Browsing Category

অসম

শোণিতপুৰত, লখিমপুৰত ১৪৪ ধাৰা বলবৎ

শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ জুন: সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ কোনো কোনো ঠাইত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু শোণিতপুৰ জিলাৰ আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ।এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ; কোনোধৰণৰ মাৰণাস্ত্ৰ ৰাজহুৱা স্থান, খেলপথাৰ, ছবিগৃহ, প্ৰেক্ষাগৃহলৈ কঢ়িওৱা; সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া…

তিনি দিন ধৰি কৃত্রিম বানত আৱদ্ধ মহানগৰীৰ জীৱন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ জুনঃ প্ৰকৃতিৰ ৰোষত পৰিছে গুৱাহাটী মহানগৰী। মুষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন। গুৱাহাটীৰ ভিন্ন প্ৰান্তত এতিয়াও কেৱল পানী আৰু পানী।কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰত নাজল-নাথল অৱস্থা। নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ বহু ঠাই জলমগ্ন হৈ পৰিছে। তৃতীয় দিনাও কৃত্ৰিম বানৰ কবলত মহানগৰৰ বিভিন্ন অঞ্চল। গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ লোক তিনি দিনে জলবন্দী হৈ আছে।কৃত্ৰিম বানত বিকল হৈ পৰিছে বহুতৰে যান-বাহন। ইফালে মহানগৰৰ ৰাজপথ নৈলৈ পৰ্যবসিত হোৱাৰ ফলত গাড়ীৰ সলনি ৰাজপথত চলিছে কলৰ ভূঁৰ। এতিয়াও অপৰিৱৰ্তিত…

এনেকৈ থাকিলে মানুহ গুৱাহাটীৰ পৰা পলাবলৈ বাধ্য হব

সৌম্যদ্বীপ দত্ত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱাৰ ফলত আমাৰ আজি এই দুৰাৱস্থা। বহুতেই চৰকাৰক গালি-গালাজ আৰু দোষাৰোপ কৰিছে। কিন্তু মূল সত্যটো হ'ল আমাৰ কৰ্ম ফলৰ পৰিণতি হিচাপে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও যদি আমি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব নোৱাৰোঁ, এতিয়াও যদি আমি চাৰিওফালে হোৱা প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষ আগভাগ নলও; আমি যদি উদাসীন হৈ থাকো তেনেহলে পৰিস্থিতি আৰু জটিল তথা ভয়ানক হ'ব পাৰে।আমি যদি ভাবোঁ যে ঘটনাটো মাজে মাজে হ'ব আৰু আমি আমাৰ প্ৰকৃতি সংৰক্ষণৰ বাবে উদাসীন হৈ থাকো; তেনেহলে পৰিস্থিতি এনেকুৱা হ'ব যে গুৱাহাটীৰ…

প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যায়সমূহৰ ১৬ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ মহলাৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকন্ঠীয় অঞ্চল সমূহত হোৱা প্ৰবল বৰষুণৰ বাবে পৰিবহণ ব্যাৱস্থা বিপন্ন হৈ পৰাৰ লগতে বিজুলী সংযোগো বহু স্থানত বিকল হৈ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছুদিনৰ ভিতৰতে নতুনকৈ পৰীক্ষাৰ দিন ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। গুৱাহাটী…

 চৰকাৰী বিভাগৰ কৃপাত তেজপুৰ কৃত্ৰিম বানত জুৰুলা চহৰলৈ পৰিৱৰ্তন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুলাই: কেবল গুৱাহাটী মহানগৰীয়েই নহয় বৰ্তমান ধাৰাবাহিক বৰষুণত বানত তেজপুৰ পৌৰ সভা অন্তৰ্গত বহুকেইটা অঞ্চল ডুব যোৱাটো এক নিয়মীয়া ঘটনাত পৰিণত হৈছে।আজি তেজপুৰ চহৰৰ একাধিক অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে লোকনিৰ্মাণ বিভাগৰ কেইবাটাও পথৰ ওপৰত একাঁঠু পানীত ডুব যায়। জমা হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনেদৰে দিনক দিনে তেজপুৰ পৌৰ সভা, তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষ , তেজপুৰ ৰাজহ চক্ৰ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ ৰহস্যজনক উদাসীনতাৰ সুযোগ লৈ ইমানদিনে বৰষুণৰ পানী ওলাই যোৱা পূৰ্বৰ…

মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত দশম স্থান প্ৰাপ্ত অনুৰাগ বৰা সহ ২২ গৰাকী ছাত্র ছাত্ৰীক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৫জুন: মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যা নিকেতনত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।পুৱা বন্দনাৰ পাছতেই এটা কালাংশৰ পাঠদান অনুষ্ঠিত হোৱাৰ পাছত ১০-৩০ বজাৰৰ পৰা অভিনন্দন অনুষ্ঠানটি নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নিকেতন পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি নীলমণি ভূঞাই।নিকেতন খনৰ পৰিচালনা সমিতিৰ সম্পাদক দিবাকৰ তামুলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন সভাখনৰ আঁত ধৰে নিকেতনখনৰ আচাৰ্য পৰাণজ্যোতি বৰাই।মাজুলীৰ বন গাঁও শিশু…

বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন

উত্তৰ লখিমপুৰঃ ১৫ জুনঃ বয়োজ্যেষ্ঠ লোকসকলক সহায় আগবঢ়াবলৈ আহ্বান জনাই আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ যৌন নিৰ্যাতন বিৰোধী কোষৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হৈছিল য'ত সভাপতিত্ব কৰিছিল উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কোষৰ আহ্বায়ক মহেশ ভগৱতীয়ে। মহাবিদ্যালয়খনৰ ইংৰাজীৰ বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে সমল ব্যক্তি হিচাপে সভাত অংশগ্ৰহণ কৰে। হুছেইনে তেওঁৰ ভাষণত চলিত দশকত বয়োজ্যেষ্ঠ সকলৰ যত্নৰ…

লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জাতিগত প্ৰমাণপত্ৰ সময়ত নাপাই কিয়?

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অন্যান্য পিছপৰা শ্ৰেণী (অ’. বি. চি) ৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ নামত এতিয়া আবেদনকাৰীয়ে দীর্ঘ দিন ধৰি হাৰাশাস্তি খাই আহিব লগা হৈছে। চৰকাৰী নীতি অনুসৰি ১৫ দিনৰ ভিতৰত হিতাধীকাৰীয়ে কাউণ্টাৰ চাইন যুক্ত প্ৰমাণপত্ৰ লাভ কৰিব লাগে যদিও এতিয়া এই কার্যালয়টোত এনে প্ৰমাণপত্ৰ লাভৰ বাবে আবেদনকাৰীয়ে এমাহ পর্যন্ত অপেক্ষা কৰিব লগা হয়। বিশেষকৈ উপায়ুক্ত কাৰ্যালয়ৰ সাধাৰণ শাখাত আবেদনকাৰীয়ে এনে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। এজন আবেদনকাৰীয়ে প্রথমে গাঁওবুঢ়াৰ…

তেজপুৰত পথ দুৰ্ঘটনাত সৰবৰহী ছাত্ৰনেতা নিহত

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুন: যোৱা নিশা তেজপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ সক্ৰিয় কৰ্মী তথা স্থানীয় পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি পটংগীয়া(২৪) নিহত হয়।তেজপুৰৰ বাম পৰ্বতীয়া নিবাসী অনন্ত পটংগীয়াৰ পুত্ৰ দীপজ্যোতি যোৱা নিশা প্ৰায় ১২-৪৫বজাত এএছ১২ইউ১৬১৪নম্বৰ মটৰচাইকেলখনৰে বামপৰ্বতীয়াৰ দিশৰ পৰা তেজপুৰ চহৰ অভিমুখে গৈ থকা অৱস্থাত কমাৰ চুবুৰীৰ ভৰ্টক মেছৰ সমীপত এ এছ ১২এল ৬৪৫১নম্বৰৰ ইন’ভা গাড়ীৰ স’তে দুৰ্ঘটনাটো সংঘটিত হয়।আৰক্ষীয়ে প্ৰকাশ কৰা মতে,দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা ছাত্ৰ…

তেজপুৰত দপদপ কৈ জ্বলিল বাহন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫জুন: তেজপুৰৰ বালিপুখুৰী তিনিআলিত আজি পুৱা প্ৰায় ৯-৩০বজাত পথৰ দাঁতিত ৰখাই থোৱা এখন বাহন হঠাৎ জ্বলি উঠাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে, বালিপুখুৰী তিনিআলিস্থিত জ্ঞান ভৰতী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা ব্যক্তিগত এএছ১২এচি ৯৮৩৪ নম্বৰৰ বাহনখনত যান্ত্ৰিক বিজুতি ঘটি জ্বুই লাগে আৰু বাহনখন দপদপকৈ জ্বলি উঠাত সকলোৰে মাজত হাঁহাকৰ লাগে।পুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনাৰ পাছত বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হোৱাৰ বিপৰীতে মেক্সিম’ বাহনখন পথৰ দাঁতিত ৰখাই থৈ বাহনখনৰ চালক তথা গৰাকী প্ৰসন্ন দাস ঘৰলৈ গৈছিল।সেই…