Browsing Category

অসম

দিনজান বায়ুসেনা ছাউনিৰ আশেপাশে নিষিদ্ধ ড্ৰোন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ জুনঃ দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ দেৱালৰ বাহিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৰসিং পৱাৰে আজি এক নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তিনিচুকীয়া জিলাৰ অন্তৰ্গত দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ পৰিধিৰ দেৱালৰ বাহিৰৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা ’ন’ ড্ৰোন জ’ন’ হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে দিনজান বায়ুসেনা ছাউনিৰ মুখ্য প্ৰশাসনিক বিষয়া গ্ৰুপ কেপ্টেইন লভজিৎ কৌৰে নিৰাপত্তাজনিত কাৰণত যোৱা ৪ মাৰ্চত এক পত্ৰযোগে…

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ বিষয়ে কৰ্মশালা 

গুৱাহাটী,৩ জুনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে  কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২১,২২ আৰু ২৩ জুলাইত শংকৰী সংস্কৃতিত শুদ্ধ ৰূপত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হৈছে।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদেও এই কৰ্মশালাত সহযোগিতা আগবঢ়াব। উক্ত কৰ্মশালাত ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ…

তেজপুৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত অনিয়মীয়া উপস্থিতি

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২জুনঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় তথা চতুৰ্থ শ্ৰেণীকে ধৰি মুঠ ২৬ হাজাৰ ৪৪১টা পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে আবেদন আহ্বান জনোৱাৰ লগে লগে নিবনুৱাৰে ভৰি থকা ৰাজ্যখনৰ বহু সংখ্যক নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হৈছে।শেহতীয়াকৈ এই প্ৰ-পত্ৰ দাখিলৰ সময় পূৰ্বৰ নিৰ্ধাৰিত তাৰিখৰ বিপৰীতে এসপ্তাহ বৃদ্ধি কৰাৰ লগতে চৰকাৰে শনি আৰু দেওবাৰেও নিয়োগ বিনিময় কেন্দ্ৰ সমূহ খোলা ৰখাৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে, বৃহৎ সংখ্যক প্ৰ-পত্ৰ দাখিলৰ এই অনলাইন প্ৰক্ৰিয়াত মাজে মাজে চাৰ্ভাৰ ডাউন হোৱাত এক সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে আধাৰ…

ক’ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ কৰ'ণা মহামাৰীৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰি ধনী হৈছিল।–এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ। বৃহস্পতিবাৰে দলৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পি পি ই কিট কেলেংকাৰীক লৈ সৰৱ হৈ পৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষতে গৰ্ভাৱতী মহিলাৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ জুনঃ লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতালত আজি এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত চেপা উত্তেজনাৰ সৃষ্টি হয়। হাস্পতাল কর্তৃপক্ষৰ হেমাহীৰ বাবেই এগৰাকী প্রসূতি মহিলাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ থানাত মহিলাগৰাকীৰ স্বামী প্ৰাণে পাটগিৰিয়ে এজাহাৰ দাখিল কৰাৰ পিছত জিলা উপায়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। আজি এই ঘটনা সংঘটিত হয় দিনৰ প্ৰায় ১.৩০ বজাত। এজাহাৰকাৰী তথা বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ৰঙামুৰী নিবাসী প্রাণে পাটগিৰিয়ে আজি উত্তৰ লখিমপুৰ সদৰ…

 এ পি এছ চি কেলেংকাৰি অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। আনহাতে ৰাজ্যপালে পৰীক্ষাত হোৱা কেলেংকাৰি সন্দৰ্ভত বিচাৰৰ বাবে নিয়োজিত বিশেষ ৰাজহুৱা অধিবক্তা প্ৰদ্যুত কুমাৰ বৰাক তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ মুকলি কৰি দি সকাহ দিছে। ইপিনে পল্লৱ কটকীক সহায়ৰ বাবে অধিবক্তা পংকজ প্ৰতীম দত্ত আৰু সমুদ্ৰগুপ্ত দত্তক অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। উল্লেখ যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৪ চনৰ…

