Browsing Category

অসম

ডিব্ৰুগড়ত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান ২১ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। এই যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ ৰাজ্যিক অনুষ্ঠানৰ উপৰি সকলো জিলা আৰু মহকুমা সদৰসহ ৰাজ্যৰ মুঠ ৭৫ টা স্থানত এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ কাৰ্যসূচী পালনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত আজি সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ডিব্ৰুগড়কে ধৰি সকলো জিলাৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ…

২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে সীমাবদ্ধ হৈ আছেঃ মহিলা কংগ্ৰেছ

ৰাজ্যিক মহিলা আয়োগৰ বিৰুদ্ধে সৰৱ প্ৰদেশ মহিলা কংগ্ৰেছ শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই। আনহাতে এই বিষয়সমূহত চৰকাৰক উপযুক্ত দিহা-পৰামৰ্শ দি নাৰীৰ ওপৰত চলা হিংসা, নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ৰাজ্যিক মহিলা আয়োগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে। লগতে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অসমৰ নাৰী সমাজৰ পক্ষত মাত মাতিবলৈ সোঁৱৰাই দি সোমবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছে ৰাজ্যিক…

তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি 

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৬ জুন: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শীৰ্ষ গীত, বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শীৰ্ষ গীত, সমূহীয়া সত্ৰীয়া নৃত্য, সমূহীয়া চেতাৰ বাদন, সমবেত শাস্ত্ৰীয় কন্ঠ সংগীত, সমবেত গীটাৰ বাদন, আকৰ্ষণীয় ভাৰত নাট্যম নৃত্য, সমূহীয়া তবলা বাদন, সমবেত ভায়লিন বাদন, সমবেত সৃজনশীল নৃত্য, মনোৰম নৃত্য নাটিকা আৰু মহিলাৰ দলীয় বিহু নৃত্যৰে কালি সন্ধিয়াৰ পৰা নিশালৈকে  মুখৰিত হৈ পৰিল বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ। ইয়াৰ মাজতে আকৌ ৰাজ্যখনৰ বিশিষ্ট সংগীত শিল্পী তথা প্ৰখ্যাত একৰডিয়ান বাদক অনুপম চৌধুৰীয়ে …

দৰং মহাবিদ্যালয়ত “এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ,৬জুন: আজি দৰং মহাবিদ্যালয়ত ভূগোল বিষয়ৰ এখন বিস্তৃত কলেৱৰৰ গ্ৰন্থ উন্মোচন কৰা হয় । "এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম" নামৰ এই গ্ৰন্থখনত ৰাজ্যৰ ভৌগোলিক ক্ষেত্ৰৰ একুৰি দিশ সামৰি লোৱা হৈছে । ড° অশোক কুমাৰ বৰা আৰু ড° মৃণাল নাথে সম্পাদনা কৰা ইংৰাজী ভাষাৰ গ্ৰন্থখন দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা মহাবিদ্যালয়খনত ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক প্ৰয়াত এছ পি মণ্ডলৰ স্মৃতিত উৎসৰ্গা কৰি প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে আজি দিনৰ ১১বজাত দৰং মহাবিদ্যালয়ৰ দুই নম্বৰ গেলাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী…

অম্বুবাচীত এইবাৰ নাথাকিব মেলা সদৃশ পৰিৱেশ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ক'ভিড মহামাৰীৰ দুবছৰীয়া বিভীষিকাৰ পাছত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ বাবে সাজু হৈছে নীলাচল পাহাৰ। ২২ জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। ২২জুনৰ সন্ধিয়া ৮.১৫ মিনিটত ভক্তৰ বাবে বন্ধ হ’ব মা কামাখ্যাৰ দুৱাৰ। ২৬ জুনত পুনৰ ভক্তৰ বাবে মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ। ক'ভিড পৰিস্থিতি উন্নত হৈছে যদিও এইবাৰো অম্বুবাচী মেলাক লৈ কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেৱালয় কৰ্তৃপক্ষই। এইবাৰ বহিঃৰাজ্যৰ ভক্তৰ বাবে নাথাকিব থকা-খোৱাৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ত কোনো লোকে দিব নোৱাৰিব অস্থায়ী…

৯১ সংখ্যক ওপজা দিনৰ ওলগত চিকিৎসক-সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ১০ খন গ্ৰন্থ উন্মোচন

