Browsing Category

অসম

সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য কৰ্মশালা আৰম্ভ

উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ বোলছবি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কার্য্যকৰী সভাপতি ডাঃ আলেক্ষ্য বৰুৱাই নাট কৰ্মশালাৰ আৰম্ভণি কৰে। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য প্ৰমুখ দয়াল কৃষ্ণ নাথে আতঁ ধৰা এই উদ্বোধনী অনুষ্ঠানত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ…

ৰূপকোঁৱৰৰ ওপজা দিনঃ তেজপুৰৰ ঐতিহাসিক “পকী” গীতে মাতে মুখৰিত

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ সংখ্যক ওপজা দিনটোত আজি ৰূপকোঁৱৰ গৰাকীৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক "পকী" ৰ প্ৰাংগন গীতে মাতে মুখৰিত হৈ পৰে।উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতে আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী কৰ্তৃপক্ষই আয়োজন কৰা গীত মাতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি অৰ্পনৰে শুভাৰম্ভ কৰে জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ লগতে বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলাকন্দ্ৰ সংগীত…

গাঁওবাসীৰ অংশীদাৰিত্বৰে গাঁও উন্নয়ন আঁচনি প্ৰস্তুত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ অসম আদর্শ গ্রাম যোজনা সফল কৰাৰ বাবে গাঁওবাসীৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওবাসীৰ সহযোগিতাৰে এক বিস্তৃত গাঁও উন্নয়ন পৰিকল্পনা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শনকাৰী বিষয়াসকলক নির্দেশ দিয়ে। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী শৰ্মাই কয় যে গাঁওসমূহক বহনক্ষম উন্নয়নৰ দিশত সবলীকৰণৰ বাবে আন্তঃগাঁথনি আৰু গুণগত মানৰ সেৱা প্ৰদানৰ বাবে আঁচনিখন হাতত লোৱা হৈছে। সেয়েহে পৰিদৰ্শক বিষয়াসকলে নিজৰ দায়িত্বত থকা গাঁৱসমূহ পৰিদৰ্শন কৰি…

শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭জুন: শোণিতপুৰৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে।আজি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে এই তথ্য।মুঠ ২১হেজাৰ ৫৫৪জন লোক বানৰ কবলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয় শিবিৰ চাৰিদুৱাৰত স্থাপন কৰিছে আৰু ইয়াত আছে ৬৬জন লোক।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ বানতো পশুখাদ্যৰ বিতৰণকলৈ ব্যাপক অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে এইবাৰৰ প্ৰলয়ংকাৰী বানৰ কবলত জিলাখনৰ কৃষিপ্ৰধান অঞ্চল সমূহেই পৰা সত্বেও মাত্ৰ ঢেকিয়াজুলি ৰাজহচক্ৰ আৰু তেজপুৰ ৰাজহ চক্ৰইহে বানাক্ৰান্ত পশুৰ হিচাপ দিয়াৰ…

ডাঃ সুভাষ খান্নাৰ নেতৃত্বত গুৱাহাটীত ৰ’বটিক পদ্ধতিৰে বৃহৎ স্প্লেনিক চিষ্টৰ বিৰল অস্ত্ৰোপচাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ গুৱাহাটীৰ আগশাৰীৰ লেপাৰ’স্ক’পিক, বেৰিয়াট্ৰিক আৰু ৰ’বটিক ছাৰ্জন ডাঃ সুভাষ খান্নাৰ নেতৃত্বত গুৱাহাটীত সম্পন্ন হয় এক বিৰল অস্ত্ৰোপচাৰ। ডাঃ সুভাষ খান্নাই ৰ’বটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্প্লেনিক চিষ্ট আঁতৰ কৰিবলৈ সক্ষম হয়। শিশু বা কিশোৰৰ ক্ষেত্ৰত এনে বৃহৎ স্প্লেনিক চিষ্ট বিৰল। উল্লেখ্য যে কিশোৰ গৰাকী প্ৰায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল। প্ৰথম পৰ্যায়ত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণ আৰোগ্য নোহোৱাত গুৱাহাটীৰ…

