Browsing Category

অসম

বিজেপিৰ বিৰোধী ৰাজ্যত কোনো নাই বুলি ক’লে মুখ্যমন্ত্ৰীয়ে

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৩ জুনঃ তেজপুৰৰ বাটমাৰিস্থিত সন্মিলন কেন্দ্ৰতে অহা ছমাহৰ পাছতেই অনুষ্ঠিত হ’ব ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে এই কথা। তদুপৰি,ছমাহৰ পাছতে তিনিচুকীয়াত পুনৰ উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাই উপায়ুক্ত সন্মিলনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, অহা সময়চোৱাত ৰাজ্যৰ ছবি সলনি হৈ যাব। ইয়াৰ বাবে সকলোৱে যোগাত্মক মানসিকতাৰে আগবাঢ়িব লাগিব বুলিও তেওঁ কয়। উপায়ুক্তসকলে ভাল কাম কৰি আছে বুলিও…

তেজপুৰৰ সন্মিলন কক্ষৰ সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ জুনঃ তেজপুৰৰ বাটমাৰিত নৱনিৰ্মীত সন্মিলন কেন্দ্ৰৰ সুৰক্ষাৰ দায়িত্ব লৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰা গজাল এটাও কোনেও নিবলৈ সাহস কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে শেহতীয়া তিনিদিন ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু উপায়ুক্ত সন্মিলনৰ সমাপ্তিৰ পাছতে এই আটকধুনীয়া সন্মিলন কেন্দ্ৰটো যাতে পৰিত্যক্ত হৈ নপৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ইয়াত ছয়মাহৰ পাছতে পুনৰ ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। ইয়াৰ মাজৰ ছয়মাহত কোনো…

শিক্ষা ব্যৱস্থাত কেৰোণ ক’ত ?

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১২ জুনঃ অসমৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু মাধ্যমিক শিক্ষা বিষয়াসকলকলৈ গঠিত ৰাজ্যিক অধিবিদ্যা পৰিষদ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনখন ১০ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত  হয় । অধিৱেশনৰ আজি সামৰণি দিনাৰ মুকলি সভাত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা ব্যৱস্থাত ঘটা কেৰোণসমূহ বিচাৰি উলিয়াবলৈ হ’লে বিদ্যালয়ৰ মূৰব্বীসকলে আন সকলো কথা পাহৰি সেই বিষয়টোক লৈ পাঁচ মিনিট সময় ধ্যান কৰিবলৈ আহ্বান জনায়। প্ৰসংগত তেওঁ কয় যে…

“বৰগীত”ত সৰ্বোচ্চ নম্বৰ লাভ কৰা যোৰহাটৰ তনুশ্ৰী দত্তলৈ “অসম গ্ৰাম্য শিৰোৰত্ন বটা”

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ জুন : পশ্চিম কাৰ্বি আংলংস্থিত অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সংস্কৃতি বিকাশ মঞ্চই প্ৰতিবছৰে অসমৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা কলা কুশলীক "অসম গ্ৰাম্য শিৰোৰত্ন বটা" প্ৰদান কৰি আহিছে। নগাঁৱৰ কামপুৰত অনুষ্ঠিত বঁটা বিতৰণী সভাত যোৰহাটৰ কলখোৱাৰ জীয়ৰী আৰু মাজুলীৰ " কলা ভূমি মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়"ৰ ছাত্ৰী তনুশ্ৰী দত্তক অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰা হয়। উল্লেখ্য, ২০২১ বৰ্ষত "বৰগীত" বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদে ২৬…

 জামুগুৰিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে অনুশীলনত ব্যস্ত মহিলা

জামুগুৰিহাট, ১৩ জুনঃ  ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অংশগ্ৰহণ কৰিছে যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে - "যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সুস্থ মানসিকতাৰে প্ৰতিটো দিশত আগুৱাই যাব পাৰি।" প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত অৰ্ধশতাধিক মহিলাই এই যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

বাক্সাৰ ককিলাবাৰী পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত বিজয়মালা পিন্ধিলে ইউ পি পি এলৰ প্ৰাৰ্থী মন্টু বড়োয়‍ে

