Browsing Category
অসম
কৰিমগঞ্জ,হাইলাকান্দিত ভূমি স্খলনত নিহত দুই
প্ৰতিখন নদী বিপদ সীমাৰ ওপৰেৰে বৈ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বি এছ এফৰ কেইবাটাও কেম্প পানীৰ তলত। সীমান্তত সতৰ্কতা জাৰি
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৮ জুন:অবিৰাম বৰষুণৰ ফলত কৰিমগঞ্জত ওফন্দি উঠিছে নদ নদী খাল বিল সকলো। তাৰ মাজতে ঠায়ে ঠায়ে ঘটিছে ভূমি স্খলন। উভালি পৰিছে গছ গছনি। ইতিমধ্যে বদৰপুৰ সমষ্টিৰ বড়থল এলাকাৰ বেন্দাৰ গুলত এটি টিলাৰ মাটি খহি ঘৰৰ ওপৰত পৰে। যদিও ভাগ্যৰ বলত ৰক্ষা পৰিল পৰিয়ালৰ লোক সকল।এই একেটা সমষ্টিৰে মনসাংগন পঞ্চায়তৰ দলফা গাঁৱৰ জমিল আহমেদৰ ন বছৰীয়া শিশুৰ ওপৰত টিলাৰ মাটি খহি পৰি মাটিৰ চেপাত মৃত্যু ঘটে। উল্লেখ্য যে…
শোণিতপুৰত সংহাৰী বান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮জুনঃ সংহাৰী বানে বিস্তৰ ক্ষতি সাধন কৰা শোণিতপুৰৰ তথা তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী ডেকাচুবুৰীত কালি বিয়লি জিন্তু মুণ্ডা(১০)নামৰ এক কিশোৰৰ সলিল সমাধি ঘটিছে। ঘগৰা নৈৰ পাৰৰ অঞ্চলটোত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে পথাৰ তথা নৈৰ মাজত চিনচাব নোহোৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে। কালি বিয়লি জিন্তু ঘগৰা নৈত পিচলি পৰি যায়। স্থানীয় একাংশ লোকে কিশোৰটিক পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে যদিও কিশোৰটিৰ মৃত্যু ঘটে। উল্লেখযোগ্য যে, শোণিতপুৰত গাভৰু, ডিপোটা, বেলশিৰি, মানশিৰি, জৰাসৰ নৈৰ পানীয়ে বিস্তৰ ক্ষতি সাধান কৰিছে।…
লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী
লখিমপুৰ নগৰলৈ তীব্ৰ ভাবুকি: ৰঙানদীত নীপকোৱে এৰিছে পানী: বগলীজানত ৰঙা নদীৰ মথাউৰি বিপন্ন: লখিমপুৰত ৬৬ খন গাঁও বানৰ কবলত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৮ জুনঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। নীপকোৱে ৰঙা নদীত পানী এৰি দিয়াত বগলীজানত ৰঙা নদীৰ মথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি উত্তৰ লখিমপুৰ নগৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে জিলাখনৰ বিহপুৰীয়া, নাওবৈচা, উত্তৰ লখিমপুৰ, কদম আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৬ খন গাঁও জলমগ্ন অৱস্থাতে আছে। বিহপুৰীয়া ৰাজহ চক্ৰৰ…
মাজুলীত কৃষিবান্ধ চিগি যোৱাত বিদ্যালয়তে আবদ্ধ ১৯ জনক উদ্ধাৰ
কমলাবাৰী ফেৰী ঘাটত বিপদ সীমাৰ ৮৫.৮৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ◼️ অনিৰ্দিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ◼️সোৱণশিৰিৰ বাঢ়নি পানীয়ে কৃষি বান্ধ চিঙাৰ ফলত বালি জকাইবোৱা অঞ্চলত হাহাকাৰ পৰিস্থিতিশতাব্দ প্ৰতিনিধি,মাজুলী,১৮,জুন: মাজুলীৰ চৰ চাপৰি সমূহৰ লগতে মথাউৰিৰ বাহিৰৰ নৈপৰীয়া বহু কেইখন গাঁও বানৰ কৱলত পৰিছে।নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ জলপৃষ্ঠ অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। ৰাজ্যৰ অধিকাংশ জিলাৰ লগতে শেহতীয়াকৈ মাজুলী…
যিকোনো মুহূৰ্তত মেঘালয়ে এৰিব পাৰে পানী
মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী যোগে জনোৱা হৈছে। ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র।শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৮ জুনঃ চুবুৰীয়া ৰাজ্য মেঘালয়ে যি কোনো মুহূৰ্ততে পানী এৰিব পাৰে। এই সতৰ্কবাণী জাৰি কৰিছে মেঘালয়ৰ ৰিভ'ই জিলাৰ উপায়ুক্তই। গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ লগতে ৰাজ্যৰ চাৰিওফালে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মেঘালয় চৰকাৰৰ এই সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক জটিল…
