Browsing Category
অসম
“জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু তেখেতৰ কাব্য সাধনাৰ গুৰিকথা” শীৰ্ষক বিশেষ বক্তৃতা সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোতে আজি তেজপুৰত এক বিশেষ সুৰীয়া আৰু মনোজ্ঞ অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট লেখিকা, শিক্ষাবিদ ড০ স্বাধীনতা মহন্তৰ এখন শিশু উপন্যাস "পল্লৱী" আনুষ্ঠানিক ভাবে উন্মোচিত হয়। উল্লেখ্য যে,সামাজিক, শৈক্ষিক আৰু সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান "সুদৰ্শন অসম"ৰ উদ্যোগত দৰংমহাবিদ্যালয়ৰ বিশেষ সভাকক্ষত অনুষ্ঠিত গীত-মাত আৰু কথাৰ মনোজ্ঞ অনুষ্ঠানটিত তেজপুৰৰ সামাজিক অনুষ্ঠান "অসমীয়া ক্লাব"ৰ সভাপতি, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ অৰুণা দেৱীয়ে ড০ স্বাধীনতা মহন্তৰ শিশু উপন্যাসখন উন্মোচন কৰাৰ লগতে বাণ…
তেজপুৰৰ প্ৰান্তে প্ৰান্তে বিশ্ব পৰিৱেশ দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত গছপুলি ৰোপণেৰে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰা দেখা যায়। বন বিভাগৰ লগতে বিভিন্ন শৈক্ষিক অনুষ্ঠানে আজি পুৱাই নিজ নিজ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ উপস্থিতিত গছপুলি বিতৰণৰ লগতে শিক্ষানুষ্ঠানৰ চৌহদ আৰু অন্যান প্ৰান্তত বিভিন্ন মূল্যবান গছপুলি ৰোপণেৰে ধৰণি সেউজীয়া কৰাৰ সংকল্প গ্ৰহণ কৰে। তেজপুৰ কেতেকীবাৰীৰ আছামভেলী জুনিয়ৰ কলেজত আজি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ বিজয় শইকীয়া আৰু…
শংকৰদেৱ শিশু নিকেতন এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুনঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত তথা লখিমপুৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ আজি শুভাৰম্ভ হয়। ১৯৯৮ চনত স্থাপিত শিশু নিকেতনখনৰ আজি শুভাৰম্ভ অনুষ্ঠানৰ পুৱা ৯-০০ বজাত বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰতিষ্ঠাপক সভাপতি থানেশ্বৰ বৰুৱাই। ইয়াৰ পিচতে নিকেতনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, আচাৰ্য-আচাৰ্যাৰ উপস্থিতিত মংগলধ্বনিৰ মাজেৰে অঞ্চলটোৰ পঁচিশগৰাকী বিশিষ্ট লোকৰ জৰিয়তে ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী…
পৰিৱেশ অনুকূল উন্নয়নৰ পোষকতা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ
শতাব্দ প্ৰতিনিধি,গুৱাহাটী,৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত বৈজ্ঞানিকভাৱে গাৰ্চিনিয়া আছামিকা নামেৰে জনাজাত কুজি থেকেৰাৰ এটা পুলি ৰোপণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগত চিকিৎসক, অভিযন্তা আৰু চৰকাৰী বিষয়াসহ মুঠ ১০০ গৰাকী ব্যক্তিয়ে ঔষধি গুণযুক্ত ১০০টা গছপুলি ৰোপণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ বিশ্বৰ মানৱ সমাজে 'কেৱল এখনেই পৃথিৱী' বিষয়বস্তুক লৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। এই বিশেষ…
তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ জুনঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ১৯৯৯ চনতেই গঢ়ি উঠা লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালিৰে পৰা দুদিনীয়াকৈ আয়োজিত হোৱা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত সুৰীয়া আৰু সাংগীতিক পৰিৱেশৰ মাজত জীপাল হৈ পৰিছে বাণ থিয়েটাৰ প্ৰাংগন। বাণ থিয়েটাৰৰ সদস্য, অভিনয় শিল্পী অশ্বিনী বৰাৰ বিশেষ তৎপৰতাত এনেদৰে দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে বাণ থিয়েটাৰৰ চৌহদ। এনে পৰিৱেশৰ মাজতে কালি দুপৰীয়াৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা। লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ…
লখিমপুৰত সফলতাৰে গুণোৎসৱ -২০২২ সমাপ্ত
