Browsing Category
অসম
‘পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন’ আঁচনিৰ পৰা কি কি সুবিধা পাব অনাথ শিশুৱে
দিছপুৰ, ৩০ মে': ক'ভিড-১৯ অতিমাৰীত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দেশৰ অনাথ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এবছৰ পূৰ্বে ঘোষণা কৰা 'পিএম কেয়াৰ্ছ ফ'ৰ চিল্ড্ৰেন' আঁচনিৰ সা-সুবিধাৰাজি শিশুসকললৈ হস্তান্তৰণ প্ৰক্ৰিয়া আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনাথ শিশুসকলৰ পঢ়া-শুনা, থকা-খোৱাকে ধৰি সকলো দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰি তেওঁলোকক সুউজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে…
জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল মুখীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট ৩০ মে : ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে আজি বিয়লি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন কৰে । বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাক ক্ষণত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অধ্যাপকসকলৰ সৈতে এটা বিশেষ মত-বিনিময়ৰ উদ্দেশ্যে পৰিদৰ্শন কৰিবলৈ অহা ৰাজ্যপালক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলে 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰে। অধ্যাপক ড॰ মীনাক্ষি ফুকন হাজৰিকাৰ শুভেচ্ছামূলক ভাষণেৰে ৰাজ্যপালক সম্ভাষণ জনোৱাৰ পাছত মহাবিদ্যালয়-পৰিয়ালৰ তৰফৰপৰা তেখেতক আদৰণি জনোৱা হয় । বিৰান্নবৈ বছৰ সম্পূৰ্ণ কৰা…
ষ্টাফিং পেটাৰ্নৰ অজুহাতত তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : কৈ থাকিলেও অন্ত নপৰে তিনিচুকীয়া পৌৰসভাৰ অন্দৰমহলৰ বিতৰ্কৰে আৱৰা কাহিনীৰ । নৱ নিৰ্বাচিত উপ-সভানেত্ৰীৰ স্বামীৰ দৌৰাত্ম্যই তিনিচুকীয়া পৌৰসভাত এক অচলাৱস্থাৰ সৃষ্টি কৰা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছত এইবাৰ উঠিছে বছৰ বছৰ ধৰি চাকৰি কৰি অহা কৰ্মচাৰীসকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ । সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই এই সন্দৰ্ভত সভাপতিক লিখিত অভিযোগ দাখিল কৰিছে । সেই অনুসৰি জ্যেষ্ঠ একাধিক কৰ্ম্মচাৰীৰ অৱসৰ আৰু মৃত্যুৰ পাছত মুখ্য সহায়ক, সহকাৰী…
অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখীৰ পাঁচদফীয়া বিশেষ আলোচনা : শিক্ষাৰ্থীৰে মত বিনিময়
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ মে : অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে পাঁচদফীয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে । ৰাজ্যপালে বিশ্ববিদ্যালয়ৰ বৰ্ড ৰূমত প্ৰথমে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা আৰু বিশ্ববিদ্যালয়ৰ সঞ্চালক তথা আটাইকেইজন বিজ্ঞান গুৰুৰ সৈতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক তথা আন্ত:গাঁথনিগত দিশৰ ওপৰত আলোচনা কৰে আৰু কৃষি শিক্ষা আৰু গৱেষণা তথা সম্প্ৰসাৰণৰ দিশত ল'বলগীয়া ভূমিকা সম্পৰ্কে কেতবোৰ…
লখিমপুৰত হাতীলোং ফুটবল কচিং চেন্টাৰৰ ড্ৰীম লীগ – নতুন প্ৰতিভাৰ সন্ধানত
উত্তৰ লখিমপুৰ, ৩০ মেঃ লখিমপুৰৰ হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত অহা ১২জুনৰ পৰা আৰম্ভ হব আই এছ এলৰ আৰ্হিত হাতীলোং ফুটবল কচিং চেন্টাৰ ড্ৰীম লীগ চিজন -১। আকৰ্ষণীয় প্ৰাইজমানিৰ ১৫ বছৰ অনূৰ্ধ উক্ত লীগখনত অংশগ্ৰহণ কৰিব লগীয়া ৭ দলৰ প্ৰস্তুতি প্ৰায় ২ মাহ ধৰি ৭ টা স্থানত চলি আছে। লীগখনৰ জড়িয়তে নতুন প্ৰজন্মৰ খেলুৱৈ সকলক ফুটবলৰ প্ৰতি উৎসাহিত কৰাৰ লগতে উক্ত লীগখনৰ পৰাই ৩০ জন চেমনীয়া খেলুৱৈ নিৰ্বাচিত কৰি হাতীলোং ফুটবল কচিং চেন্টাৰৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি হাতীলোং ফুটবল কচিং চেন্টাৰৰ সম্পাদক দিপাংকৰ তামুলী…
যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন
যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকাক সমতা সাহিত্য অকাডেমিৰ দ্বাৰা কলা-ভা বঁটা প্ৰদান কৰে।তদুপলক্ষে জিলা সাহিত্য সভাৰ সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাৰ পৌৰোহিত্যত সভাৰ উদ্দেশ্যে বাখ্যা কৰে কস্তৰী প্ৰকাশনৰ স্বত্ত্বাধিকাৰ ৰেব বৰাই।জিলা সাহিত্য সভাৰ প্ৰতিনিধি মৃনালিনী গোস্বামীয়ে বন্তি প্ৰজ্বলন…
সোৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ নামত ধনৰ অপচয় : ১.৫০কোটি টকীয়া নাবাৰ্ডৰ মথাউৰিত বালি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে সময়ে সময়ে জলসম্পদ বিভাগলৈ কোটি কোটি টকাৰ আবণ্টন দি আহিছে যদিও বহুক্ষেত্ৰত এনে ধনৰ অপচয় ঘটি আহিছে। শেহতীয়াকৈ লখিমপুৰ জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত তথা খগাৰ সমীপৱৰ্তী ন-আলিত সোৱণশিৰি নদীৰ সুৰক্ষাৰ বাবে এটা মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত এনেদৰে ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ২০২১-২২ বৰ্ষত নাবাৰ্ডৰ অধীনত সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ন-আলি তেলীয়া পথাৰত ১ কোটি ৯০ লাখ টকীয়া এখন আঁচনি গ্ৰহণ কৰা হয় যদিও এই আঁচনিখনত এতিয়া…
লখিমপুৰ কেঞ্চাৰ হাস্পতালত চিলিং ভাগি পৰাৰ ঘটনা : ব্যাপক প্রতিক্রিয়া : জিলা উপায়ুক্তৰ স্বজমিন পৰিদৰ্শন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কালি নিশা এজাক বৰষুণতে লখিমপুৰৰ নৱ নির্মিত কেঞ্চাৰ কেয়াৰ কেন্দ্ৰত দুখনকৈ চিলিং ভাগি পৰা ঘটনাই লখিমপুৰত যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰাৰ পিছত আজি জিলা উপায়ুক্তই চিকিৎসা কেন্দ্রত উপস্থিত হৈ স্ব-জমিন পৰিদৰ্শন কৰে। অতি নিম্ন মানেৰে এল এণ্ড টিয়ে কেঞ্চাৰ কেয়াৰ কেন্দ্রটি নির্মাণ কৰাৰ বাবেই এনেদৰে বৰষুণৰ পানী সোমাই চিলিং ভগা বুলি সর্বত্ৰ চৰ্চিত হৈছে। একেদৰে কেন্দ্ৰটিৰ মজিয়াত টাইলচ লগোৱাৰ বেলিকাও অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ উঠিছে। ইফালে ১৫০ কোটি টকীয়া কেন্দ্রটি নির্মাণত কিবা আঁসোৱাহ ৰৈ…
চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ২৩১ টা পদকেৰে অসম তৃতীয়
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯মে’: ত্ৰিবান্দ্ৰমত ১৮-২২মে’লৈকে অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৮৭ টা সোণৰ, ৭৯ টা ৰূপৰ আৰু ৬৫ টা ব্ৰঞ্জৰ পদকসহ ২৩১ টা পদকেৰে অসমে তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত বেডমিণ্টন, ফুটবল, ভলীবল, আৰ্চাৰী, পাৱাৰ লিফ্টিং, চুইমিং আৰু এথলেটিকছত অংশগ্ৰহণ কৰি অসমৰ ৩০২ গৰাকী খেলুৱৈৰ ভিতৰত ২৩১ গৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দলটোত ৩০২ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষক সহ ৩০৯ জনীয়া দলটোৰ অংশ আছিল শোণিতপুৰৰ ২৫ গৰাকী প্ৰবীন খেলুৱৈ। ৰাজ্যক প্ৰতিনিধিত্ব কৰা…
দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে : ভূপেন বৰা
অসমত এতিয়া দুজন 'চীফ' আছে। এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে ‘কামাণ্ডাৰ-ইন-চীফ’ অর্থাৎ মুখ্য সেনাধ্যক্ষ। মন্ত্রীসকলে ভালকৈ ধৰিব পৰা নাই ‘চীফ মিনিষ্টাৰ’
বেছি শক্তিশালী নে ‘আলফা'ৰ 'কামাণ্ডাৰ-ইন-চীফ’ বেছি শক্তিশালী। মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক ‘শ্ব’কজ’ কৰি বুজাবলগীয়া হৈছে যে 'কামাণ্ডাৰ-ইন-চীফ’ নহয় মুখ্যমন্ত্ৰী বেছি শক্তিশালী।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ মে’: 'অসমত এতিয়া দুজন ‘চীফ’ আছে। দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে। এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে…
