Browsing Category

অসম

সঁচাই এদিন লখিমপুৰ-ধেমাজি নিঃচিহ্ন হ’ব নেকি?

পংকজ হাজৰিকা লখিমপুৰ আৰু ধেমাজি জিলাৰ গাতে লগাই অসম অৰুণাচলৰ সীমা গেৰুকামুখত নিৰ্মাণ কৰা নামনি সোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম NHPCয়ে প্ৰায় সম্পূৰ্ণ কৰিলে।হয়তু চলিত বৰ্ষতে ইয়াৰ পৰা বিদ্যুৎ উৎপন্ন হ'ব।নাজানো অসমে কি পাব কিন্তু এজন নদীপৰীয়া হিচাপে সদাই শংকিত হৈ আহিছো।আৰম্ভণীৰে পৰা অসমৰ গৰিষ্ঠ সংখ্যক দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও চৰকাৰ নাচোৰবান্দা।বহু আন্দোলন হ'ল , বহু প্ৰতিবাদ হ'ল।প্ৰতিবাদৰ নামত বহুজনে যান্ত্ৰনা যিদৰে ভূগিব লগা হ'ল ঠিক সেইদৰে ভালে কেইজনে তথাকথিত জাতীয় সংগঠনৰ নেতা হৈ নিলৰ্জ ভাবে শাসক গোষ্ঠীৰ…

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে নিজৰ দেহ দান কৰি যোৱা তেজপুৰৰ মহৎ ব্যক্তিত্ব বাণীকান্ত শৰ্মাক স্মৰণ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুনঃ এগৰাকী বদান্য ব্যক্তিৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি তেজপুৰত উন্মোচন হ'ল দুখনকৈ গ্ৰন্থ। উল্লেখ্য যে, যোৱা ৩ মে'ৰ দিনটোত পৰলোকপ্ৰাপ্তি ঘটাৰ কিছু দিন পূৰ্বে নিজৰ শৰীৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে দান দিবলৈ পৰিয়ালৰ লোকক লিখিত ভাবে জনাই থৈ যোৱাৰ পিছত পৰিয়ালৰ লোকে তেজপুৰৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সেই মহৎ কাৰ্য সমাধা কৰা তেজপুৰ মাজগাঁও বামুণ চুবুৰীৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাণীকান্ত শৰ্মাৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি  উন্মোচন হ'ল "দধিচী বাণী" শীৰ্ষক এখন সোঁৱৰণী…

দায়িত্ব লৈয়ে একেদিনাই ৮৫ জন বিষয়াক পদোন্নতিৰ ব্যৱস্থা উদ্যোগ মন্ত্রী বিমল বড়াৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ পৰিছে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া। নতুনকৈ উদ্যোগ বিভাগৰ দায়িত্ব পোৱা মন্ত্রী বিমল বড়াই শনিবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় উপস্থিত হয়। ইয়াৰ পিছতে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ থকা ৮৫ গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ্য যে বিগত প্রায় ২৫ বছৰে…

লখিমপুৰ বালিকা মহাবিদ্যালয়ত প্ৰদৰ্শনী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ সৌজন্যত ''জেউতি আত্মসহায়ক গোট" আৰু "সমন্বয় মহিলা আত্মসহায়ক গোট" ৰ লগতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্কীল হাবৰ সহায়ত আজি এক প্রদর্শনী অনুষ্ঠিত হয়। উক্ত প্রদর্শনীত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ গার্হস্থ্য বিজ্ঞান বিভাগৰ স্নাতক দ্বিতীয় ষান্মাষিক,  চতুৰ্থ ষান্মাষিক, ষষ্ঠ ষান্মাষিক আৰু স্নাতকোত্তৰ দ্বিতীয় ষান্মাষিক আৰু চতুৰ্থ ষান্মাষিকৰ ছাত্র-ছাত্রীসকলৰ লগতে বিভাগৰ প্ৰাক্তন-ছাত্ৰীয়েও অংশগ্রহণ কৰে। এই…

কৰিমগঞ্জ,হাইলাকান্দিত ভূমি স্খলনত নিহত দুই

প্ৰতিখন নদী বিপদ সীমাৰ ওপৰেৰে বৈ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বি এছ এফৰ কেইবাটাও কেম্প পানীৰ তলত। সীমান্তত সতৰ্কতা জাৰি শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৮ জুন:অবিৰাম বৰষুণৰ ফলত কৰিমগঞ্জত ওফন্দি উঠিছে নদ নদী খাল বিল সকলো। তাৰ মাজতে ঠায়ে ঠায়ে ঘটিছে ভূমি স্খলন। উভালি পৰিছে গছ গছনি। ইতিমধ্যে বদৰপুৰ সমষ্টিৰ বড়থল এলাকাৰ বেন্দাৰ গুলত এটি টিলাৰ মাটি খহি ঘৰৰ ওপৰত পৰে। যদিও ভাগ্যৰ বলত ৰক্ষা পৰিল পৰিয়ালৰ লোক সকল।এই একেটা সমষ্টিৰে মনসাংগন পঞ্চায়তৰ দলফা গাঁৱৰ জমিল আহমেদৰ ন বছৰীয়া শিশুৰ ওপৰত টিলাৰ মাটি খহি পৰি মাটিৰ চেপাত মৃত্যু ঘটে। উল্লেখ্য যে…

