৰহাট জিলা সাহিত্য সভা আৰু তিতাবৰ শাখা সাহিত্য সভাৰ  যৌথ উদ্যোগত তিতাবৰ পাব্লিক ক্লাৱ উন্মীলিতা নাৰী সংঘ আৰু ৰামধেনু প্লে বিদ্যালয়ৰ সহযোগত তিতাবৰ পাব্লিক ক্লাৱত আয়োজিত  অনুষ্ঠানত ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অপৰ্ণ কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ভোলানাথ শৰ্মা হেমন্ত বৰদলৈ ড° ৰাতুল চন্দ্ৰ বৰা  আৰু তিতাবৰ…

কৰিমগঞ্জত বানপানীত ২৩৫ খন গাঁৱৰ ৮৮,৮০৪ জন লোক ক্ষতিগ্ৰস্ত

শতাব্দ প্ৰতিনিধি,,কৰিমগঞ্জ, ২০ জুনঃ কৰিমগঞ্জ জিলাত চলিত বানপানীৰ ফলত পাঁচটা ৰাজহ চক্ৰৰ ২৩৫খন গাঁৱকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ ৮৮,৪০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে।  ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰৰ অধীনত ১৩১৫০ জন, বদৰপুৰত ১০৮৩৩ জন, নীলাম বজাৰত ২৫১৪৬ জন, পথাৰকান্দিত ৫২৫০ জন আৰু ৰামকৃষ্ণ নগৰত ৩৪৪২৫ জন আক্ৰান্ত হৈছে। ইয়াৰে কৰিমগঞ্জ ৰাজহ চক্ৰত ১৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে ২৬৮ জন লোকক নিলাম বজাৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি শিবিৰত উপস্থিত কৰায়। জিলাখনত ৩২টা সাহায্য কেন্দ্ৰ মুকলি কৰা হৈছে ইয়াৰে ১৯টা কৰিমগঞ্জত, ১১টা…

ডিব্ৰুগড়ত বিষ্ণু ৰাভা দিৱসত ১১ জনক ৰাজ্যিক আৰু ৩ জনলৈ ৰাষ্ট্ৰীয় বঁটা

বিষ্ণু ৰাভা বঁটাৰে সন্মানিত প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্য পটীয়সী শাৰদী শইকীয়া শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২০ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষে চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হয় বিষ্ণু ৰাভা দিৱসৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি দুজনকৈ শিল্পীক ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা দিৱস বঁটা প্ৰদানৰ বিপৰীতে তিনিজনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু ১১ জনক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰে ৰাজ্যৰ…

অম্বুবাচী মেলা সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২০ জুনঃ স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব  অম্বুবাচী মেলা’ ২০২২। অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেইবাখনো সভা অনুষ্ঠিত কৰাৰ পিছত আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে  এখন সংবাদ মেল সম্বোধন কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী প্ৰশাসন, পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ আন-আন বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে আগন্তুক অম্বুবাচী মেলাৰ কিছু নীতি-নিৰ্দেশনা সদৰী কৰে।…

সৈনিক শিল্পী বিঞ্চু প্ৰসাদ ৰাভাৰ বন্দনাৰে মুখৰিত ঊষাৰ নগৰী তেজপুৰ

গীতে-মাতে, কবিতা-নৃত্যৰে সমন্বয় ক্ষেত্ৰ,সাহিত্য সভা,নাট্যসন্মিলন,নটৰাজম কলা মন্দিৰ, জিলা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানত কলাগুৰুক স্মৰণমনোজ কুমাৰ শইকীয়া, তেজপুৰ , ২০ জুন : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত প্ৰাতঃস্মৰণীয় শিল্পী গৰাকীক তেজপুৰৰ লগতে তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি পুৱা ন বজাত গীতে মাত নৃত্যৰে মুখৰিত হৈ পৰে কলাগুৰুৰ সমাধি সমন্বয় ক্ষেত্ৰ। কলাগুৰু গৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সমাধিত শ্ৰদ্ধাঞ্জলি জনায়…

লখিপুৰত ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগতক বিক্ৰী-হস্তান্তৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২০ জুনঃ লখিমপুৰ জিলাত ট্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বহিৰাগত অনাঅসমীয়া ব্যবসায়ীয়ে বেদখল কৰাৰ লগতে এনে ভূমি বিক্ৰী আৰু হস্তান্তৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম ট্রাইবেল সংঘৰ লগতে সদৌ অসম ট্রাইবেল ইউথ লীগ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত জনজাতি আবেষ্টনিৰ ভূমিত একাংশ বহিৰাগত লোকে কেনেদৰে অন্যায়ভাবে ভূমি বেদখল কৰি ৰাজহ চক্ৰ বিষয়া, মণ্ডল, কাননগুৰ সহযোগত এনে ভূমি নামজাৰি কৰি নিগাজি কৰি আহিছে সেয়া তথ্য সহকাৰে সদৰি কৰে জনজাতীয় সংগঠন দুটাই। নীতিবর্হিভুত ভাৱে দখল কৰা ভূমিৰ…

জিলা উপায়ুক্তৰে পৰ্যালোচনা বৈঠকত খঙত অগ্নিশৰ্মা কিয় হ’ল মুখ্যমন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ জুনঃ বান পৰিস্থিতিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক। জিলা উপায়ুক্তসকলৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে। বহুকেইগৰাকী জিলা উপায়ুক্তৰ কাম-কাজত ক্ষুণ্ণ মুখ্যমন্ত্রী শৰ্মা। দৰং-বজালীৰ উপায়ুক্তক সকীয়নি ড° হিমন্ত বিশ্ব শৰ্মাৰ। বহুকেইগৰাকী জিলা উপায়ুক্তক কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ। স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধেও খৰ্গহস্ত হ’ল মুখ্যমন্ত্ৰী। স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াক সাহায্য শিবিৰসমূহ পৰিদৰ্শনৰ নিৰ্দেশ। প্রতিটো সাহায্য শিবিৰত স্বাস্থ্য শিবিৰ পতাৰ নিৰ্দেশ…

দৰংমহাবিদ্যালয়ত “তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট” শীৰ্ষক গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ জুন : কিতাপ বা গ্ৰন্থৰ সংজ্ঞা দিয়াটো সিমান সহজ নহয়। ই মাথো এক ভৌতিক, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সমাৰোহেই নহয়, বগা কাগজত নীলা বা ক'লা আখৰৰে ৰচা এক "ইতিহাস" স্বৰূপ-- কালি দৰংমহাবিদ্যালয়ত এইদৰে মন্তব্য কৰে দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে । উল্লেখ্য ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড° দুলাল দাসৰ "তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট" শীৰ্ষক ছাত্ৰ ছাত্ৰীৰ উপযোগী আৰু পাঠক সমাজৰ বাবেও গুৰুত্বপূৰ্ণ…