Browsing Category
অসম
অম্বুবাচীত এইবাৰ নাথাকিব মেলা সদৃশ পৰিৱেশ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ক'ভিড মহামাৰীৰ দুবছৰীয়া বিভীষিকাৰ পাছত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ বাবে সাজু হৈছে নীলাচল পাহাৰ। ২২ জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। ২২জুনৰ সন্ধিয়া ৮.১৫ মিনিটত ভক্তৰ বাবে বন্ধ হ’ব মা কামাখ্যাৰ দুৱাৰ। ২৬ জুনত পুনৰ ভক্তৰ বাবে মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ। ক'ভিড পৰিস্থিতি উন্নত হৈছে যদিও এইবাৰো অম্বুবাচী মেলাক লৈ কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেৱালয় কৰ্তৃপক্ষই। এইবাৰ বহিঃৰাজ্যৰ ভক্তৰ বাবে নাথাকিব থকা-খোৱাৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ত কোনো লোকে দিব নোৱাৰিব অস্থায়ী…
৯১ সংখ্যক ওপজা দিনৰ ওলগত চিকিৎসক-সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ১০ খন গ্ৰন্থ উন্মোচন
যোৰহাট, ৬জুনঃ কস্তুৰী প্ৰকাশনৰ তৰফৰ পৰা যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ৯১ সংখ্যক ওপজা দিনৰ ওলগ আজি দুপৰীয়া চিকিৎসক গৰাকীৰ বাসগৃহত বহুজন গুণমুগ্ধ সমৱেত হৈ পালন কৰে। তদুপলক্ষে বিশিষ্ট সাহিত্যিক, চিকিৎসক গৰাকীয়ে কেক কাটি শুভাৰম্ভ কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসকগৰাকীৰ ৰচিত দহখনকৈ বিভিন্ন গ্ৰন্থ উন্মোচনী সভা সঞ্চালনা কৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড°অদিতী বেজবৰুৱাই।কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰী ৰেব বৰাই উদ্দেশ্যে ব্যাখ্যা আৰু আঁতধৰা অনুষ্ঠানত চিকিৎসক গৰাকীয়ে চিকিৎসা বিজ্ঞানত…
লখিমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী দৃশ্যঃ ৬-৭ বছৰীয়া শিশুৱে দ্ৰুত গতিত বাইক চলোৱাক লৈ সর্বত্র প্রতিক্রিয়া : পলাতক-১
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ জুনঃ এইখন অসমত আৰু যেন কি নঘটে ! দেওবাৰে বিয়লি লখিমপুৰ জিলাৰ নাওবৈচাত ৰাষ্ট্ৰীয় ঘাইপথত এটি শিশুৱে দ্রুত বেগত বাইক চলাই যোৱা শিহৰণকাৰী দৃশ্যই আজি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ৫ জুনৰ বিয়লি ৪ মান বজাৰ এই কাণ্ড আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে তোলপাৰ লাগে। প্রাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলাৰ নাওবৈচাৰ চিলনীবাৰী আৰক্ষীচকীৰ অন্তৰ্গত ডিজু ৰামপুৰৰ এটি প্রায় ৬-৭ বছৰীয়া শিশুৱে তেওঁৰ খুড়াকৰ লগত ২২০ পালছাৰ মটৰ চাইকেল প্ৰায় ৫০-৬০ কিলোমিটাৰ বেগত নাওবৈচাৰ পৰা পছমৰা অভিমুখে ৰাষ্ট্ৰীয় ঘাই পথত …
তিতাবৰত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী আটক, ১.৫০ কোটি মূল্যৰ খৰ্গ উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত আৰক্ষীয়ে দুই চোৰাং ব্যৱসায়ীক আটক কৰাৰ লগতে ধৃত ব্যৱসায়ীৰ হাতৰ পৰা প্ৰায় ১.১৫৮ কেজি ওজনৰ এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৰহাট জিলাৰ এটা আৰক্ষী দলে ৫ জুন দেওবাৰে নিশা অভিযান চলাই তিতাবৰৰ সমীপৰ তেলিয়াপট্টী এলেকাত খৰ্গসহ এই দুই ব্যৱসায়ীক ধৰা পেলায়। যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে জনোৱা মতে, খৰ্গটোৰ বজাৰ মূল্য প্ৰায় ১.৫০ কোটি টকা। ঘটনাৰ বিৱৰণী মতে, কালি আৰক্ষীৰ লোকে তথ্য…
গেৰুকামুখত অঘটনঃ সুৰংগৰ ভিতৰত ৰিব খহি থিতাতে এজন নিহত: আহত ২
শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ৬ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আজি পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত জিতু হাতীবৰুৱা নামৰ এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে এনএইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল ইঞ্জিনীয়াৰিঙৰ দুজন কৰ্মচাৰী গুৰুতৰ ভাবে আহত হয় । প্ৰাপ্ত তথ্য অনুসৰি ঠিকাদাৰৰ অধীনস্থ এই কৰ্মচাৰী কেইজনে প্ৰকল্পটোৰ ২ নং টানেলৰ ভিতৰত ক্ৰংকিটৰ ৰিব (Rib) লগাই থকা অৱস্থাতে পুৱা ১১.৩০ মান বজাত ৰিব খহি পৰাত জিতু হাতীবৰুৱাৰ নিহত হয়। ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মিংমাং পাৰ্বতীপুৰ নিৱাসী…
অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰফৰেষ্ট গ্ৰীণ জ’নৰ আঁচনি
শতাব্দ প্ৰতিনিধি, যোৰহাট,৫ জুনঃ মাইক্ৰফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে আজিৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক সেউজ সজাগতা অভিযান। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আজি বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদত এই পৰিকল্পনাৰ শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালে। বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছপুলি ৰোপনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অসম বিজ্ঞান সমিতিৰ অসম কৃষি বিশ্ববিদ্যালয় শাখা আৰু বেচৰকাৰী সংস্থা অপ্ৰতিৰোধ্যৰ সহযোগত "বিশ্ব পৰিৱেশ দিৱস"ৰ এই কাৰ্যসূচীত…
ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি,ঢকুৱাখনা,৫ জুনঃ 'এখনেই মাত্ৰ পৃথিৱী' মূল বাণীক লৈ সমগ্র বিশ্বৰ লগতে ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত আজি দিনজোৰা কাৰ্যসূচীৰে ২০২২ চনৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াৰ ভিতৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত তথা ঢকুৱাখনা পৌৰসভা, ঢকুৱাখনা উন্নয়ন খণ্ড, মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা হোমেন বৰগোহাঞি ন্যাস, ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি, ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোট আৰু চেম্বাৰ্চ অব্ কৰ্মাচৰ সহযোগত পালন কৰা বিশ্ব পৰিৱেশ দিৱস অন্যতম। পুৱা ৬-৩০ বজাত ঢকুৱাখনাৰ স্বাভিমান, প্ৰখ্যাত…
বিশ্ব পৰিৱেশ দিৱসত তামুলপুৰ- নাগ্ৰীজুলি পথত ১০০ টা গছপুলি ৰোপণ
শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি তামুলপুৰ জিলাক সেউজীয়াকৰণ কৰি সমগ্ৰ জিলাখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লক্ষ্যৰে এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তামুলপুৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যাগত আৰু ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ বলিষ্ঠ নেতৃত্বত তামুলপুৰ- নাগ্ৰীজুলি- ওদালগুৰি পথৰ দাঁতিত আজি ১০০ টা সৌন্দৰ্যবৰ্ধক গছপুলিৰ লগতে বিভিন্ন গছ পুলি ৰোপণ কৰা হয়। এক মাংগলিক পৰিবেশত বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, এমচিএলএ হেমন্ত কুমাৰ ৰাভা,…
জিলা পৰিষদৰ সৌজন্যত তিনিচুকীয়াত বিশ্ব পৰিৱেশ দিৱস উদযাপন
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুনঃ আজি ৫ জুনত সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াত তিনিচুকীয়া জিলা পৰিষদৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা হলৌ বান্দৰৰ বাবে বিখ্যাত বাৰেকুৰি অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰা হয়। দিৱস উপলক্ষে তিনিচুকীয়া জিলা পৰিষদৰ সভাগৃহত এখন মুকলি সভাৰ আয়োজন কৰা হয়। সভাত সভাপতিত্ব কৰে জিলা পৰিষদৰ সভাপতি আৰ এন কৈৰীয়ে। দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰে প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত স্বেচ্ছাসেৱক সঞ্জয় দাসে। দিৱসটিৰ লগত জড়িত বিষয়সমূহৰ…
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ “সেউজ যাত্ৰা“ সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট , ৫ জুনঃ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাকৰিত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এটি স্থায়ী ফুলৰ পুলি ৰোপনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰা, সাংগঠনিক সম্পাদক ক্ষীৰোদ দাস, নীৰদা গগৈ বৰা, মিতালী শইকীয়া, মৃণালিনী গোস্বামী, বাবুলাল গগৰ, যুগলকিশোৰ আগৰৱালা, দীপক শইকীয়া, উত্তম হাজৰিকা, মৌচুমী মহন্ত, সুদীপ্তনয়ন গোস্বামী, পলি…
