Browsing Category
অসম
প্রধান মন্ত্ৰী আৱাস যোজনাই ঢুকি নোপোৱা মানুহজন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন : মানুহজনৰ নাম বগামল শইকীয়া, ঘৰ লখিমপুৰ জিলাৰ চুতীয়াকাৰীত। চল্লিশৰ উৰ্দ্ধৰ এইজন বিপত্নীক ব্যক্তিয়ে বছৰ বছৰ ধৰি ৰ'দ বৰষুণত তিতি-বুৰি এখন চালিৰ তলত কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে। কেওকিছু নথকা এইজন লোকে নিজা ভেটিত এটা উৰুখা পজাত দিন কটাই আহিছে। যি সময়ত দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন অভিলাসী আঁচনিৰে দৰিদ্ৰসকলৰ কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ঠিক সেই সময়তে লখিমপুৰ উন্নয়ন খণ্ডৰ তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰীৰ নিবাসী…
লখিমপুৰত নাই ডি. টি. অ’, এম. ভি. আই.
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুনঃ ৰাজ্যৰ এটা বিয়াগোম বিভাগ হৈছে পৰিবহন বিভাগ। এই পৰিবহন বিভাগটোৰ বহু কাৰ্যালয়ত এতিয়া বিষয়া-কর্মাচাৰী অবিহনেই চলি আছে। তেনে এটা কার্যালয় হৈছে লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। এই কার্যালয়টোত দীৰ্ঘদিন ধৰি স্থায়ী জিলা পৰিবহন বিষয়া, এম. ভি. আই. তথা এনফর্ডমেন্ট বিষয়া অবিহনেই চলি অহাত ৰাইজৰ ভীষণ হাৰাশাস্তি হৈছে। বহু সময়ত কাৰ্যালয়টোলৈ দুৰ দুৰণিৰ পৰা বিভিন্ন কামত অহা লোকসকলে কার্যালয়টোত বিষয়া কৰ্মচাৰীৰ অভাৱত ৰাইজ হতাশ মনেৰে উভটি যাবলগীয়া হয়। উল্লেখনীয় কথা যে রেমাজি জিলাৰ দায়িত্বত…
লখিমপুৰৰ ৰাজপথত জাগৃত নাৰীশক্তি সমিতিৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন: লখিমপুৰ নগৰত আজি জাগৃত নাৰীশক্তি সমিতিয়ে উত্তাল প্ৰতিবাদেৰে ৰাজ পথ কঁপাই তোলে। লখিমপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ মাইক্ৰ'ফাইনেন্স কোম্পানীটোৱে সাম্প্রতিক সময়তো দৰিদ্র মহিলাসকলৰ ঘৰলৈ গৈ সেই মহিলাসকলক ভয় ভাবুকিৰে মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে আজি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ জাগৃত নাৰীশক্তি সমিতিয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। সমিতিৰ উপ-সভানেত্রী ৰূপামণি কোঁৱৰ, সম্পাদিকা মানসি ৰাজখোৱাৰ নেতৃত্বত আজি এনে প্ৰতিবাদ সাব্যস্ত কৰা হয়। এক বিবৃতিত মহিলা সংগঠনটিয়ে উল্লেখ কৰে যে…
দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাকলৈ সমালোচনা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ৰাজ্য চৰকাৰে কাইলৈ তেজপুৰত কেবিনেট অনুষ্ঠিত কৰাক লৈ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।আজি দিনত তেজপুৰৰ পৰমাইঘূলিস্থিত এক লিচু বাগিছাত লিচু ক্ৰয় কৰিবলৈ অহা কংগ্ৰেছী বিধায়কজনে চৰকাৰৰ এনে কাৰ্য ৰাজকোষৰ ধন অপচয় কৰা কাৰ্য বুলি অভিহিত কৰে। তেওঁ কয় যে, বাহিৰত কেবিনেট অনুষ্ঠিত কৰাটো চমক সৃষ্টিৰ বাহিৰে আন একো নহয়।দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰিলে মাত্ৰ পাঁচ লাখ টকা ব্যয় হয় বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ প্ৰসংগ উল্লেখ কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৰাকীয়ে প্ৰকৃতাৰ্থত…
তেজপুৰ কনভেনচন চেন্টাৰ মুকলিৰ পূৰ্বে পৰিল পানী
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০জুন: ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ বাটমাৰিত নৱনিৰ্মীত কনভেনচন চেন্টাৰ আনুষ্ঠানিকভাৱে কাইলৈ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই। তাৰ পিছতে ইয়াত কাইলৈ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আনহাতে, পিছৰ দুদিনত ইয়াতেই অনুষ্ঠিত হ'ব ৰাজ্যৰ উপায়ুক্তসকলৰ সন্মিলন।য’ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অংশ ল’ব। ৰাজ্যিক কেবিনেট আৰু উপায়ুক্ত সন্মিলন অনুষ্ঠিত হ'ব লগীয়া এই কনভেনচন চেন্টাৰৰে সন্মিলন কক্ষৰ ভিতৰত আজি হোৱা এজাক বৰষুণত পৰিল পানী।উল্লেখযোগ্য যে, সন্মিলন কক্ষৰ ৮১১-৮১৩ নম্বৰ টেবুলৰ…
ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযান
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ,১০ জুন: ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযানৰ আজি অন্তিম দিন।উপত্যকাৰ ১৫ টা বিধানসভা সমষ্টিত যোৱা মঙ্গলবাৰৰ পৰা এই অভিযান আৰম্ভ কৰিছে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বৰাকৰ দায়িত্ব থকা পৰ্যবেক্ষক সুনীল ডেকাই। আজি অন্তিম দিনত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী আৰু পাথাৰকান্দী বিধানসভা সমষ্টিত সদস্য ভৰ্তিৰ লগতে সাংগঠনিক সভা অনুষ্ঠিত কৰে। পূৰ্বে জিলাখনত দলৰ সবল ভেটি আছিল যদিও যোৱা কিছু বছৰত দলৰ অস্থিত্ব নোহোৱা হৈ পৰিছিল। বৰ্তমান দলৰ ভেটি পুনৰ উদ্ধাৰৰ বাবে অভিযানত নামিছে কেন্দ্ৰীয়…
চৰ্চাৰ শীৰ্ষত আই লাভ শিৱসাগৰ
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ বুৰঞ্জীপ্ৰসিদ্ধ আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসেৰে বিশ্বৰ বুকুত সগৌৰৱেৰে উজ্বলি থকা শিৱসাগৰ জিলাৰ চৌপাশে সিঁচৰিত হৈ থকা পৌৰাণিক ভাস্কৰ্যসমূহে দেশী-বিদেশী পৰ্যটকসকলক হাত বাউলী দি মাতি থকাৰ সময়তেই এইবাৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত পৰ্যটক, দৰ্শনাৰ্থীৰ বাবে সংযোগ হ'ল এক নতুন আকৰ্ষণ। কেৱল বিদেশী পৰ্যটকেই নহয় দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজ, শিক্ষাৰ্থী, দৰ্শনাথীৰ সুবিধাৰ্থে সংযোগ ঘটা এই নতুন আকৰ্ষণৰ নামেই হ'ল আই লাভ শিৱসাগৰ। মই শিৱসাগৰক ভাল পাওঁ। আহোম যুগৰ নান্দনিক ভাস্কৰ্যৰে…
কেবিনেটৰ আগদিনা কৃত্ৰিম বানত ডুবিল তেজপুৰ চহৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০জুন: পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ পাছতে আজি কৃত্ৰিম বানত ডুব গ’ল তেজপুৰৰ চহৰৰ একাধিক গুৰুত্বপূৰ্ণ অঞ্চল।ৰাজ্য চৰকাৰৰ কেবিনেট তেজপুৰৰ বাটমাৰিত অনুষ্ঠিত হোৱাৰ বাবে চহৰখনক সকলো প্ৰকাৰে সজাই পৰাই তোলাৰ সময়তে আগদিনাই এনেদৰে এজাক বৰষুণত তেজপুৰ চহৰ ডুব যোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।চহৰখনৰ এন চি ৰ’ড আৰু কেচি ৰ’ড আজি দিনত একাঁঠু পানীৰ তলত ডুৱ যোৱাত চহৰখনৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়।উল্লেখযোগ্য যে, তেজপুৰত শেহতীয়াকৈ কৃত্ৰিম বান এক বিপজ্জনক সমস্যা হৈ দেখা দিছে যদিও বৰ্তমানেও ইয়াৰ…
গড়গাঁও মহাবিদ্যালয়ৰ পোষ্য গাঁৱত ভূ-তত্ত্ব বিভাগৰ উদ্যোগত ‘পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা’ বিষয়ক অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ গড়গাওঁ মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ 'জিঅলজিকেল ফ'ৰাম' আৰু শিক্ষক-অভিভাবক গোটৰ উদ্যোগত ১০ জুন তাৰিখে মহাবিদ্যালয়ৰ পোষ্য গাঁও লংকাক গোহাঁই গাঁৱত 'পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা' বিষয়ক এটি বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰা হয়। লংকাক গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ভালেসংখ্যক গাঁৱবাসী উপস্থিত থাকে। মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ মুৰব্বী ড° চন্দ্ৰাদিত্য গগৈ, সহকাৰী অধ্যাপক বনিকা বুঢ়াগোঁহাই আৰু ড° চিৰন্তন ভাগৱতীৰ…
আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে আৰক্ষীৰ “কৃতিত্ব” উন্মোচিত
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ। আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ। অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা। এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা তদন্ত কৰোৱাৰ পৰামৰ্শ।শতাব্দ প্ৰতিনিধি গুৱাহাটী,১০ জুনঃ জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাটো কোনো নতুন কথা নহয়। একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ নলগাকৈ থকা নাই।…