গুৱাহাটী-শিলচৰৰ মাজত পুনৰ বিশেষ বিমান সেৱাৰ ব্যৱস্থা

বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত। গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে (এটিডিচি) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ফ্লাই…

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

লখিমপুৰত আতংকিত নৈপৰীয়াঃ নাওবৈছা, বিহপুৰীয়াত জলমগ্ন অৰ্ধ শতাধিক গাওঁ : নীপকোৱে ৰঙানদী - ডিক্ৰঙত এৰিছে পানী : চৌদিশে হাহাকাৰশতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৭ জুনঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত বিগত প্ৰায় এমাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নদী ফেনে-ফুটুকাৰে ওফন্দি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সোৱণশিৰি নদীৰ তাণ্ডৱে নৈখনৰ নামনি অংশৰ বহু গাঁও বুৰাই পেলোৱাৰ লগতে ২০০০ মেগাৱাট বিদুৎ শক্তি সম্পন্ন নামনি সোৱণশিৰি জলিবদ্যুৎ প্ৰকল্পলৈও ভয়াৱহ বিপদ নমাই আনিছে। যোৱা নিশাৰ পৰা আজি বিয়লিলৈকে প্ৰকল্পটোৰ মূল বান্ধৰ কেবামিটাৰ…

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ বাৰটা বিভিন্ন সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি কৰা হৈছে। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সম্পৰ্কিত ১২টা অনলাইন-সেৱা প্ৰদানৰ বাবে এই প'ৰ্টেল মুকলি কৰা হৈছে। আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। এই সেৱাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা শিক্ষা সংসদৰ সকলো বিষয়া-কৰ্মচাৰীয়ে ডিজিটেল মাধ্যমেৰে উচ্চতৰ মাধ্যমিক শিক্ষাৰ সমগ্ৰ প্ৰণালী বজাই ৰখাৰ লক্ষ্য ৰাখিব। অনুষ্ঠানত শিক্ষা বিভাগ আৰু…

আইএএছ বিষয়া হাজেলাৰ বিৰুদ্ধে পুনৰ এফ আই আৰ দাখিল

গুৱাহাটী, ১৭ জুনঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক আৰু চিষ্টেম ইন্টিগ্ৰেটৰে উপ-ঠিকাদাৰৰ লগ লাগি দুৰ্নীতি (ধন সৰবৰাহ) কৰা বুলি অভিযোগ কৰি এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে আন এক এফআইআৰ দাখিল কৰা হৈছে।বৰ্তমানৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাজ্যিক দুৰ্নীতি বিৰোধী নিবাৰক শাখাত ১৩ জুনত এই গোচৰ তৰিছে । আই এ এছ বিষয়া দেৱ শৰ্মাই দাবী কৰিছে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এক বৃহৎ দুৰ্নীতি সংঘটিত হৈছিল।এনআৰচি উন্নীতকৰণৰ বাবে চিষ্টেম…

লখিমপুৰৰ ৫৯ খন চৰকাৰী বিদ্যালয়ত নাই এজনো ছাত্র-ছাত্রী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ জুনঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে ন ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে লখিমপুৰ জিলাত এতিয়াও বহু বিদ্যালয়ত এজনো ছাত্র-ছাত্রী অথবা এজনো শিক্ষক-শিক্ষয়িত্ৰী নথকা কাৰ্যই শিক্ষা বিভাগৰ স্বৰূপ উদঙাই তুলিছে। আজি লখিমপুৰৰ এজন দায়িত্ববাহী শীর্ষ শিক্ষা বিষয়ৰ পৰা পোৱা তথ্য অনুসৰি লখিমপুৰত এতিয়াও ৫৯খন  চৰকাৰী বিদ্যালয়ত এজনো ছাত্র-ছাত্রী নোহোৱাকৈ চলি আছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৫৯ এল.পি. এম. ই. বিদ্যালয়ত এজনো ছাত্র-ছাত্রী নাই বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ। একেদৰে জিলাখনৰ ১৮ খন প্রাথমিক…