Browsing Category

অসম

দৰংমহাবিদ্যালয়ত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা

এখন শৈক্ষিক অনুষ্ঠানৰ প্ৰশাসক গৰাকী সজাগ আৰু সতৰ্ক হ'লে সকলো সফলতা লাভ কৰিব পাৰে- ড° মৃদুল কুমাৰ হাজৰিকা, প্ৰাক্তন উপাচাৰ্য নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণৰ প্ৰয়োজন - ড° যোগেন চন্দ্র কলিতা, অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৪ জুন : দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দৰং মহাবিদ্যালয়ৰ "আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষ"ৰ উদ্যোগত "শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ" (Academic and Administrative Audit) ওপৰত এখন গুৰুত্বপূৰ্ণ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।কৰ্মশালাত…

ক্ৰাইম ব্ৰাঞ্চৰ নাম লৈ ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম আৰক্ষীৰ চি আই ডিয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক। লোকজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। চি আই ডিয়ে জানিব দিয়া মতে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও বৰ্তমান গুৱাহাটীৰ বেলতলাত থকা পাণ্ডেই নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ সন্দেহযুক্ত বা অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল। তেওঁ ধন দাবী কৰা লোকসকলক দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি এই কৰ্মকাণ্ড সংঘটিত কৰি আহিছিল। এনে তথ্য লাভ কৰাৰ লগে লগে চি আই ডিয়ে গোচৰ ৰুজু কৰি…

২০জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ১৫০০০ বিধবা মহিলাক ১৫ হাজাৰকৈ ধন প্ৰদান

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪জুনঃ সাংস্কৃতিক নগৰী তেজপুৰ বাটমাৰী সভা কক্ষত যোৱা ১১জুনৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৫খন জিলাৰ জিলা উপায়ুক্ত সকলৰ সন্মিলন কালি নিশা ১০:৩০বজাত সামৰণি পৰে। সন্মিলনৰ পিছত নিশা সভা গৃহতে অনুষ্ঠিত হোৱা এক সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই ছমাহৰ অন্তৰে চৰকাৰৰ বিভিন্ন আচঁনিৰ ৰূপায়ন, বিতং পৰ্য্যালোচনাৰ বাবে অনুষ্ঠিত কৰা উপায়ুক্ত সকলৰ পৰবৰ্তী সন্মিলন তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অহা…

গুৱাহাটীৰ বান : বুধবাৰে বন্ধ থাকিব গুৱাহাটীৰ শিক্ষানুষ্ঠান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ প্ৰৱল বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বান বুৰ যোৱাৰ লগতে ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আন এক সতৰ্কবাণী। আগন্তুক ১৭ জুনলৈ অসমত হ'ব পাৰে প্ৰৱল বৃষ্টিপাত। যাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে জিলা প্ৰশাসন। বুধবাৰে কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৰা ভৱিষ্যদ্বাণীৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় তথা…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া নাৰ্চেই হৰ্তা কৰ্তা বিধাতা

অভ্যন্তৰত কি ঘটিছে ? নামতহে উন্নীত হ'ল নেকি চিকিৎসা মহাবিদ্যালয়ঃ আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ানঃ  নামতহে আছে চিকিৎসকঃ অ' পি. ডিত নাৰ্চেই ৰোগীক টিকট প্রদান কৰেঃ এম. আৰ আই আহিয়েই পোৱা নাইঃ আই. চি. ইউ, আছে যদিও ৰহস্যজনক কাৰণত ইয়াত ৰোগীক ৰখা নহয়।শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৪ জুনঃ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়খনৰ চৰকাৰে লখিমপুৰ চিকিৎ‍সা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ উন্নীত কৰিলে যদিও এই চিকিৎসা মহাবিদ্যালয়খনৰ আভ্যন্তৰত ঘটি থকা কেতবোৰ কাণ্ড-কাৰখানাই সৰ্ব্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। প্রায় ৫০০…

দিব্যাংগসকলৰ বাবে থকা আঁচনিসমূহ নিয়াৰিকৈ ৰূপায়ণৰ নিৰ্দেশ মন্ত্রীৰ

সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ ল'লে মন্ত্রীগৰাকীয়ে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীলৈ বিশেষ সহযোগিতা আগবঢ়াব চৰকাৰে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান কৰা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব…

সোৱণশিৰি প্ৰকল্পৰ পৰা অসমে ২-৩ শতাংশ বিদ্যুৎ লাভ কৰিব- কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙ

একাধিক কাৰ্যসূচীত অংশগ্ৰহণেৰে ধেমাজিত কেন্দ্ৰীয় মন্ত্ৰীৰ গাঁও চফৰ শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৪ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা মানি দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি ভ্ৰমণলৈ অহা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰেই আৰম্ভ হোৱাৰ সেউজ সংকেত দিছে । আজি সকলো কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদ মেলত আগন্তুক ডিচেম্বৰত নহ’লেও জানুৱাৰীত ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো শুভাৰম্ভ কৰিব পৰা যাব বুলি…

গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান

গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান। ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা... জৰুৰী কাম নাথাকিলে পৰাপক্ষত ঘৰৰ পৰা নোলাবলৈ আহ্বান। জলবন্দী লোকক হেল্প লাইনত যোগাযোগ কৰিবলৈ আহ্বান। জিলা প্ৰশাসনৰ যোগাযোগৰ বাবে ১০৭৭/৮৬৩৮১১২২৯৭ নম্বৰৰ দুটাকৈ হেল্প লাইন নম্বৰ।.

আই আই টি-গুৱাহাটীয়ে প্ৰস্তুত কৰিলে কৃত্ৰিম ভৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ গৱেষকসকলে প্ৰস্তুত কৰিছে এটা কৃত্ৰিম ভৰি। এই ভৰি বিশেষভাৱে ভাৰতীয় অৱস্থাৰ বাবে ডিজাইন কৰা হৈছে। ই ভাৰতীয় প্ৰয়োজনীয়তা যেনে ক্ৰছ-লেগড চিটিং আৰু ডিপ স্কুৱেটিং আদি পূৰণ কৰে আৰু ৰুক্ষ ভূখণ্ডৰ বাবে উপযোগী। আই আই টি-গুৱাহাটীৰ বিবৃতি অনুসৰি, এই গৱেষণাৰ বাবে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে পুঁজিৰে সহায় কৰিছিল। আই আই টি গুৱাহাটীৰ গৱেষকসকলে গুৱাহাটীৰ ১৫১খন সেনা ঘাটি হাস্পতালৰ সৈতে সহযোগিতা কৰিছিল; তুলাৰাম বাফনা…

মিৰানা’ ছীল কৰিব নোৱাৰিলে তিনিচুকীয়াৰ প্ৰশাসনে

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুন : অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে সুৰা মজুত ৰখাৰ অভিযোগত তিনিচুকীয়াৰ মাকুম পথস্থিত 'দ্যা মিৰানা’ নামৰ অভিজাত হোটেলখন ছীল কৰাৰ নিৰ্দেশ দি মুখথেকেচা খালে জিলা প্ৰশাসনে । উল্লেখ্য যে দুদিন পূৰ্বে কাৰ্য্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাৰ নেতৃত্বত চলা এক আবকাৰী অভিযানত উক্ত হোটেলখনৰ পৰা অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা আৰু বীয়েৰ জব্দ কৰা হৈছিল । বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে হোটেলখনত এই বুজন পৰিমাণৰ সুৰা অবৈধভাৱে মজুত কৰি ৰখাৰ অভিযোগত তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশে দেওবাৰে হোটেলখন ছীল কৰাৰ আদেশ জাৰী কৰি…