Browsing Category

অসম

বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন

উত্তৰ লখিমপুৰঃ ১৫ জুনঃ বয়োজ্যেষ্ঠ লোকসকলক সহায় আগবঢ়াবলৈ আহ্বান জনাই আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ যৌন নিৰ্যাতন বিৰোধী কোষৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হৈছিল য'ত সভাপতিত্ব কৰিছিল উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কোষৰ আহ্বায়ক মহেশ ভগৱতীয়ে। মহাবিদ্যালয়খনৰ ইংৰাজীৰ বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে সমল ব্যক্তি হিচাপে সভাত অংশগ্ৰহণ কৰে। হুছেইনে তেওঁৰ ভাষণত চলিত দশকত বয়োজ্যেষ্ঠ সকলৰ যত্নৰ…

লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জাতিগত প্ৰমাণপত্ৰ সময়ত নাপাই কিয়?

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অন্যান্য পিছপৰা শ্ৰেণী (অ’. বি. চি) ৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ নামত এতিয়া আবেদনকাৰীয়ে দীর্ঘ দিন ধৰি হাৰাশাস্তি খাই আহিব লগা হৈছে। চৰকাৰী নীতি অনুসৰি ১৫ দিনৰ ভিতৰত হিতাধীকাৰীয়ে কাউণ্টাৰ চাইন যুক্ত প্ৰমাণপত্ৰ লাভ কৰিব লাগে যদিও এতিয়া এই কার্যালয়টোত এনে প্ৰমাণপত্ৰ লাভৰ বাবে আবেদনকাৰীয়ে এমাহ পর্যন্ত অপেক্ষা কৰিব লগা হয়। বিশেষকৈ উপায়ুক্ত কাৰ্যালয়ৰ সাধাৰণ শাখাত আবেদনকাৰীয়ে এনে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। এজন আবেদনকাৰীয়ে প্রথমে গাঁওবুঢ়াৰ…

তেজপুৰত পথ দুৰ্ঘটনাত সৰবৰহী ছাত্ৰনেতা নিহত

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুন: যোৱা নিশা তেজপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ সক্ৰিয় কৰ্মী তথা স্থানীয় পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি পটংগীয়া(২৪) নিহত হয়।তেজপুৰৰ বাম পৰ্বতীয়া নিবাসী অনন্ত পটংগীয়াৰ পুত্ৰ দীপজ্যোতি যোৱা নিশা প্ৰায় ১২-৪৫বজাত এএছ১২ইউ১৬১৪নম্বৰ মটৰচাইকেলখনৰে বামপৰ্বতীয়াৰ দিশৰ পৰা তেজপুৰ চহৰ অভিমুখে গৈ থকা অৱস্থাত কমাৰ চুবুৰীৰ ভৰ্টক মেছৰ সমীপত এ এছ ১২এল ৬৪৫১নম্বৰৰ ইন’ভা গাড়ীৰ স’তে দুৰ্ঘটনাটো সংঘটিত হয়।আৰক্ষীয়ে প্ৰকাশ কৰা মতে,দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা ছাত্ৰ…

তেজপুৰত দপদপ কৈ জ্বলিল বাহন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫জুন: তেজপুৰৰ বালিপুখুৰী তিনিআলিত আজি পুৱা প্ৰায় ৯-৩০বজাত পথৰ দাঁতিত ৰখাই থোৱা এখন বাহন হঠাৎ জ্বলি উঠাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে, বালিপুখুৰী তিনিআলিস্থিত জ্ঞান ভৰতী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা ব্যক্তিগত এএছ১২এচি ৯৮৩৪ নম্বৰৰ বাহনখনত যান্ত্ৰিক বিজুতি ঘটি জ্বুই লাগে আৰু বাহনখন দপদপকৈ জ্বলি উঠাত সকলোৰে মাজত হাঁহাকৰ লাগে।পুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনাৰ পাছত বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হোৱাৰ বিপৰীতে মেক্সিম’ বাহনখন পথৰ দাঁতিত ৰখাই থৈ বাহনখনৰ চালক তথা গৰাকী প্ৰসন্ন দাস ঘৰলৈ গৈছিল।সেই…

