Browsing Category
অসম
চৰ্চাৰ শীৰ্ষত আই লাভ শিৱসাগৰ
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ বুৰঞ্জীপ্ৰসিদ্ধ আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসেৰে বিশ্বৰ বুকুত সগৌৰৱেৰে উজ্বলি থকা শিৱসাগৰ জিলাৰ চৌপাশে সিঁচৰিত হৈ থকা পৌৰাণিক ভাস্কৰ্যসমূহে দেশী-বিদেশী পৰ্যটকসকলক হাত বাউলী দি মাতি থকাৰ সময়তেই এইবাৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত পৰ্যটক, দৰ্শনাৰ্থীৰ বাবে সংযোগ হ'ল এক নতুন আকৰ্ষণ। কেৱল বিদেশী পৰ্যটকেই নহয় দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজ, শিক্ষাৰ্থী, দৰ্শনাথীৰ সুবিধাৰ্থে সংযোগ ঘটা এই নতুন আকৰ্ষণৰ নামেই হ'ল আই লাভ শিৱসাগৰ। মই শিৱসাগৰক ভাল পাওঁ। আহোম যুগৰ নান্দনিক ভাস্কৰ্যৰে…
কেবিনেটৰ আগদিনা কৃত্ৰিম বানত ডুবিল তেজপুৰ চহৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০জুন: পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ পাছতে আজি কৃত্ৰিম বানত ডুব গ’ল তেজপুৰৰ চহৰৰ একাধিক গুৰুত্বপূৰ্ণ অঞ্চল।ৰাজ্য চৰকাৰৰ কেবিনেট তেজপুৰৰ বাটমাৰিত অনুষ্ঠিত হোৱাৰ বাবে চহৰখনক সকলো প্ৰকাৰে সজাই পৰাই তোলাৰ সময়তে আগদিনাই এনেদৰে এজাক বৰষুণত তেজপুৰ চহৰ ডুব যোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।চহৰখনৰ এন চি ৰ’ড আৰু কেচি ৰ’ড আজি দিনত একাঁঠু পানীৰ তলত ডুৱ যোৱাত চহৰখনৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়।উল্লেখযোগ্য যে, তেজপুৰত শেহতীয়াকৈ কৃত্ৰিম বান এক বিপজ্জনক সমস্যা হৈ দেখা দিছে যদিও বৰ্তমানেও ইয়াৰ…
গড়গাঁও মহাবিদ্যালয়ৰ পোষ্য গাঁৱত ভূ-তত্ত্ব বিভাগৰ উদ্যোগত ‘পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা’ বিষয়ক অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ গড়গাওঁ মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ 'জিঅলজিকেল ফ'ৰাম' আৰু শিক্ষক-অভিভাবক গোটৰ উদ্যোগত ১০ জুন তাৰিখে মহাবিদ্যালয়ৰ পোষ্য গাঁও লংকাক গোহাঁই গাঁৱত 'পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা' বিষয়ক এটি বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰা হয়। লংকাক গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ভালেসংখ্যক গাঁৱবাসী উপস্থিত থাকে। মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ মুৰব্বী ড° চন্দ্ৰাদিত্য গগৈ, সহকাৰী অধ্যাপক বনিকা বুঢ়াগোঁহাই আৰু ড° চিৰন্তন ভাগৱতীৰ…
আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে আৰক্ষীৰ “কৃতিত্ব” উন্মোচিত
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ। আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ। অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা। এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত কৰোৱাৰ পৰামৰ্শ।শতাব্দ প্ৰতিনিধি গুৱাহাটী,১০ জুনঃ জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাটো কোনো নতুন কথা নহয়। একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ নলগাকৈ থকা নাই।…
লখিমপুৰ শিক্ষাখণ্ডত ৫জন দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰী সু-খ্যাতিৰে উত্তীৰ্ণ
উত্তৰ লখিমপুৰ, ১০ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাঙ্গতাক নেওচি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ শিক্ষা খণ্ডৰ ৫জনকৈ দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীয়ে।সৰ্বশিক্ষা অভিযান মিছন লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ জৰিয়তে সাধাৰণ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি কদম জৰাধৰা গাৱঁৰ পংকজ সোনোৱালৰ অঙ্গ সঞ্চালনৰ সমস্যা থকা পুত্ৰ মনদ্বীপ সোনোৱালে কদম মুলা গাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ ৭০% নম্বৰেৰে প্ৰথম বিভাগত, নবোজ্বল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সমুজ্বল নেওঁগে দ্বিতীয় বিভাগত, ক্ষীন দৃষ্টিসম্পন্ন…
অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুন: শক্তিপীঠ কামাখ্যা ধামত ২১ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। মেলাৰ সময়ছোৱাত সমবেত হ'ব লগা দেশী-বিদেশী ভক্ত-দৰ্শনাৰ্থীসকলৰ জৰুৰী চিকিৎসা প্ৰয়োজনীয়তাৰ দিশটো তদাৰক কৰাৰ লগতে তেওঁলোকলৈ নিৰন্তৰ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ক'ভিডৰ বাবে বিগত দুটা বছৰ বন্ধ থকাৰ পাছত এইবাৰ অনুষ্ঠিত কৰিবলৈ লোৱা অম্বুবাচী মেলাৰ বাবে স্বাস্থ্য বিভাগৰ আগতীয়া প্ৰস্তুতিৰ বুজ ল'বলৈ আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামাখ্যা…
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বামুণীমৈদামস্থিত মুখ্য কাৰ্যালয় পৰা প্ৰেৰণ কৰা এক জাননীৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাবলৈ এক নিৰ্দেশনা প্ৰদান কৰা হৈছে। পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্বাক্ষৰ কৰা পত্ৰখনৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীকে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে নিৰ্দেশনা দিছে। পত্ৰখনত কোৱা হৈছে যে…
জনজাতিকৰণ আৰু অন্যান্য দাবীত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মটক যুৱ-ছাত্ৰ সন্মিলনৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতী নিৰ্বিশেষে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । কাৰ্যসূচীৰ অন্তত জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । স্মাৰকপত্ৰত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আলফা…
মন্ত্ৰী ৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী ৰূপে আজি শপত ল'লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই পৰম্পৰাগত সাজেৰে শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত দুয়োগৰকীকে মন্ত্ৰী ৰূপে গোপনীয়তাৰ শপতবাক্য পাঠ কৰাই ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে। মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত নন্দিতা গাৰ্লোছাই ইংৰাজীত আৰু জয়ন্ত…
তিনিচুকীয়াত আবকাৰী আৰক্ষীৰ অভিযানত শ শ লিটাৰ অবৈধ সুৰা-ড্ৰাগছ জব্দ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে চানি ধৰা তিনিচুকীয়াত অব্যাহত আছে অবৈধ সুৰা, মদৰ ঘাটি আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । তিনিচুকীয়াৰ কাৰ্য্যবাহী দণ্ডাধীশদ্বয় ক্ৰমে নিলুৰাম শৰ্মা আৰু কংকনজ্যোতি শইকীয়াৰ লগতে আবকাৰী অধীক্ষক মনিলা বৰঠাকুৰৰ নেতৃত্বত যোৱা আবকাৰী দলে আজি জিলাখনৰ বাৰেকুৰিৰ বিভিন্ন এলেকাত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ মদ জব্দ কৰি নষ্ট কৰে । ইফালে বুধবাৰে নিশা চহৰখনৰ উপকণ্ঠৰ নখৰাইৰ সূৰজ গোঁহাই নামৰ এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে মুঠ ৫৪.৪ গ্ৰাম পৰিমাণৰ ৫ পেকেট সন্দেহজনহ হিৰ’ইন জব্দ…
