Browsing Category

অসম

তেজপুৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুনঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীাই বিপদ চপাই আনিছে তেজপুৰ চহৰৰ গাতে লাগি থকা গেৰেকী অঞ্চলৰ বৃহৎ অংশলৈ। আনকি প্ৰখ্যাত ভৈৰৱী দেৱালয়ৰ সমীপতে থকা হনুমান মন্দিৰো এই খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে। যোৱা প্ৰায় এটা পষেক ধৰি অব্যাহত এই গৰা খহনীয়াৰ ফলত হনুমান মন্দিৰ আৰু ভৈৰৱী দেৱালয় থকা বান্দৰদোৱা পাহাৰৰ এক বৃহৎ অংশ জাহ যোৱাত সম্প্ৰতি হনুমান মন্দিৰৰ আলহী গৃহৰ নিচেই কাষ চাপিছে ব্ৰহ্মপুত্ৰ। ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হোৱা ধাৰাষাৰ বৰষুণৰ পাছতে ফেনে ফোটোকাৰে বাঢ়ি…

অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ কাৰ্যনিবাৰ্হক সভাত ৯ গৰাকী সন্মিলনৰ আজীৱন সদস্যক প্ৰমাণ পত্ৰ প্ৰদান

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ৪ জুনঃ অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা কালি বিয়লি শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত গ্ৰহণ কৰা এক শোক প্ৰস্তাৱ মৰ্মে তেজপুৰৰ এগৰাকী সুদক্ষ মঞ্চ আৰু ভাওঁনা শিল্পী সন্মিলনৰ তেজপুৰ শাখাৰ তৰফৰ পৰা যোৱা ব’হাগ বিহুত সম্বৰ্ধিত মোহন বৰাৰ মৃত্যুত আৰু বলিউদৰ এগৰাকী জনপ্ৰিয় শিল্পী কৃষ্ণ কুমাৰ কুন্নথ ৰ লগতে জ্ঞাত-অজ্ঞাত ব্যক্তিৰ মৃত্যুত শোক প্ৰকাশ কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত নগাঁৱত অনুষ্ঠিত হৈ যোৱা ৬০ সংখ্যক অধিৱেশনত আজীৱন সদস্য…

ৰাজ্যৰ শক্তি খণ্ডত ব্যাপক সংস্কাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ৰাজ্যৰ শক্তি খণ্ডৰ ব্যাপক সংস্কাৰ সাধন হৈছে। দায়িত্বভাৰ গ্ৰহণৰ পাছতে চৰকাৰখনে শক্তি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেতবোৰ সংস্কাৰ সাধন কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বিগত এটা বছৰতেই শক্তি খণ্ডটোৰ অভ্যন্তৰীণ চেহেৰা সলনি হৈছে। নতুন চৰকাৰখন গঠনৰ বিগত এই সময়চোৱাত অভূতপূৰ্ব ৰাজহ সংগ্ৰহেৰে উন্নয়নৰ দিশলৈ গতি কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)। বছৰ বছৰ ধৰি বিদ্যুৎ মাচুল আদায় নিদিয়া গ্ৰাহকসকলক এই সময়ছোৱাৰ ভিতৰত মাচুল আদায়…

তেজপুৰৰ বৃহৎ লিচু বাগিছাখনৰ পৰা ৰসাল লিচু দেশৰ বজাৰলৈ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুন: তেজপুৰৰ ৩০বিঘাৰ অধিক মাটি সামৰি থকা লিচু বাগিছাখনত আছে ছশ জোপা লিচু গছ । বোম্বায়া, চাহী, পিয়াজী, ইলাচি, গ্ৰীণ বেদানা আৰু থলুৱা লিচুৰে ভৰি পৰিছে এইখন বাগিচা । ২০১০ত তেজপুৰৰ পৰোৱাত স্থানীয় বিশিষ্ট ব্যৱসায়ী তথা কৃষক ৰামনাৰায়ণ সিঙে আৰম্ভ কৰা এইখন লিচু বাগিচাত বৰ্তমান অতি ব্যস্ততাই বিৰাজ কৰিছে । কৰ’না কালৰ দুটা বছৰে লিচুৰ ব্যৱসায়ত যথেষ্ট আহুকালৰ বিপৰীতে এইবাৰ এইখন বাগিছাত বোম্বায়া লিচু সংখ্যাত কমকৈ লাগিছে য’দিও বজাৰলৈ ইতিমধ্যেই ওলাই গৈছে বিধে বিধে লিচু । পূৰ্বে দেশৰ বিভিন্ন অঞ্চললৈ এইখন বাগিছাৰ লিচু…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি মৃত্যুৰ ঘটনাত অভিযুক্ত চিকিৎসক নিলম্বিত

