Browsing Category
অসম
টাঞ্জানিয়ালৈ যাব লগা আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১ জুন : ৱৰ্ল্ড বক্সিং কাউন্সিল আৰু এচিয়ান বক্সিং কাউঞ্চিলৰ অধীনত নতুন দিল্লী আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰফেশ্যনেল বক্সিংৰ দুখনকৈ খেলত বিজয় সাব্যস্ত কৰি আফ্ৰিকা মহাদেশৰ টাঞ্জানিয়াত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সিংত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন কৰা যোৰহাট তথা অসমৰ গৌৰৱ অভিজিত বৰুৱাই আজি যোৰহাট আৱৰ্ত্ত ভৱনত ক্ৰীড়া মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ক্ৰীড়া মন্ত্ৰী বিমল বৰাই বক্সাৰ অভিজিত বৰুৱাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰি বিদেশত অনুষ্ঠিত হ'ব লগা আগন্তুক খেলখনৰ বাবে…
দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষস্থানত আন এগৰাকী অসম সন্তান
কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ ,১ জুন:কেন্দ্রীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই গৰাকী আই পি এছ বিষয়া হল এছ,এল,থাউছেন। তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰ্তমানৰ ডিমা হাচাও জিলাৰ পৰা ১৯৮৮ চনত মধ্যপ্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল।তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে থাউছেনে।বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীৰ (বিএচ এফৰ) বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সীমান্ত সুৰক্ষাৰ বাহিনীৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত…
ৰে’লযাত্ৰী দুই মহিলাৰ জিম্মাত ৩.৫০ কোটিৰ ব্ৰাউন চুগাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : গুৱাহাটীৰ কামাখ্যা পৰা তিনিচুকীয়াৰ লিডু অভিমুখে অহা ১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু এক্সপ্ৰেছত অভিযান চলাই আজি ৰে’ল আৰক্ষীৰ বিশেষ বাহিনীয়ে দুগৰাকী মহিলাৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । মহিলা দুগৰাকীয়ে নিজকে ডিমাপুৰৰ শোভা চক্ৰৱৰ্তী আৰু ঝুমী বুলি পৰিচয় দিছে । তেওঁলোকে ৩০ টা কণ্টেইনাৰত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল। জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ৩ কোটি ৫০ লাখ টকা বুলি প্ৰকাশ । ধৃত মহিলা দুগৰাকীয়ে ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ পৰা দুলীয়াজানলৈ বুলি কঢ়িয়াই…
পদ্মশ্ৰী য়েচে দৰজে ঠংচিলৈ সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেই দাই বঁটা প্ৰদান
অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰাৰ সময়ত মই অসমীয়া সাহিত্য চৰ্চা কৰিছিলোঁ --ঠংচিমনোজ কুমাৰ শইকীয়া, তেজপুৰ, ১ জুনঃ যিটো সময়ত অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰি দিছিল সেই সময়ত মই অসমীয়া ভাষা চৰ্চা কৰিছিলো। লিখিবলৈ লৈছিলো। তাপাম তাৰ্কী হৈছে অৰুণাচলৰ প্ৰথম অসমীয়া লেখক । অৰুণাচলত অসমীয়া ভাষা বন্ধ হোৱাৰ কাৰণ হল চৰকাৰী ভাবে অসমীয়া ভাষা বন্ধ কৰাৰ বাবে। মানুহে ভাবিলে অসমীয়া লিখি, শিকি কি কাম হব। কিন্তু পদ্মশ্ৰী লুম্মেই দায়ে অসমীয়া ভাষালৈ বৃহৎ অবদান দি গৈছে। এই ভাষ্য অৰুণাচলৰ বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী য়েচে দৰজে ঠংচিৰ। আজি মঙলদৈ জিলা…
উৎকোচ লওতেই ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেবাশিষ দাস
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ জুনঃ পুনৰ উৎকোচ লৈ ধৰা পৰিল এজন কনিষ্ঠ অভিযন্তা। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি গ্ৰেপ্তাৰ হয় দেবাশিষ দাস নামৰ এজন কনিষ্ঠ অভিযন্তা। উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে পৌৰ প্ৰশাসন কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ অভিযন্তাজন। দিছপুৰস্থিত অসম পৌৰ প্ৰশাসন সঞ্চালকৰ কাৰ্যালয়ত ২৫ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত কনিষ্ঠ অভিযন্তাজনক গ্ৰেপ্তাৰ কৰা হয় বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে। উত্থাপিত অভিযোগ অনুসৰি তেজপুৰৰ কৃৰ্তিকমল তামুলী নামৰ এজন ঠিকাদাৰৰ…
