Browsing Category
অসম
কৰিমগঞ্জত বান-ভূমিস্খলনত নিহত দুই
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৯ জুন: কৰিমগঞ্জত বানপানীয়ে নিতৌ বুৰাইছে ন ন অঞ্চল। কেইবা হাজাৰো লোক বানপানীৰ কবলত পৰি গৃহহাৰা হৈছে। শ শ লোক গৃহবন্দী বন্দী হৈ আছে। চলিছে উদ্ধাৰ অভিযান। যোৱা কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলা খনৰ প্ৰতিখন নৈ উপনৈ ওফন্দি উঠাত প্ৰতি নিয়ত একো একোটা অঞ্চল বুৰাই পেলাইছে। চৌদশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতে বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক। লংগাই নৈৰ বাঢ়নি পানীত প্ৰাণ গল এগৰাকী ব্যাক্তিৰ। জিলাখনৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ঝকিৱালা গাঁৱত বানপানীয়ে উটুৱাই নিয়াৰ ফলতে মৃত্যু হল ৰেজান…
বাক্সাত বানপীড়িত ৫৬৩ গৰাকী লোক আশ্ৰয় শিবিৰত
শতাব্দ প্ৰতিনিধি, বাক্সা, ১৯ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানৰ সংহাৰী ৰূপে গৃহহাৰা কৰিছে বহু পৰিয়াল।জিলাখনৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘোৰামাৰা, কদমতলা, মিছলামাৰী, বৰশিমলুগুৰী আদি অঞ্চলত পাগলাদিয়া আৰু মৰা পাগলাদিয়াৰ নৈৰ দুখনৰ বাঢ়নী পানীয়ে তীব্ৰ বানপানী আৰু গৰাখহনীয়া সৃষ্টি কৰাৰ ফলত গৃহহাৰা হৈছে বহু লোক । অঞ্চলসমূহৰ ৫৬৩ টা পৰিয়াল গৃহহাৰা হোৱাত পৰিয়ালসমুহক উদ্ধাৰ কৰি ৰাখিছে আশ্ৰয় শিবিৰত।শিশু বৃদ্ধকে আদি কৰি দুই সহস্ৰাধিক লোকৰ খোৱা লোৱা, চিকিৎসা বিজুলী আদি সুবিধা প্ৰদান কৰি নিৰাপদে ৰখাৰ কাৰণে প্ৰচেষ্টা…
ৰহমৰীয়াত ভয়ংকৰ নাও দুৰ্ঘটনাত ৫ জন জীৱন্তে উদ্ধাৰঃ ৪ জন সন্ধানহীন
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ১৯ জুনঃ বানৰ সংহাৰীৰ সময়তে ডিব্ৰুগড়ৰ ৰহমৰীয়াত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাটোত সন্ধানহীন হ'ল চাৰিজনকৈ লোকৰ। ইয়াকে লৈ এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড়ৰ ৰহমৰীয়া বগৰীতলীয়াত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে এখন নাও। ভটভটি নাওখনত আছিল ৯ জনকৈ যাত্ৰী। জানিব পৰা মতে, পলসভঙা চাপৰিৰ পৰা গাখীৰ লৈ ৯ জন যাত্ৰীসহ ভৰা লুইতৰ বুকুৱেদি ভটভটি নাৱেৰে গৈছিল বালিজান বজাৰ অভিমুখে। ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ পৰিপ্ৰেক্ষিতত কুঁৱলীয়ে ঢাকি পেলাইছে…
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক – এবছু সভাপতি দ্বীপেন বড়ো
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ১৯ জুন : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ছানি ধৰিছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক --- এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ। তামুলপুৰ জিলাৰ বিভিন্ন স্থানত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লবলৈ আহি আজি তেওঁ ২নং ডোঙৰগাঁৱত এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ পুনৰ…
ৰাজ্যৰ ‘অগ্নিবীৰ’ক অসম আৰক্ষীত নিযুক্তি দিব বুলি কেবিনেট সিদ্ধান্ত লওঁক- নিবনুৱা সন্থা
শতাব্দ প্ৰতিনিধি ,লখিমপুৰ,১৯জুনঃ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই কয় যে কেন্দ্ৰীয় চৰকাৰে বছৰি ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি দিম বুলি ঘোষণা কৰি অগ্নিপথ নামৰ আঁচনিৰ জৰিয়তে নিবনুৱাসকলক কেবল মাত্র চাৰিবছৰৰ বাবেহে সেনা বাহিনীত নিয়োগ কৰিব বিচৰা এই আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰাৰ বিপৰীতে নিবনুৱা সৃষ্টিহে কৰিব। সেয়ে সন্থাই চৰকাৰখনে ঠিকা ভিত্তিক সকলো প্ৰকাৰৰ নিয়োগ প্রক্রিয়া বন্ধ কৰি দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰিবলৈ দাবী জনায়। কেবল…
পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰাটো অবৈধঃ অভিযোগ পালে খোলাৰ ব্যৱস্থা কৰিব প্ৰশাসনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃ নগৰ-মহানগৰত পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰি একাংশ লোকে ঘৰ দুৱাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাটো নতুন কথা নহয়।এনে এচাম আক্ৰোশী লোকৰ বাবেই নগৰ সমূহত বাৰিষা বন্ধ হৈ পৰে প্ৰাকৃতিক নলা- কালভাৰ্ট আদি। ফলত সাধাৰণ নাগৰিকে জীয়াতু ভূগিব লগা হয়। একাংশই নগৰৰ পথ উপপথত থকা কালভাৰ্ট বা সৰু পানীৰ নলা সমূহ বন্ধ কৰি ৰখাৰ বাবেই এজাক বৰষুণতে পথ সমূহ পানীৰে উপচি পৰে বা কৃত্ৰিম বানে নগৰবাসীৰ ঘৰ, চোতাল বুৰাই পেলায়।এনে একাধিক অভিযোগৰ ভিত্তিত লখিমপুৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ…
সঁচাই এদিন লখিমপুৰ-ধেমাজি নিঃচিহ্ন হ’ব নেকি?
