Browsing Category
অসম
উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু অৰ্থনৈতিক পুনৰুত্থান সম্ভৱ হৈছেঃ সর্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ উন্নতিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে দেখুওৱা সদিচ্ছা, দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিৰ ফলতে অঞ্চলটোত স্থায়ী শান্তি আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে। ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে সমগ্ৰ উত্তৰ-পূবৰ লগতে অৰুণাচল প্রদেশেও অগ্রণী…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ হত্যাৰ ঘটনাৰে জড়িত তিনিজনক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৮জুন: তেজপুৰত আদালতত ৩ বন্যপ্ৰাণী চিকাৰী। চাৰিদিনৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘ হত্যা কৰি বৰছলাৰ দুই নম্বৰ বছা শিমলুত পুতি থৈছিল। এই ঘটনাৰে জড়িত তিনি অভিযুক্ত আজিবুৰ ৰহমান, হাছমত আলি আৰু মহম্মদ এম এলক কালি বন বিভাগৰ এটা দলে মৰিগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ধৃত তিনিওকে আজি বিয়লি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তিনিওকে ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। বাঘ হত্যাৰে জড়িত আৰু দুজন লোক সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে বন বিভাগে।
লখিমপুৰৰ ৭ মেধাবী ছাত্ৰ-ছাত্ৰীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৮ জুন: ৭ জুনত ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম দহ জনৰ ভিতৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লখিমপুৰ জিলাৰ ছাত্র-ছাত্ৰীসকলক আজি লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰা উত্তৰ লখিমপুৰ চেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া, তৃতীয় স্থান অধিকাৰ কৰা বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পার্থপ্ৰতীম দাস, পঞ্চম স্থান…
তেজপুৰত ঋণ প্ৰসাৰ কাৰ্যসূচী সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ জুন: দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰনালয়ৰ আৰু আৰু কৰ্পৰেট মন্ত্ৰণালয়ৰ উদ্যোগত যোৱা ছয়জুনৰ দিনা দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা আইকনিক সপ্তাহৰ লগত সংগতি আজি তেজপুৰৰ হেমবৰুৱা ভৱনত ঋণ প্ৰসাৰৰ কাৰ্যসূচী অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ইউকো বেঙ্কৰ জিলা প্ৰৱন্ধকৰ উদ্যোগত অনুষ্ঠিত উক্ত ঋণ প্ৰসাৰৰ কাৰ্যসূচীৰ সভা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই। সভাত ইউকো বেঙ্কৰ উপৰিও অসম গ্ৰামীণ বিকাশ বেঙ্ক,…
তেজপুৰত সুৰামত্ত যুৱকৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৮জুন: তেজপুৰত সুৰামত্ত চালকৰ অতপালিত আজি ৰাজপথত এক সন্ত্ৰাসৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, তিনিঠাইত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৈঠাভঙাৰ পৰা তেজপুৰলৈ আহি আছিল আৰু বাহনখনত তিনিজন সুৰামত্ত যুৱক আছিল বুলি অভিযোগ উঠিছে। এ এছ ০১ বি এন ৬৮৫৮ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনে প্ৰথমে দুৰ্ঘটনা সংঘটিত কৰে ঘোঁৰামাৰী অঞ্চলত। ইয়াৰ পৰা পলায়ন কৰা বাহনখনে হলেশ্বৰত খুন্দিয়াই আন এখন স্কুটীক। দুৰ্ঘটনাৰ সময়ত প্ৰফুল্ল বৰা নামৰ লোকজনে কন্যা মৃদুস্মিতা বৰাক টিউচনলৈ বুলি আনি আছিল। দুৰ্ঘটনাত পিতৃ-কন্যা দুয়ো আঘাতপ্ৰাপ্ত হৈছে। কন্যাৰ…
