Browsing Category

অসম

লখিমপুৰ শিক্ষাখণ্ডত ৫জন দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰী সু-খ্যাতিৰে উত্তীৰ্ণ 

 উত্তৰ লখিমপুৰ, ১০ জুনঃ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাঙ্গতাক নেওচি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ শিক্ষা খণ্ডৰ ৫জনকৈ দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীয়ে।সৰ্বশিক্ষা অভিযান মিছন লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ জৰিয়তে সাধাৰণ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি কদম জৰাধৰা গাৱঁৰ পংকজ সোনোৱালৰ অঙ্গ সঞ্চালনৰ সমস্যা থকা পুত্ৰ মনদ্বীপ সোনোৱালে কদম মুলা গাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ ৭০% নম্বৰেৰে প্ৰথম বিভাগত, নবোজ্বল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সমুজ্বল নেওঁগে দ্বিতীয় বিভাগত, ক্ষীন দৃষ্টিসম্পন্ন…

অম্বুবাচী মেলাক লৈ তৎপৰ স্বাস্থ্য বিভাগ  

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুন: শক্তিপীঠ কামাখ্যা ধামত ২১ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। মেলাৰ সময়ছোৱাত সমবেত হ'ব লগা দেশী-বিদেশী ভক্ত-দৰ্শনাৰ্থীসকলৰ জৰুৰী চিকিৎসা প্ৰয়োজনীয়তাৰ দিশটো তদাৰক কৰাৰ লগতে তেওঁলোকলৈ নিৰন্তৰ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ক'ভিডৰ বাবে বিগত দুটা বছৰ বন্ধ থকাৰ পাছত এইবাৰ অনুষ্ঠিত কৰিবলৈ লোৱা অম্বুবাচী মেলাৰ বাবে স্বাস্থ্য বিভাগৰ আগতীয়া প্ৰস্তুতিৰ বুজ ল'বলৈ আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামাখ্যা…

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বামুণীমৈদামস্থিত মুখ্য কাৰ্যালয় পৰা প্ৰেৰণ কৰা এক জাননীৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাবলৈ এক নিৰ্দেশনা প্ৰদান কৰা হৈছে। পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্বাক্ষৰ কৰা পত্ৰখনৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীকে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে নিৰ্দেশনা দিছে। পত্ৰখনত কোৱা হৈছে যে…

 জনজাতিকৰণ আৰু অন্যান্য দাবীত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মটক যুৱ-ছাত্ৰ সন্মিলনৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতী নিৰ্বিশেষে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । কাৰ্যসূচীৰ অন্তত জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । স্মাৰকপত্ৰত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আলফা…

মন্ত্ৰী ৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী ৰূপে আজি শপত ল'লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই পৰম্পৰাগত সাজেৰে শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত দুয়োগৰ‍কীকে মন্ত্ৰী ৰূপে গোপনীয়তাৰ শপতবাক্য পাঠ কৰাই ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে। মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত নন্দিতা গাৰ্লোছাই ইংৰাজীত আৰু জয়ন্ত…

 তিনিচুকীয়াত আবকাৰী আৰক্ষীৰ অভিযানত শ শ লিটাৰ অবৈধ সুৰা-ড্ৰাগছ জব্দ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে চানি ধৰা তিনিচুকীয়াত অব্যাহত আছে অবৈধ সুৰা, মদৰ ঘাটি আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । তিনিচুকীয়াৰ কাৰ্য্যবাহী দণ্ডাধীশদ্বয় ক্ৰমে নিলুৰাম শৰ্মা আৰু কংকনজ্যোতি শইকীয়াৰ লগতে আবকাৰী অধীক্ষক মনিলা বৰঠাকুৰৰ নেতৃত্বত যোৱা আবকাৰী দলে আজি জিলাখনৰ বাৰেকুৰিৰ বিভিন্ন এলেকাত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ মদ জব্দ কৰি নষ্ট কৰে । ইফালে বুধবাৰে নিশা চহৰখনৰ উপকণ্ঠৰ নখৰাইৰ সূৰজ গোঁহাই নামৰ এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে মুঠ ৫৪.৪ গ্ৰাম পৰিমাণৰ ৫ পেকেট সন্দেহজনহ হিৰ’ইন জব্দ…

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষা ‌‌অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হয়। বৈঠকত মুখ্যমন্ত্রীয়ে চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ দিন ৭ আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে ২১ আগষ্ট দিনটো ধাৰ্য্য কৰা নিৰ্দেশনা প্ৰদান কৰে। উল্লেখ যে তৃতীয়…

তেজপুৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই যুৱক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৯জুন: শোণিতপুৰৰ চাৰিদুৱাৰ থানা আৰু তেজপুৰৰ বিশেষকৈ বৰঘাট আৰক্ষী চ’কী অন্তৰ্গত বিভিন্ন অঞ্চলত ভালেসংখ্যক ড্ৰাগছ সৰবৰাহকাৰী শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে য’দিও এইপৰ্যন্ত প্ৰজন্ম ধ্বংসকাৰী ড্ৰাগছ সৰবৰাহৰ মূল উৎস তথা ঘাটি উৎখাত নোহোৱাত নতুন নতুন সৰবৰাহকাৰীৰ আৱিৰ্ভাৱ ঘটি আছে। কালি নিশা প্ৰায় ৮-৩০বজাত তেজপুৰৰ চানমাৰী অঞ্চলত  চাৰিদুৱাৰ আৰক্ষীয়ে অনুসৰণ কৰি আহি ওদালগুৰিৰ বিজয় ডেকা আৰু ঢেকিয়াজুলিৰ চিতলমাৰী অঞ্চলৰ সুৰজ বহৰা ছেত্ৰী নামৰ দুজন যুৱকক ১০টা ব্ৰাউন চুগাৰ ভৰ্ত্তি প্লাষ্টিকৰ পাত্ৰ সহ কৰায়ত্ত কৰিবলৈ সক্ষম…

পিপিই কিট কেলেংকাৰী

 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা পিপিই কিট কেলেংকাৰীৰ চি বি আই তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত কৰে। আপৰ কেইবা শতাধিক সদস্যই গণেশগুৰিত ‘বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, পিপিই কিট কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক’, ‘মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বেনাৰ, প'ষ্টাৰ, প্লে’কাৰ্ড আদি প্ৰদৰ্শন কৰে। আম আদমি…

১১জুনত তেজপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৯জুন: শোণিতপুৰ জিলাৰ তেজপুৰ বাটমাৰী সন্মিলন কেন্দ্ৰত অহা ১১জুনৰ পুৱা ১১বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আনহাতে একোটা স্থানতে ১২ আৰু ১৩ জুনৰ দিনা দুদিনীয়া কাৰ্য্যসূচীৰে অসমৰ সকলো জিলাৰ উপায়ুক্ত সকলৰ সন্মিলন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে তেজপুৰ বাটমাৰীত নতুনকৈ অত্যাধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সন্মিলন কক্ষ নিৰ্মাণ কৰা হৈছে। বাণ ৰজাৰ লগতে চিত্ৰলেখা, ঊষাৰ দৃষ্টিনন্দন ছবি তথা ৰাজ্যখনৰ পুৰোধা ব্যক্তিসকলৰ ছবিৰে সজাই তোলা হৈছে এই সন্মিলন…