Browsing Category
অসম
লখিমপুৰত হাতীলোং ফুটবল কচিং চেন্টাৰৰ ড্ৰীম লীগ – নতুন প্ৰতিভাৰ সন্ধানত
উত্তৰ লখিমপুৰ, ৩০ মেঃ লখিমপুৰৰ হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত অহা ১২জুনৰ পৰা আৰম্ভ হব আই এছ এলৰ আৰ্হিত হাতীলোং ফুটবল কচিং চেন্টাৰ ড্ৰীম লীগ চিজন -১। আকৰ্ষণীয় প্ৰাইজমানিৰ ১৫ বছৰ অনূৰ্ধ উক্ত লীগখনত অংশগ্ৰহণ কৰিব লগীয়া ৭ দলৰ প্ৰস্তুতি প্ৰায় ২ মাহ ধৰি ৭ টা স্থানত চলি আছে। লীগখনৰ জড়িয়তে নতুন প্ৰজন্মৰ খেলুৱৈ সকলক ফুটবলৰ প্ৰতি উৎসাহিত কৰাৰ লগতে উক্ত লীগখনৰ পৰাই ৩০ জন চেমনীয়া খেলুৱৈ নিৰ্বাচিত কৰি হাতীলোং ফুটবল কচিং চেন্টাৰৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি হাতীলোং ফুটবল কচিং চেন্টাৰৰ সম্পাদক দিপাংকৰ তামুলী…
যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন
যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকাক সমতা সাহিত্য অকাডেমিৰ দ্বাৰা কলা-ভা বঁটা প্ৰদান কৰে।তদুপলক্ষে জিলা সাহিত্য সভাৰ সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাৰ পৌৰোহিত্যত সভাৰ উদ্দেশ্যে বাখ্যা কৰে কস্তৰী প্ৰকাশনৰ স্বত্ত্বাধিকাৰ ৰেব বৰাই।জিলা সাহিত্য সভাৰ প্ৰতিনিধি মৃনালিনী গোস্বামীয়ে বন্তি প্ৰজ্বলন…
সোৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ নামত ধনৰ অপচয় : ১.৫০কোটি টকীয়া নাবাৰ্ডৰ মথাউৰিত বালি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে সময়ে সময়ে জলসম্পদ বিভাগলৈ কোটি কোটি টকাৰ আবণ্টন দি আহিছে যদিও বহুক্ষেত্ৰত এনে ধনৰ অপচয় ঘটি আহিছে। শেহতীয়াকৈ লখিমপুৰ জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত তথা খগাৰ সমীপৱৰ্তী ন-আলিত সোৱণশিৰি নদীৰ সুৰক্ষাৰ বাবে এটা মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত এনেদৰে ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ২০২১-২২ বৰ্ষত নাবাৰ্ডৰ অধীনত সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ন-আলি তেলীয়া পথাৰত ১ কোটি ৯০ লাখ টকীয়া এখন আঁচনি গ্ৰহণ কৰা হয় যদিও এই আঁচনিখনত এতিয়া…
লখিমপুৰ কেঞ্চাৰ হাস্পতালত চিলিং ভাগি পৰাৰ ঘটনা : ব্যাপক প্রতিক্রিয়া : জিলা উপায়ুক্তৰ স্বজমিন পৰিদৰ্শন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কালি নিশা এজাক বৰষুণতে লখিমপুৰৰ নৱ নির্মিত কেঞ্চাৰ কেয়াৰ কেন্দ্ৰত দুখনকৈ চিলিং ভাগি পৰা ঘটনাই লখিমপুৰত যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰাৰ পিছত আজি জিলা উপায়ুক্তই চিকিৎসা কেন্দ্রত উপস্থিত হৈ স্ব-জমিন পৰিদৰ্শন কৰে। অতি নিম্ন মানেৰে এল এণ্ড টিয়ে কেঞ্চাৰ কেয়াৰ কেন্দ্রটি নির্মাণ কৰাৰ বাবেই এনেদৰে বৰষুণৰ পানী সোমাই চিলিং ভগা বুলি সর্বত্ৰ চৰ্চিত হৈছে। একেদৰে কেন্দ্ৰটিৰ মজিয়াত টাইলচ লগোৱাৰ বেলিকাও অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ উঠিছে। ইফালে ১৫০ কোটি টকীয়া কেন্দ্রটি নির্মাণত কিবা আঁসোৱাহ ৰৈ…
চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ২৩১ টা পদকেৰে অসম তৃতীয়
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯মে’: ত্ৰিবান্দ্ৰমত ১৮-২২মে’লৈকে অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৮৭ টা সোণৰ, ৭৯ টা ৰূপৰ আৰু ৬৫ টা ব্ৰঞ্জৰ পদকসহ ২৩১ টা পদকেৰে অসমে তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত বেডমিণ্টন, ফুটবল, ভলীবল, আৰ্চাৰী, পাৱাৰ লিফ্টিং, চুইমিং আৰু এথলেটিকছত অংশগ্ৰহণ কৰি অসমৰ ৩০২ গৰাকী খেলুৱৈৰ ভিতৰত ২৩১ গৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দলটোত ৩০২ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষক সহ ৩০৯ জনীয়া দলটোৰ অংশ আছিল শোণিতপুৰৰ ২৫ গৰাকী প্ৰবীন খেলুৱৈ। ৰাজ্যক প্ৰতিনিধিত্ব কৰা…
দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে : ভূপেন বৰা
অসমত এতিয়া দুজন 'চীফ' আছে। এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে ‘কামাণ্ডাৰ-ইন-চীফ’ অর্থাৎ মুখ্য সেনাধ্যক্ষ। মন্ত্রীসকলে ভালকৈ ধৰিব পৰা নাই ‘চীফ মিনিষ্টাৰ’
বেছি শক্তিশালী নে ‘আলফা'ৰ 'কামাণ্ডাৰ-ইন-চীফ’ বেছি শক্তিশালী। মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীক ‘শ্ব’কজ’ কৰি বুজাবলগীয়া হৈছে যে 'কামাণ্ডাৰ-ইন-চীফ’ নহয় মুখ্যমন্ত্ৰী বেছি শক্তিশালী।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ মে’: 'অসমত এতিয়া দুজন ‘চীফ’ আছে। দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে। এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে…
অসমৰ বৰ্তমানৰ সাংবাদিকতা !
- বিনয় কৃষ্ণ তামুলী ফুকন
বিষয়টোত হাত দিবলৈ আমাৰ দৰে নদাই-ভদায়ে মৰসাহ কৰা উচিত নহয় যদিও অসহনীয় হৈ কিছু কথা লিখিবলৈ মন গ'ল। পৰিণতি কি হ'ব নাজানো।
বিষয়টো হ'ল বৰ্তমান অসমৰ সংবাদ জগত। ছপা মাধ্যমটোক তেহেলৈ থৈ ছেটেলাইট চেনেল, নিউজ পৰ্টেলবোৰৰ কথা হে ক'ব খোজা হৈছে। বাতৰি মানে কি? ই সম্প্ৰচাৰযোগ্য হয় নে নহয়? দৰ্শকৰ মনোজগতত ই কি সু বা কুপ্ৰভাৱ পেলাব তাক এবাৰো ভাবি নোচোৱাকৈ সম্প্ৰতি অসমৰ এচাম সাংবাদিকে (?), ছেটেলাইট চেনেল, পৰ্টেল মিলি যি মন যায় তাকে কৰি আহিছে।
বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল ব্যক্তিৰ মানসিক স্বাস্থ্য।…
যোৰহাটত অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিৱেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৮ মে : সদৌ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি ২৭ মেত অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত অনুষ্ঠিত হয় । ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহৰ কৰ্মচাৰীসকলৰ ঐক্যমঞ্চ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিবেশনৰ কাৰ্যসূচীত পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে সভাপতি পৰাগ শইকীয়াই আৰু ,শ্বহীদ তৰ্পণ কৰে সম্পাদক অকন ৰয়ে। পুৱা মহাসংঘৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে জাতীয় পৰিষদৰ সভা অনুষ্ঠিত হয়।এই সভাত অসমৰ বিশ্ববিদ্যালয়ৰ সমূহৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।প্ৰতিনিধি সভাই লুইত…
প্ৰবীণ ক্ৰীড়াত তেজপুৰৰ জ্যোৎস্না দেৱীৰ সোণৰ পদক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৮মে’: কেৰালাত সদ্য সমাপ্ত চতুৰ্থ ৰাষ্ট্ৰীয় প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা ২০২২ত ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেজপুৰ চহৰৰ পাৰ্বতী নগৰ নিবাসী জ্যোৎস্না দেৱীয়ে মহিলাৰ শক্তি উত্তোলনৰ ৭৬কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে খেলুৱৈ গৰাকী ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এন আৰ এইচ এমৰ কৰ্মচাৰী।
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা উন্মোচন
উত্তৰ লখিমপুৰ: ২৮মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ দুটা সংখ্যাৰ উন্মোচন কৰা হয়। সেই উদ্দেশ্য মহাবিদ্যালয়ৰ গৱেষণা কোষৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ ২০১৪ ৰ অক্টোবৰৰ পৰা ২০২১ৰ ছেপ্টেম্বৰলৈকে পূৰ্বৰ এটা সংখ্যা আৰু ২০২১ৰ অক্টোবৰৰ পৰা ২০২২ৰ মাৰ্চলৈ থকা সাম্প্ৰতিক সংখ্যা দুটা উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° জিতেন হাজৰিকাই। ইয়াৰ পূৰ্বে সভাখনি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। অধ্যক্ষই প্ৰদান কৰা…
