Browsing Category

অসম

শিক্ষা মন্ত্ৰীৰ গৃহ জিলা গোগামুখত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ অধিৱেশনত চূড়ান্ত বিশৃংখলতা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুনঃ ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানসকলৰ বৃহৎ সংগঠন ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সপ্তদশ অধিৱেশনখনি চূড়ান্ত বিশৃংখলেৰে দেওবাৰে সন্ধিয়া সামৰণি পৰে। অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে প্ৰায় ৩০ খনৰো অধিক জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিবলৈ অহা এই অধিৱেশনত বহু প্রতিনিধিয়ে মূল অধিবেশনত যোগদান নকৰাকৈয়ে ঘৰমুৱা হ'ব লগা হয়। পৰিতাপৰ কথা যে মাধ্যমিক শিক্ষা সঞ্চালক অসম তথা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ ৰাজ্যিক সভাপতি মমতা হোজাইৰ নেতৃত্বত অনুষ্ঠিত হোৱা অধিৱেশনৰ তিনিদিনীয়া…

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি গুৱাহাটী,১৩ জুনঃ নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে চমন জাৰি কৰাক লৈ দেশজুৰি কংগ্ৰেছে আজি বিক্ষোভ প্ৰদৰ্শন কৰে। অসমতো প্ৰতিবাদত নামি পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সহিতে দলৰ নেতা-কৰ্মীসকল। বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ই ডিৰ দ্বাৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চমন জাৰি কৰি তলৱ কৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ…

বাতৰি বিলাই ফুৰা ল’ৰাজন নিজে এটা শোকৰ বাতৰি হ’ল 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জুনঃ সংবাদৰ পিছে পিছে ঘূৰি ফুৰি, ৰদ-বৰষুণ নেওচি ডাঁৰৰ খবৰ ডাঁৰে বিলাই ফুৰা তজবজীয়া যুৱকজন আজি নিজে এটা শোকৰ বাতৰি বিলাই অনন্তধামলৈ গতি কৰিলে।শোকস্তব্ধ হৈ পৰিল পৰিয়াল, সতীৰ্থ তথা লখিমপুৰৰ সাংবাদিক জগত।নাৰায়ণপুৰ পথালিপাহাৰৰ মটীয়াৰ কাৰ্তিক কাকতিৰ পুত্ৰ সাংবাদিক, লেখক  সুব্ৰত কাকতিৰ আজি পুৱা গুৱাহাটীৰ ৰেল'ৱে ষ্টেচনত অসুস্থ হৈ অৱশেষত নিশ্বাস ত্যাগ কৰে। যোৱা বৰ্ষৰ নবেম্বৰ মাহতে কাকতি হ্নদৰোগত আক্ৰান্ত হৈছিল।পিছত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । ক্ৰমশঃ স্বাস্থ্যৰ উন্নতি হৈছিল আৰু কালি ৰেলযোগে চেক আপৰ…

পুৰণা দল হিচাপে কংগ্ৰেছৰে এতিয়াও কিছু সাংগঠনিক ভেটি আছেঃ জয়ন্ত মল্ল বৰুৱা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩জুনঃ কংগ্ৰেছৰ নেতৃত্বত য’দিহে কষ্ট কৰা মানুহ আহে তেনেহলে দলটো কিছু উঠিব পাৰে।” এই মন্তব্য ৰাজ্য চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি তেজপুৰত তেওঁ ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত মন্তব্য কৰি আৰু কয় যে, সকলো ফালৰ পৰা চাবলৈ গ’লে দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত আটাইতকৈ বেছি বছৰ কংগ্ৰেছ দলে শাসন কৰিছে। সেয়ে কংগ্ৰছ দলৰ তৃণমুল পৰ্যায়লৈকে এটা সংগঠন আছে। গতিকে বেছি ভাগ অঞ্চলতে বিৰোধীৰ ৰূপত  কংগ্ৰেছকে দেখা যায় আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলবোৰত এ আই ইউ ডি এফক  বিৰোধী ৰূপত দেখা যায়।ৰাজ্যৰ…

বিজেপিৰ বিৰোধী ৰাজ্যত কোনো নাই বুলি ক’লে মুখ্যমন্ত্ৰীয়ে

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৩ জুনঃ তেজপুৰৰ বাটমাৰিস্থিত সন্মিলন কেন্দ্ৰতে অহা ছমাহৰ পাছতেই অনুষ্ঠিত হ’ব ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে এই কথা। তদুপৰি,ছমাহৰ পাছতে তিনিচুকীয়াত পুনৰ উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাই উপায়ুক্ত সন্মিলনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, অহা সময়চোৱাত ৰাজ্যৰ ছবি সলনি হৈ যাব। ইয়াৰ বাবে সকলোৱে যোগাত্মক মানসিকতাৰে আগবাঢ়িব লাগিব বুলিও তেওঁ কয়। উপায়ুক্তসকলে ভাল কাম কৰি আছে বুলিও…