পংকজ হাজৰিকা
লখিমপুৰ আৰু ধেমাজি জিলাৰ গাতে লগাই অসম অৰুণাচলৰ সীমা গেৰুকামুখত নিৰ্মাণ কৰা নামনি সোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম NHPCয়ে প্ৰায় সম্পূৰ্ণ কৰিলে।হয়তু চলিত বৰ্ষতে ইয়াৰ পৰা বিদ্যুৎ উৎপন্ন হ'ব।নাজানো অসমে কি পাব কিন্তু এজন নদীপৰীয়া হিচাপে সদাই শংকিত হৈ আহিছো।আৰম্ভণীৰে পৰা অসমৰ গৰিষ্ঠ সংখ্যক দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও চৰকাৰ নাচোৰবান্দা।বহু আন্দোলন হ'ল , বহু প্ৰতিবাদ হ'ল।প্ৰতিবাদৰ নামত বহুজনে যান্ত্ৰনা যিদৰে ভূগিব লগা হ'ল ঠিক সেইদৰে ভালে কেইজনে তথাকথিত জাতীয় সংগঠনৰ নেতা হৈ নিলৰ্জ ভাবে শাসক গোষ্ঠীৰ…
চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে নিজৰ দেহ দান কৰি যোৱা তেজপুৰৰ মহৎ ব্যক্তিত্ব বাণীকান্ত শৰ্মাক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুনঃ এগৰাকী বদান্য ব্যক্তিৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি তেজপুৰত উন্মোচন হ'ল দুখনকৈ গ্ৰন্থ। উল্লেখ্য যে, যোৱা ৩ মে'ৰ দিনটোত পৰলোকপ্ৰাপ্তি ঘটাৰ কিছু দিন পূৰ্বে নিজৰ শৰীৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে দান দিবলৈ পৰিয়ালৰ লোকক লিখিত ভাবে জনাই থৈ যোৱাৰ পিছত পৰিয়ালৰ লোকে তেজপুৰৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সেই মহৎ কাৰ্য সমাধা কৰা তেজপুৰ মাজগাঁও বামুণ চুবুৰীৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাণীকান্ত শৰ্মাৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি উন্মোচন হ'ল "দধিচী বাণী" শীৰ্ষক এখন সোঁৱৰণী…
দায়িত্ব লৈয়ে একেদিনাই ৮৫ জন বিষয়াক পদোন্নতিৰ ব্যৱস্থা উদ্যোগ মন্ত্রী বিমল বড়াৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ পৰিছে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া। নতুনকৈ উদ্যোগ বিভাগৰ দায়িত্ব পোৱা মন্ত্রী বিমল বড়াই শনিবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় উপস্থিত হয়। ইয়াৰ পিছতে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ থকা ৮৫ গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ্য যে বিগত প্রায় ২৫ বছৰে…
লখিমপুৰ বালিকা মহাবিদ্যালয়ত প্ৰদৰ্শনী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ সৌজন্যত ''জেউতি আত্মসহায়ক গোট" আৰু "সমন্বয় মহিলা আত্মসহায়ক গোট" ৰ লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্কীল হাবৰ সহায়ত আজি এক প্রদর্শনী অনুষ্ঠিত হয়। উক্ত প্রদর্শনীত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্নাতক দ্বিতীয় ষান্মাষিক, চতুৰ্থ ষান্মাষিক, ষষ্ঠ ষান্মাষিক আৰু স্নাতকোত্তৰ দ্বিতীয় ষান্মাষিক আৰু চতুৰ্থ ষান্মাষিকৰ ছাত্র-ছাত্রীসকলৰ লগতে বিভাগৰ প্ৰাক্তন-ছাত্ৰীয়েও অংশগ্রহণ কৰে। এই…
