Browsing Category
অসম
যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে' : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে কৰা মত বিনিময় অনুষ্ঠানত যোৰহাটৰ ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু তেওঁৰ ভাষণৰ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা,…
তেজপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৩১ মেঃ ধঁপাত বৰ্জন কৰাৰ সংকল্পৰে সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাতো বিশ্ব ধঁপাত মুক্ত দিৱস পালন কৰা হয়। এই উপলক্ষে শোণিতপুৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে তেজপুৰ আদালত চৌহদৰ পৰা ধঁপাত বৰ্জনৰ আহ্বানৰে উলিওৱা সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে শোণিতপুৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ছত্ৰভূষন গগৈ আৰু কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ টি বি ছেত্ৰীয়ে। আনহাতে বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ…
আলফাৰ শিবিৰৰ পৰা পলাই আহি আৰক্ষী-সেনাৰ জিম্মাত তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ উদ্যত অত্যাধুনিক ৰাইফলৰ পৰা সৰকি অহা গুলীয়ে যিকোনো মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়াৰ তীব্ৰ আশংকা বুকুৰ মাজত লৈ অৱশেষত সুস্থ শৰীৰেৰে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ হাতত পৰিলহি তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল । আৱেগৰ বশৱৰ্তী হৈ সংগ্ৰামৰ পথ বাচি লৈ প্ৰায় ৮ মাহ পূৰ্বে আলফাত যোগদান কৰিছিল তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সুৰজিত গগৈ আৰু লক্ষীপথাৰৰ শ্যামল বৰাই । সংগঠনত তেওঁলোকৰ নাম হৈছিল ক্ৰমে সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰা ওৰফে নিয়ৰ অসম । কিন্তু দিন পাৰ হোৱাৰ লগে লগে…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন
শতাব্দ প্ৰতিনিধি লখিমপুৰ: ৩১ মে': লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি জিলা ন্যায়িক সেৱা প্ৰাধিকৰণ আৰু জিলা সমাজ কল্যাণ বিভাগৰ জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰৰ মহিলা শক্তি কেন্দ্ৰৰ সহযোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পৰা ধঁপাত বিৰোধী এক সমদল বাহিৰ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে জিলা ন্যায়িক চৌহদৰ সন্মুখত ধঁপাত বিৰোধী এক বাটৰ নাট পৰিবেশন কৰে। বাটৰ নাট অনুষ্ঠানৰ ব্যৱস্থাপনাত সহায় কৰে অধ্যাপক বহ্নিশিখা বৰদলৈ, ড° হৰিণী পাটোৱাৰী, ড° বিভা দত্ত, দীপজান গোহাঁই, পংকজ লোচন দাস আদিয়ে। ইয়াৰ…
অসম মহিলা বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্রীৰে ৰাজ্যপালৰ মত বিনিময়
শতাব্দ প্ৰতিনিধি,যোৰহাট,মে' ৩০: ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আজি অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ আৰম্ভনিতে উপাচাৰ্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ কাম-কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সামগ্ৰিক খতিয়ান দাঙি ধৰে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংযুক্ত হৈ কেনেদৰে কৰ্মসূচী আগবঢ়াই নিব সেই বিষয়ে পৰ্যালোচনা আগবঢ়ায়।ৰাজ্যপালেগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে অসম মহিলা বিশ্ববিদ্যালয়ৰ দৰে বিশেষীকৰণ…
জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ অসমত মৌচুমীৰ প্ৰৱেশঃ বাৰিষা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ মে': আজিৰে পৰা অসমত বাৰিষা আৰম্ভ হ'ল। মৌচুমী বায়ু প্ৰবাহে সাধাৰণতে ১ জুনত কেৰালা উপকূলেৰে প্ৰৱেশ ঘটে।কিন্তু এইবাৰ নিৰ্দিষ্ট দিনতকৈ ৩ দিন পূৰ্বে ২৯ মে'ত কেৰালা উপকূলেৰে প্ৰবেশ কৰে।আনহাতে জলীয় বাষ্পৰ মেটমৰা ভাৰ লৈ মৌচুমীয়ে ১-৫ জুনৰ ভিতৰত অসমত উপস্থিত হয় যদিও এইবাৰ আজি অৰ্থাৎ ৩০ মে'ত অসমত বৰষুণ আৰম্ভ হোৱাত কাৰ্যত মৌচুমী অসমত সোমাল।বতৰ বিজ্ঞানৰ দৃষ্টিত অসমত মৌচুমী বায়ু প্ৰৱেশৰ দিনটোকে "বাৰিষা আৰম্ভ" বুলি ধৰা হয়।সেইসূত্ৰে আজি অসমত বাৰিষা কাল আৰম্ভ হ'ল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে আজি…
‘পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন’ আঁচনিৰ পৰা কি কি সুবিধা পাব অনাথ শিশুৱে
দিছপুৰ, ৩০ মে': ক'ভিড-১৯ অতিমাৰীত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দেশৰ অনাথ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এবছৰ পূৰ্বে ঘোষণা কৰা 'পিএম কেয়াৰ্ছ ফ'ৰ চিল্ড্ৰেন' আঁচনিৰ সা-সুবিধাৰাজি শিশুসকললৈ হস্তান্তৰণ প্ৰক্ৰিয়া আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনাথ শিশুসকলৰ পঢ়া-শুনা, থকা-খোৱাকে ধৰি সকলো দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰি তেওঁলোকক সুউজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে…
জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল মুখীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট ৩০ মে : ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে আজি বিয়লি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন কৰে । বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাক ক্ষণত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অধ্যাপকসকলৰ সৈতে এটা বিশেষ মত-বিনিময়ৰ উদ্দেশ্যে পৰিদৰ্শন কৰিবলৈ অহা ৰাজ্যপালক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলে 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰে। অধ্যাপক ড॰ মীনাক্ষি ফুকন হাজৰিকাৰ শুভেচ্ছামূলক ভাষণেৰে ৰাজ্যপালক সম্ভাষণ জনোৱাৰ পাছত মহাবিদ্যালয়-পৰিয়ালৰ তৰফৰপৰা তেখেতক আদৰণি জনোৱা হয় । বিৰান্নবৈ বছৰ সম্পূৰ্ণ কৰা…
ষ্টাফিং পেটাৰ্নৰ অজুহাতত তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : কৈ থাকিলেও অন্ত নপৰে তিনিচুকীয়া পৌৰসভাৰ অন্দৰমহলৰ বিতৰ্কৰে আৱৰা কাহিনীৰ । নৱ নিৰ্বাচিত উপ-সভানেত্ৰীৰ স্বামীৰ দৌৰাত্ম্যই তিনিচুকীয়া পৌৰসভাত এক অচলাৱস্থাৰ সৃষ্টি কৰা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছত এইবাৰ উঠিছে বছৰ বছৰ ধৰি চাকৰি কৰি অহা কৰ্মচাৰীসকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ । সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই এই সন্দৰ্ভত সভাপতিক লিখিত অভিযোগ দাখিল কৰিছে । সেই অনুসৰি জ্যেষ্ঠ একাধিক কৰ্ম্মচাৰীৰ অৱসৰ আৰু মৃত্যুৰ পাছত মুখ্য সহায়ক, সহকাৰী…
অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখীৰ পাঁচদফীয়া বিশেষ আলোচনা : শিক্ষাৰ্থীৰে মত বিনিময়
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ মে : অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে পাঁচদফীয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে । ৰাজ্যপালে বিশ্ববিদ্যালয়ৰ বৰ্ড ৰূমত প্ৰথমে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা আৰু বিশ্ববিদ্যালয়ৰ সঞ্চালক তথা আটাইকেইজন বিজ্ঞান গুৰুৰ সৈতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক তথা আন্ত:গাঁথনিগত দিশৰ ওপৰত আলোচনা কৰে আৰু কৃষি শিক্ষা আৰু গৱেষণা তথা সম্প্ৰসাৰণৰ দিশত ল'বলগীয়া ভূমিকা সম্পৰ্কে কেতবোৰ…
