Browsing Category

অসম

ডিব্ৰুগড়ত বিষ্ণু ৰাভা দিৱসত ১১ জনক ৰাজ্যিক আৰু ৩ জনলৈ ৰাষ্ট্ৰীয় বঁটা

বিষ্ণু ৰাভা বঁটাৰে সন্মানিত প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্য পটীয়সী শাৰদী শইকীয়া শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২০ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষে চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হয় বিষ্ণু ৰাভা দিৱসৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি দুজনকৈ শিল্পীক ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা দিৱস বঁটা প্ৰদানৰ বিপৰীতে তিনিজনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু ১১ জনক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰে ৰাজ্যৰ…

অম্বুবাচী মেলা সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২০ জুনঃ স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব  অম্বুবাচী মেলা’ ২০২২। অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেইবাখনো সভা অনুষ্ঠিত কৰাৰ পিছত আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে  এখন সংবাদ মেল সম্বোধন কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী প্ৰশাসন, পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ আন-আন বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে আগন্তুক অম্বুবাচী মেলাৰ কিছু নীতি-নিৰ্দেশনা সদৰী কৰে।…

সৈনিক শিল্পী বিঞ্চু প্ৰসাদ ৰাভাৰ বন্দনাৰে মুখৰিত ঊষাৰ নগৰী তেজপুৰ

গীতে-মাতে, কবিতা-নৃত্যৰে সমন্বয় ক্ষেত্ৰ,সাহিত্য সভা,নাট্যসন্মিলন,নটৰাজম কলা মন্দিৰ, জিলা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানত কলাগুৰুক স্মৰণমনোজ কুমাৰ শইকীয়া, তেজপুৰ , ২০ জুন : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত প্ৰাতঃস্মৰণীয় শিল্পী গৰাকীক তেজপুৰৰ লগতে তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি পুৱা ন বজাত গীতে মাত নৃত্যৰে মুখৰিত হৈ পৰে কলাগুৰুৰ সমাধি সমন্বয় ক্ষেত্ৰ। কলাগুৰু গৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সমাধিত শ্ৰদ্ধাঞ্জলি জনায়…

লখিপুৰত ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগতক বিক্ৰী-হস্তান্তৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২০ জুনঃ লখিমপুৰ জিলাত ট্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বহিৰাগত অনাঅসমীয়া ব্যবসায়ীয়ে বেদখল কৰাৰ লগতে এনে ভূমি বিক্ৰী আৰু হস্তান্তৰ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সদৌ অসম ট্রাইবেল সংঘৰ লগতে সদৌ অসম ট্রাইবেল ইউথ লীগ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত জনজাতি আবেষ্টনিৰ ভূমিত একাংশ বহিৰাগত লোকে কেনেদৰে অন্যায়ভাবে ভূমি বেদখল কৰি ৰাজহ চক্ৰ বিষয়া, মণ্ডল, কাননগুৰ সহযোগত এনে ভূমি নামজাৰি কৰি নিগাজি কৰি আহিছে সেয়া তথ্য সহকাৰে সদৰি কৰে জনজাতীয় সংগঠন দুটাই। নীতিবর্হিভুত ভাৱে দখল কৰা ভূমিৰ…

জিলা উপায়ুক্তৰে পৰ্যালোচনা বৈঠকত খঙত অগ্নিশৰ্মা কিয় হ’ল মুখ্যমন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ জুনঃ বান পৰিস্থিতিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক। জিলা উপায়ুক্তসকলৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে। বহুকেইগৰাকী জিলা উপায়ুক্তৰ কাম-কাজত ক্ষুণ্ণ মুখ্যমন্ত্রী শৰ্মা। দৰং-বজালীৰ উপায়ুক্তক সকীয়নি ড° হিমন্ত বিশ্ব শৰ্মাৰ। বহুকেইগৰাকী জিলা উপায়ুক্তক কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ। স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধেও খৰ্গহস্ত হ’ল মুখ্যমন্ত্ৰী। স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াক সাহায্য শিবিৰসমূহ পৰিদৰ্শনৰ নিৰ্দেশ। প্রতিটো সাহায্য শিবিৰত স্বাস্থ্য শিবিৰ পতাৰ নিৰ্দেশ…

দৰংমহাবিদ্যালয়ত “তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট” শীৰ্ষক গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ জুন : কিতাপ বা গ্ৰন্থৰ সংজ্ঞা দিয়াটো সিমান সহজ নহয়। ই মাথো এক ভৌতিক, লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সমাৰোহেই নহয়, বগা কাগজত নীলা বা ক'লা আখৰৰে ৰচা এক "ইতিহাস" স্বৰূপ-- কালি দৰংমহাবিদ্যালয়ত এইদৰে মন্তব্য কৰে দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে । উল্লেখ্য ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড° দুলাল দাসৰ "তুলনামূলক সাহিত্য আৰু ভাৰতীয় প্ৰেক্ষাপট" শীৰ্ষক ছাত্ৰ ছাত্ৰীৰ উপযোগী আৰু পাঠক সমাজৰ বাবেও গুৰুত্বপূৰ্ণ…

মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ ‘গ্ৰামালোক’ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ জুনঃ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ 'গ্ৰামালোক' শীৰ্ষক সাহিত্য-পাঠ তথা মুখামুখি অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। কমলাবাৰীৰ উপকণ্ঠ বৰটানীৰ কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত এই বিশেষ সাহিত্য-পাঠ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আউনীআটী শাখা লেখিকা সমাৰোহৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত গীতেৰে। কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন দুৱৰীয়াই বন্তি প্ৰজ্বলন কৰা সভাখনিত সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই । মহাবিদ্যালয়ৰ অধ্যাপিকা…

মৰ্মন্তুদঃ  তেজপুৰত বানত নিহত কিশোৰৰ শেষকৃত্য সম্পূৰ্ণ নহ’ল

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯জুন: তেজপুৰ চহৰৰ নিকটৱৰ্তী চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীত বানত নিহত এটি কিশোৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব নোৱৰা এক কৰুণ ঘটনা পোহৰলৈ আহিছে। ঘগৰা নৈৰ বাঢ়নি পানীয়ে একাকাৰ কৰিছে ডেকাচুবুৰীৰ লগতে কাষৰীয়া অঞ্চল সমূহ। নৈ,পথ আৰু কৃষিপথাৰৰ চিন চাব নোহোৱা এই সংহাৰী বানত ১৭জুনৰ বিয়লি প্লাৱিত পথৰে আহি থকা অৱস্থাত ৰণজিৎ মুণ্ডা(জিন্তু) নামৰ কিশোৰজনক উটুৱাই নিছিল পানীৰ প্ৰৱল সোঁতে। প্ৰত্যক্ষদৰ্শী একাংশ লোকে কিশোৰজনক তৎপৰতাৰে পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও কিশোৰজনৰ মৃত্যু ঘটে। কালি…

ৰাভা দিৱসৰ প্ৰাকমুহূৰ্তত বানত ডুব গ’ল সৈনিক শিল্পীৰ সমাধিস্থল ‘সমন্বয় ক্ষেত্ৰ’

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯জুন: সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২০ জুনৰ ৫৪ সংখ্যক স্মৃতি দিৱসৰ প্ৰাকমুহুৰ্তত তেজপুৰৰ গেৰিকীস্থ সমাধিস্থল সমন্বয় ক্ষেত্ৰ ডুব গৈছে বানত। উল্লেখযোগ্য যে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মৰাভৰলীৰ পাৰৰ এই সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পথত অঞ্চলটোৰ বন্যাক্ৰান্ত সকলে আশ্ৰয় লোৱাৰ বিপৰীতে এইসকল লোকৰ বাসগৃহ বৰ্তমান এবুকু পানীৰ তলত। প্ৰতিবছৰেই বাৰিষা হনুমান মন্দিৰৰ কাষৰ এই অংশ ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰে আৰু তেতিয়া তেওঁলোকে সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পথটোত আশ্ৰয় লোৱাৰ বিকল্প নাথাকে। উল্লেখযোগ্য যে, সমন্বয়…

‘সুন্দৰৰে পূজাৰী তুমি’ গীতেৰে আজি ৰাভাক সুঁৱৰিব যোৰহাটৰ শিল্পীয়ে

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ জুন : এহাতে অস্ত্ৰ আৰু এহাতে সুকুমাৰ কলাৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই কাইলৈ যোৰহাট জিলাত উন্মোচন কৰা হ'ব এটি গীত। 'সুন্দৰৰে পূজাৰী তুমি' শীর্ষক গীতটিৰ ৰচনা আৰু সুৰ ৰঞ্জন কুমাৰ দত্তৰ। সংগ্রামী শিল্পীজনৰ পুত্ৰ হেমৰাজ ৰাভাৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি প্রস্তুত কৰা দত্তৰ সৈতে কণ্ঠদান কৰিছে ৰশ্মিৰেখা বৰুৱা কাকতিয়ে। আৰ জে প্ৰডাকচনৰ বেনাৰত প্ৰস্তুত কৰা গীতটো অন্তৰা ষ্টুডিঅ'ত বাণীবদ্ধ কৰা হৈছে। পেছাত শিৱসাগৰ জিলাত লোকনির্মাণ বিভাগৰ অভিযন্তা হিচাবে কর্মৰত তথা…