Browsing Category
অসম
লখিমপুৰত চিতু ৰিঅ’ কাৰাটেৰ প্রশিক্ষণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২জুনঃ লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ টিকাৰগাৱঁত থকা জে. এন. এজেঞ্চিত আজি দিনজোৰা কাৰ্যসূচীৰে চিতুৰিঅ কাৰাটে একাডেমী জিলা শাখাৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। অসম ৰাজ্যিক কাৰাটে এচোছিয়েশ্যনৰ অন্তৰ্গত আচাম চিতুৰিঅ কাৰাটে এচোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণত অঞ্চলটোৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰে। একাডেমীৰ সভাপতি হবিবুৰ ৰহমান, সম্পাদক হিফজুল হুছেইনে জানিবলৈ দিয়া মতে আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত গুৱাহাটীৰ পৰা অহা প্রশিক্ষক তথা অসম অলিম্পিক কাৰাটে এচোচিয়েচনৰ উপ-সভাপতি সমীৰ দাস,…
তেজপুৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেল
ৰাজ্যৰ বিভিন্ন স্থানত দলং পথ নিৰ্মানৰ লগতে সৌৰ প্ৰকল্প: ভূমি আৱন্টন: লাচিতৰ মৈদাম আৰু আলাবৈ ৰণৰ স্মাৰকৰে সজোৱাৰ প্ৰস্তাৱ:শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১জুন: “বাকী মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন হোৱাৰ পূৰ্বে মোৰ কামৰ মূল্যায়ন হ’ব লাগিব।মোৰ কামৰ মূল্যায়ন নেতৃত্বই কৰিব।উপযুক্ত সময়ত ময়ো মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন কৰিম।এতিয়া মন্ত্ৰী সকলৰ দায়িত্ব বৃদ্ধি পাইছে।”তেজপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।কেবিনেট বৈঠক সমাপ্তিৰ পাছতে মুখ্যমন্ত্ৰীয়ে…
তেজপুৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক কনভেনচন চেন্টাৰৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১১জুনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰী সভাৰ প্ৰথম খন ৰাজ্যিক কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈছে তেজপুৰত। মুঠ ১৬জন মন্ত্ৰীৰ অংশ গ্ৰহনৰে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীজনে তেজপুৰৰ বাটমাৰিত নৱনিৰ্মিত কনভেনচন ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কনভেনচন ভৱনৰ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰু সমগ্ৰ ভাৰত বৰ্ষৰে সভ্যতা সংস্কৃতিৰ পীঠস্থান তথা আমাৰ…
অসমৰ দুখীয়াৰ চাউল মিজোৰামলৈ সৰবৰাহ
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১১ জুন: বিভাগীয় মন্ত্ৰীৰ অকৰ্মণ্যতাত উঠি ৰজা বহি ৰজা হৈ পৰা যোগান বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ পৰোক্ষ পৃষ্ঠপোষকতাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে দুখীয়াৰ বাবে আবণ্টিত চাউলৰ অবৈধ বেহা।ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা উত্তোলন কৰা চাউল দুখীয়াৰ পাকঘৰলা নগৈ পুনৰ পেকেটিং হৈ আছে মুকলি বজাৰত। এই কথা প্ৰমাণ হল কালি কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰা দুই ট্ৰাক চাউলৰ পৰা। এই চাউলৰ উৎস সম্পৰ্কত যোগান বিভাগক অবগত কৰা হৈছিল যদিও জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত যোগান বিভাগে তদন্ত নকৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল।…
তিনিচুকীয়াৰ মাকুমত বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দঃ ধৃত ২
শতাব্দ প্ৰতিনিধি, ১১ জুনঃ তেলচুৰিৰ ঘাটিত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অসমীয়া বজালনী গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দ কৰাৰ লগতে খাৰুৱা তেলৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত ২ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন ব্যক্তিদ্বয় ক্ৰমে মাধৱ দত্ত আৰু প্ৰণৱ কলিতা বুলি মাকুম আৰক্ষীৰ সূত্ৰত প্ৰকাশ । জানিব পৰা মতে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ধৃত মাধৱ দত্তৰ গুদামৰ পৰা প্ৰায় ৮০ লিটাৰ চোৰাং খাৰুৱা তেলৰ লগতে ১৮ টা দুশ লিটাৰৰ ড্ৰাম জব্দ কৰে ।