শোণিতপুৰত সংহাৰী বান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮জুনঃ সংহাৰী বানে বিস্তৰ ক্ষতি সাধন কৰা শোণিতপুৰৰ তথা তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী ডেকাচুবুৰীত কালি বিয়লি জিন্তু মুণ্ডা(১০)নামৰ এক কিশোৰৰ সলিল সমাধি ঘটিছে। ঘগৰা নৈৰ পাৰৰ অঞ্চলটোত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে পথাৰ তথা নৈৰ মাজত চিনচাব নোহোৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে। কালি বিয়লি জিন্তু ঘগৰা নৈত পিচলি পৰি যায়। স্থানীয় একাংশ লোকে কিশোৰটিক পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে যদিও কিশোৰটিৰ মৃত্যু ঘটে। উল্লেখযোগ্য যে, শোণিতপুৰত গাভৰু, ডিপোটা, বেলশিৰি, মানশিৰি, জৰাসৰ নৈৰ পানীয়ে বিস্তৰ ক্ষতি সাধান কৰিছে।…

লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী

লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী: বগলীজানত ৰঙা নদীৰ মথাউৰি বিপন্ন: লখিমপুৰত ৬৬ খন গাঁও বানৰ কবলত শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। নীপকোৱে ৰঙা নদীত পানী এৰি দিয়াত বগলীজানত ৰঙা নদীৰ মথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি উত্তৰ লখিমপুৰ নগৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, উত্তৰ লখিমপুৰ, কদম আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৬ খন গাঁও জলমগ্ন অৱস্থাতে আছে। বিহপুৰীয়া ৰাজহ চক্ৰৰ…

মাজুলীত কৃষিবান্ধ চিগি যোৱাত বিদ্যালয়তে আবদ্ধ ১৯ জনক উদ্ধাৰ

কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ◼️ অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ◼️সোৱণশিৰিৰ বাঢ়নি পানীয়ে কৃষি বান্ধ চিঙাৰ ফলত বালি জকাইবোৱা অঞ্চলত হাহাকাৰ পৰিস্থিতিশতাব্দ প্ৰতিনিধি,মাজুলী,১৮,জুন: মাজুলীৰ চৰ চাপৰি সমূহৰ লগতে মথাউৰিৰ বাহিৰৰ নৈপৰীয়া বহু কেইখন গাঁও বানৰ কৱলত পৰিছে।নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ জলপৃষ্ঠ অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰাজ্যৰ অধিকাংশ জিলাৰ লগতে শেহতীয়াকৈ মাজুলী…

যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী

মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৮ জুনঃ চুবুৰীয়া ৰাজ্য মেঘালয়ে যি কোনো মুহূৰ্ততে পানী এৰিব পাৰে। এই সতৰ্কবাণী জাৰি কৰিছে মেঘালয়ৰ ৰিভ'ই জিলাৰ উপায়ুক্তই। গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ লগতে ৰাজ্যৰ চাৰিওফালে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মেঘালয় চৰকাৰৰ এই সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক জটিল…

কৃচ্ছ সাধনাৰে সফলতাৰ জখলা বগাইছে নৃত্য শিল্পী আচিকে

মুক্তাৰ আলী অসমত ইউটিউবাৰৰ সংখ্যা দিনক দিনে বাঢ়িছে।নিষ্ঠা আৰু একাগ্ৰতাৰ অভাৱত বহু ইউটিউবাৰে একোটা চেনেল কেইদিনমান চলাই হঠাৎ নোহোৱা হৈ যায়।বহুতে আকৌ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈকে ইউটিউব চেনেল চলাই সফলো হয় । নতুনকৈ আত্মপ্ৰকাশ কৰা অসমৰ ইউটিউবাৰে ডিম্পু বৰুৱা বা মুস্তাফিজুৰৰ দৰে উপাৰ্জন কৰিব নোৱাৰিলেও নিৰবিচ্ছিন্ন প্ৰচেষ্টাই তেওঁলোকৰ সফলতাতো অৰিহণা যোগাব পাৰে। হয় আজি এজন এনে ইউটিউবাৰৰ কথা জনাব খুজিছো যি নিজৰ প্ৰতিভাৰ জৰিয়তে সুদীৰ্ঘ দুবছৰৰ পিছত সফলতাৰ বাট বুলিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখৰ আচিক হাজৰিকা…