Browsing Category

অসম

বিশ্ব চাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ চাইকেল শোভাযাত্ৰা 

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰা শিলঘাটলৈ উলিওৱা চাইকেল ৰেলী আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকাৰ লগতে একাংশ অধ্যাপকেও অংশ লোৱা তেজপুৰ মহাবিদ্যালয়ৰ এই চাইকেল ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰা বিধায়ক ৰাভাই চাইকেল চালনাৰ অভ্যাসে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যেনেদৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে একেদৰে নিজৰ শৰীৰো মজবুত কৰি এগৰাকী সুস্বাস্থ্যবান ব্যক্তি হোৱাৰ পথ সূচল কৰে…

তেজপুৰত গুণোৎসৱত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ শোণিতপুৰত গুণোৎসৱৰ আজি দ্বিতীয় দিনটোত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে নিজেই বহী মূল্যায়ক অৰ্থাৎ বাহ্যিক একষ্ট্ৰাৰনেল ইভালুৱেটৰ হিচাপে অংশ গ্ৰহণ কৰিলে তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত।ৰাজ্যৰ অসমীয়া মাধ্যমৰ অন্যতম বিদ্যালয়খনৰ ৮৭৩ গৰাকী শিক্ষাৰ্থী আৰু ৩১গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগত  সমগ্ৰ দিনটো এগৰাকী শিক্ষকৰ ভূমিকাৰে পাৰ কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত মান পৰ্যবেক্ষণ কৰে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে। উল্লেখ্য যে, অসম চৰকাৰৰ বিভিন্ন বিভাগত  দক্ষতাৰে…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ১০দিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শিক্ষা বিভাগৰ উদ্যোগত যোৱা ২৩ মে’ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া যোগ  শিবিৰৰ সফল সামৰণি ঘটে।মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ পৰিচালনাত অনুষ্ঠিত হোৱা যোগ শিবিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ধনভি বৰুৱাই।কিশোৰী ধনভিৰ পৰিপক্ক প্ৰশিক্ষনে যোগ শিবিৰখনক  এক সুন্দৰ মাত্ৰা প্ৰদান কৰে। কালিৰ এই যোগশিবিৰৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই।…

লখিমপুৰত ৩৭৬ জন টেট শিক্ষক নিযুক্তিত বিসংগতি

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ৩ জুনঃ চলিত সপ্তাহত ৰাজ্য চৰকাৰৰ নিৰ্দেশত অন্যান্য জিলাৰ দৰে লখিমপুৰ জিলাতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰে। এই শিক্ষকসকলক নিযুক্তিৰ দিয়াৰ নামত লখিমপুৰৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ব্যাপক বিসংগতিৰ সৃষ্টি হৈছে। যাৰ বাবে এতিয়া ৩০৬জন কৈ ঠিকাভিত্তিক নিযুক্ত শিক্ষক বিভ্রান্তিত পৰিব লগা হৈছে। একেটা পদত একাধিক শিক্ষকক নিযুক্তি দিয়াৰ ফলত একাংশ ঠিকাভিত্তিক শিক্ষকৰ মাজত বিভ্রান্তি সৃষ্টি হৈছে। উল্লেখ্য যে চলিত সপ্তাহত লখিমপুৰতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰাৰ পিছত…

দিনজান বায়ুসেনা ছাউনিৰ আশেপাশে নিষিদ্ধ ড্ৰোন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ জুনঃ দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ দেৱালৰ বাহিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৰসিং পৱাৰে আজি এক নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তিনিচুকীয়া জিলাৰ অন্তৰ্গত দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ পৰিধিৰ দেৱালৰ বাহিৰৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা ’ন’ ড্ৰোন জ’ন’ হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে দিনজান বায়ুসেনা ছাউনিৰ মুখ্য প্ৰশাসনিক বিষয়া গ্ৰুপ কেপ্টেইন লভজিৎ কৌৰে নিৰাপত্তাজনিত কাৰণত যোৱা ৪ মাৰ্চত এক পত্ৰযোগে…

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ বিষয়ে কৰ্মশালা 

গুৱাহাটী,৩ জুনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে  কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২১,২২ আৰু ২৩ জুলাইত শংকৰী সংস্কৃতিত শুদ্ধ ৰূপত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হৈছে।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদেও এই কৰ্মশালাত সহযোগিতা আগবঢ়াব। উক্ত কৰ্মশালাত ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ…

তেজপুৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত অনিয়মীয়া উপস্থিতি

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২জুনঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় তথা চতুৰ্থ শ্ৰেণীকে ধৰি মুঠ ২৬ হাজাৰ ৪৪১টা পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে আবেদন আহ্বান জনোৱাৰ লগে লগে নিবনুৱাৰে ভৰি থকা ৰাজ্যখনৰ বহু সংখ্যক নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হৈছে।শেহতীয়াকৈ এই প্ৰ-পত্ৰ দাখিলৰ সময় পূৰ্বৰ নিৰ্ধাৰিত তাৰিখৰ বিপৰীতে এসপ্তাহ বৃদ্ধি কৰাৰ লগতে চৰকাৰে শনি আৰু দেওবাৰেও নিয়োগ বিনিময় কেন্দ্ৰ সমূহ খোলা ৰখাৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে, বৃহৎ সংখ্যক প্ৰ-পত্ৰ দাখিলৰ এই অনলাইন প্ৰক্ৰিয়াত মাজে মাজে চাৰ্ভাৰ ডাউন হোৱাত এক সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে আধাৰ…

ক’ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ কৰ'ণা মহামাৰীৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰি ধনী হৈছিল।–এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ। বৃহস্পতিবাৰে দলৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পি পি ই কিট কেলেংকাৰীক লৈ সৰৱ হৈ পৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষতে গৰ্ভাৱতী মহিলাৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ জুনঃ লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতালত আজি এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত চেপা উত্তেজনাৰ সৃষ্টি হয়। হাস্পতাল কর্তৃপক্ষৰ হেমাহীৰ বাবেই এগৰাকী প্রসূতি মহিলাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত মহিলাগৰাকীৰ স্বামী প্ৰাণে পাটগিৰিয়ে এজাহাৰ দাখিল কৰাৰ পিছত জিলা উপায়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। আজি এই ঘটনা সংঘটিত হয় দিনৰ প্ৰায় ১.৩০ বজাত। এজাহাৰকাৰী তথা বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ৰঙামুৰী নিবাসী প্রাণে পাটগিৰিয়ে আজি উত্তৰ লখিমপুৰ সদৰ…

 এ পি এছ চি কেলেংকাৰি অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। আনহাতে ৰাজ্যপালে পৰীক্ষাত হোৱা কেলেংকাৰি সন্দৰ্ভত বিচাৰৰ বাবে নিয়োজিত বিশেষ ৰাজহুৱা অধিবক্তা প্ৰদ্যুত কুমাৰ বৰাক তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ মুকলি কৰি দি সকাহ দিছে। ইপিনে পল্লৱ কটকীক সহায়ৰ বাবে অধিবক্তা পংকজ প্ৰতীম দত্ত আৰু সমুদ্ৰগুপ্ত দত্তক অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। উল্লেখ যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৪ চনৰ…