Browsing Category
অসম
অসমৰ বৰ্তমানৰ সাংবাদিকতা !
- বিনয় কৃষ্ণ তামুলী ফুকন
বিষয়টোত হাত দিবলৈ আমাৰ দৰে নদাই-ভদায়ে মৰসাহ কৰা উচিত নহয় যদিও অসহনীয় হৈ কিছু কথা লিখিবলৈ মন গ'ল। পৰিণতি কি হ'ব নাজানো।
বিষয়টো হ'ল বৰ্তমান অসমৰ সংবাদ জগত। ছপা মাধ্যমটোক তেহেলৈ থৈ ছেটেলাইট চেনেল, নিউজ পৰ্টেলবোৰৰ কথা হে ক'ব খোজা হৈছে। বাতৰি মানে কি? ই সম্প্ৰচাৰযোগ্য হয় নে নহয়? দৰ্শকৰ মনোজগতত ই কি সু বা কুপ্ৰভাৱ পেলাব তাক এবাৰো ভাবি নোচোৱাকৈ সম্প্ৰতি অসমৰ এচাম সাংবাদিকে (?), ছেটেলাইট চেনেল, পৰ্টেল মিলি যি মন যায় তাকে কৰি আহিছে।
বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল ব্যক্তিৰ মানসিক স্বাস্থ্য।…
যোৰহাটত অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিৱেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৮ মে : সদৌ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি ২৭ মেত অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত অনুষ্ঠিত হয় । ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহৰ কৰ্মচাৰীসকলৰ ঐক্যমঞ্চ অসম বিশ্ববিদ্যালয়ৰ কৰ্মী মহাসংঘৰ অধিবেশনৰ কাৰ্যসূচীত পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে সভাপতি পৰাগ শইকীয়াই আৰু ,শ্বহীদ তৰ্পণ কৰে সম্পাদক অকন ৰয়ে। পুৱা মহাসংঘৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে জাতীয় পৰিষদৰ সভা অনুষ্ঠিত হয়।এই সভাত অসমৰ বিশ্ববিদ্যালয়ৰ সমূহৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।প্ৰতিনিধি সভাই লুইত…
প্ৰবীণ ক্ৰীড়াত তেজপুৰৰ জ্যোৎস্না দেৱীৰ সোণৰ পদক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৮মে’: কেৰালাত সদ্য সমাপ্ত চতুৰ্থ ৰাষ্ট্ৰীয় প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা ২০২২ত ৰাজ্যক প্ৰতিনিধিত্ব কৰি তেজপুৰ চহৰৰ পাৰ্বতী নগৰ নিবাসী জ্যোৎস্না দেৱীয়ে মহিলাৰ শক্তি উত্তোলনৰ ৭৬কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে খেলুৱৈ গৰাকী ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এন আৰ এইচ এমৰ কৰ্মচাৰী।
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা উন্মোচন
উত্তৰ লখিমপুৰ: ২৮মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ গৱেষণা পত্ৰিকা লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ দুটা সংখ্যাৰ উন্মোচন কৰা হয়। সেই উদ্দেশ্য মহাবিদ্যালয়ৰ গৱেষণা কোষৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰ কমাৰ্চ কলেজ ৰিচাৰ্চ জাৰ্নেলৰ ২০১৪ ৰ অক্টোবৰৰ পৰা ২০২১ৰ ছেপ্টেম্বৰলৈকে পূৰ্বৰ এটা সংখ্যা আৰু ২০২১ৰ অক্টোবৰৰ পৰা ২০২২ৰ মাৰ্চলৈ থকা সাম্প্ৰতিক সংখ্যা দুটা উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° জিতেন হাজৰিকাই। ইয়াৰ পূৰ্বে সভাখনি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। অধ্যক্ষই প্ৰদান কৰা…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল সম্পৰ্কে আলোচনা
ডিব্ৰুগড়, ২৮ মেঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি সোণোৱাল কছাৰী সাহিত্য সভা আৰু সোণোৱাল জনগোষ্ঠী প্ৰণয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ‘অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল’ শীৰ্ষক বক্তৃতানুষ্ঠান। সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ সঞ্চালনাত ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুুষ্ঠান উদ্বোধন কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে আজিৰ দিনটো সোণোৱাল জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিতি কৰি চলিত বৰ্ষৰ বাজেটত এই প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক পুঁজি ধাৰ্য কৰাৰ…