কৃচ্ছ সাধনাৰে সফলতাৰ জখলা বগাইছে নৃত্য শিল্পী আচিকে
মুক্তাৰ আলী
অসমত ইউটিউবাৰৰ সংখ্যা দিনক দিনে বাঢ়িছে।নিষ্ঠা আৰু একাগ্ৰতাৰ অভাৱত বহু ইউটিউবাৰে একোটা চেনেল কেইদিনমান চলাই হঠাৎ নোহোৱা হৈ যায়।বহুতে আকৌ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈকে ইউটিউব চেনেল চলাই সফলো হয় । নতুনকৈ আত্মপ্ৰকাশ কৰা অসমৰ ইউটিউবাৰে ডিম্পু বৰুৱা বা মুস্তাফিজুৰৰ দৰে উপাৰ্জন কৰিব নোৱাৰিলেও নিৰবিচ্ছিন্ন প্ৰচেষ্টাই তেওঁলোকৰ সফলতাতো অৰিহণা যোগাব পাৰে। হয় আজি এজন এনে ইউটিউবাৰৰ কথা জনাব খুজিছো যি নিজৰ প্ৰতিভাৰ জৰিয়তে সুদীৰ্ঘ দুবছৰৰ পিছত সফলতাৰ বাট বুলিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখৰ আচিক হাজৰিকা…
সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য কৰ্মশালা আৰম্ভ
উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ বোলছবি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কার্য্যকৰী সভাপতি ডাঃ আলেক্ষ্য বৰুৱাই নাট কৰ্মশালাৰ আৰম্ভণি কৰে। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য প্ৰমুখ দয়াল কৃষ্ণ নাথে আতঁ ধৰা এই উদ্বোধনী অনুষ্ঠানত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ…
ৰূপকোঁৱৰৰ ওপজা দিনঃ তেজপুৰৰ ঐতিহাসিক “পকী” গীতে মাতে মুখৰিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ সংখ্যক ওপজা দিনটোত আজি ৰূপকোঁৱৰ গৰাকীৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক "পকী" ৰ প্ৰাংগন গীতে মাতে মুখৰিত হৈ পৰে।উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতে আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী কৰ্তৃপক্ষই আয়োজন কৰা গীত মাতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি অৰ্পনৰে শুভাৰম্ভ কৰে জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ লগতে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলাকন্দ্ৰ সংগীত…
গাঁওবাসীৰ অংশীদাৰিত্বৰে গাঁও উন্নয়ন আঁচনি প্ৰস্তুত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ অসম আদর্শ গ্রাম যোজনা সফল কৰাৰ বাবে গাঁওবাসীৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওবাসীৰ সহযোগিতাৰে এক বিস্তৃত গাঁও উন্নয়ন পৰিকল্পনা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শনকাৰী বিষয়াসকলক নির্দেশ দিয়ে। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী শৰ্মাই কয় যে গাঁওসমূহক বহনক্ষম উন্নয়নৰ দিশত সবলীকৰণৰ বাবে আন্তঃগাঁথনি আৰু গুণগত মানৰ সেৱা প্ৰদানৰ বাবে আঁচনিখন হাতত লোৱা হৈছে। সেয়েহে পৰিদৰ্শক বিষয়াসকলে নিজৰ দায়িত্বত থকা গাঁৱসমূহ পৰিদৰ্শন কৰি…
শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭জুন: শোণিতপুৰৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে।আজি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে এই তথ্য।মুঠ ২১হেজাৰ ৫৫৪জন লোক বানৰ কবলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয় শিবিৰ চাৰিদুৱাৰত স্থাপন কৰিছে আৰু ইয়াত আছে ৬৬জন লোক।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ বানতো পশুখাদ্যৰ বিতৰণকলৈ ব্যাপক অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে এইবাৰৰ প্ৰলয়ংকাৰী বানৰ কবলত জিলাখনৰ কৃষিপ্ৰধান অঞ্চল সমূহেই পৰা সত্বেও মাত্ৰ ঢেকিয়াজুলি ৰাজহচক্ৰ আৰু তেজপুৰ ৰাজহ চক্ৰইহে বানাক্ৰান্ত পশুৰ হিচাপ দিয়াৰ…