শোণিতপুৰৰ ১১৬৮খন বিদ্যালয়ৰ গুণোৎসৱত ১,৪৩,১০৮ গৰাকী অৱতীৰ্ণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে কালিৰে পৰা শোণিতপুৰ জিলাতো ১১৬৮খন বিদ্যালয়ৰ ১,৪৩,১০৮গৰাকী শিক্ষাৰ্থীয়ে বাহ্যিক মূল্যায়নেৰে অৱতীৰ্ণ হৈছে । জিলাখনত ৪ জুনলৈকে আয়োজিত এই গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ আজিৰ দিনটোত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ তেজপুৰৰ অন্যতম ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয় "কাৰ মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ত বিশেষ বাহ্যিক বহী মূল্যায়ক হিচাপে  উপস্থিত থাকে।কণ কণ শিক্ষাৰ্থীসকলে আকৰ্ষণীয়ভাবে পৰিৱেশন কৰা বিদ্যালয়খনৰ প্ৰাৰ্থনা সভাতো উপায়ুক্ত গৰাকী উপস্থিত…

অসমৰ ওচৰ চাপিল ঢাকা

শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুন : আমাৰ নিচেই কাষতে থকা 'বিদেশ' বাংলাদেশলৈ ভ্ৰমণৰ বাবে যোৱাৰ ইচ্ছা আপোনাৰ আছে নেকি ? অসমৰ লোকসকলৰ বাবেও সুখবৰ যে, কালিৰে পৰা নিউ জলপাইগুৰি আৰু বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজত এখন নিয়মীয়া ৰে'লগাড়ীৰ চলাচল আৰম্ভ হৈছে। অসমৰ লোকসকলে এতিয়ালৈকে ঢাকালৈ যাবৰ বাবে হয় কলকাতাৰ পৰা বিমান, ৰে'ল বা বাছেৰে নতুবা আগৰতলাৰ পৰা বাছেৰে যাত্ৰা কৰি আছিল। অসমৰ লোকসকলৰ বাবে এই দুয়োটা ব্যৱস্থাই খৰছী আৰু অতিৰিক্ত সময়ৰ আৱশ্যক। কিন্তু অসমৰ লোকসকলে সহজেই ইয়াৰ পৰা ৰে'লেৰে নিউ জলপাইগুৰিলৈ গৈ নতুনকৈ প্ৰৱৰ্তন কৰা 'মিতালী…

তেজপুৰৰ এখন বাঁহনি, এজাক বগলী আৰু এজন যুৱক…

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২জুন: তেজপুৰৰ বিভিন্ন অঞ্চলত পূৰ্বে এই সময়ত দেখা পোৱা গৈছিল জাক জাক বগলী। বিভিন্ন অঞ্চলৰ বাঁহনিত জাকে জাকে বগলীয়ে আশ্ৰয় লৈ এই সময়চোৱাতে পোৱালী জগাই ডাঙৰ কৰাটো এক সহজলভ্য দৃশ্য আছিল। কিন্তু এতিয়া তেজপুৰৰ নিৰ্দিষ্ট দুটামান অঞ্চলতহে এনে কিছু বগলীৰ বাঁহ দেখিবলৈ পোৱা যায়। এনে পৰিৱেশৰ মাজতে বিগত পাঁচ বছৰে ডেকাৰগাঁও পশ্চিম পথাৰৰ এডৰা বাঁহনিলৈ নিৰ্দিষ্ট সময়ত আহি ইয়াতে বাঁহ সাজি পোৱালী জগাই তথা ডাঙৰ কৰে এই বগলী জাকে। তেজপুৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ পথাৰত থকা এই বাঁহনিখন বগলীৰ লগতে পানী…

পাণ্ডিত্য, গাম্ভীৰ্যৰে মহীয়ান তিনিচুকীয়াৰ বীৰেন শৰ্মাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন শৰ্মাৰ মঙ্গলবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৮৩ বছৰ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকজনক কালি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকাৰ পথতে তেখেতৰ দেহাৱসান ঘটে । উল্লেখ্য যে নগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত বীৰেন শৰ্মাই নিজ জন্মস্থানতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংক শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । কিছুদিনৰ…