Browsing Category

অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক সম্বৰ্ধনা (ফটো সংবাদ)

শিৱসাগৰ মাৰোৱাৰী পঞ্চায়তে সুন্দৰ মহল মডাৰ্ন স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ দৃশ্য ফটো সংবাদ:-আব্দুল মতিন শিৱসাগৰ

ৰাজনাথ সিঙে ক’ৰ পৰা বিদেশী পুঁজি লৈছিল, ৰাজহুৱা কৰকঃ আছু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উপস্থিত হৈ কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে. সিঙে কালি কৰা মন্তব্যক লৈ লখিমপুৰ ধেমাজিত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰৰ নেতৃবৃন্দ। এই সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰীক প্রত্যাহবান জনাই তেওঁলোকে কয় যে বিদেশী পুঁজিৰে বান্ধৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ যদি কিবা প্রমাণ আছে তেনেহ'লে সেয়া শক্তি মন্ত্ৰীয়ে তথ্য সহকাৰে ৰাজহুৱা কৰক। শক্তি…

কামৰূপত বন্যাৰ্ত-ভূমিস্খলন আক্ৰান্তৰ শিবিৰত চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

দিছপুৰ, ১৫ জুন: কামৰূপ (মহানগৰ) জিলাত শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলন সৃষ্ট পৰিস্থিতিৰ হেতু জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহায্য় তথা আশ্ৰয় শিবিৰত তাৎক্ষণিক ভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মাণ্ডলিক তত্বাৱধায়ক তেওঁলোকৰ নিজ এলেকাত জিলা প্ৰশাসনে মুকলি কৰা এনে আশ্ৰয় তথা বানসাহায্য় শিবিৰত আজিৰে পৰাই দিনে নিশাই…

কৰিমগঞ্জত গছ পৰি এজনৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ , ১৫ জুনঃ কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জিলাৰ নৈ, বিল, জান, জুৰি, নলা-নৰ্দমা সকলোতে পানী উপচি পৰি  ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। বিশেষকৈ যোৱা তিনি চাৰি দিন ধৰি হোৱা বৰষুণৰ ফলত সমগ্ৰ কৰিমগঞ্জ চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল।চহৰৰ নলা-নৰ্দমা সকলোতে পানী ভৰি পৰাৰ লগতে চহৰৰ বহু লোকৰ ঘৰত, ব্যৱসায় প্ৰতিষ্ঠানত, বিদ্যালয়ত পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাট পথসমূহ পানীৰে ডুবাই পেলোৱাত যাতায়াতৰ বহু সমস্যা সৃষ্টি হৈছে। ইপিনে বৰষুণ ফলত মাটি কোমল হৈ পৰাত আজি দুপৰীয়া…

এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্রী খৰছিং ইংতিয়ে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ কংগ্ৰেছত পুনৰ আন এক মোক্ষম আঘাত। এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত পাহাৰীয়া জিলাখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে দল ত্যাগ কৰিলে। দলৰ সকলো বিষয়বাব এৰিলে খৰছিং ইংতিয়ে। আনকি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে খৰছিং ইংতিয়ে। এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে। লক্ষণীয় বিষয় যে পাহাৰীয়া জিলা কাৰ্বি আংলং এসময়ত কংগ্ৰেছৰ দখলত আছিল। শেহতীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত…

লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত

উত্তৰ লখিমপুৰ, ১৪ জুনঃ  লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত যোৱা ১১ আৰু ১২ জুনত মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগ ,I.Q.A.C আৰু ধেমাজি জিলাৰ জনস্বাস্থ‍্য ও  কাৰিকৰী বিভাগৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ সহযোগী অধ্যাপক ড° ভৱজিৎ ভূঞা। Add on course ৰ সহকাৰী সমন্বয়ক বিৰেণ কাকতীৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা কৰ্মশালাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুবুল  কুমাৰ শইকীয়াই ।কৰ্মশালাখনত সভাপতিত্ব কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী…

দৰংমহাবিদ্যালয়ত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা

এখন শৈক্ষিক অনুষ্ঠানৰ প্ৰশাসক গৰাকী সজাগ আৰু সতৰ্ক হ'লে সকলো সফলতা লাভ কৰিব পাৰে- ড° মৃদুল কুমাৰ হাজৰিকা, প্ৰাক্তন উপাচাৰ্য নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণৰ প্ৰয়োজন - ড° যোগেন চন্দ্র কলিতা, অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৪ জুন : দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দৰং মহাবিদ্যালয়ৰ "আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষ"ৰ উদ্যোগত "শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ" (Academic and Administrative Audit) ওপৰত এখন গুৰুত্বপূৰ্ণ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।কৰ্মশালাত…

ক্ৰাইম ব্ৰাঞ্চৰ নাম লৈ ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম আৰক্ষীৰ চি আই ডিয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক। লোকজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। চি আই ডিয়ে জানিব দিয়া মতে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও বৰ্তমান গুৱাহাটীৰ বেলতলাত থকা পাণ্ডেই নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ সন্দেহযুক্ত বা অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল। তেওঁ ধন দাবী কৰা লোকসকলক দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি এই কৰ্মকাণ্ড সংঘটিত কৰি আহিছিল। এনে তথ্য লাভ কৰাৰ লগে লগে চি আই ডিয়ে গোচৰ ৰুজু কৰি…

২০জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ১৫০০০ বিধবা মহিলাক ১৫ হাজাৰকৈ ধন প্ৰদান

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪জুনঃ সাংস্কৃতিক নগৰী তেজপুৰ বাটমাৰী সভা কক্ষত যোৱা ১১জুনৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৫খন জিলাৰ জিলা উপায়ুক্ত সকলৰ সন্মিলন কালি নিশা ১০:৩০বজাত সামৰণি পৰে। সন্মিলনৰ পিছত নিশা সভা গৃহতে অনুষ্ঠিত হোৱা এক সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই ছমাহৰ অন্তৰে চৰকাৰৰ বিভিন্ন আচঁনিৰ ৰূপায়ন, বিতং পৰ্য্যালোচনাৰ বাবে অনুষ্ঠিত কৰা উপায়ুক্ত সকলৰ পৰবৰ্তী সন্মিলন তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অহা…

গুৱাহাটীৰ বান : বুধবাৰে বন্ধ থাকিব গুৱাহাটীৰ শিক্ষানুষ্ঠান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ প্ৰৱল বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বান বুৰ যোৱাৰ লগতে ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আন এক সতৰ্কবাণী। আগন্তুক ১৭ জুনলৈ অসমত হ'ব পাৰে প্ৰৱল বৃষ্টিপাত। যাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে জিলা প্ৰশাসন। বুধবাৰে কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৰা ভৱিষ্যদ্বাণীৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় তথা…