তেজপুৰৰ সন্মিলন কক্ষৰ সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ জুনঃ তেজপুৰৰ বাটমাৰিত নৱনিৰ্মীত সন্মিলন কেন্দ্ৰৰ সুৰক্ষাৰ দায়িত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা গজাল এটাও কোনেও নিবলৈ সাহস কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে শেহতীয়া তিনিদিন ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু উপায়ুক্ত সন্মিলনৰ সমাপ্তিৰ পাছতে এই আটকধুনীয়া সন্মিলন কেন্দ্ৰটো যাতে পৰিত্যক্ত হৈ নপৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ইয়াত ছয়মাহৰ পাছতে পুনৰ ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। ইয়াৰ মাজৰ ছয়মাহত কোনো…

শিক্ষা ব্যৱস্থাত কেৰোণ ক’ত ?

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ জুনঃ অসমৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু মাধ্যমিক শিক্ষা বিষয়াসকলকলৈ গঠিত ৰাজ্যিক অধিবিদ্যা পৰিষদ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনখন ১০ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত  হয় । অধিৱেশনৰ আজি সামৰণি দিনাৰ মুকলি সভাত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা ব্যৱস্থাত ঘটা কেৰোণসমূহ বিচাৰি উলিয়াবলৈ হ’লে বিদ্যালয়ৰ মূৰব্বীসকলে আন সকলো কথা পাহৰি সেই বিষয়টোক লৈ পাঁচ মিনিট সময় ধ্যান কৰিবলৈ আহ্বান জনায়। প্ৰসংগত তেওঁ কয় যে…

“বৰগীত”ত সৰ্বোচ্চ নম্বৰ লাভ কৰা যোৰহাটৰ তনুশ্ৰী দত্তলৈ “অসম গ্ৰাম্য শিৰোৰত্ন বটা”

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ জুন : পশ্চিম কাৰ্বি আংলংস্থিত অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সংস্কৃতি বিকাশ মঞ্চই প্ৰতিবছৰে অসমৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা কলা কুশলীক "অসম গ্ৰাম্য শিৰোৰত্ন বটা" প্ৰদান কৰি আহিছে। নগাঁৱৰ কামপুৰত অনুষ্ঠিত বঁটা বিতৰণী সভাত যোৰহাটৰ কলখোৱাৰ জীয়ৰী আৰু মাজুলীৰ " কলা ভূমি মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়"ৰ ছাত্ৰী তনুশ্ৰী দত্তক অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰা হয়। উল্লেখ্য, ২০২১ বৰ্ষত "বৰগীত" বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদে ২৬…

 জামুগুৰিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে অনুশীলনত ব্যস্ত মহিলা

জামুগুৰিহাট, ১৩ জুনঃ  ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অংশগ্ৰহণ কৰিছে যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে - "যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সুস্থ মানসিকতাৰে প্ৰতিটো দিশত আগুৱাই যাব পাৰি।" প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত অৰ্ধশতাধিক মহিলাই এই যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

বাক্সাৰ ককিলাবাৰী পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত বিজয়মালা পিন্ধিলে ইউ পি পি এলৰ প্ৰাৰ্থী মন্টু বড়োয়‍ে

শতাব্দ প্ৰিতনিধি, বাক্সা,১২ জুনঃ বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হল বি টি চি পৰিষদৰ উপ নিৰ্বাচনৰ ফলাফল । বিগত পৰিষদীয় সাধাৰণ নিৰ্বাচনত বিটিচি প্ৰধান প্ৰমোদ বড়োই জয়লাভ কৰিছিল গৈবাৰী আৰু ২২ নং ককিলাবাৰী পৰিষদীয় সমষ্টি দুটাৰ পৰা । পৰৱৰ্তী সময়ত ককিলাবাৰী সমষ্টিটো এটি দিয়াত ৮ জুনত অনুষ্টিত হয় উপনিৰ্বাচন । সমষ্টিটোৰ পৰা বিজেপি ,ইউ পি পি এল আৰু জি এছ পিৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থীৰ বিপৰিতে আছিল বি পি এফৰ শংকৰ বসুমতাৰী, নিৰ্দলীয় হীৰেন শৰণীয়া আৰু ভি  পি আইৰ লৱ কুমাৰ বসুমতাৰী । আজি ভোটগণনাৰ অন্তত বি জে পি, ইউ পি পি এলৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থী…