উত্তৰ লখিমপুৰ, ৪ জুনঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আজি লখিমপুৰত সফলতাৰে সামৰণি পৰে।১জুনত জিলাখনৰ সকলো বিদ্যালয়তে স্ব-মূল্যায়ন অনুস্থিত হোৱাৰ লগতে ২,৩ আৰু ৪জুনত পৰ্যায় কমে বিদ্যালয় সমূহত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন অনুস্থিত হয়।বিদ্যালয়ৰ গুণগত মান পৰীক্ষণৰ উদ্দেশ্যে আয়োজন কৰা মূল্যায়নত বিভিন্ন বিভাগৰ পৰা মূল্যায়ক নিয়োগ কৰাৰ লগতে সমীপৱৰ্তী জিলা ধেমাজি,মাজুলী আৰু বিশ্বনাথ জিলাৰ পৰাও বৰ্হিঃমূল্যায়কে সহযোগিতা আগবঢ়ায়।জিলাখনৰ গুণোৎসৱ -২২ৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৰাজ্যিক বিত্ত আৰু গাণনিক বিষয়া প্ৰাশ্চিত চক্ৰৱৰ্তী আৰু…
ৰাণা পগাগৰ প্ৰৱঞ্চনাত প্ৰত্যক্ষ সহযোগত তিনি দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ উপ পৰিদৰ্শক জোনমনি ৰাভা
শতাব্দ প্ৰতিনিধি,মাজুলী, ৪ জুন: প্ৰৱঞ্চক ৰানা পগাগক সহযোগিতা কৰি আৰক্ষীৰ জালত পৰা আৰক্ষীৰ উপ-পৰিৰ্দশক জোনমনি ৰাভাক আজি তিনিটা দিনে বাৰ/তেৰ ঘন্টাকৈ চলোৱা জেৰাৰ অন্তত আজি মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উপ-পৰিৰ্দশক গৰাকীক। এছ আই জোনমনি ৰাভাৰ হবলগীয়া স্বামী ৰাণা পগাগ আৰু জোনমনি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ তিনি ব্যৱসায়ীয়ে আজিৰ পৰা প্ৰায় ২৫ টা দিনৰ পূৰ্বে গড়মূৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাণাক নগাঁৱৰ পৰা যোৱা ১৮ মে'ত মাজুলী আৰক্ষীয়ে জিম্মাত লৈ ৭ দিনৰ জেৰাৰ অন্তত যোৱা ২৭ মে'ত আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও…
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত
গুৱাহাটী,৪ জুন : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ আই পি আৰ চেল আৰু প্ৰতিষ্ঠানৰ উদ্ভাৱন পৰিষদে আয়োজন কৰা ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ ৪ জুনত সামৰণি পৰে। এই অনুষ্ঠানত অনুঘটক আৰু সহযোগিতা আগবঢ়ায় অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰ (পিআইচি)ই । ২৮ মে’ আৰু ৪ জুন তাৰিখে অনুষ্ঠিত হোৱা কৰ্মশালাখনত পেটেণ্টৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে, অঞ্চলটোৰ পৰা পেটেণ্ট দাখিল কৰা বৃদ্ধিৰ বাবে, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বনিয়োজন মনোভাৱক উৎসাহিত কৰাৰ বাবে অনুষ্ঠিত কৰা হয়। কৰ্মশালাৰ প্ৰথম দিনা…
নীৰৱে নবছৰে ধৰাক সেউজীয়া কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা তেজপুৰৰ বৰআটিৰ হৰি কৰুৱা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ জুনঃ পৃথিৱীখনত যদি ভৱিষ্যতে সেউজীয়া গছ গছনিবোৰ নিঃশেষ হৈ যায় তেনেহলে তেতিয়া কি হ’ব! জীৱজন্তুবোৰ যেনেদৰে বিলুপ্ত হ’ব তেনেদৰে মানুহৰ ভৱিষ্যৎ প্ৰজন্মই বাৰু পিঠিত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লগীয়া হ’ব নেকি! এনেবোৰ দুচিন্তাই খুলি খুলি খাইছিল হৰি কৰুৱা নামৰ লোকজনক। তেজপুৰ চহৰৰ নিকটৱৰ্তী কাৱৈমাৰী বৰআটি গাঁৱৰ টংকেশ্বৰ কৰুৱা আৰু প্ৰয়াত সুমিত্ৰা কৰুৱাৰ একমাত্ৰ পুত্ৰ হৰি কৰুৱাই যেতিয়াই অৰণ্য ধ্বংস আৰু সংৰক্ষিত বনাঞ্চলৰ দুৰৱস্থাৰ বিষয়ে শুনিছিল তেতিয়াই ব্যথিত হৈছিল। কিন্তু নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে অধিক মাটি…
তেজপুৰত গাঞ্জা সহ তিনি সৰবৰাহকাৰী কৰায়ত্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ আজি পুৱা তেজপুৰৰ আমোলাপাম অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত ১৭.৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। উল্লেখযোগ্য যে, স্থানীয় মহাভৈৰৱ আৰক্ষীয়ে বৰঘাট আৰক্ষীৰ সহযোগত চলোৱা অভিযানত নপাম সংযোগী পথৰ আমোলাপামত আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। শেহতীয়াকৈ তেজপুৰৰ লগতে শোণিতপুৰত ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ইতিমধ্যে বৰঘাট আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযানত ধাৰাবাহিক সফলতা লাভ কৰিছে। তদুপৰি,মহাভৈৰৱ আৰক্ষী চ’কী অন্তৰ্গত অঞ্চলত সম্প্ৰতি একাংশ কিশোৰ আৰু যুৱক এই…
