Browsing Category

অসম

শোণিতপুৰৰ ১১৬৮খন বিদ্যালয়ৰ গুণোৎসৱত ১,৪৩,১০৮ গৰাকী অৱতীৰ্ণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে কালিৰে পৰা শোণিতপুৰ জিলাতো ১১৬৮খন বিদ্যালয়ৰ ১,৪৩,১০৮গৰাকী শিক্ষাৰ্থীয়ে বাহ্যিক মূল্যায়নেৰে অৱতীৰ্ণ হৈছে । জিলাখনত ৪ জুনলৈকে আয়োজিত এই গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ আজিৰ দিনটোত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ তেজপুৰৰ অন্যতম ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয় "কাৰ মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ত বিশেষ বাহ্যিক বহী মূল্যায়ক হিচাপে  উপস্থিত থাকে।কণ কণ শিক্ষাৰ্থীসকলে আকৰ্ষণীয়ভাবে পৰিৱেশন কৰা বিদ্যালয়খনৰ প্ৰাৰ্থনা সভাতো উপায়ুক্ত গৰাকী উপস্থিত…

অসমৰ ওচৰ চাপিল ঢাকা

শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুন : আমাৰ নিচেই কাষতে থকা 'বিদেশ' বাংলাদেশলৈ ভ্ৰমণৰ বাবে যোৱাৰ ইচ্ছা আপোনাৰ আছে নেকি ? অসমৰ লোকসকলৰ বাবেও সুখবৰ যে, কালিৰে পৰা নিউ জলপাইগুৰি আৰু বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজত এখন নিয়মীয়া ৰে'লগাড়ীৰ চলাচল আৰম্ভ হৈছে। অসমৰ লোকসকলে এতিয়ালৈকে ঢাকালৈ যাবৰ বাবে হয় কলকাতাৰ পৰা বিমান, ৰে'ল বা বাছেৰে নতুবা আগৰতলাৰ পৰা বাছেৰে যাত্ৰা কৰি আছিল। অসমৰ লোকসকলৰ বাবে এই দুয়োটা ব্যৱস্থাই খৰছী আৰু অতিৰিক্ত সময়ৰ আৱশ্যক। কিন্তু অসমৰ লোকসকলে সহজেই ইয়াৰ পৰা ৰে'লেৰে নিউ জলপাইগুৰিলৈ গৈ নতুনকৈ প্ৰৱৰ্তন কৰা 'মিতালী…

তেজপুৰৰ এখন বাঁহনি, এজাক বগলী আৰু এজন যুৱক…

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২জুন: তেজপুৰৰ বিভিন্ন অঞ্চলত পূৰ্বে এই সময়ত দেখা পোৱা গৈছিল জাক জাক বগলী। বিভিন্ন অঞ্চলৰ বাঁহনিত জাকে জাকে বগলীয়ে আশ্ৰয় লৈ এই সময়চোৱাতে পোৱালী জগাই ডাঙৰ কৰাটো এক সহজলভ্য দৃশ্য আছিল। কিন্তু এতিয়া তেজপুৰৰ নিৰ্দিষ্ট দুটামান অঞ্চলতহে এনে কিছু বগলীৰ বাঁহ দেখিবলৈ পোৱা যায়। এনে পৰিৱেশৰ মাজতে বিগত পাঁচ বছৰে ডেকাৰগাঁও পশ্চিম পথাৰৰ এডৰা বাঁহনিলৈ নিৰ্দিষ্ট সময়ত আহি ইয়াতে বাঁহ সাজি পোৱালী জগাই তথা ডাঙৰ কৰে এই বগলী জাকে। তেজপুৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ পথাৰত থকা এই বাঁহনিখন বগলীৰ লগতে পানী…

পাণ্ডিত্য, গাম্ভীৰ্যৰে মহীয়ান তিনিচুকীয়াৰ বীৰেন শৰ্মাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন শৰ্মাৰ মঙ্গলবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৮৩ বছৰ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকজনক কালি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকাৰ পথতে তেখেতৰ দেহাৱসান ঘটে । উল্লেখ্য যে নগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত বীৰেন শৰ্মাই নিজ জন্মস্থানতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংক শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । কিছুদিনৰ…

টাঞ্জানিয়ালৈ যাব লগা আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা 

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১ জুন : ৱৰ্ল্ড বক্সিং কাউন্সিল আৰু এচিয়ান বক্সিং কাউঞ্চিলৰ অধীনত নতুন দিল্লী আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰফেশ্যনেল বক্সিংৰ দুখনকৈ খেলত বিজয় সাব্যস্ত কৰি আফ্ৰিকা মহাদেশৰ টাঞ্জানিয়াত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সিংত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন কৰা যোৰহাট তথা অসমৰ গৌৰৱ অভিজিত বৰুৱাই আজি যোৰহাট আৱৰ্ত্ত ভৱনত ক্ৰীড়া মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ক্ৰীড়া মন্ত্ৰী বিমল বৰাই বক্সাৰ অভিজিত বৰুৱাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰি বিদেশত অনুষ্ঠিত হ'ব লগা আগন্তুক খেলখনৰ বাবে…

দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষস্থানত  আন এগৰাকী অসম সন্তান

 কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ ,১ জুন:কেন্দ্রীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই গৰাকী আই পি এছ বিষয়া হল এছ,এল,থাউছেন। তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰ্তমানৰ ডিমা হাচাও জিলাৰ পৰা ১৯৮৮ চনত মধ্যপ্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল।তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে থাউছেনে।বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীৰ (বিএচ এফৰ) বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সীমান্ত সুৰক্ষাৰ বাহিনীৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত…

ৰে’লযাত্ৰী দুই মহিলাৰ জিম্মাত ৩.৫০ কোটিৰ ব্ৰাউন চুগাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : গুৱাহাটীৰ কামাখ্যা পৰা তিনিচুকীয়াৰ লিডু অভিমুখে অহা ১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু এক্সপ্ৰেছত অভিযান চলাই আজি ৰে’ল আৰক্ষীৰ বিশেষ বাহিনীয়ে দুগৰাকী মহিলাৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । মহিলা দুগৰাকীয়ে নিজকে ডিমাপুৰৰ শোভা চক্ৰৱৰ্তী আৰু ঝুমী বুলি পৰিচয় দিছে । তেওঁলোকে ৩০ টা কণ্টেইনাৰত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল। জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ৩ কোটি ৫০ লাখ টকা বুলি প্ৰকাশ । ধৃত মহিলা দুগৰাকীয়ে ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ পৰা দুলীয়াজানলৈ বুলি কঢ়িয়াই…

পদ্মশ্ৰী য়েচে দৰজে ঠংচিলৈ সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেই দাই বঁটা প্ৰদান

অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰাৰ সময়ত মই অসমীয়া সাহিত্য চৰ্চা কৰিছিলোঁ --ঠংচিমনোজ কুমাৰ শইকীয়া, তেজপুৰ, ১ জুনঃ যিটো সময়ত অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰি দিছিল সেই সময়ত মই অসমীয়া ভাষা চৰ্চা কৰিছিলো। লিখিবলৈ লৈছিলো। তাপাম তাৰ্কী হৈছে অৰুণাচলৰ প্ৰথম অসমীয়া লেখক । অৰুণাচলত অসমীয়া ভাষা বন্ধ হোৱাৰ কাৰণ হল চৰকাৰী ভাবে অসমীয়া ভাষা বন্ধ কৰাৰ বাবে। মানুহে ভাবিলে অসমীয়া লিখি, শিকি কি কাম হব। কিন্তু পদ্মশ্ৰী লুম্মেই দায়ে অসমীয়া ভাষালৈ বৃহৎ অবদান দি গৈছে। এই ভাষ্য অৰুণাচলৰ বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী য়েচে দৰজে ঠংচিৰ। আজি মঙলদৈ জিলা…

উৎকোচ লওতেই ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেবাশিষ দাস

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ জুনঃ পুনৰ উৎকোচ লৈ ধৰা পৰিল এজন কনিষ্ঠ অভিযন্তা। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি গ্ৰেপ্তাৰ হয় দেবাশিষ দাস নামৰ এজন কনিষ্ঠ অভিযন্তা। উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে পৌৰ প্ৰশাসন কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ অভিযন্তাজন। দিছপুৰস্থিত অসম পৌৰ প্ৰশাসন সঞ্চালকৰ কাৰ্যালয়ত ২৫ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত কনিষ্ঠ অভিযন্তাজনক গ্ৰেপ্তাৰ কৰা হয় বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে। উত্থাপিত অভিযোগ অনুসৰি তেজপুৰৰ কৃৰ্তিকমল তামুলী নামৰ এজন ঠিকাদাৰৰ…

লখিমপুৰত ভাৰতীয় শিক্ষণ মণ্ডলৰ গোট গঠন

উত্তৰ লখিমপুৰ, ৩১ মেঃ যোৱা ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট অলপতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই আৰু ভাৰতীয় শিক্ষণ মণ্ডলৰ ফালৰ পৰা সভাত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ তথা বিশ্ববিদ্যালয় শিক্ষণ মণ্ডল গোটৰ সভাপতি ড° হৰিপ্ৰসাদ শৰ্মাৰ লগতে ভাৰতীয় শিক্ষণ মণ্ডল ,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰয়। ভাৰতীয় শিক্ষণ…