এইমছত অঘটন : সাত মহলাৰ পৰা পৰি চিকিৎসক নিহত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ চেলফিয়েই কাল হ’ল চিকিৎসকৰ। সপ্তম মহলাৰ পৰা পৰি মৃত্যু হয় চিকিৎসকৰ। এই অঘটন সংঘটিত হ'ল চাংসাৰীস্থ এইমছত। নিৰ্মিয়মান চিকিৎসালয়খনৰ সাত মহলীয়া অট্টালিকা পৰা পৰিল চিকিৎসক। চিকিৎসক গৰাকীৰ নাম ফল্গু প্ৰতীম দাস। জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ১১.২০ মান বজাত চিকিৎসক গৰাকীয়ে চেলফী লব’লৈ গৈ সপ্তম মহলাৰ পৰা বাগৰি পৰে।চিকিৎসক গৰাকীক গুৰুতৰ অৱস্থাত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে এইমছৰ চিকিৎসকগৰাকীয়ে। মৃত চিকিৎসক গৰাকীৰ লগত মাতৃ উপস্থিত আছিল বুলি জানিব পৰা…
১০ জুনত ধেমাজিৰ চিমেন চাপৰিত সদৌ অসম ছাত্র সন্থাৰ ছাত্র সংহতি দিৱস
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ জুন : ঐতিহাসিক খাদ্য আন্দোলনক প্ৰতিৰোধ কৰিবলৈ গৈ চৰকাৰী আৰক্ষী বাহিনীৰ তপ্ত বুলেটৰ আঘাতত প্ৰাণ হেৰুওৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতিক সুঁঁৱৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ ১০ জুনত ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে। এইবছৰৰ ছাত্র সংহতি দিৱসটি সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ উদ্যোগত জোনাই মহকুমা ছাত্র সন্থা , চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থা আৰু চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ।…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্রসূতি মৃত্যুৰ ঘটনাঃ মানৱ অধিকাৰ আয়োগত গোচৰ মাছৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষত সন্তান সহ প্রসূতি মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি মানৱ অধিকাৰ আয়োগত গোচৰ তৰে মাছৰ সচিব ৰাজু সিংহই। উল্লেখ্য যে যোৱা ২ জুনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বিশ্বনাথ জিলাৰ গহপুৰ থানাৰ অন্তৰ্গত ৰঙামুৰি গাঁৱৰ নিবাসী প্রাণে পাটগিৰিৰ পত্নী কইনামাই পাটগিৰিৰ গৰ্ভস্থ সন্তানসহ মৃত্যু হৈছিল। অস্ত্ৰোপচাৰ কক্ষত প্রসূতিগৰাকীক অস্ত্ৰোপচাৰ কৰাৰ বাবে ভর্তি কৰাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনত বিদ্যুতৰ লগতে জেনেৰেটৰত তেল নথকাৰ বাবে সময়মতে অস্ত্ৰোপচাৰ কৰিব নোৱৰাৰ ফলত…
মন্ত্রীসভাত স্থান পালে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ অৱশেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ'ল। মিত্রদলক বাদ দি নিজ দলৰে দুই বিধায়কক মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে। তেওঁলোক হৈছে নন্দিতা গার্লোচা আৰু জয়ন্ত মল্ল বৰুৱা। আজি তেওঁলোকৰ নাম ঘোষণা কৰা হয়। কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী দুগৰাকীয়ে মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নামটো…
আলফা স্বাধীনৰ কূটাঘাতৰ পৰিকল্পনা, কেন্দ্ৰৰ সতৰ্কবাণী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আলফা স্বাধীন সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে। ️ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আলফা(স্বা)ৰ সাংগঠনিক আৰু সামৰিক সক্ৰিয়তাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ️কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সতৰ্ক কৰি দিছে যে আলফাই(স্বা) অসমত অসামৰিক লোক, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। ️ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰিছে তথ্য। ️কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লাভ কৰা তথ্য অনুসৰি আলফা স্বাধীনে অসমত…
