Browsing Category
অসম
তিনিচুকীয়াৰ মাকুমত বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দঃ ধৃত ২
শতাব্দ প্ৰতিনিধি, ১১ জুনঃ তেলচুৰিৰ ঘাটিত পৰিণত হোৱা তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অসমীয়া বজালনী গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ খাৰুৱা তেল জব্দ কৰাৰ লগতে খাৰুৱা তেলৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত ২ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন ব্যক্তিদ্বয় ক্ৰমে মাধৱ দত্ত আৰু প্ৰণৱ কলিতা বুলি মাকুম আৰক্ষীৰ সূত্ৰত প্ৰকাশ । জানিব পৰা মতে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ধৃত মাধৱ দত্তৰ গুদামৰ পৰা প্ৰায় ৮০ লিটাৰ চোৰাং খাৰুৱা তেলৰ লগতে ১৮ টা দুশ লিটাৰৰ ড্ৰাম জব্দ কৰে ।
অসমৰ মানুহে সোৱাদ ল’বলৈ নোপোৱা লিচু লণ্ডনলৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ জুন : তেজপুৰৰ সু-স্বাদু লিচু যাব লণ্ডনলৈ। আজি মুখ্যমন্ত্ৰীয়ে তেজপুৰত ফ্লেগ অফ কৰি লণ্ডনলৈ বুলি লিচু প্ৰেৰণ কৰে।তেজপুৰ বাটমাৰী সন্মিলন কক্ষত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ ফ্লেগ অফ কৰে ।সোমবাৰে গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা লণ্ডনলৈ পঠিওৱা হব চাহ আৰু তেজপুৰৰ লিচু।মুঠ ৬৫০ কেজি লিচু আজি লণ্ডনলৈ পঠিওৱা হয়।লণ্ডনলৈ পঠোৱা এটা লিচুৰ মূল্য ৩৫ পৰা ৪০ টকা মূল্যত কৃষকৰ পৰা ক্ৰয় কৰিছে । উল্লেখযোগ্য যে, ১৯২৩-২৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰ সভাৰ…
আবকাৰী অধীক্ষকক সুৰা গলাধঃকৰণ কৰায়ো ৰক্ষা নপৰিল অপু’চ ৰেষ্টুৰেণ্ট
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ জুন : যোৱা ২ জুনৰ পৰা বিতৰ্কৰ মাজত সোমাই থকা তিনিচুকীয়াৰ মাকুম পথৰ অপু’চ নামৰ ৰেষ্টুৰেণ্ট তথা ধাবাত আজি চলিল জিলা প্ৰশাসনৰ বুলডজাৰ । তিনিচুকীয়াৰ পৰা মাকুম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি বেদখল কৰি থকা অপু’চসহ ১৪ অবৈধ নিৰ্মাণ উচ্ছেদৰ বাবে উপায়ুক্তই নিৰ্দেশ দিয়াৰ পাছত শুক্ৰবাৰে তিনিচুকীয়াৰ চক্ৰ বিষয়াই আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা পত্ৰত আজি চলাবলগীয়া উচ্ছেদৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ।…
যোৰহাটত গীতিকাৰ নগেন বৰাৰ স্মৃতি দিৱস
শতাব্দ প্ৰতিনিধি, যোৰহাট , ১১ জুন : অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিশিষ্ট গীতিকাৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতি দিৱস পালন কৰা হয় । পুৱা বেলা প্ৰখ্যাত গীতিকাৰগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰাৰ সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু বৰাই । পদ্মশ্ৰী সূৰ্য্য হাজৰিকাই পুস্পাঞ্জলি অৰ্পণেৰে গীতিকাৰ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই সঞ্চালনা কৰা সভাখনিৰ আঁত ধৰে জিলা সাহিত্য…
লখিমপুৰ-ঢকুৱাখনা সংযোগী ঘাগৰ নৈৰ দলঙৰ বাবে ৩৮৩ কোটি টকা অনুমোদনত আনন্দৰ জোৱাৰ
ঢকুৱাখনাৰ প্ৰতিবেদক, ১১জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰী পৰিষদৰ আজি তেজপুৰত অনুষ্ঠিত বৈঠকত লখিমপুৰ আৰু ঢকুৱাখনাৰ মাজত ঘাগৰ নৈৰ ওপৰত ৰাইজৰ বহু প্ৰত্যাশিত দলংখন নিৰ্মাণ প্ৰকল্পৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন জনোৱা বাতৰিয়ে ঢকুৱাখনাত আনন্দৰ লহৰ তুলিছে। এই ঐতিহাসিক পদক্ষেপে মহকুমা সদৰ ঢকুৱাখনাৰ লগত জিলা সদৰ উত্তৰ লখিমপুৰৰ পথ যোগাযোগৰ ব্যৱধান আধাতকৈয়ো কম কৰিব।উল্লেখ্য বৰ্তমান ধেমাজি জিলাৰ গোগামুখ হৈ ঢকুৱাখনাৰ পৰা উত্তৰ লখিমপুৰলৈ দূৰত্ব ৭৮ কিলোমিটাৰ । কিন্তু ঘাগৰ আৰু মৰা সোৱণশিৰিৰ ওপৰত দলং নিৰ্মাণৰ এই…
