Browsing Category
অসম
নতুন শিক্ষা নীতিৰে মোকাবিলা কৰিব পৰাকৈ শিক্ষক সমাজক সাজু হবলৈ আহ্বান বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ জুন : শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও অৱসৰী শিক্ষক - শিক্ষয়িত্ৰী সকলক সামাজিক দায়বদ্ধতাৰে সমাজৰ বিকাশ আৰু উত্তৰণত অংশ ল'বলৈ আজি আহ্বান জনাই বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ সংবাদিক তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ বৰাই। ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰ পৰা অনুষ্ঠিত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষাবিদ তথা এসময়ৰ সন্হাৰ সম্পাদক ৰমেশ চন্দ্ৰ বৰাই শিক্ষক সমাজৰ সমাজলৈ অৱদান সৰ্বাধিক বুলি মন্তব্য কৰে।…
বিপিএফৰ কোনো বিধায়ক ৰাজ্য চৰকাৰৰ মন্ত্ৰী হ’ব নোৱাৰে-উৰ্খাও গৌৰা ব্ৰহ্ম
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০জুন: ৰাজ্যৰ মন্ত্ৰী সভাত ভৱিষ্যতে বিপিএফ দলৰ কোনো বিধায়কেই মন্ত্ৰিত্ব লাভ নকৰে বুলি আজি তেজপুৰত দাবী কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এলৰ বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই।তেজপুৰত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত অংশ ল’বলৈ অহা মন্ত্ৰী ব্ৰহ্মই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এনে কোনো প্ৰচেষ্টা ফলৱতী নহয় বুলি বিটিএডি অঞ্চলত বিপিএফৰ বৰ্তমান কোনো খোপনি নাই বুলিও প্ৰকাশ কৰি মহিলাৰীক বিপিএফ দলৰ অস্তিত্বকলৈয়ে প্ৰত্যাহ্বান জনাই কয় যে,২০২৫ৰ বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে নিজৰ অস্তিত্ব…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিনামূলীয়া আধাৰ শিবিৰ
উত্তৰ লখিমপুৰ, ১০ জুনঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত তিনিদিনীয়া বিনামূলীয়া আধাৰ সুবিধা শিবিৰ আজি শতাধিক ব্যক্তিৰ নামভৰ্তিৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ হিচাপ বিদ্যা আৰু ৰাজনীতি বিজ্ঞান বিভাগে আধাৰ সেৱা কেন্দ্ৰ-উত্তৰ লখিমপুৰৰ সহযোগত আয়োজন কৰা এই সেৱা শিবিৰটো যোৱা ৮ জুনত অধ্যক্ষ ড° লোহিত হাজৰিকাই উদ্বোধন কৰে। মহাবিদ্যালয়ে আৰ্তজনৰ বাবে এই সেৱা শিবিৰৰ আয়োজন কৰিছিল । শিবিৰত সহায় আগবঢ়াই ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অবন চন্দ্ৰ বৰ্মন আৰু হিচাপ-বিদ্যা বিভাগৰ ড° ৰিন্টি দত্তই।
প্রধান মন্ত্ৰী আৱাস যোজনাই ঢুকি নোপোৱা মানুহজন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন : মানুহজনৰ নাম বগামল শইকীয়া, ঘৰ লখিমপুৰ জিলাৰ চুতীয়াকাৰীত। চল্লিশৰ উৰ্দ্ধৰ এইজন বিপত্নীক ব্যক্তিয়ে বছৰ বছৰ ধৰি ৰ'দ বৰষুণত তিতি-বুৰি এখন চালিৰ তলত কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে। কেওকিছু নথকা এইজন লোকে নিজা ভেটিত এটা উৰুখা পজাত দিন কটাই আহিছে। যি সময়ত দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন অভিলাসী আঁচনিৰে দৰিদ্ৰসকলৰ কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ঠিক সেই সময়তে লখিমপুৰ উন্নয়ন খণ্ডৰ তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰীৰ নিবাসী…
লখিমপুৰত নাই ডি. টি. অ’, এম. ভি. আই.
