Browsing Category

অসম

মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ ‘গ্ৰামালোক’ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ জুনঃ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ 'গ্ৰামালোক' শীৰ্ষক সাহিত্য-পাঠ তথা মুখামুখি অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। কমলাবাৰীৰ উপকণ্ঠ বৰটানীৰ কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত এই বিশেষ সাহিত্য-পাঠ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আউনীআটী শাখা লেখিকা সমাৰোহৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত গীতেৰে। কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন দুৱৰীয়াই বন্তি প্ৰজ্বলন কৰা সভাখনিত সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই । মহাবিদ্যালয়ৰ অধ্যাপিকা…

মৰ্মন্তুদঃ  তেজপুৰত বানত নিহত কিশোৰৰ শেষকৃত্য সম্পূৰ্ণ নহ’ল

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯জুন: তেজপুৰ চহৰৰ নিকটৱৰ্তী চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীত বানত নিহত এটি কিশোৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব নোৱৰা এক কৰুণ ঘটনা পোহৰলৈ আহিছে। ঘগৰা নৈৰ বাঢ়নি পানীয়ে একাকাৰ কৰিছে ডেকাচুবুৰীৰ লগতে কাষৰীয়া অঞ্চল সমূহ। নৈ,পথ আৰু কৃষিপথাৰৰ চিন চাব নোহোৱা এই সংহাৰী বানত ১৭জুনৰ বিয়লি প্লাৱিত পথৰে আহি থকা অৱস্থাত ৰণজিৎ মুণ্ডা(জিন্তু) নামৰ কিশোৰজনক উটুৱাই নিছিল পানীৰ প্ৰৱল সোঁতে। প্ৰত্যক্ষদৰ্শী একাংশ লোকে কিশোৰজনক তৎপৰতাৰে পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও কিশোৰজনৰ মৃত্যু ঘটে। কালি…

ৰাভা দিৱসৰ প্ৰাকমুহূৰ্তত বানত ডুব গ’ল সৈনিক শিল্পীৰ সমাধিস্থল ‘সমন্বয় ক্ষেত্ৰ’

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯জুন: সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২০ জুনৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ প্ৰাকমুহুৰ্তত তেজপুৰৰ গেৰিকীস্থ সমাধিস্থল সমন্বয় ক্ষেত্ৰ ডুব গৈছে বানত। উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মৰাভৰলীৰ পাৰৰ এই সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পথত অঞ্চলটোৰ বন্যাক্ৰান্ত সকলে আশ্ৰয় লোৱাৰ বিপৰীতে এইসকল লোকৰ বাসগৃহ বৰ্তমান এবুকু পানীৰ তলত। প্ৰতিবছৰেই বাৰিষা হনুমান মন্দিৰৰ কাষৰ এই অংশ ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰে আৰু তেতিয়া তেওঁলোকে সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পথটোত আশ্ৰয় লোৱাৰ বিকল্প নাথাকে। উল্লেখযোগ্য যে, সমন্বয়…

‘সুন্দৰৰে পূজাৰী তুমি’ গীতেৰে আজি ৰাভাক সুঁৱৰিব যোৰহাটৰ শিল্পীয়ে

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ জুন : এহাতে অস্ত্ৰ আৰু এহাতে সুকুমাৰ কলাৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই কাইলৈ যোৰহাট জিলাত উন্মোচন কৰা হ'ব এটি গীত। 'সুন্দৰৰে পূজাৰী তুমি' শীর্ষক গীতটিৰ ৰচনা আৰু সুৰ ৰঞ্জন কুমাৰ দত্তৰ। সংগ্রামী শিল্পীজনৰ পুত্ৰ হেমৰাজ ৰাভাৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি প্রস্তুত কৰা দত্তৰ সৈতে কণ্ঠদান কৰিছে ৰশ্মিৰেখা বৰুৱা কাকতিয়ে। আৰ জে প্ৰডাকচনৰ বেনাৰত প্ৰস্তুত কৰা গীতটো অন্তৰা ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছে। পেছাত শিৱসাগৰ জিলাত লোকনির্মাণ বিভাগৰ অভিযন্তা হিচাবে কর্মৰত তথা…

কৰিমগঞ্জত বান-ভূমিস্খলনত নিহত দুই

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৯ জুন: কৰিমগঞ্জত বানপানীয়ে নিতৌ বুৰাইছে ন ন অঞ্চল। কেইবা হাজাৰো লোক বানপানীৰ কবলত পৰি গৃহহাৰা হৈছে। শ শ লোক গৃহবন্দী বন্দী হৈ আছে। চলিছে উদ্ধাৰ অভিযান। যোৱা কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলা খনৰ প্ৰতিখন নৈ উপনৈ  ওফন্দি উঠাত প্ৰতি নিয়ত একো একোটা অঞ্চল বুৰাই পেলাইছে। চৌদশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতে বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক। লংগাই নৈৰ বাঢ়নি পানীত প্ৰাণ গল এগৰাকী ব্যাক্তিৰ। জিলাখনৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ঝকিৱালা গাঁৱত বানপানীয়ে উটুৱাই নিয়াৰ ফলতে মৃত্যু হল ৰেজান…