শতাব্দ প্ৰিতনিধি, বাক্সা,১২ জুনঃ বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হল বি টি চি পৰিষদৰ উপ নিৰ্বাচনৰ ফলাফল । বিগত পৰিষদীয় সাধাৰণ নিৰ্বাচনত বিটিচি প্ৰধান প্ৰমোদ বড়োই জয়লাভ কৰিছিল গৈবাৰী আৰু ২২ নং ককিলাবাৰী পৰিষদীয় সমষ্টি দুটাৰ পৰা । পৰৱৰ্তী সময়ত ককিলাবাৰী সমষ্টিটো এটি দিয়াত ৮ জুনত অনুষ্টিত হয় উপনিৰ্বাচন । সমষ্টিটোৰ পৰা বিজেপি ,ইউ পি পি এল আৰু জি এছ পিৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থীৰ বিপৰিতে আছিল বি পি এফৰ শংকৰ বসুমতাৰী, নিৰ্দলীয় হীৰেন শৰণীয়া আৰু ভি  পি আইৰ লৱ কুমাৰ বসুমতাৰী । আজি ভোটগণনাৰ অন্তত বি জে পি, ইউ পি পি এলৰ মিত্ৰজ‍োঁটৰ প্ৰাৰ্থী…

লখিমপুৰত  চিতু ৰিঅ’ কাৰাটেৰ প্রশিক্ষণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২জুনঃ লখিমপুৰ জিলাৰ এঙাৰখোৱাৰ টিকাৰগাৱঁত থকা জে. এন. এজেঞ্চিত আজি দিনজোৰা কাৰ্যসূচীৰে চিতুৰিঅ কাৰাটে একাডেমী জিলা শাখাৰ উদ্যোগত কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। অসম ৰাজ্যিক কাৰাটে এচোছিয়েশ্যনৰ অন্তৰ্গত আচাম চিতুৰিঅ কাৰাটে এচোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণত অঞ্চলটোৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰে। একাডেমীৰ সভাপতি হবিবুৰ ৰহমান, সম্পাদক হিফজুল হুছেইনে জানিবলৈ দিয়া মতে আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত গুৱাহাটীৰ পৰা অহা প্রশিক্ষক তথা অসম অলিম্পিক কাৰাটে এচোচিয়েচনৰ উপ-সভাপতি  সমীৰ দাস,…

তেজপুৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেল

ৰাজ্যৰ বিভিন্ন স্থানত দলং পথ নিৰ্মানৰ লগতে সৌৰ প্ৰকল্প: ভূমি আৱন্টন: লাচিতৰ মৈদাম আৰু আলাবৈ ৰণৰ স্মাৰকৰে সজোৱাৰ প্ৰস্তাৱ:শতাব্দ  প্ৰতিনিধি তেজপুৰ, ১১জুন: “বাকী মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন হোৱাৰ পূৰ্বে মোৰ কামৰ মূল্যায়ন হ’ব লাগিব।মোৰ কামৰ মূল্যায়ন নেতৃত্বই কৰিব।উপযুক্ত সময়ত ময়ো মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন কৰিম।এতিয়া মন্ত্ৰী সকলৰ দায়িত্ব বৃদ্ধি পাইছে।”তেজপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।কেবিনেট বৈঠক সমাপ্তিৰ পাছতে মুখ্যমন্ত্ৰীয়ে…

তেজপুৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক কনভেনচন চেন্টাৰৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১১জুনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰী সভাৰ প্ৰথম খন ৰাজ্যিক কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈছে তেজপুৰত। মুঠ ১৬জন মন্ত্ৰীৰ অংশ গ্ৰহনৰে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীজনে তেজপুৰৰ বাটমাৰিত নৱনিৰ্মিত কনভেনচন ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কনভেনচন ভৱনৰ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে  অসম আৰু সমগ্ৰ ভাৰত বৰ্ষৰে সভ্যতা সংস্কৃতিৰ পীঠস্থান তথা আমাৰ…

 অসমৰ দুখীয়াৰ চাউল মিজোৰামলৈ সৰবৰাহ

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১১ জুন: বিভাগীয় মন্ত্ৰীৰ অকৰ্মণ্যতাত উঠি ৰজা বহি ৰজা হৈ পৰা যোগান বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ পৰোক্ষ পৃষ্ঠপোষকতাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে দুখীয়াৰ বাবে আবণ্টিত চাউলৰ অবৈধ বেহা।ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা উত্তোলন কৰা চাউল দুখীয়াৰ পাকঘৰলা নগৈ পুনৰ পেকেটিং হৈ আছে মুকলি বজাৰত। এই কথা প্ৰমাণ হল কালি কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰা দুই ট্ৰাক চাউলৰ পৰা। এই চাউলৰ উৎস সম্পৰ্কত যোগান বিভাগক অবগত কৰা হৈছিল যদিও জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত যোগান বিভাগে তদন্ত নকৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল।…