Browsing Category
অসম
ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি,ঢকুৱাখনা,৫ জুনঃ 'এখনেই মাত্ৰ পৃথিৱী' মূল বাণীক লৈ সমগ্র বিশ্বৰ লগতে ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত আজি দিনজোৰা কাৰ্যসূচীৰে ২০২২ চনৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াৰ ভিতৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত তথা ঢকুৱাখনা পৌৰসভা, ঢকুৱাখনা উন্নয়ন খণ্ড, মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা হোমেন বৰগোহাঞি ন্যাস, ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি, ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোট আৰু চেম্বাৰ্চ অব্ কৰ্মাচৰ সহযোগত পালন কৰা বিশ্ব পৰিৱেশ দিৱস অন্যতম। পুৱা ৬-৩০ বজাত ঢকুৱাখনাৰ স্বাভিমান, প্ৰখ্যাত…
বিশ্ব পৰিৱেশ দিৱসত তামুলপুৰ- নাগ্ৰীজুলি পথত ১০০ টা গছপুলি ৰোপণ
শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি তামুলপুৰ জিলাক সেউজীয়াকৰণ কৰি সমগ্ৰ জিলাখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লক্ষ্যৰে এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তামুলপুৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যাগত আৰু ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ বলিষ্ঠ নেতৃত্বত তামুলপুৰ- নাগ্ৰীজুলি- ওদালগুৰি পথৰ দাঁতিত আজি ১০০ টা সৌন্দৰ্যবৰ্ধক গছপুলিৰ লগতে বিভিন্ন গছ পুলি ৰোপণ কৰা হয়। এক মাংগলিক পৰিবেশত বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, এমচিএলএ হেমন্ত কুমাৰ ৰাভা,…
জিলা পৰিষদৰ সৌজন্যত তিনিচুকীয়াত বিশ্ব পৰিৱেশ দিৱস উদযাপন
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুনঃ আজি ৫ জুনত সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াত তিনিচুকীয়া জিলা পৰিষদৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা হলৌ বান্দৰৰ বাবে বিখ্যাত বাৰেকুৰি অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰা হয়। দিৱস উপলক্ষে তিনিচুকীয়া জিলা পৰিষদৰ সভাগৃহত এখন মুকলি সভাৰ আয়োজন কৰা হয়। সভাত সভাপতিত্ব কৰে জিলা পৰিষদৰ সভাপতি আৰ এন কৈৰীয়ে। দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰে প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত স্বেচ্ছাসেৱক সঞ্জয় দাসে। দিৱসটিৰ লগত জড়িত বিষয়সমূহৰ…
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ “সেউজ যাত্ৰা“ সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট , ৫ জুনঃ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাকৰিত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এটি স্থায়ী ফুলৰ পুলি ৰোপনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰা, সাংগঠনিক সম্পাদক ক্ষীৰোদ দাস, নীৰদা গগৈ বৰা, মিতালী শইকীয়া, মৃণালিনী গোস্বামী, বাবুলাল গগৰ, যুগলকিশোৰ আগৰৱালা, দীপক শইকীয়া, উত্তম হাজৰিকা, মৌচুমী মহন্ত, সুদীপ্তনয়ন গোস্বামী, পলি…
“জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু তেখেতৰ কাব্য সাধনাৰ গুৰিকথা” শীৰ্ষক বিশেষ বক্তৃতা সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোতে আজি তেজপুৰত এক বিশেষ সুৰীয়া আৰু মনোজ্ঞ অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট লেখিকা, শিক্ষাবিদ ড০ স্বাধীনতা মহন্তৰ এখন শিশু উপন্যাস "পল্লৱী" আনুষ্ঠানিক ভাবে উন্মোচিত হয়। উল্লেখ্য যে,সামাজিক, শৈক্ষিক আৰু সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান "সুদৰ্শন অসম"ৰ উদ্যোগত দৰংমহাবিদ্যালয়ৰ বিশেষ সভাকক্ষত অনুষ্ঠিত গীত-মাত আৰু কথাৰ মনোজ্ঞ অনুষ্ঠানটিত তেজপুৰৰ সামাজিক অনুষ্ঠান "অসমীয়া ক্লাব"ৰ সভাপতি, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ অৰুণা দেৱীয়ে ড০ স্বাধীনতা মহন্তৰ শিশু উপন্যাসখন উন্মোচন কৰাৰ লগতে বাণ…
