Browsing Category
অসম
দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰি কৰ্মচাৰীক নিলম্বন
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৬ জুন: দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জ জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰিজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত চাৰিজন কৰ্মচাৰীক নিলম্বিত কৰা হয়। উল্লেখ্য, এমজিএনৰেগা ২০২০-২১ চনৰ কামত ব্যাপক দুৰ্নীতিৰ কৰিছিল এই চাৰি কৰ্মচাৰীয়ে। নিলম্বিত চাৰিজন হল অংশুমান গুপ্ত একাউন্টটেন্ট দুল্লভছড়া খন্ড উন্নয়ন কাৰ্যালয়। ছাদিক আহমেদ গ্ৰাম সেৱকৰ লগতে ইনচার্জ সচিব ৰাতাবাড়িৰ গাঁও পঞ্চায়তৰ। মিহিৰ ৰঞ্জন ধৰ একাউণ্টেন্ট…
অম্বুবাচীঃ নিবৃত্তিৰ পাছত ভি আই পিৰ বাবে নাথাকিব বিশেষ দৰ্শনৰ অনুমতি
২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বিভিন্ন দিশ তদাৰক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ। মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৪০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়নৰ প্ৰস্তুতি।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই মেলা…
’হালধীয়া’ বিতৰ্ক ! উকীল সন্থালৈ পত্ৰ প্ৰেৰণ তিনিচুকীয়া প্ৰেছ ক্লাবৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ জুন : তিনিচুকীয়া উকীল সন্থাই ছপা সংবাদ মাধ্যমৰ বিৰুদ্ধে ৰাজহুৱাকৈ আপমানজনক মন্তব্য প্ৰদান কৰা কাৰ্য্যক কেন্দ্ৰ কৰি সমগ্ৰ তিনিচুকীয়াৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এই সন্দৰ্ভত আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা উকীল সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে ১১ জুনৰ নিশা তিনিচুকীয়াৰ মাকুম পথস্থিত 'মিৰানা’ নামৰ অভিজাত হোটেলখনত চলা এক আবকাৰী অভিযানত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু বীয়েৰ জব্দ হৈছিল । অনুৰূপ অভিযোগত কিছুদিন পূৰ্বে অপু’জ নামৰ ৰেষ্টুৰেণ্টখন…
শোণিতপুৰত, লখিমপুৰত ১৪৪ ধাৰা বলবৎ
শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ জুন: সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ কোনো কোনো ঠাইত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু শোণিতপুৰ জিলাৰ আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ।এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ; কোনোধৰণৰ মাৰণাস্ত্ৰ ৰাজহুৱা স্থান, খেলপথাৰ, ছবিগৃহ, প্ৰেক্ষাগৃহলৈ কঢ়িওৱা; সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া…
তিনি দিন ধৰি কৃত্রিম বানত আৱদ্ধ মহানগৰীৰ জীৱন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ প্ৰকৃতিৰ ৰোষত পৰিছে গুৱাহাটী মহানগৰী। মুষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন। গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়াও কেৱল পানী আৰু পানী।কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰত নাজল-নাথল অৱস্থা। নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ বহু ঠাই জলমগ্ন হৈ পৰিছে। তৃতীয় দিনাও কৃত্ৰিম বানৰ কবলত মহানগৰৰ বিভিন্ন অঞ্চল। গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ লোক তিনি দিনে জলবন্দী হৈ আছে।কৃত্ৰিম বানত বিকল হৈ পৰিছে বহুতৰে যান-বাহন। ইফালে মহানগৰৰ ৰাজপথ নৈলৈ পৰ্যবসিত হোৱাৰ ফলত গাড়ীৰ সলনি ৰাজপথত চলিছে কলৰ ভূঁৰ। এতিয়াও অপৰিৱৰ্তিত…
এনেকৈ থাকিলে মানুহ গুৱাহাটীৰ পৰা পলাবলৈ বাধ্য হব
সৌম্যদ্বীপ দত্ত
প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱাৰ ফলত আমাৰ আজি এই দুৰাৱস্থা। বহুতেই চৰকাৰক গালি-গালাজ আৰু দোষাৰোপ কৰিছে। কিন্তু মূল সত্যটো হ'ল আমাৰ কৰ্ম ফলৰ পৰিণতি হিচাপে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও যদি আমি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব নোৱাৰোঁ, এতিয়াও যদি আমি চাৰিওফালে হোৱা প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষ আগভাগ নলও; আমি যদি উদাসীন হৈ থাকো তেনেহলে পৰিস্থিতি আৰু জটিল তথা ভয়ানক হ'ব পাৰে।আমি যদি ভাবোঁ যে ঘটনাটো মাজে মাজে হ'ব আৰু আমি আমাৰ প্ৰকৃতি সংৰক্ষণৰ বাবে উদাসীন হৈ থাকো; তেনেহলে পৰিস্থিতি এনেকুৱা হ'ব যে গুৱাহাটীৰ…
প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যায়সমূহৰ ১৬ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ মহলাৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকন্ঠীয় অঞ্চল সমূহত হোৱা প্ৰবল বৰষুণৰ বাবে পৰিবহণ ব্যাৱস্থা বিপন্ন হৈ পৰাৰ লগতে বিজুলী সংযোগো বহু স্থানত বিকল হৈ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছুদিনৰ ভিতৰতে নতুনকৈ পৰীক্ষাৰ দিন ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। গুৱাহাটী…
চৰকাৰী বিভাগৰ কৃপাত তেজপুৰ কৃত্ৰিম বানত জুৰুলা চহৰলৈ পৰিৱৰ্তন
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুলাই: কেবল গুৱাহাটী মহানগৰীয়েই নহয় বৰ্তমান ধাৰাবাহিক বৰষুণত বানত তেজপুৰ পৌৰ সভা অন্তৰ্গত বহুকেইটা অঞ্চল ডুব যোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।আজি তেজপুৰ চহৰৰ একাধিক অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে লোকনিৰ্মাণ বিভাগৰ কেইবাটাও পথৰ ওপৰত একাঁঠু পানীত ডুব যায়। জমা হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনেদৰে দিনক দিনে তেজপুৰ পৌৰ সভা, তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষ , তেজপুৰ ৰাজহ চক্ৰ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ ৰহস্যজনক উদাসীনতাৰ সুযোগ লৈ ইমানদিনে বৰষুণৰ পানী ওলাই যোৱা পূৰ্বৰ…
মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত দশম স্থান প্ৰাপ্ত অনুৰাগ বৰা সহ ২২ গৰাকী ছাত্র ছাত্ৰীক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি,মাজুলী,১৫জুন: মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।পুৱা বন্দনাৰ পাছতেই এটা কালাংশৰ পাঠদান অনুষ্ঠিত হোৱাৰ পাছত ১০-৩০ বজাৰৰ পৰা অভিনন্দন অনুষ্ঠানটি নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নিকেতন পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি নীলমণি ভূঞাই।নিকেতন খনৰ পৰিচালনা সমিতিৰ সম্পাদক দিবাকৰ তামুলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন সভাখনৰ আঁত ধৰে নিকেতনখনৰ আচাৰ্য পৰাণজ্যোতি বৰাই।মাজুলীৰ বন গাঁও শিশু…
