Browsing Category
অসম
খাদ্য সুৰক্ষা সূচকাঙ্কৰ তালিকাত শোচনীয়ভাবে অসমৰ স্থান চতুৰ্দশ
শতাব্দ বিশেষ প্ৰতিনিধি, ৮ জুন : যোৱা ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য সমূহৰ ২০২১-২২ বৰ্ষৰ খাদ্য সুৰক্ষা সূচকাঙ্কৰ চতুৰ্থ সংস্কৰণটো মুকলি কৰে। ভাৰতৰ 'খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে'(FSSAI) এ যুগুত কৰা ২০২১-২২ বৰ্ষৰ এই সূচকাঙ্কৰ প্ৰতিৱেদনত দেশখনৰ সকলো কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা হৈছে। প্ৰতিৱেদনখন প্ৰস্তুত কৰোঁতে ঘাইকৈ পাঁচটা দিশৰ ওপৰত আলোকপাত কৰা হৈছে আৰু এই দিশ কেইটাত ৰাজ্য সমূহৰ পাৰদৰ্শিতাৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যসমূহৰ…
হাইমাদ্ৰাছাৰ ফলাফল:শীৰ্ষ স্থানৰে উজলিল তেজপুৰৰ আল কাউচাৰ একাডেমিৰ মুফাছিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭জুন: আজি ঘোষিত ২০২২ৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰৰ মুফাছিৰ আল হাছানে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান অৰ্জন কৰিছে।সকলো বিষয়তে লেটাৰ নম্বৰ সহ মুফাছিৰে লাভ কৰিছে মুঠ ৫৫৬নম্বৰ।মুফাছিৰে অসমীয়াত ৮৭, ইংৰাজীত ৯৩, গণিতত ৯৩, বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৮ আৰু আৰবিকত ৯৩ নম্বৰ লাভ কৰে। তেজপুৰৰ ভোজখোৱা চাপৰিস্থিত ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আল-কাউচাৰ মডেল একাডেমীৰ ছাত্ৰ মুফাছিৰ।উল্লেখযোগ্য যে,২০০১ত তেজপুৰৰ এক ভিতৰুৱা অঞ্চল ভোজখোৱা চাপৰিত স্থাপন কৰা আল-কাউচাৰ একাডেমিৰ পৰা ২০১৩টো হাইমাদ্ৰাছা…
প্রথমস্থানসহ মুঠ ৭ গৰাকী শীৰ্ষৰ স্থানপ্ৰাপক লখিমপুৰৰ
প্রথমস্থান প্রাপক ৰক্তোৎপল হ'ব বিজ্ঞানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ ছেইন্ট মেৰিজ হাইস্কুলৰ পৰা ৰক্তোৎপল শইকীয়াই অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰজনে মুঠ ছশ নম্বৰৰ ঠাইত সৰ্বমুঠ ৫৯৭ নম্বৰ লাভ কৰি অসমৰ দহটা স্থানৰ ভিতৰত প্রথম স্থান দখল কৰি সমগ্ৰ লখিমপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰক্তোৎপল হৈছে লখিমপুৰ গড়কাপ্তানি তথা লোক নির্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা দীপ শইকীয়া আৰু মাতৃ অৰুন্ধতী শইকীয়াৰ জ্যেষ্ঠ পুত্র। ৰক্তোৎপলৰ এনে সাফল্যত আজি ছেইন্ট…
গুণোৎসৱ এক ভেকোভাওঁনাহে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুন: “ৰাজ্যৰ ৩১৪খন বিদ্যালয়ত এজনো শিক্ষক নাই আৰু ৪৪৪৪খন বিদ্যালয় চলি আছে এজন শিক্ষকৰ দ্বাৰা। আনহাতে, ১৬৬৪খন বিদ্যালয়ৰ এটা কোঠাতে পাঁচটাকৈ শ্ৰেণী কৰিবলগীয়া হৈছে।” আজি তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এক তথ্যৰ উদ্ধৃতি দি এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে। ৰাজ্য চৰকাৰৰ ভাল কামক প্ৰশংসা আৰু বেয়া কামবোৰ জনমানসত উদঙাই দি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি বৰকাকতিয়ে মন্তব্য কৰে। তেওঁ মূল্যবোধৰ…