তিনিচুকীয়াত পত্নী পৌৰ উপ সভানেত্ৰী- স্বামী উঠিৰজা-বহিৰজাঃ অতিষ্ঠ কৰ্মচাৰীৰ আন্দোলনৰ সকীয়নি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ মে’ : তিনিচুকীয়া পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিত উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰা বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ নৱনীতা আগৰৱালাৰ স্বামীৰ বিৰুদ্ধে পৌৰসভাৰ কৰ্মচাৰীক অভব্য আচৰণৰ বলি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ৰ নথিপত্ৰত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই । অভিযোগ অনুসৰি ২৫ মে’ৰ দিনা তিনিচুকীয়া পৌৰসভাৰ দুজন কর্মচাৰী ক্রমে বিজয় কুৰ্ম্মী আৰু ৰাকেশ ৰামক উপ-সভানেত্রীৰ স্বামী নিধিশ আগৰৱালাই অকথ্য ভাষাৰে গালিগালাজ কৰে ।…
গুৱাহাটীৰ নাগৰিকলৈ পদূলিত প্ৰাথমিক চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পৰিকল্পনা
গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত পাৰিষদবৰ্গৰে জলবায়ু পৰিবৰ্তন-গোলকীয় উষ্ণতা বৃদ্ধিক লৈ স্বাস্থ্য-জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক, নিজ ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক গছপুলি ৰোবলৈ পাৰিষদসকলক আহ্বানদিছপুৰ, ২৮ মে': গুৱাহাটী পৌৰ নিগমে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত নিগমৰ নৱনিৰ্বাচিত পাৰিষদসকলক লৈ আজি আয়োজন কৰা এখন বিশেষ সজাগতা আৰু পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। সভাত গুৱাহাটী মহানগৰীখনক ক্ৰমবৰ্ধমান…
বানযুক্ত লখিমপুৰক বানমুক্ত কৰাৰ দাবীত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,২৮মেঃ উত্তৰ লখিমপুৰত আজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। মূলতঃ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা শীঘ্ৰে মেৰামতি কৰাৰ দাবী তুলিছে আছুৰ প্ৰতিবাদী সকলে। লখিমপুৰ জিলাৰ মাজেৰে যোৱা জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ আৰু নিৰ্মীয়মান বাইপাছৰ কাম খৰতকীয়া কৰি সম্পূৰ্ণ কৰিবৰ বাবে দাবী জনাই আছুৱে। ইয়াৰোপৰি লখিমপুৰৰ এটা স্থায়ী সমস্যা বানপানী, গৰাখহনীয়া সমস্যা। সদৌ অসম ছাত্ৰ সন্থা তথা 'সদৌ লখিমপুৰ জিলা ছাত্র সন্থাই দীর্ঘদিন এই সমস্যা সমাধানৰ বাবে দাবী উত্থাপন…
দুদিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীলৈ ৰাজ্যপাল মুখী
শতাব্দ প্ৰতিনিধিf,মাজুলী,২৮মে': ৰাজ্যপাল জগদীশ মুখীয়ে পত্নীসহ দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীত উপস্থিত হ'ব।কালিলৈ মাজুলীত উপস্থিত হোৱাৰ পাছত ৰাজ্যপাল গৰাকীয়ে মাজুলীৰ চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰকে আদি কৰি কেবাখনো সত্ৰ পৰিভ্ৰমণ কৰি ৰাতিটো মাজুলীতে কটাব। ৰাজ্যপাল গৰাকীয়ে ৩০ মে' তাৰিখে পুৱা গৱৰ্ণৰ গাৰ্লছ ভলীবল মিছনৰ অধীনত হব লগা ভলীবল প্ৰতিযোগিতা এখন উদ্বোধন কৰি মাজুলীৰ পৰা ৰাওনা হব।
সম্ভাৱনীয়তাৰ বাৰ্তা লৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নদী সন্মিলন
গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন। সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী গ্ৰহণ কৰা ।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ মে': গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন-২০২২'। বংগোপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু সম্পদ হিচাপে ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহৰ আলোচনাৰ বাবে আজিৰে…
