Browsing Category
অসম
১০ জুনত ধেমাজিৰ চিমেন চাপৰিত সদৌ অসম ছাত্র সন্থাৰ ছাত্র সংহতি দিৱস
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ জুন : ঐতিহাসিক খাদ্য আন্দোলনক প্ৰতিৰোধ কৰিবলৈ গৈ চৰকাৰী আৰক্ষী বাহিনীৰ তপ্ত বুলেটৰ আঘাতত প্ৰাণ হেৰুওৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতিক সুঁঁৱৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ ১০ জুনত ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে। এইবছৰৰ ছাত্র সংহতি দিৱসটি সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ উদ্যোগত জোনাই মহকুমা ছাত্র সন্থা , চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থা আৰু চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ।…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্রসূতি মৃত্যুৰ ঘটনাঃ মানৱ অধিকাৰ আয়োগত গোচৰ মাছৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষত সন্তান সহ প্রসূতি মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি মানৱ অধিকাৰ আয়োগত গোচৰ তৰে মাছৰ সচিব ৰাজু সিংহই। উল্লেখ্য যে যোৱা ২ জুনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বিশ্বনাথ জিলাৰ গহপুৰ থানাৰ অন্তৰ্গত ৰঙামুৰি গাঁৱৰ নিবাসী প্রাণে পাটগিৰিৰ পত্নী কইনামাই পাটগিৰিৰ গৰ্ভস্থ সন্তানসহ মৃত্যু হৈছিল। অস্ত্ৰোপচাৰ কক্ষত প্রসূতিগৰাকীক অস্ত্ৰোপচাৰ কৰাৰ বাবে ভর্তি কৰাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনত বিদ্যুতৰ লগতে জেনেৰেটৰত তেল নথকাৰ বাবে সময়মতে অস্ত্ৰোপচাৰ কৰিব নোৱৰাৰ ফলত…
মন্ত্রীসভাত স্থান পালে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ অৱশেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ'ল। মিত্রদলক বাদ দি নিজ দলৰে দুই বিধায়কক মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে। তেওঁলোক হৈছে নন্দিতা গার্লোচা আৰু জয়ন্ত মল্ল বৰুৱা। আজি তেওঁলোকৰ নাম ঘোষণা কৰা হয়। কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী দুগৰাকীয়ে মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নামটো…
আলফা স্বাধীনৰ কূটাঘাতৰ পৰিকল্পনা, কেন্দ্ৰৰ সতৰ্কবাণী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আলফা স্বাধীন সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ️কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সতৰ্ক কৰি দিছে যে আলফাই(স্বা) অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। ️ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিছে তথ্য। ️কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লাভ কৰা তথ্য অনুসৰি আলফা স্বাধীনে অসমত…
খাদ্য সুৰক্ষা সূচকাঙ্কৰ তালিকাত শোচনীয়ভাবে অসমৰ স্থান চতুৰ্দশ
শতাব্দ বিশেষ প্ৰতিনিধি, ৮ জুন : যোৱা ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি কৰে। ভাৰতৰ 'খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে'(FSSAI) এ যুগুত কৰা ২০২১-২২ বৰ্ষৰ এই সূচকাঙ্কৰ প্ৰতিৱেদনত দেশখনৰ সকলো কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা হৈছে। প্ৰতিৱেদনখন প্ৰস্তুত কৰোঁতে ঘাইকৈ পাঁচটা দিশৰ ওপৰত আলোকপাত কৰা হৈছে আৰু এই দিশ কেইটাত ৰাজ্য সমূহৰ পাৰদৰ্শিতাৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যসমূহৰ…
হাইমাদ্ৰাছাৰ ফলাফল:শীৰ্ষ স্থানৰে উজলিল তেজপুৰৰ আল কাউচাৰ একাডেমিৰ মুফাছিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭জুন: আজি ঘোষিত ২০২২ৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰৰ মুফাছিৰ আল হাছানে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান অৰ্জন কৰিছে।সকলো বিষয়তে লেটাৰ নম্বৰ সহ মুফাছিৰে লাভ কৰিছে মুঠ ৫৫৬নম্বৰ।মুফাছিৰে অসমীয়াত ৮৭, ইংৰাজীত ৯৩, গণিতত ৯৩, বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৮ আৰু আৰবিকত ৯৩ নম্বৰ লাভ কৰে। তেজপুৰৰ ভোজখোৱা চাপৰিস্থিত ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আল-কাউচাৰ মডেল একাডেমীৰ ছাত্ৰ মুফাছিৰ।উল্লেখযোগ্য যে,২০০১ত তেজপুৰৰ এক ভিতৰুৱা অঞ্চল ভোজখোৱা চাপৰিত স্থাপন কৰা আল-কাউচাৰ একাডেমিৰ পৰা ২০১৩টো হাইমাদ্ৰাছা…
প্রথমস্থানসহ মুঠ ৭ গৰাকী শীৰ্ষৰ স্থানপ্ৰাপক লখিমপুৰৰ
প্রথমস্থান প্রাপক ৰক্তোৎপল হ'ব বিজ্ঞানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা ৰক্তোৎপল শইকীয়াই অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰজনে মুঠ ছশ নম্বৰৰ ঠাইত সৰ্বমুঠ ৫৯৭ নম্বৰ লাভ কৰি অসমৰ দহটা স্থানৰ ভিতৰত প্রথম স্থান দখল কৰি সমগ্ৰ লখিমপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰক্তোৎপল হৈছে লখিমপুৰ গড়কাপ্তানি তথা লোক নির্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা দীপ শইকীয়া আৰু মাতৃ অৰুন্ধতী শইকীয়াৰ জ্যেষ্ঠ পুত্র। ৰক্তোৎপলৰ এনে সাফল্যত আজি ছেইন্ট…
গুণোৎসৱ এক ভেকোভাওঁনাহে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুন: “ৰাজ্যৰ ৩১৪খন বিদ্যালয়ত এজনো শিক্ষক নাই আৰু ৪৪৪৪খন বিদ্যালয় চলি আছে এজন শিক্ষকৰ দ্বাৰা। আনহাতে, ১৬৬৪খন বিদ্যালয়ৰ এটা কোঠাতে পাঁচটাকৈ শ্ৰেণী কৰিবলগীয়া হৈছে।” আজি তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এক তথ্যৰ উদ্ধৃতি দি এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে। ৰাজ্য চৰকাৰৰ ভাল কামক প্ৰশংসা আৰু বেয়া কামবোৰ জনমানসত উদঙাই দি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি বৰকাকতিয়ে মন্তব্য কৰে। তেওঁ মূল্যবোধৰ…
লোক নিৰ্মাণ বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ জনতা ভৱনত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগ (পথ)ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বিভাগটোৰ দ্বাৰা ৰূপায়িত হৈ থকা পথ প্ৰকল্পসমূহৰ এক বিস্তৃত পৰ্যালোচনা কৰে। অসম মালা, বহিঃসহায়ক প্ৰকল্পসমূহ, মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন কাৰ্যসূচীৰ অধীনত পথ উন্নয়ন আৰু উন্নীতকৰণৰ কামৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে ক্ষীপ্ৰতাৰে কামসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে। লগতে গুৱাহাটী মহানগৰীৰ পথসমূহৰ…
