Browsing Category

অসম

ৰাণা পগাগৰ প্ৰৱঞ্চনাত প্ৰত্যক্ষ সহযোগত তিনি দিনৰ জেৰাৰ অন্তত  গ্ৰেপ্তাৰ উপ পৰিদৰ্শক জোনমনি ৰাভা

শতাব্দ প্ৰতিনিধি,মাজুলী, ৪ জুন: প্ৰৱঞ্চক ৰানা পগাগক সহযোগিতা কৰি আৰক্ষীৰ জালত পৰা  আৰক্ষীৰ উপ-পৰিৰ্দশক জোনমনি ৰাভাক আজি তিনিটা দিনে বাৰ/তেৰ ঘন্টাকৈ চলোৱা জেৰাৰ অন্তত আজি মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উপ-পৰিৰ্দশক গৰাকীক। এছ আই জোনমনি ৰাভাৰ হবলগীয়া স্বামী ৰাণা পগাগ আৰু জোনমনি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ তিনি ব্যৱসায়ীয়ে আজিৰ পৰা প্ৰায় ২৫ টা দিনৰ পূৰ্বে গড়মূৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাণাক নগাঁৱৰ পৰা যোৱা ১৮ মে'ত মাজুলী আৰক্ষীয়ে জিম্মাত লৈ ৭ দিনৰ জেৰাৰ অন্তত যোৱা ২৭ মে'ত আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও…

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী,৪ জুন : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ আই পি আৰ চেল আৰু প্ৰতিষ্ঠানৰ উদ্ভাৱন পৰিষদে আয়োজন কৰা ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ ৪ জুনত সামৰণি পৰে। এই অনুষ্ঠানত অনুঘটক আৰু সহযোগিতা আগবঢ়ায় অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰ (পিআইচি)ই । ২৮ মে’ আৰু ৪ জুন তাৰিখে অনুষ্ঠিত হোৱা কৰ্মশালাখনত পেটেণ্টৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে, অঞ্চলটোৰ পৰা পেটেণ্ট দাখিল কৰা বৃদ্ধিৰ বাবে, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বনিয়োজন মনোভাৱক উৎসাহিত কৰাৰ বাবে অনুষ্ঠিত কৰা হয়। কৰ্মশালাৰ প্ৰথম দিনা…

নীৰৱে নবছৰে ধৰাক সেউজীয়া কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা তেজপুৰৰ বৰআটিৰ হৰি কৰুৱা

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ জুনঃ পৃথিৱীখনত যদি ভৱিষ্যতে সেউজীয়া গছ গছনিবোৰ নিঃশেষ হৈ যায় তেনেহলে তেতিয়া কি হ’ব! জীৱজন্তুবোৰ যেনেদৰে বিলুপ্ত হ’ব তেনেদৰে মানুহৰ ভৱিষ্যৎ প্ৰজন্মই বাৰু পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লগীয়া হ’ব নেকি! এনেবোৰ দুচিন্তাই খুলি খুলি খাইছিল হৰি কৰুৱা নামৰ লোকজনক। তেজপুৰ চহৰৰ নিকটৱৰ্তী কাৱৈমাৰী বৰআটি গাঁৱৰ টংকেশ্বৰ কৰুৱা আৰু প্ৰয়াত সুমিত্ৰা কৰুৱাৰ একমাত্ৰ পুত্ৰ হৰি কৰুৱাই যেতিয়াই অৰণ্য ধ্বংস আৰু সংৰক্ষিত বনাঞ্চলৰ দুৰৱস্থাৰ বিষয়ে শুনিছিল তেতিয়াই ব্যথিত হৈছিল। কিন্তু নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে অধিক মাটি…

তেজপুৰত গাঞ্জা সহ তিনি সৰবৰাহকাৰী কৰায়ত্ত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ আজি পুৱা তেজপুৰৰ আমোলাপাম অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত ১৭.৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। উল্লেখযোগ্য যে, স্থানীয় মহাভৈৰৱ আৰক্ষীয়ে বৰঘাট আৰক্ষীৰ সহযোগত চলোৱা অভিযানত নপাম সংযোগী পথৰ আমোলাপামত আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। শেহতীয়াকৈ তেজপুৰৰ লগতে শোণিতপুৰত ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ইতিমধ্যে বৰঘাট আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযানত ধাৰাবাহিক সফলতা লাভ কৰিছে। তদুপৰি,মহাভৈৰৱ আৰক্ষী চ’কী অন্তৰ্গত অঞ্চলত সম্প্ৰতি একাংশ কিশোৰ আৰু যুৱক এই…

তেজপুৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীাই বিপদ চপাই আনিছে তেজপুৰ চহৰৰ গাতে লাগি থকা গেৰেকী অঞ্চলৰ বৃহৎ অংশলৈ। আনকি প্ৰখ্যাত ভৈৰৱী দেৱালয়ৰ সমীপতে থকা হনুমান মন্দিৰো এই খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে। যোৱা প্ৰায় এটা পষেক ধৰি অব্যাহত এই গৰা খহনীয়াৰ ফলত হনুমান মন্দিৰ আৰু ভৈৰৱী দেৱালয় থকা বান্দৰদোৱা পাহাৰৰ এক বৃহৎ অংশ জাহ যোৱাত সম্প্ৰতি হনুমান মন্দিৰৰ আলহী গৃহৰ নিচেই কাষ চাপিছে ব্ৰহ্মপুত্ৰ। ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হোৱা ধাৰাষাৰ বৰষুণৰ পাছতে ফেনে ফোটোকাৰে বাঢ়ি…

অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ কাৰ্যনিবাৰ্হক সভাত ৯ গৰাকী সন্মিলনৰ আজীৱন সদস্যক প্ৰমাণ পত্ৰ প্ৰদান

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ৪ জুনঃ অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা কালি বিয়লি শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত গ্ৰহণ কৰা এক শোক প্ৰস্তাৱ মৰ্মে তেজপুৰৰ এগৰাকী সুদক্ষ মঞ্চ আৰু ভাওঁনা শিল্পী সন্মিলনৰ তেজপুৰ শাখাৰ তৰফৰ পৰা যোৱা ব’হাগ বিহুত সম্বৰ্ধিত মোহন বৰাৰ মৃত্যুত আৰু বলিউদৰ এগৰাকী জনপ্ৰিয় শিল্পী কৃষ্ণ কুমাৰ কুন্নথ ৰ লগতে জ্ঞাত-অজ্ঞাত ব্যক্তিৰ মৃত্যুত শোক প্ৰকাশ কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত নগাঁৱত অনুষ্ঠিত হৈ যোৱা ৬০ সংখ্যক অধিৱেশনত আজীৱন সদস্য…

ৰাজ্যৰ শক্তি খণ্ডত ব্যাপক সংস্কাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ৰাজ্যৰ শক্তি খণ্ডৰ ব্যাপক সংস্কাৰ সাধন হৈছে। দায়িত্বভাৰ গ্ৰহণৰ পাছতে চৰকাৰখনে শক্তি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেতবোৰ সংস্কাৰ সাধন কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বিগত এটা বছৰতেই শক্তি খণ্ডটোৰ অভ্যন্তৰীণ চেহেৰা সলনি হৈছে। নতুন চৰকাৰখন গঠনৰ বিগত এই সময়চোৱাত অভূতপূৰ্ব ৰাজহ সংগ্ৰহেৰে উন্নয়নৰ দিশলৈ গতি কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)। বছৰ বছৰ ধৰি বিদ্যুৎ মাচুল আদায় নিদিয়া গ্ৰাহকসকলক এই সময়ছোৱাৰ ভিতৰত মাচুল আদায়…

তেজপুৰৰ বৃহৎ লিচু বাগিছাখনৰ পৰা ৰসাল লিচু দেশৰ বজাৰলৈ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুন: তেজপুৰৰ ৩০বিঘাৰ অধিক মাটি সামৰি থকা লিচু বাগিছাখনত আছে ছশ জোপা লিচু গছ । বোম্বায়া, চাহী, পিয়াজী, ইলাচি, গ্ৰীণ বেদানা আৰু থলুৱা লিচুৰে ভৰি পৰিছে এইখন বাগিচা । ২০১০ত তেজপুৰৰ পৰোৱাত স্থানীয় বিশিষ্ট ব্যৱসায়ী তথা কৃষক ৰামনাৰায়ণ সিঙে আৰম্ভ কৰা এইখন লিচু বাগিচাত বৰ্তমান অতি ব্যস্ততাই বিৰাজ কৰিছে । কৰ’না কালৰ দুটা বছৰে লিচুৰ ব্যৱসায়ত যথেষ্ট আহুকালৰ বিপৰীতে এইবাৰ এইখন বাগিছাত বোম্বায়া লিচু সংখ্যাত কমকৈ লাগিছে য’দিও বজাৰলৈ ইতিমধ্যেই ওলাই গৈছে বিধে বিধে লিচু । পূৰ্বে দেশৰ বিভিন্ন অঞ্চললৈ এইখন বাগিছাৰ লিচু…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি মৃত্যুৰ ঘটনাত অভিযুক্ত চিকিৎসক নিলম্বিত

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৪ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ক'লা অধ্যায়ৰ সৃষ্টি হোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি কৰে।  যোৱা ২ জুনত কইনামাই পাটগিৰি নামৰ প্ৰসূতি মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত আজি পুৱাই চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় ৰাজাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। আজি স্বাস্থ্যমন্ত্রীজনক মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি দল-সংগঠন সমূহে ঘেৰাও কৰি ঘটনাৰ লগত জড়িত চিকিৎসক ডাঃ ত্রিনয়ন মিলিৰ বিৰুদ্ধে…

শোণিতপুৰৰ তিনিটা স্থানত ড্ৰাগছ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩জুনঃ শোণিতপুৰ আৰক্ষীয়ে আজি পৃথকে জিলাখনৰ তিনিটা স্থানত চলোৱা অভিযানত ড্ৰাগছ সহ একাধিক সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।এই অভিযানত বৰঘাট আৰক্ষীয়ে চাৰিগ্ৰাম আৰু চাৰিদুৱাৰ আৰক্ষীয়ে ১০গ্ৰাম সহ মুঠ ১৪গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে,গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কলীয়াভোমোৰা দলঙৰ দক্ষিণ দিশে চলোৱা তালাচী অভিযানত দুই ড্ৰাগছ সৰবৰাহ কাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে,এ এছ ১২ টি ৭২১২ নম্বৰৰ মটৰচাইকেলত নগাঁৱৰ দিশৰ পৰা অহি থকা তেজপুৰ চটাইচাপৰিৰ আব্দুল কাদিৰৰ পুত্ৰ ইকবাল হুছেইন(২২)…