Browsing Category
অসম
ডাঃ সুভাষ খান্নাৰ নেতৃত্বত গুৱাহাটীত ৰ’বটিক পদ্ধতিৰে বৃহৎ স্প্লেনিক চিষ্টৰ বিৰল অস্ত্ৰোপচাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ গুৱাহাটীৰ আগশাৰীৰ লেপাৰ’স্ক’পিক, বেৰিয়াট্ৰিক আৰু ৰ’বটিক ছাৰ্জন ডাঃ সুভাষ খান্নাৰ নেতৃত্বত গুৱাহাটীত সম্পন্ন হয় এক বিৰল অস্ত্ৰোপচাৰ। ডাঃ সুভাষ খান্নাই ৰ’বটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্প্লেনিক চিষ্ট আঁতৰ কৰিবলৈ সক্ষম হয়। শিশু বা কিশোৰৰ ক্ষেত্ৰত এনে বৃহৎ স্প্লেনিক চিষ্ট বিৰল। উল্লেখ্য যে কিশোৰ গৰাকী প্ৰায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল। প্ৰথম পৰ্যায়ত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণ আৰোগ্য নোহোৱাত গুৱাহাটীৰ…
গুৱাহাটী-শিলচৰৰ মাজত পুনৰ বিশেষ বিমান সেৱাৰ ব্যৱস্থা
বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত। গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে (এটিডিচি) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ফ্লাই…
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী
লখিমপুৰত আতংকিত নৈপৰীয়াঃ নাওবৈছা, বিহপুৰীয়াত জলমগ্ন অৰ্ধ শতাধিক গাওঁ : নীপকোৱে ৰঙানদী - ডিক্ৰঙত এৰিছে পানী : চৌদিশে হাহাকাৰশতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৭ জুনঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত বিগত প্ৰায় এমাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নদী ফেনে-ফুটুকাৰে ওফন্দি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সোৱণশিৰি নদীৰ তাণ্ডৱে নৈখনৰ নামনি অংশৰ বহু গাঁও বুৰাই পেলোৱাৰ লগতে ২০০০ মেগাৱাট বিদুৎ শক্তি সম্পন্ন নামনি সোৱণশিৰি জলিবদ্যুৎ প্ৰকল্পলৈও ভয়াৱহ বিপদ নমাই আনিছে। যোৱা নিশাৰ পৰা আজি বিয়লিলৈকে প্ৰকল্পটোৰ মূল বান্ধৰ কেবামিটাৰ…
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ বাৰটা বিভিন্ন সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি কৰা হৈছে। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সম্পৰ্কিত ১২টা অনলাইন-সেৱা প্ৰদানৰ বাবে এই প'ৰ্টেল মুকলি কৰা হৈছে। আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। এই সেৱাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা শিক্ষা সংসদৰ সকলো বিষয়া-কৰ্মচাৰীয়ে ডিজিটেল মাধ্যমেৰে উচ্চতৰ মাধ্যমিক শিক্ষাৰ সমগ্ৰ প্ৰণালী বজাই ৰখাৰ লক্ষ্য ৰাখিব। অনুষ্ঠানত শিক্ষা বিভাগ আৰু…
আইএএছ বিষয়া হাজেলাৰ বিৰুদ্ধে পুনৰ এফ আই আৰ দাখিল
গুৱাহাটী, ১৭ জুনঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক আৰু চিষ্টেম ইন্টিগ্ৰেটৰে উপ-ঠিকাদাৰৰ লগ লাগি দুৰ্নীতি (ধন সৰবৰাহ) কৰা বুলি অভিযোগ কৰি এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে আন এক এফআইআৰ দাখিল কৰা হৈছে।বৰ্তমানৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাজ্যিক দুৰ্নীতি বিৰোধী নিবাৰক শাখাত ১৩ জুনত এই গোচৰ তৰিছে । আই এ এছ বিষয়া দেৱ শৰ্মাই দাবী কৰিছে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এক বৃহৎ দুৰ্নীতি সংঘটিত হৈছিল।এনআৰচি উন্নীতকৰণৰ বাবে চিষ্টেম…
লখিমপুৰৰ ৫৯ খন চৰকাৰী বিদ্যালয়ত নাই এজনো ছাত্র-ছাত্রী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ জুনঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে ন ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে লখিমপুৰ জিলাত এতিয়াও বহু বিদ্যালয়ত এজনো ছাত্র-ছাত্রী অথবা এজনো শিক্ষক-শিক্ষয়িত্ৰী নথকা কাৰ্যই শিক্ষা বিভাগৰ স্বৰূপ উদঙাই তুলিছে। আজি লখিমপুৰৰ এজন দায়িত্ববাহী শীর্ষ শিক্ষা বিষয়ৰ পৰা পোৱা তথ্য অনুসৰি লখিমপুৰত এতিয়াও ৫৯খন চৰকাৰী বিদ্যালয়ত এজনো ছাত্র-ছাত্রী নোহোৱাকৈ চলি আছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৫৯ এল.পি. এম. ই. বিদ্যালয়ত এজনো ছাত্র-ছাত্রী নাই বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ। একেদৰে জিলাখনৰ ১৮ খন প্রাথমিক…
দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰি কৰ্মচাৰীক নিলম্বন
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৬ জুন: দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জ জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰিজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত চাৰিজন কৰ্মচাৰীক নিলম্বিত কৰা হয়। উল্লেখ্য, এমজিএনৰেগা ২০২০-২১ চনৰ কামত ব্যাপক দুৰ্নীতিৰ কৰিছিল এই চাৰি কৰ্মচাৰীয়ে। নিলম্বিত চাৰিজন হল অংশুমান গুপ্ত একাউন্টটেন্ট দুল্লভছড়া খন্ড উন্নয়ন কাৰ্যালয়। ছাদিক আহমেদ গ্ৰাম সেৱকৰ লগতে ইনচার্জ সচিব ৰাতাবাড়িৰ গাঁও পঞ্চায়তৰ। মিহিৰ ৰঞ্জন ধৰ একাউণ্টেন্ট…
অম্বুবাচীঃ নিবৃত্তিৰ পাছত ভি আই পিৰ বাবে নাথাকিব বিশেষ দৰ্শনৰ অনুমতি
২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বিভিন্ন দিশ তদাৰক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ। মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৪০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়নৰ প্ৰস্তুতি।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ ভাগত পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই মেলা…
’হালধীয়া’ বিতৰ্ক ! উকীল সন্থালৈ পত্ৰ প্ৰেৰণ তিনিচুকীয়া প্ৰেছ ক্লাবৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ জুন : তিনিচুকীয়া উকীল সন্থাই ছপা সংবাদ মাধ্যমৰ বিৰুদ্ধে ৰাজহুৱাকৈ আপমানজনক মন্তব্য প্ৰদান কৰা কাৰ্য্যক কেন্দ্ৰ কৰি সমগ্ৰ তিনিচুকীয়াৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এই সন্দৰ্ভত আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা উকীল সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে ১১ জুনৰ নিশা তিনিচুকীয়াৰ মাকুম পথস্থিত 'মিৰানা’ নামৰ অভিজাত হোটেলখনত চলা এক আবকাৰী অভিযানত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু বীয়েৰ জব্দ হৈছিল । অনুৰূপ অভিযোগত কিছুদিন পূৰ্বে অপু’জ নামৰ ৰেষ্টুৰেণ্টখন…