লখিমপুৰত ভাৰতীয় শিক্ষণ মণ্ডলৰ গোট গঠন
উত্তৰ লখিমপুৰ, ৩১ মেঃ যোৱা ৫০ বছৰতকৈ অধিককাল শিক্ষাক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় শিক্ষণ মণ্ডলৰ এটি গোট অলপতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাৰ জৰিয়তে গঠিত হয়। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উক্ত বৈঠকত পৌৰোহিত্য কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই আৰু ভাৰতীয় শিক্ষণ মণ্ডলৰ ফালৰ পৰা সভাত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ তথা বিশ্ববিদ্যালয় শিক্ষণ মণ্ডল গোটৰ সভাপতি ড° হৰিপ্ৰসাদ শৰ্মাৰ লগতে ভাৰতীয় শিক্ষণ মণ্ডল ,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰয়। ভাৰতীয় শিক্ষণ…
মাৰ্ঘেৰিটাত চাহ শ্রমিকৰ জলন্ত সমস্যা সমাধানৰ দাবীত আটছাৰ ধৰ্ণা
শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৩১ মেঃ আটছাৰ মাৰ্ঘেৰিটা শাখা আৰু চাহ জনজাতি মহিলা সমিতিৰ যুটীয়া উদ্যোগত আজি মাৰ্ঘেৰিটাত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে | চাহ শ্রমিক সকলৰ জলন্ত সমস্যা সমূহৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটা চাহ বাগিচাত ৰূপায়ন কৰে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী | পুৱা সাত বজাৰ পৰা আৰম্ভ কৰা প্রতিবাদী কাৰ্যসূচীত আটছাৰ মাৰ্ঘেৰিটা শাখা, নামদাং উপশাখা ,চাহ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ভালে সংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে | মাৰ্ঘেৰিটা শাখা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি মুকুন্দ গোৱালা আৰু সম্পাদক নোৱেল পাত্র…
তিনিচুকীয়াত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ অনুষ্ঠানত উপায়ুক্তৰ ঘোষণা – চৰকাৰী আঁচনিৰ সফল ৰূপায়ণত দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ’ব
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপিত ’আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু কেন্দ্রীয় চৰকাৰৰ অন্যান্য জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে কৰা বাৰ্তালাপ অনুষ্ঠানত আজি তিনিচুকীয়া জিলাৰ বিভিন্ন আঁচনিৰ যথেষ্ট সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রৰ সভাগৃহত দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে কৰা মত…
অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে : যোৰহাটত অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলি অহা প্ৰহসনে ৰাইজক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভূগাই আহিছে । এই সন্দৰ্ভত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যত NHIDCLৰ দ্বায়িত্বজ্ঞানহীনতাৰ বিষয়ে অৱগত কৰাৰ লগতে যোৱা ১১ মাৰ্চত মুখ্যমন্ত্ৰী আৰু ১৮ মে'ত জিলা উপায়ুক্তক এই পথচোৱাৰ সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ লগতে নতুনকৈ কাম লাভ কৰা প্ৰতিষ্ঠানটোৱে যাতে ইতিমধ্যে হোৱা বিসংগতিসমূহ আঁতৰাই অতি…
লখিমপুৰত “গৰীব কল্যাণ সন্মিলন” অনুষ্ঠিত
উত্তৰ লখিমপুৰ ৩১ মে' : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। "আজাদী কা অমৃত মহোৎসৱ" ৰ সৈতে সংগতি ৰাখি দেশৰ প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে আজি মত বিনিময় কৰে। উক্ত আঁচনিসমূহে আর্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ জনসাধাৰণক সাঙুৰি লৈছে আৰু সেয়েহে, মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে "গৰীব কল্যাণ সন্মিলন"। আজি লখিমপুৰ জিলাই এই গৰিমাময় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। পুৱা ৯.৩০ বজাৰ পৰা…