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুনঃ ৰাজ্যৰ এটা বিয়াগোম বিভাগ হৈছে পৰিবহন বিভাগ। এই পৰিবহন বিভাগটোৰ বহু কাৰ্যালয়ত এতিয়া বিষয়া-কর্মাচাৰী অবিহনেই চলি আছে। তেনে এটা কার্যালয় হৈছে লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। এই কার্যালয়টোত দীৰ্ঘদিন ধৰি স্থায়ী জিলা পৰিবহন বিষয়া, এম. ভি. আই. তথা এনফর্ডমেন্ট বিষয়া অবিহনেই চলি অহাত ৰাইজৰ ভীষণ হাৰাশাস্তি হৈছে। বহু সময়ত কাৰ্যালয়টোলৈ দুৰ দুৰণিৰ পৰা বিভিন্ন কামত অহা লোকসকলে কার্যালয়টোত বিষয়া কৰ্মচাৰীৰ অভাৱত ৰাইজ হতাশ মনেৰে উভটি যাবলগীয়া হয়। উল্লেখনীয় কথা যে রেমাজি জিলাৰ দায়িত্বত…
লখিমপুৰৰ ৰাজপথত জাগৃত নাৰীশক্তি সমিতিৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন: লখিমপুৰ নগৰত আজি জাগৃত নাৰীশক্তি সমিতিয়ে উত্তাল প্ৰতিবাদেৰে ৰাজ পথ কঁপাই তোলে। লখিমপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ মাইক্ৰ'ফাইনেন্স কোম্পানীটোৱে সাম্প্রতিক সময়তো দৰিদ্র মহিলাসকলৰ ঘৰলৈ গৈ সেই মহিলাসকলক ভয় ভাবুকিৰে মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে আজি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ জাগৃত নাৰীশক্তি সমিতিয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। সমিতিৰ উপ-সভানেত্রী ৰূপামণি কোঁৱৰ, সম্পাদিকা মানসি ৰাজখোৱাৰ নেতৃত্বত আজি এনে প্ৰতিবাদ সাব্যস্ত কৰা হয়। এক বিবৃতিত মহিলা সংগঠনটিয়ে উল্লেখ কৰে যে…
দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাকলৈ সমালোচনা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ৰাজ্য চৰকাৰে কাইলৈ তেজপুৰত কেবিনেট অনুষ্ঠিত কৰাক লৈ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।আজি দিনত তেজপুৰৰ পৰমাইঘূলিস্থিত এক লিচু বাগিছাত লিচু ক্ৰয় কৰিবলৈ অহা কংগ্ৰেছী বিধায়কজনে চৰকাৰৰ এনে কাৰ্য ৰাজকোষৰ ধন অপচয় কৰা কাৰ্য বুলি অভিহিত কৰে। তেওঁ কয় যে, বাহিৰত কেবিনেট অনুষ্ঠিত কৰাটো চমক সৃষ্টিৰ বাহিৰে আন একো নহয়।দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰিলে মাত্ৰ পাঁচ লাখ টকা ব্যয় হয় বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ প্ৰসংগ উল্লেখ কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৰাকীয়ে প্ৰকৃতাৰ্থত…
তেজপুৰ কনভেনচন চেন্টাৰ মুকলিৰ পূৰ্বে পৰিল পানী
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ বাটমাৰিত নৱনিৰ্মীত কনভেনচন চেন্টাৰ আনুষ্ঠানিকভাৱে কাইলৈ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই। তাৰ পিছতে ইয়াত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আনহাতে, পিছৰ দুদিনত ইয়াতেই অনুষ্ঠিত হ'ব ৰাজ্যৰ উপায়ুক্তসকলৰ সন্মিলন।য’ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অংশ ল’ব। ৰাজ্যিক কেবিনেট আৰু উপায়ুক্ত সন্মিলন অনুষ্ঠিত হ'ব লগীয়া এই কনভেনচন চেন্টাৰৰে সন্মিলন কক্ষৰ ভিতৰত আজি হোৱা এজাক বৰষুণত পৰিল পানী।উল্লেখযোগ্য যে, সন্মিলন কক্ষৰ ৮১১-৮১৩ নম্বৰ টেবুলৰ…
ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযান
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ,১০ জুন: ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযানৰ আজি অন্তিম দিন।উপত্যকাৰ ১৫ টা বিধানসভা সমষ্টিত যোৱা মঙ্গলবাৰৰ পৰা এই অভিযান আৰম্ভ কৰিছে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বৰাকৰ দায়িত্ব থকা পৰ্যবেক্ষক সুনীল ডেকাই। আজি অন্তিম দিনত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী আৰু পাথাৰকান্দী বিধানসভা সমষ্টিত সদস্য ভৰ্তিৰ লগতে সাংগঠনিক সভা অনুষ্ঠিত কৰে। পূৰ্বে জিলাখনত দলৰ সবল ভেটি আছিল যদিও যোৱা কিছু বছৰত দলৰ অস্থিত্ব নোহোৱা হৈ পৰিছিল। বৰ্তমান দলৰ ভেটি পুনৰ উদ্ধাৰৰ বাবে অভিযানত নামিছে কেন্দ্ৰীয়…