অসমৰ মানুহে সোৱাদ ল’বলৈ নোপোৱা লিচু লণ্ডনলৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ জুন : তেজপুৰৰ সু-স্বাদু লিচু যাব লণ্ডনলৈ। আজি মুখ্যমন্ত্ৰীয়ে তেজপুৰত ফ্লেগ অফ কৰি লণ্ডনলৈ বুলি লিচু প্ৰেৰণ কৰে।তেজপুৰ বাটমাৰী সন্মিলন কক্ষত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ ফ্লেগ অফ কৰে ।সোমবাৰে গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা লণ্ডনলৈ পঠিওৱা হব চাহ আৰু তেজপুৰৰ লিচু।মুঠ ৬৫০ কেজি লিচু আজি লণ্ডনলৈ পঠিওৱা হয়।লণ্ডনলৈ পঠোৱা এটা লিচুৰ মূল্য ৩৫ পৰা ৪০ টকা মূল্যত কৃষকৰ পৰা ক্ৰয় কৰিছে । উল্লেখযোগ্য যে, ১৯২৩-২৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰ সভাৰ…
আবকাৰী অধীক্ষকক সুৰা গলাধঃকৰণ কৰায়ো ৰক্ষা নপৰিল অপু’চ ৰেষ্টুৰেণ্ট
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুন : যোৱা ২ জুনৰ পৰা বিতৰ্কৰ মাজত সোমাই থকা তিনিচুকীয়াৰ মাকুম পথৰ অপু’চ নামৰ ৰেষ্টুৰেণ্ট তথা ধাবাত আজি চলিল জিলা প্ৰশাসনৰ বুলডজাৰ । তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি বেদখল কৰি থকা অপু’চসহ ১৪ অবৈধ নিৰ্মাণ উচ্ছেদৰ বাবে উপায়ুক্তই নিৰ্দেশ দিয়াৰ পাছত শুক্ৰবাৰে তিনিচুকীয়াৰ চক্ৰ বিষয়াই আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা পত্ৰত আজি চলাবলগীয়া উচ্ছেদৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ।…
যোৰহাটত গীতিকাৰ নগেন বৰাৰ স্মৃতি দিৱস
শতাব্দ প্ৰতিনিধি, যোৰহাট , ১১ জুন : অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিশিষ্ট গীতিকাৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতি দিৱস পালন কৰা হয় । পুৱা বেলা প্ৰখ্যাত গীতিকাৰগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰাৰ সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু বৰাই । পদ্মশ্ৰী সূৰ্য্য হাজৰিকাই পুস্পাঞ্জলি অৰ্পণেৰে গীতিকাৰ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই সঞ্চালনা কৰা সভাখনিৰ আঁত ধৰে জিলা সাহিত্য…
লখিমপুৰ-ঢকুৱাখনা সংযোগী ঘাগৰ নৈৰ দলঙৰ বাবে ৩৮৩ কোটি টকা অনুমোদনত আনন্দৰ জোৱাৰ
ঢকুৱাখনাৰ প্ৰতিবেদক, ১১জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰী পৰিষদৰ আজি তেজপুৰত অনুষ্ঠিত বৈঠকত লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজত ঘাগৰ নৈৰ ওপৰত ৰাইজৰ বহু প্ৰত্যাশিত দলংখন নিৰ্মাণ প্ৰকল্পৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন জনোৱা বাতৰিয়ে ঢকুৱাখনাত আনন্দৰ লহৰ তুলিছে। এই ঐতিহাসিক পদক্ষেপে মহকুমা সদৰ ঢকুৱাখনাৰ লগত জিলা সদৰ উত্তৰ লখিমপুৰৰ পথ যোগাযোগৰ ব্যৱধান আধাতকৈয়ো কম কৰিব।উল্লেখ্য বৰ্তমান ধেমাজি জিলাৰ গোগামুখ হৈ ঢকুৱাখনাৰ পৰা উত্তৰ লখিমপুৰলৈ দূৰত্ব ৭৮ কিলোমিটাৰ । কিন্তু ঘাগৰ আৰু মৰা সোৱণশিৰিৰ ওপৰত দলং নিৰ্মাণৰ এই…
পোন্ধৰ বছৰীয়া কৰ্কট ৰোগৰ যান্ত্ৰণাৰ মাজতো গ্ৰন্থ ৰচনা তেজপুৰৰ পুতুমাই বৰাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ জুন: বিয়াৰ জোৰোণ আহোতে গোৱা নাম, জোৰোণ আদৰা নাম, জোৰোণ পিন্ধোৱা নাম, কইনা নোৱাওঁতে গোৱা নাম, দৈয়ন দিয়া নাম, গাঁথিয়ন খুন্দাৰ নাম, সুৱাগুৰি তোলা নাম, আখৈ তোলা নাম, দৰাৰ পানী তোলা নাম, জোৰা নামকে ধৰি এখন বিয়াত পৰম্পৰাগত ভাবে নামতি - আয়তী সকলে পৰিবেশন কৰি অহা বিয়ানামৰ সকলো দিশ সামৰি আজি তেজপুৰত উন্মোচিত হ'ল "ন-পুৰণি বিয়ানাম" শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা তেজপুৰৰ অন্যতম মহিলাৰ অনুষ্ঠান "তেজপুৰ মৈত্ৰী সংঘ" ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখনৰ উন্মোচনৰ…