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৪ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ক'লা অধ্যায়ৰ সৃষ্টি হোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি কৰে।  যোৱা ২ জুনত কইনামাই পাটগিৰি নামৰ প্ৰসূতি মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত আজি পুৱাই চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় ৰাজাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। আজি স্বাস্থ্যমন্ত্রীজনক মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি দল-সংগঠন সমূহে ঘেৰাও কৰি ঘটনাৰ লগত জড়িত চিকিৎসক ডাঃ ত্রিনয়ন মিলিৰ বিৰুদ্ধে…

শোণিতপুৰৰ তিনিটা স্থানত ড্ৰাগছ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩জুনঃ শোণিতপুৰ আৰক্ষীয়ে আজি পৃথকে জিলাখনৰ তিনিটা স্থানত চলোৱা অভিযানত ড্ৰাগছ সহ একাধিক সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।এই অভিযানত বৰঘাট আৰক্ষীয়ে চাৰিগ্ৰাম আৰু চাৰিদুৱাৰ আৰক্ষীয়ে ১০গ্ৰাম সহ মুঠ ১৪গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে,গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কলীয়াভোমোৰা দলঙৰ দক্ষিণ দিশে চলোৱা তালাচী অভিযানত দুই ড্ৰাগছ সৰবৰাহ কাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে,এ এছ ১২ টি ৭২১২ নম্বৰৰ মটৰচাইকেলত নগাঁৱৰ দিশৰ পৰা অহি থকা তেজপুৰ চটাইচাপৰিৰ আব্দুল কাদিৰৰ পুত্ৰ ইকবাল হুছেইন(২২)…

বিশ্ব চাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ চাইকেল শোভাযাত্ৰা 

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰা শিলঘাটলৈ উলিওৱা চাইকেল ৰেলী আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকাৰ লগতে একাংশ অধ্যাপকেও অংশ লোৱা তেজপুৰ মহাবিদ্যালয়ৰ এই চাইকেল ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰা বিধায়ক ৰাভাই চাইকেল চালনাৰ অভ্যাসে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যেনেদৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে একেদৰে নিজৰ শৰীৰো মজবুত কৰি এগৰাকী সুস্বাস্থ্যবান ব্যক্তি হোৱাৰ পথ সূচল কৰে…

তেজপুৰত গুণোৎসৱত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ শোণিতপুৰত গুণোৎসৱৰ আজি দ্বিতীয় দিনটোত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে নিজেই বহী মূল্যায়ক অৰ্থাৎ বাহ্যিক একষ্ট্ৰাৰনেল ইভালুৱেটৰ হিচাপে অংশ গ্ৰহণ কৰিলে তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত।ৰাজ্যৰ অসমীয়া মাধ্যমৰ অন্যতম বিদ্যালয়খনৰ ৮৭৩ গৰাকী শিক্ষাৰ্থী আৰু ৩১গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগত  সমগ্ৰ দিনটো এগৰাকী শিক্ষকৰ ভূমিকাৰে পাৰ কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত মান পৰ্যবেক্ষণ কৰে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে। উল্লেখ্য যে, অসম চৰকাৰৰ বিভিন্ন বিভাগত  দক্ষতাৰে…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ১০দিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শিক্ষা বিভাগৰ উদ্যোগত যোৱা ২৩ মে’ৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া যোগ  শিবিৰৰ সফল সামৰণি ঘটে।মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়িকা বৰ্ণালী দেৱীৰ পৰিচালনাত অনুষ্ঠিত হোৱা যোগ শিবিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ধনভি বৰুৱাই।কিশোৰী ধনভিৰ পৰিপক্ক প্ৰশিক্ষনে যোগ শিবিৰখনক  এক সুন্দৰ মাত্ৰা প্ৰদান কৰে। কালিৰ এই যোগশিবিৰৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই।…

লখিমপুৰত ৩৭৬ জন টেট শিক্ষক নিযুক্তিত বিসংগতি

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ৩ জুনঃ চলিত সপ্তাহত ৰাজ্য চৰকাৰৰ নিৰ্দেশত অন্যান্য জিলাৰ দৰে লখিমপুৰ জিলাতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰে। এই শিক্ষকসকলক নিযুক্তিৰ দিয়াৰ নামত লখিমপুৰৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ব্যাপক বিসংগতিৰ সৃষ্টি হৈছে। যাৰ বাবে এতিয়া ৩০৬জন কৈ ঠিকাভিত্তিক নিযুক্ত শিক্ষক বিভ্রান্তিত পৰিব লগা হৈছে। একেটা পদত একাধিক শিক্ষকক নিযুক্তি দিয়াৰ ফলত একাংশ ঠিকাভিত্তিক শিক্ষকৰ মাজত বিভ্রান্তি সৃষ্টি হৈছে। উল্লেখ্য যে চলিত সপ্তাহত লখিমপুৰতো ৩৭৬ জন হাইস্কুল টেট্ শিক্ষকে নিযুক্তি লাভ কৰাৰ পিছত…