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক সম্বৰ্ধনা (ফটো সংবাদ)

শিৱসাগৰ মাৰোৱাৰী পঞ্চায়তে সুন্দৰ মহল মডাৰ্ন স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ দৃশ্য ফটো সংবাদ:-আব্দুল মতিন শিৱসাগৰ

ৰাজনাথ সিঙে ক’ৰ পৰা বিদেশী পুঁজি লৈছিল, ৰাজহুৱা কৰকঃ আছু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উপস্থিত হৈ কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে. সিঙে কালি কৰা মন্তব্যক লৈ লখিমপুৰ ধেমাজিত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰৰ নেতৃবৃন্দ। এই সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰীক প্রত্যাহবান জনাই তেওঁলোকে কয় যে বিদেশী পুঁজিৰে বান্ধৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ যদি কিবা প্রমাণ আছে তেনেহ'লে সেয়া শক্তি মন্ত্ৰীয়ে তথ্য সহকাৰে ৰাজহুৱা কৰক। শক্তি…

কামৰূপত বন্যাৰ্ত-ভূমিস্খলন আক্ৰান্তৰ শিবিৰত চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

দিছপুৰ, ১৫ জুন: কামৰূপ (মহানগৰ) জিলাত শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলন সৃষ্ট পৰিস্থিতিৰ হেতু জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহায্য় তথা আশ্ৰয় শিবিৰত তাৎক্ষণিক ভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়ক তেওঁলোকৰ নিজ এলেকাত জিলা প্ৰশাসনে মুকলি কৰা এনে আশ্ৰয় তথা বানসাহায্য় শিবিৰত আজিৰে পৰাই দিনে নিশাই…

কৰিমগঞ্জত গছ পৰি এজনৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ , ১৫ জুনঃ কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জিলাৰ নৈ, বিল, জান, জুৰি, নলা-নৰ্দমা সকলোতে পানী উপচি পৰি  ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। বিশেষকৈ যোৱা তিনি চাৰি দিন ধৰি হোৱা বৰষুণৰ ফলত সমগ্ৰ কৰিমগঞ্জ চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল।চহৰৰ নলা-নৰ্দমা সকলোতে পানী ভৰি পৰাৰ লগতে চহৰৰ বহু লোকৰ ঘৰত, ব্যৱসায় প্ৰতিষ্ঠানত, বিদ্যালয়ত পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাট পথসমূহ পানীৰে ডুবাই পেলোৱাত যাতায়াতৰ বহু সমস্যা সৃষ্টি হৈছে। ইপিনে বৰষুণ ফলত মাটি কোমল হৈ পৰাত আজি দুপৰীয়া…

এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্রী খৰছিং ইংতিয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ কংগ্ৰেছত পুনৰ আন এক মোক্ষম আঘাত। এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত পাহাৰীয়া জিলাখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে দল ত্যাগ কৰিলে। দলৰ সকলো বিষয়বাব এৰিলে খৰছিং ইংতিয়ে। আনকি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে খৰছিং ইংতিয়ে। এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে। লক্ষণীয় বিষয় যে পাহাৰীয়া জিলা কাৰ্বি আংলং এসময়ত কংগ্ৰেছৰ দখলত আছিল। শেহতীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত…

লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ১৪ জুনঃ  লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত যোৱা ১১ আৰু ১২ জুনত মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগ ,I.Q.A.C আৰু ধেমাজি জিলাৰ জনস্বাস্থ‍্য ও  কাৰিকৰী বিভাগৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ সহযোগী অধ্যাপক ড° ভৱজিৎ ভূঞা। Add on course ৰ সহকাৰী সমন্বয়ক বিৰেণ কাকতীৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা কৰ্মশালাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুবুল  কুমাৰ শইকীয়াই ।কৰ্মশালাখনত সভাপতিত্ব কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী…