Browsing Category
অসম
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া নাৰ্চেই হৰ্তা কৰ্তা বিধাতা
অভ্যন্তৰত কি ঘটিছে ? নামতহে উন্নীত হ'ল নেকি চিকিৎসা মহাবিদ্যালয়ঃ আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ানঃ নামতহে আছে চিকিৎসকঃ অ' পি. ডিত নাৰ্চেই ৰোগীক টিকট প্রদান কৰেঃ এম. আৰ আই আহিয়েই পোৱা নাইঃ আই. চি. ইউ, আছে যদিও ৰহস্যজনক কাৰণত ইয়াত ৰোগীক ৰখা নহয়।শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৪ জুনঃ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়খনৰ চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ উন্নীত কৰিলে যদিও এই চিকিৎসা মহাবিদ্যালয়খনৰ আভ্যন্তৰত ঘটি থকা কেতবোৰ কাণ্ড-কাৰখানাই সৰ্ব্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। প্রায় ৫০০…
দিব্যাংগসকলৰ বাবে থকা আঁচনিসমূহ নিয়াৰিকৈ ৰূপায়ণৰ নিৰ্দেশ মন্ত্রীৰ
সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি তথা আন সুবিধাসমূহৰ বিষয়ে বুজ ল'লে মন্ত্রীগৰাকীয়ে। ৰাষ্ট্ৰীয় লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীলৈ বিশেষ সহযোগিতা আগবঢ়াব চৰকাৰে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম চৰকাৰৰ তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান কৰা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব…
সোৱণশিৰি প্ৰকল্পৰ পৰা অসমে ২-৩ শতাংশ বিদ্যুৎ লাভ কৰিব- কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙ
একাধিক কাৰ্যসূচীত অংশগ্ৰহণেৰে ধেমাজিত কেন্দ্ৰীয় মন্ত্ৰীৰ গাঁও চফৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৪ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা মানি দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি ভ্ৰমণলৈ অহা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰেই আৰম্ভ হোৱাৰ সেউজ সংকেত দিছে । আজি সকলো কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদ মেলত আগন্তুক ডিচেম্বৰত নহ’লেও জানুৱাৰীত ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো শুভাৰম্ভ কৰিব পৰা যাব বুলি…
গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান
গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান। ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা...
জৰুৰী কাম নাথাকিলে পৰাপক্ষত ঘৰৰ পৰা নোলাবলৈ আহ্বান। জলবন্দী লোকক হেল্প লাইনত যোগাযোগ কৰিবলৈ আহ্বান।
জিলা প্ৰশাসনৰ যোগাযোগৰ বাবে ১০৭৭/৮৬৩৮১১২২৯৭ নম্বৰৰ দুটাকৈ হেল্প লাইন নম্বৰ।.
আই আই টি-গুৱাহাটীয়ে প্ৰস্তুত কৰিলে কৃত্ৰিম ভৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ গৱেষকসকলে প্ৰস্তুত কৰিছে এটা কৃত্ৰিম ভৰি। এই ভৰি বিশেষভাৱে ভাৰতীয় অৱস্থাৰ বাবে ডিজাইন কৰা হৈছে। ই ভাৰতীয় প্ৰয়োজনীয়তা যেনে ক্ৰছ-লেগড চিটিং আৰু ডিপ স্কুৱেটিং আদি পূৰণ কৰে আৰু ৰুক্ষ ভূখণ্ডৰ বাবে উপযোগী। আই আই টি-গুৱাহাটীৰ বিবৃতি অনুসৰি, এই গৱেষণাৰ বাবে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে পুঁজিৰে সহায় কৰিছিল। আই আই টি গুৱাহাটীৰ গৱেষকসকলে গুৱাহাটীৰ ১৫১খন সেনা ঘাটি হাস্পতালৰ সৈতে সহযোগিতা কৰিছিল; তুলাৰাম বাফনা…
মিৰানা’ ছীল কৰিব নোৱাৰিলে তিনিচুকীয়াৰ প্ৰশাসনে
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুন : অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে সুৰা মজুত ৰখাৰ অভিযোগত তিনিচুকীয়াৰ মাকুম পথস্থিত 'দ্যা মিৰানা’ নামৰ অভিজাত হোটেলখন ছীল কৰাৰ নিৰ্দেশ দি মুখথেকেচা খালে জিলা প্ৰশাসনে । উল্লেখ্য যে দুদিন পূৰ্বে কাৰ্য্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাৰ নেতৃত্বত চলা এক আবকাৰী অভিযানত উক্ত হোটেলখনৰ পৰা অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা আৰু বীয়েৰ জব্দ কৰা হৈছিল । বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে হোটেলখনত এই বুজন পৰিমাণৰ সুৰা অবৈধভাৱে মজুত কৰি ৰখাৰ অভিযোগত তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশে দেওবাৰে হোটেলখন ছীল কৰাৰ আদেশ জাৰী কৰি…
শিক্ষা মন্ত্ৰীৰ গৃহ জিলা গোগামুখত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ অধিৱেশনত চূড়ান্ত বিশৃংখলতা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুনঃ ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানসকলৰ বৃহৎ সংগঠন ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সপ্তদশ অধিৱেশনখনি চূড়ান্ত বিশৃংখলেৰে দেওবাৰে সন্ধিয়া সামৰণি পৰে। অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে প্ৰায় ৩০ খনৰো অধিক জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিবলৈ অহা এই অধিৱেশনত বহু প্রতিনিধিয়ে মূল অধিবেশনত যোগদান নকৰাকৈয়ে ঘৰমুৱা হ'ব লগা হয়। পৰিতাপৰ কথা যে মাধ্যমিক শিক্ষা সঞ্চালক অসম তথা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ ৰাজ্যিক সভাপতি মমতা হোজাইৰ নেতৃত্বত অনুষ্ঠিত হোৱা অধিৱেশনৰ তিনিদিনীয়া…
গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি গুৱাহাটী,১৩ জুনঃ নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে চমন জাৰি কৰাক লৈ দেশজুৰি কংগ্ৰেছে আজি বিক্ষোভ প্ৰদৰ্শন কৰে। অসমতো প্ৰতিবাদত নামি পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সহিতে দলৰ নেতা-কৰ্মীসকল। বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ই ডিৰ দ্বাৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চমন জাৰি কৰি তলৱ কৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ…
বাতৰি বিলাই ফুৰা ল’ৰাজন নিজে এটা শোকৰ বাতৰি হ’ল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জুনঃ সংবাদৰ পিছে পিছে ঘূৰি ফুৰি, ৰদ-বৰষুণ নেওচি ডাঁৰৰ খবৰ ডাঁৰে বিলাই ফুৰা তজবজীয়া যুৱকজন আজি নিজে এটা শোকৰ বাতৰি বিলাই অনন্তধামলৈ গতি কৰিলে।শোকস্তব্ধ হৈ পৰিল পৰিয়াল, সতীৰ্থ তথা লখিমপুৰৰ সাংবাদিক জগত।নাৰায়ণপুৰ পথালিপাহাৰৰ মটীয়াৰ কাৰ্তিক কাকতিৰ পুত্ৰ সাংবাদিক, লেখক সুব্ৰত কাকতিৰ আজি পুৱা গুৱাহাটীৰ ৰেল'ৱে ষ্টেচনত অসুস্থ হৈ অৱশেষত নিশ্বাস ত্যাগ কৰে। যোৱা বৰ্ষৰ নবেম্বৰ মাহতে কাকতি হ্নদৰোগত আক্ৰান্ত হৈছিল।পিছত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । ক্ৰমশঃ স্বাস্থ্যৰ উন্নতি হৈছিল আৰু কালি ৰেলযোগে চেক আপৰ…
পুৰণা দল হিচাপে কংগ্ৰেছৰে এতিয়াও কিছু সাংগঠনিক ভেটি আছেঃ জয়ন্ত মল্ল বৰুৱা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩জুনঃ কংগ্ৰেছৰ নেতৃত্বত য’দিহে কষ্ট কৰা মানুহ আহে তেনেহলে দলটো কিছু উঠিব পাৰে।” এই মন্তব্য ৰাজ্য চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি তেজপুৰত তেওঁ ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত মন্তব্য কৰি আৰু কয় যে, সকলো ফালৰ পৰা চাবলৈ গ’লে দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত আটাইতকৈ বেছি বছৰ কংগ্ৰেছ দলে শাসন কৰিছে। সেয়ে কংগ্ৰছ দলৰ তৃণমুল পৰ্যায়লৈকে এটা সংগঠন আছে। গতিকে বেছি ভাগ অঞ্চলতে বিৰোধীৰ ৰূপত কংগ্ৰেছকে দেখা যায় আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলবোৰত এ আই ইউ ডি এফক বিৰোধী ৰূপত দেখা যায়।ৰাজ্যৰ…