যোৰহাট, ৬জুনঃ কস্তুৰী প্ৰকাশনৰ তৰফৰ পৰা যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ৯১ সংখ্যক ওপজা দিনৰ ওলগ আজি দুপৰীয়া চিকিৎসক গৰাকীৰ বাসগৃহত বহুজন গুণমুগ্ধ সমৱেত হৈ পালন কৰে। তদুপলক্ষে বিশিষ্ট সাহিত্যিক, চিকিৎসক গৰাকীয়ে কেক কাটি শুভাৰম্ভ কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসকগৰাকীৰ ৰচিত দহখনকৈ বিভিন্ন গ্ৰন্থ উন্মোচনী সভা সঞ্চালনা কৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যাপিকা ড°অদিতী বেজবৰুৱাই।কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰী ৰেব বৰাই উদ্দেশ্যে ব‍্যাখ‍্যা আৰু আঁতধৰা অনুষ্ঠানত চিকিৎসক গৰাকীয়ে চিকিৎসা বিজ্ঞানত…

লখিমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী দৃশ্যঃ ৬-৭ বছৰীয়া শিশুৱে দ্ৰুত গতিত বাইক চলোৱাক লৈ সর্বত্র প্রতিক্রিয়া : পলাতক-১ 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ জুনঃ এইখন অসমত আৰু যেন কি নঘটে ! দেওবাৰে বিয়লি লখিমপুৰ জিলাৰ নাওবৈচাত ৰাষ্ট্ৰীয় ঘাইপথত এটি শিশুৱে দ্রুত বেগত বাইক চলাই যোৱা শিহৰণকাৰী দৃশ্যই আজি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৫ জুনৰ বিয়লি ৪ মান বজাৰ এই কাণ্ড আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে তোলপাৰ লাগে। প্রাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলাৰ নাওবৈচাৰ চিলনীবাৰী আৰক্ষীচকীৰ অন্তৰ্গত ডিজু ৰামপুৰৰ এটি প্রায় ৬-৭ বছৰীয়া শিশুৱে তেওঁৰ খুড়াকৰ লগত ২২০ পালছাৰ মটৰ চাইকেল প্ৰায় ৫০-৬০ কিলোমিটাৰ বেগত নাওবৈচাৰ পৰা পছমৰা অভিমুখে ৰাষ্ট্ৰীয় ঘাই পথত …

তিতাবৰত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী আটক, ১.৫০ কোটি মূল্যৰ খৰ্গ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত আৰক্ষীয়ে দুই চোৰাং ব্যৱসায়ীক আটক কৰাৰ লগতে ধৃত ব্যৱসায়ীৰ হাতৰ পৰা প্ৰায় ১.১৫৮ কেজি ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৰহাট জিলাৰ এটা আৰক্ষী দলে ৫ জুন দেওবাৰে নিশা অভিযান চলাই তিতাবৰৰ সমীপৰ তেলিয়াপট্টী এলেকাত খৰ্গসহ এই দুই ব্যৱসায়ীক ধৰা পেলায়। যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে জনোৱা মতে, খৰ্গটোৰ বজাৰ মূল্য প্ৰায় ১.৫০ কোটি টকা। ঘটনাৰ বিৱৰণী মতে, কালি আৰক্ষীৰ লোকে তথ্য…

গেৰুকামুখত অঘটনঃ সুৰংগৰ ভিতৰত ৰিব খহি থিতাতে এজন নিহত: আহত ২

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ৬ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আজি পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত জিতু হাতীবৰুৱা নামৰ এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে এনএইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল ইঞ্জিনীয়াৰিঙৰ দুজন কৰ্মচাৰী গুৰুতৰ ভাবে আহত হয় । প্ৰাপ্ত তথ্য অনুসৰি ঠিকাদাৰৰ অধীনস্থ এই কৰ্মচাৰী কেইজনে প্ৰকল্পটোৰ ২ নং টানেলৰ ভিতৰত ক্ৰংকিটৰ ৰিব (Rib) লগাই থকা অৱস্থাতে পুৱা ১১.৩০ মান বজাত ৰিব খহি পৰাত জিতু হাতীবৰুৱাৰ নিহত হয়। ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মিংমাং পাৰ্বতীপুৰ নিৱাসী…

অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰফৰেষ্ট গ্ৰীণ জ’নৰ আঁচনি 

শতাব্দ প্ৰতিনিধি, যোৰহাট,৫ জুনঃ মাইক্ৰফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে আজিৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক সেউজ সজাগতা অভিযান। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আজি বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদত এই পৰিকল্পনাৰ শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালে। বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছপুলি ৰোপনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অসম বিজ্ঞান সমিতিৰ অসম কৃষি বিশ্ববিদ্যালয় শাখা আৰু বেচৰকাৰী সংস্থা অপ্ৰতিৰোধ্যৰ সহযোগত "বিশ্ব পৰিৱেশ দিৱস"ৰ এই কাৰ্যসূচীত…