লোক নিৰ্মাণ বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ জনতা ভৱনত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগ (পথ)ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বিভাগটোৰ দ্বাৰা ৰূপায়িত হৈ থকা পথ প্ৰকল্পসমূহৰ এক বিস্তৃত পৰ্যালোচনা কৰে। অসম মালা, বহিঃসহায়ক প্ৰকল্পসমূহ, মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন কাৰ্যসূচীৰ অধীনত পথ উন্নয়ন আৰু উন্নীতকৰণৰ কামৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে ক্ষীপ্ৰতাৰে কামসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে। লগতে গুৱাহাটী মহানগৰীৰ পথসমূহৰ…
ডিব্ৰুগড়ত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান ২১ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। এই যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ ৰাজ্যিক অনুষ্ঠানৰ উপৰি সকলো জিলা আৰু মহকুমা সদৰসহ ৰাজ্যৰ মুঠ ৭৫ টা স্থানত এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ কাৰ্যসূচী পালনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত আজি সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ডিব্ৰুগড়কে ধৰি সকলো জিলাৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ…
২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে সীমাবদ্ধ হৈ আছেঃ মহিলা কংগ্ৰেছ
ৰাজ্যিক মহিলা আয়োগৰ বিৰুদ্ধে সৰৱ প্ৰদেশ মহিলা কংগ্ৰেছ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই। আনহাতে এই বিষয়সমূহত চৰকাৰক উপযুক্ত দিহা-পৰামৰ্শ দি নাৰীৰ ওপৰত চলা হিংসা, নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ৰাজ্যিক মহিলা আয়োগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে। লগতে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অসমৰ নাৰী সমাজৰ পক্ষত মাত মাতিবলৈ সোঁৱৰাই দি সোমবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছে ৰাজ্যিক…
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৬ জুন: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শীৰ্ষ গীত, বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শীৰ্ষ গীত, সমূহীয়া সত্ৰীয়া নৃত্য, সমূহীয়া চেতাৰ বাদন, সমবেত শাস্ত্ৰীয় কন্ঠ সংগীত, সমবেত গীটাৰ বাদন, আকৰ্ষণীয় ভাৰত নাট্যম নৃত্য, সমূহীয়া তবলা বাদন, সমবেত ভায়লিন বাদন, সমবেত সৃজনশীল নৃত্য, মনোৰম নৃত্য নাটিকা আৰু মহিলাৰ দলীয় বিহু নৃত্যৰে কালি সন্ধিয়াৰ পৰা নিশালৈকে মুখৰিত হৈ পৰিল বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ। ইয়াৰ মাজতে আকৌ ৰাজ্যখনৰ বিশিষ্ট সংগীত শিল্পী তথা প্ৰখ্যাত একৰডিয়ান বাদক অনুপম চৌধুৰীয়ে …
দৰং মহাবিদ্যালয়ত “এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৬জুন: আজি দৰং মহাবিদ্যালয়ত ভূগোল বিষয়ৰ এখন বিস্তৃত কলেৱৰৰ গ্ৰন্থ উন্মোচন কৰা হয় । "এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম" নামৰ এই গ্ৰন্থখনত ৰাজ্যৰ ভৌগোলিক ক্ষেত্ৰৰ একুৰি দিশ সামৰি লোৱা হৈছে । ড° অশোক কুমাৰ বৰা আৰু ড° মৃণাল নাথে সম্পাদনা কৰা ইংৰাজী ভাষাৰ গ্ৰন্থখন দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা মহাবিদ্যালয়খনত ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক প্ৰয়াত এছ পি মণ্ডলৰ স্মৃতিত উৎসৰ্গা কৰি প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে আজি দিনৰ ১১বজাত দৰং মহাবিদ্যালয়ৰ দুই নম্বৰ গেলাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী…