তেজপুৰৰ প্ৰান্তে প্ৰান্তে বিশ্ব পৰিৱেশ দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত গছপুলি ৰোপণেৰে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰা দেখা যায়। বন বিভাগৰ লগতে বিভিন্ন শৈক্ষিক অনুষ্ঠানে আজি পুৱাই নিজ নিজ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ উপস্থিতিত গছপুলি বিতৰণৰ লগতে শিক্ষানুষ্ঠানৰ চৌহদ আৰু অন্যান প্ৰান্তত বিভিন্ন মূল্যবান গছপুলি ৰোপণেৰে ধৰণি সেউজীয়া কৰাৰ সংকল্প গ্ৰহণ কৰে। তেজপুৰ কেতেকীবাৰীৰ আছামভেলী জুনিয়ৰ কলেজত আজি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ বিজয় শইকীয়া আৰু…
শংকৰদেৱ শিশু নিকেতন এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুনঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত তথা লখিমপুৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ আজি শুভাৰম্ভ হয়। ১৯৯৮ চনত স্থাপিত শিশু নিকেতনখনৰ আজি শুভাৰম্ভ অনুষ্ঠানৰ পুৱা ৯-০০ বজাত বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰতিষ্ঠাপক সভাপতি থানেশ্বৰ বৰুৱাই। ইয়াৰ পিচতে নিকেতনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, আচাৰ্য-আচাৰ্যাৰ উপস্থিতিত মংগলধ্বনিৰ মাজেৰে অঞ্চলটোৰ পঁচিশগৰাকী বিশিষ্ট লোকৰ জৰিয়তে ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী…
পৰিৱেশ অনুকূল উন্নয়নৰ পোষকতা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ
শতাব্দ প্ৰতিনিধি,গুৱাহাটী,৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত বৈজ্ঞানিকভাৱে গাৰ্চিনিয়া আছামিকা নামেৰে জনাজাত কুজি থেকেৰাৰ এটা পুলি ৰোপণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগত চিকিৎসক, অভিযন্তা আৰু চৰকাৰী বিষয়াসহ মুঠ ১০০ গৰাকী ব্যক্তিয়ে ঔষধি গুণযুক্ত ১০০টা গছপুলি ৰোপণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ বিশ্বৰ মানৱ সমাজে 'কেৱল এখনেই পৃথিৱী' বিষয়বস্তুক লৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। এই বিশেষ…
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ জুনঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ১৯৯৯ চনতেই গঢ়ি উঠা লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালিৰে পৰা দুদিনীয়াকৈ আয়োজিত হোৱা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত সুৰীয়া আৰু সাংগীতিক পৰিৱেশৰ মাজত জীপাল হৈ পৰিছে বাণ থিয়েটাৰ প্ৰাংগন। বাণ থিয়েটাৰৰ সদস্য, অভিনয় শিল্পী অশ্বিনী বৰাৰ বিশেষ তৎপৰতাত এনেদৰে দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে বাণ থিয়েটাৰৰ চৌহদ। এনে পৰিৱেশৰ মাজতে কালি দুপৰীয়াৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা। লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ…
লখিমপুৰত সফলতাৰে গুণোৎসৱ -২০২২ সমাপ্ত
উত্তৰ লখিমপুৰ, ৪ জুনঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আজি লখিমপুৰত সফলতাৰে সামৰণি পৰে।১জুনত জিলাখনৰ সকলো বিদ্যালয়তে স্ব-মূল্যায়ন অনুস্থিত হোৱাৰ লগতে ২,৩ আৰু ৪জুনত পৰ্যায় কমে বিদ্যালয় সমূহত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন অনুস্থিত হয়।বিদ্যালয়ৰ গুণগত মান পৰীক্ষণৰ উদ্দেশ্যে আয়োজন কৰা মূল্যায়নত বিভিন্ন বিভাগৰ পৰা মূল্যায়ক নিয়োগ কৰাৰ লগতে সমীপৱৰ্তী জিলা ধেমাজি,মাজুলী আৰু বিশ্বনাথ জিলাৰ পৰাও বৰ্হিঃমূল্যায়কে সহযোগিতা আগবঢ়ায়।জিলাখনৰ গুণোৎসৱ -২২ৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৰাজ্যিক বিত্ত আৰু গাণনিক বিষয়া প্ৰাশ্চিত চক্ৰৱৰ্তী আৰু…
