Browsing Category

অসম

মাৰ্ঘেৰিটাত চাহ শ্রমিকৰ জলন্ত সমস্যা সমাধানৰ দাবীত  আটছাৰ ধৰ্ণা

শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৩১ মেঃ আটছাৰ মাৰ্ঘেৰিটা শাখা আৰু চাহ জনজাতি মহিলা সমিতিৰ যুটীয়া উদ্যোগত আজি মাৰ্ঘেৰিটাত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে | চাহ শ্রমিক সকলৰ জলন্ত সমস্যা সমূহৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটা চাহ বাগিচাত ৰূপায়ন কৰে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী | পুৱা সাত বজাৰ পৰা আৰম্ভ কৰা প্রতিবাদী কাৰ্যসূচীত আটছাৰ মাৰ্ঘেৰিটা শাখা, নামদাং উপশাখা ,চাহ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ভালে সংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে | মাৰ্ঘেৰিটা শাখা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি মুকুন্দ গোৱালা আৰু সম্পাদক নোৱেল পাত্র…

তিনিচুকীয়াত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল বাৰ্তালাপ অনুষ্ঠানত উপায়ুক্তৰ ঘোষণা – চৰকাৰী আঁচনিৰ সফল ৰূপায়ণত দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ’ব

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপিত ’আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু কেন্দ্রীয় চৰকাৰৰ অন্যান্য  জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে কৰা বাৰ্তালাপ অনুষ্ঠানত আজি তিনিচুকীয়া জিলাৰ বিভিন্ন আঁচনিৰ যথেষ্ট সংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রৰ সভাগৃহত দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে  ভাৰ্চুৱেল মাধ্যমেৰে কৰা মত…

অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে : যোৰহাটত অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলি অহা প্ৰহসনে ৰাইজক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভূগাই আহিছে । এই সন্দৰ্ভত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যত NHIDCLৰ দ্বায়িত্বজ্ঞানহীনতাৰ বিষয়ে অৱগত কৰাৰ লগতে যোৱা ১১ মাৰ্চত মুখ্যমন্ত্ৰী আৰু ১৮ মে'ত জিলা উপায়ুক্তক এই পথচোৱাৰ সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ লগতে নতুনকৈ কাম লাভ কৰা প্ৰতিষ্ঠানটোৱে যাতে ইতিমধ্যে হোৱা বিসংগতিসমূহ আঁতৰাই অতি…

লখিমপুৰত “গৰীব কল্যাণ সন্মিলন” অনুষ্ঠিত

উত্তৰ লখিমপুৰ ৩১ মে' : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। "আজাদী কা অমৃত মহোৎসৱ" ৰ সৈতে সংগতি ৰাখি দেশৰ প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে আজি মত বিনিময় কৰে। উক্ত আঁচনিসমূহে আর্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ জনসাধাৰণক সাঙুৰি লৈছে আৰু সেয়েহে, মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে "গৰীব কল্যাণ সন্মিলন"। আজি লখিমপুৰ জিলাই এই গৰিমাময় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। পুৱা ৯.৩০ বজাৰ পৰা…

যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে' : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে কৰা মত বিনিময় অনুষ্ঠানত যোৰহাটৰ ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু তেওঁৰ ভাষণৰ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা,…

তেজপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৩১ মেঃ ধঁপাত বৰ্জন কৰাৰ সংকল্পৰে সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাতো বিশ্ব ধঁপাত মুক্ত দিৱস পালন কৰা হয়। এই উপলক্ষে শোণিতপুৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে তেজপুৰ আদালত চৌহদৰ পৰা ধঁপাত বৰ্জনৰ আহ্বানৰে উলিওৱা সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে শোণিতপুৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ছত্ৰভূষন গগৈ আৰু কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ টি বি ছেত্ৰীয়ে। আনহাতে বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ…

আলফাৰ শিবিৰৰ পৰা পলাই আহি আৰক্ষী-সেনাৰ জিম্মাত তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ উদ্যত অত্যাধুনিক ৰাইফলৰ পৰা সৰকি অহা গুলীয়ে যিকোনো মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়াৰ তীব্ৰ আশংকা বুকুৰ মাজত লৈ অৱশেষত সুস্থ শৰীৰেৰে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ হাতত পৰিলহি তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল । আৱেগৰ বশৱৰ্তী হৈ সংগ্ৰামৰ পথ বাচি লৈ প্ৰায় ৮ মাহ পূৰ্বে আলফাত যোগদান কৰিছিল তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সুৰজিত গগৈ আৰু লক্ষীপথাৰৰ শ্যামল বৰাই । সংগঠনত তেওঁলোকৰ নাম হৈছিল ক্ৰমে সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰা ওৰফে নিয়ৰ অসম । কিন্তু দিন পাৰ হোৱাৰ লগে লগে…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

শতাব্দ প্ৰতিনিধি লখিমপুৰ: ৩১ মে': লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি জিলা ন্যায়িক সেৱা প্ৰাধিকৰণ আৰু জিলা সমাজ কল্যাণ বিভাগৰ জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰৰ মহিলা শক্তি কেন্দ্ৰৰ সহযোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পৰা ধঁপাত বিৰোধী এক সমদল বাহিৰ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে জিলা ন্যায়িক চৌহদৰ সন্মুখত ধঁপাত বিৰোধী এক বাটৰ নাট পৰিবেশন কৰে। বাটৰ নাট অনুষ্ঠানৰ ব্যৱস্থাপনাত সহায় কৰে অধ্যাপক বহ্নিশিখা বৰদলৈ, ড° হৰিণী পাটোৱাৰী, ড° বিভা দত্ত, দীপজান গোহাঁই, পংকজ লোচন দাস আদিয়ে। ইয়াৰ…

অসম মহিলা বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্রীৰে ৰাজ্যপালৰ মত বিনিময়

শতাব্দ প্ৰতিনিধি,যোৰহাট,মে' ৩০:  ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আজি অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ আৰম্ভনিতে উপাচাৰ্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ কাম-কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সামগ্ৰিক খতিয়ান দাঙি ধৰে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংযুক্ত হৈ কেনেদৰে কৰ্মসূচী আগবঢ়াই নিব সেই বিষয়ে পৰ্যালোচনা আগবঢ়ায়।ৰাজ্যপালেগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে অসম মহিলা বিশ্ববিদ্যালয়ৰ দৰে বিশেষীকৰণ…

জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ অসমত মৌচুমীৰ প্ৰৱেশঃ বাৰিষা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে': আজিৰে পৰা অসমত বাৰিষা আৰম্ভ হ'ল। মৌচুমী বায়ু প্ৰবাহে সাধাৰণতে ১ জুনত কেৰালা উপকূলেৰে প্ৰৱেশ ঘটে।কিন্তু এইবাৰ নিৰ্দিষ্ট দিনতকৈ ৩ দিন পূৰ্বে ২৯ মে'ত কেৰালা উপকূলেৰে প্ৰবেশ কৰে।আনহাতে জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ মৌচুমীয়ে ১-৫ জুনৰ ভিতৰত অসমত উপস্থিত হয় যদিও এইবাৰ আজি অৰ্থাৎ ৩০ মে'ত অসমত বৰষুণ আৰম্ভ হোৱাত কাৰ্যত মৌচুমী অসমত সোমাল।বতৰ বিজ্ঞানৰ দৃষ্টিত অসমত মৌচুমী বায়ু প্ৰৱেশৰ দিনটোকে "বাৰিষা আৰম্ভ" বুলি ধৰা হয়।সেইসূত্ৰে আজি অসমত বাৰিষা কাল আৰম্ভ হ'ল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে আজি…