বাক্সাত বানপীড়িত ৫৬৩ গৰাকী লোক আশ্ৰয় শিবিৰত

শতাব্দ প্ৰতিনিধি, বাক্সা, ১৯ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানৰ সংহাৰী ৰূপে গৃহহাৰা কৰিছে বহু পৰিয়াল।জিলাখনৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা, কদমতলা, মিছলামাৰী, বৰশিমলুগুৰী আদি অঞ্চলত পাগলাদিয়া আৰু মৰা পাগলাদিয়াৰ নৈৰ দুখনৰ বাঢ়নী পানীয়ে তীব্ৰ বানপানী আৰু গৰাখহনীয়া সৃষ্টি কৰাৰ ফলত গৃহহাৰা হৈছে বহু লোক । অঞ্চলসমূহৰ ৫৬৩ টা পৰিয়াল গৃহহাৰা হোৱাত পৰিয়ালসমুহক উদ্ধাৰ কৰি ৰাখিছে আশ্ৰয় শিবিৰত।শিশু বৃদ্ধকে আদি কৰি  দুই সহস্ৰাধিক লোকৰ খোৱা লোৱা, চিকিৎসা বিজুলী আদি সুবিধা প্ৰদান কৰি নিৰাপদে ৰখাৰ কাৰণে প্ৰচেষ্টা…

ৰহমৰীয়াত ভয়ংকৰ নাও দুৰ্ঘটনাত ৫ জন জীৱন্তে উদ্ধাৰঃ ৪ জন সন্ধানহীন

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ১৯ জুনঃ বানৰ সংহাৰীৰ সময়তে ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাটোত সন্ধানহীন হ'ল চাৰিজনকৈ লোকৰ। ইয়াকে লৈ এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড়ৰ ৰহমৰীয়া বগৰীতলীয়াত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে এখন নাও। ভটভটি নাওখনত আছিল ৯ জনকৈ যাত্ৰী। জানিব পৰা মতে, পলসভঙা চাপৰিৰ পৰা গাখীৰ লৈ ৯ জন যাত্ৰীসহ ভৰা লুইতৰ বুকুৱেদি ভটভটি নাৱেৰে গৈছিল বালিজান বজাৰ অভিমুখে। ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ পৰিপ্ৰেক্ষিতত কুঁৱলীয়ে ঢাকি পেলাইছে…

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক – এবছু সভাপতি দ্বীপেন বড়ো 

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ১৯ জুন : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ছানি ধৰিছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক --- এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ। তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লবলৈ আহি আজি তেওঁ ২নং ডোঙৰগাঁৱত এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ পুনৰ…

ৰাজ্যৰ ‘অগ্নিবীৰ’ক অসম আৰক্ষীত নিযুক্তি দিব বুলি কেবিনেট সিদ্ধান্ত লওঁক- নিবনুৱা সন্থা

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ,১৯জুনঃ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই কয় যে কেন্দ্ৰীয় চৰকাৰে বছৰি ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি দিম বুলি ঘোষণা কৰি অগ্নিপথ নামৰ আঁচনিৰ জৰিয়তে নিবনুৱাসকলক কেবল মাত্র চাৰিবছৰৰ বাবেহে সেনা বাহিনীত নিয়োগ কৰিব বিচৰা এই আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰাৰ বিপৰীতে নিবনুৱা সৃষ্টিহে কৰিব। সেয়ে সন্থাই চৰকাৰখনে ঠিকা ভিত্তিক সকলো প্ৰকাৰৰ নিয়োগ প্রক্রিয়া বন্ধ কৰি দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰিবলৈ দাবী জনায়। কেবল…

পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰাটো অবৈধঃ অভিযোগ পালে খোলাৰ ব্যৱস্থা কৰিব প্ৰশাসনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃ নগৰ-মহানগৰত পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰি একাংশ লোকে ঘৰ দুৱাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাটো নতুন কথা নহয়।এনে এচাম আক্ৰোশী লোকৰ বাবেই নগৰ সমূহত বাৰিষা বন্ধ হৈ পৰে প্ৰাকৃতিক নলা- কালভাৰ্ট আদি। ফলত সাধাৰণ নাগৰিকে জীয়াতু ভূগিব লগা হয়। একাংশই নগৰৰ পথ উপপথত থকা কালভাৰ্ট বা সৰু পানীৰ নলা সমূহ বন্ধ কৰি ৰখাৰ বাবেই এজাক বৰষুণতে পথ সমূহ পানীৰে উপচি পৰে বা কৃত্ৰিম বানে নগৰবাসীৰ ঘৰ, চোতাল বুৰাই পেলায়।এনে একাধিক অভিযোগৰ ভিত্তিত লখিমপুৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ…