Browsing Category
অসম
তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হয়। বৈঠকত মুখ্যমন্ত্রীয়ে চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ দিন ৭ আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে ২১ আগষ্ট দিনটো ধাৰ্য্য কৰা নিৰ্দেশনা প্ৰদান কৰে। উল্লেখ যে তৃতীয়…
তেজপুৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই যুৱক
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৯জুন: শোণিতপুৰৰ চাৰিদুৱাৰ থানা আৰু তেজপুৰৰ বিশেষকৈ বৰঘাট আৰক্ষী চ’কী অন্তৰ্গত বিভিন্ন অঞ্চলত ভালেসংখ্যক ড্ৰাগছ সৰবৰাহকাৰী শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে য’দিও এইপৰ্যন্ত প্ৰজন্ম ধ্বংসকাৰী ড্ৰাগছ সৰবৰাহৰ মূল উৎস তথা ঘাটি উৎখাত নোহোৱাত নতুন নতুন সৰবৰাহকাৰীৰ আৱিৰ্ভাৱ ঘটি আছে। কালি নিশা প্ৰায় ৮-৩০বজাত তেজপুৰৰ চানমাৰী অঞ্চলত চাৰিদুৱাৰ আৰক্ষীয়ে অনুসৰণ কৰি আহি ওদালগুৰিৰ বিজয় ডেকা আৰু ঢেকিয়াজুলিৰ চিতলমাৰী অঞ্চলৰ সুৰজ বহৰা ছেত্ৰী নামৰ দুজন যুৱকক ১০টা ব্ৰাউন চুগাৰ ভৰ্ত্তি প্লাষ্টিকৰ পাত্ৰ সহ কৰায়ত্ত কৰিবলৈ সক্ষম…
পিপিই কিট কেলেংকাৰী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা পিপিই কিট কেলেংকাৰীৰ চি বি আই তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত কৰে। আপৰ কেইবা শতাধিক সদস্যই গণেশগুৰিত ‘বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, পিপিই কিট কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক’, ‘মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বেনাৰ, প'ষ্টাৰ, প্লে’কাৰ্ড আদি প্ৰদৰ্শন কৰে। আম আদমি…
১১জুনত তেজপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৯জুন: শোণিতপুৰ জিলাৰ তেজপুৰ বাটমাৰী সন্মিলন কেন্দ্ৰত অহা ১১জুনৰ পুৱা ১১বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আনহাতে একোটা স্থানতে ১২ আৰু ১৩ জুনৰ দিনা দুদিনীয়া কাৰ্য্যসূচীৰে অসমৰ সকলো জিলাৰ উপায়ুক্ত সকলৰ সন্মিলন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে তেজপুৰ বাটমাৰীত নতুনকৈ অত্যাধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সন্মিলন কক্ষ নিৰ্মাণ কৰা হৈছে। বাণ ৰজাৰ লগতে চিত্ৰলেখা, ঊষাৰ দৃষ্টিনন্দন ছবি তথা ৰাজ্যখনৰ পুৰোধা ব্যক্তিসকলৰ ছবিৰে সজাই তোলা হৈছে এই সন্মিলন…
উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু অৰ্থনৈতিক পুনৰুত্থান সম্ভৱ হৈছেঃ সর্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ উন্নতিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে দেখুওৱা সদিচ্ছা, দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিৰ ফলতে অঞ্চলটোত স্থায়ী শান্তি আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে। ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে সমগ্ৰ উত্তৰ-পূবৰ লগতে অৰুণাচল প্রদেশেও অগ্রণী…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ হত্যাৰ ঘটনাৰে জড়িত তিনিজনক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৮জুন: তেজপুৰত আদালতত ৩ বন্যপ্ৰাণী চিকাৰী। চাৰিদিনৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘ হত্যা কৰি বৰছলাৰ দুই নম্বৰ বছা শিমলুত পুতি থৈছিল। এই ঘটনাৰে জড়িত তিনি অভিযুক্ত আজিবুৰ ৰহমান, হাছমত আলি আৰু মহম্মদ এম এলক কালি বন বিভাগৰ এটা দলে মৰিগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ধৃত তিনিওকে আজি বিয়লি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তিনিওকে ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। বাঘ হত্যাৰে জড়িত আৰু দুজন লোক সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে বন বিভাগে।
লখিমপুৰৰ ৭ মেধাবী ছাত্ৰ-ছাত্ৰীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৮ জুন: ৭ জুনত ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম দহ জনৰ ভিতৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লখিমপুৰ জিলাৰ ছাত্র-ছাত্ৰীসকলক আজি লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা উত্তৰ লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া, তৃতীয় স্থান অধিকাৰ কৰা বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পার্থপ্ৰতীম দাস, পঞ্চম স্থান…
তেজপুৰত ঋণ প্ৰসাৰ কাৰ্যসূচী সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ জুন: দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰনালয়ৰ আৰু আৰু কৰ্পৰেট মন্ত্ৰণালয়ৰ উদ্যোগত যোৱা ছয়জুনৰ দিনা দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা আইকনিক সপ্তাহৰ লগত সংগতি আজি তেজপুৰৰ হেমবৰুৱা ভৱনত ঋণ প্ৰসাৰৰ কাৰ্যসূচী অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ইউকো বেঙ্কৰ জিলা প্ৰৱন্ধকৰ উদ্যোগত অনুষ্ঠিত উক্ত ঋণ প্ৰসাৰৰ কাৰ্যসূচীৰ সভা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই। সভাত ইউকো বেঙ্কৰ উপৰিও অসম গ্ৰামীণ বিকাশ বেঙ্ক,…
তেজপুৰত সুৰামত্ত যুৱকৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৮জুন: তেজপুৰত সুৰামত্ত চালকৰ অতপালিত আজি ৰাজপথত এক সন্ত্ৰাসৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, তিনিঠাইত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৈঠাভঙাৰ পৰা তেজপুৰলৈ আহি আছিল আৰু বাহনখনত তিনিজন সুৰামত্ত যুৱক আছিল বুলি অভিযোগ উঠিছে। এ এছ ০১ বি এন ৬৮৫৮ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনে প্ৰথমে দুৰ্ঘটনা সংঘটিত কৰে ঘোঁৰামাৰী অঞ্চলত। ইয়াৰ পৰা পলায়ন কৰা বাহনখনে হলেশ্বৰত খুন্দিয়াই আন এখন স্কুটীক। দুৰ্ঘটনাৰ সময়ত প্ৰফুল্ল বৰা নামৰ লোকজনে কন্যা মৃদুস্মিতা বৰাক টিউচনলৈ বুলি আনি আছিল। দুৰ্ঘটনাত পিতৃ-কন্যা দুয়ো আঘাতপ্ৰাপ্ত হৈছে। কন্যাৰ…
এইমছত অঘটন : সাত মহলাৰ পৰা পৰি চিকিৎসক নিহত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ চেলফিয়েই কাল হ’ল চিকিৎসকৰ। সপ্তম মহলাৰ পৰা পৰি মৃত্যু হয় চিকিৎসকৰ। এই অঘটন সংঘটিত হ'ল চাংসাৰীস্থ এইমছত। নিৰ্মিয়মান চিকিৎসালয়খনৰ সাত মহলীয়া অট্টালিকা পৰা পৰিল চিকিৎসক। চিকিৎসক গৰাকীৰ নাম ফল্গু প্ৰতীম দাস। জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ১১.২০ মান বজাত চিকিৎসক গৰাকীয়ে চেলফী লব’লৈ গৈ সপ্তম মহলাৰ পৰা বাগৰি পৰে।চিকিৎসক গৰাকীক গুৰুতৰ অৱস্থাত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে এইমছৰ চিকিৎসকগৰাকীয়ে। মৃত চিকিৎসক গৰাকীৰ লগত মাতৃ উপস্থিত আছিল বুলি জানিব পৰা…