পোন্ধৰ বছৰীয়া কৰ্কট ৰোগৰ যান্ত্ৰণাৰ মাজতো গ্ৰন্থ ৰচনা তেজপুৰৰ পুতুমাই বৰাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ জুন: বিয়াৰ জোৰোণ আহোতে গোৱা নাম, জোৰোণ আদৰা নাম, জোৰোণ পিন্ধোৱা নাম, কইনা নোৱাওঁতে গোৱা নাম, দৈয়ন দিয়া নাম, গাঁথিয়ন খুন্দাৰ নাম, সুৱাগুৰি তোলা নাম, আখৈ তোলা নাম, দৰাৰ পানী তোলা নাম, জোৰা নামকে ধৰি এখন বিয়াত পৰম্পৰাগত ভাবে নামতি - আয়তী সকলে পৰিবেশন কৰি অহা বিয়ানামৰ সকলো দিশ সামৰি আজি তেজপুৰত উন্মোচিত হ'ল "ন-পুৰণি বিয়ানাম" শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা তেজপুৰৰ অন্যতম মহিলাৰ অনুষ্ঠান "তেজপুৰ মৈত্ৰী সংঘ" ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখনৰ উন্মোচনৰ…
নতুন শিক্ষা নীতিৰে মোকাবিলা কৰিব পৰাকৈ শিক্ষক সমাজক সাজু হবলৈ আহ্বান বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ জুন : শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও অৱসৰী শিক্ষক - শিক্ষয়িত্ৰী সকলক সামাজিক দায়বদ্ধতাৰে সমাজৰ বিকাশ আৰু উত্তৰণত অংশ ল'বলৈ আজি আহ্বান জনাই বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ সংবাদিক তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ বৰাই। ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰ পৰা অনুষ্ঠিত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষাবিদ তথা এসময়ৰ সন্হাৰ সম্পাদক ৰমেশ চন্দ্ৰ বৰাই শিক্ষক সমাজৰ সমাজলৈ অৱদান সৰ্বাধিক বুলি মন্তব্য কৰে।…
বিপিএফৰ কোনো বিধায়ক ৰাজ্য চৰকাৰৰ মন্ত্ৰী হ’ব নোৱাৰে-উৰ্খাও গৌৰা ব্ৰহ্ম
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০জুন: ৰাজ্যৰ মন্ত্ৰী সভাত ভৱিষ্যতে বিপিএফ দলৰ কোনো বিধায়কেই মন্ত্ৰিত্ব লাভ নকৰে বুলি আজি তেজপুৰত দাবী কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এলৰ বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই।তেজপুৰত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত অংশ ল’বলৈ অহা মন্ত্ৰী ব্ৰহ্মই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এনে কোনো প্ৰচেষ্টা ফলৱতী নহয় বুলি বিটিএডি অঞ্চলত বিপিএফৰ বৰ্তমান কোনো খোপনি নাই বুলিও প্ৰকাশ কৰি মহিলাৰীক বিপিএফ দলৰ অস্তিত্বকলৈয়ে প্ৰত্যাহ্বান জনাই কয় যে,২০২৫ৰ বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে নিজৰ অস্তিত্ব…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিনামূলীয়া আধাৰ শিবিৰ
উত্তৰ লখিমপুৰ, ১০ জুনঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়া বিনামূলীয়া আধাৰ সুবিধা শিবিৰ আজি শতাধিক ব্যক্তিৰ নামভৰ্তিৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ হিচাপ বিদ্যা আৰু ৰাজনীতি বিজ্ঞান বিভাগে আধাৰ সেৱা কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ সহযোগত আয়োজন কৰা এই সেৱা শিবিৰটো যোৱা ৮ জুনত অধ্যক্ষ ড° লোহিত হাজৰিকাই উদ্বোধন কৰে। মহাবিদ্যালয়ে আৰ্তজনৰ বাবে এই সেৱা শিবিৰৰ আয়োজন কৰিছিল । শিবিৰত সহায় আগবঢ়াই ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অবন চন্দ্ৰ বৰ্মন আৰু হিচাপ-বিদ্যা বিভাগৰ ড° ৰিন্টি দত্তই।
